অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

'পাইলচ'ৰ বিষয়ে লবলগীয়া সতৰ্কতা

পাইলচ' বুলিলে নজনা মানুহ বৰ কমহে ওলাব৷ হাটে বাটে,বাতৰি কাকতত নানাধৰণৰ অনেক বিজ্ঞাপন অনায়াসে চকুত পৰে৷ পশ্চিমৰ উন্নত দেশ যেনে আমেৰিকা আৰু ইংলেণ্ডত পঞ্চাচোৰ্ধৰ বয়সৰ ৫০শতাংশৰো অধিক লোক পাইচৰ ভূক্তভোগী বুলি জনা যায়৷ ভাৰতৰ বিষয়ে সঠিক তথ্য পোৱা নাযায়৷ ইয়াৰ প্ৰমুখ কাৰণ হ'ল লজ্জাবশত: বহুতে চিকিৎসকৰ ওচৰলৈ নগৈ স্ব-চিকিৎসা কৰে নাইবা বেজ - কবিৰাজ আৰু ভুৱা  ডাক্তৰৰ কাষ চাপে৷ গুৰুতৰ নহলে বহু সময়ত ৰোগৰ নিজেও উপশম ঘটে৷ পাইলচ অসুখত ৰোগীৰ মৃত্যু নহয়৷ কিন্তু  পাইলচৰ বাহিৰে আন অসুখটো শৌচদ্বাৰৰ পৰা ৰক্তক্ষৰণ হব পাৰে ৷ বিশেষকৈ ক'লনৰ বা শৌচদ্বাৰৰ কেঞ্চাৰ, ক্ৰঞ্চ ডিজিজ, ইৰিটেবল বাৱেল চিনড্ৰম আদিত৷ সেয়ে লজ্জাত্যাগ কৰি হলেও মলদ্বাৰেদি কম বা বেচি পৰিমাণে ৰক্তক্ষৰণ হোৱা লোকসকলে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷

পাইলচ অসুখত মলাশয় আৰু শৌচদ্বাৰৰ ৰক্তপ্ৰবাহী নলীৰ পৰা কম বেচি পৰিমাণে ৰক্তক্ষৰণ হয়৷ পাইলচ দুই ধৰণৰ হব পাৰে৷ বাহিৰত দেখা যোৱা External piles আৰু মলাশয়ৰ ওপৰৰ  অংশত থকা Internal piles৷ আকৌ ইন্টাৰনেল পাইলচক গুৰুত্ব অনুসৰি  চাৰিটা পৰ্য্যায়ত ভগোৱা হয়৷ ৩য় আৰু ৪ৰ্থ পৰ্য্যায়ৰ ইন্টাৰনেল পাইলচত সাধাৰণতে অপাৰেচনৰ প্ৰয়োজন হয়৷

পাইলচ হোৱাৰ সম্ভাব্য কাৰণসমূহ

  • শৌচ কচা (ক্ৰনিক কন্সটিপেচন)
  • অতিমাত্ৰা শৌচ পনীয়া হোৱা (ক্ৰনিক ডায়েৰিয়া)
  • মল বাহিৰ কৰোতে ৫মিনিটৰ বেচি সময় বল প্ৰয়োগ কৰিবলগীয়া হোৱা
  • প্ৰষ্টেটৰ বিকাৰ হেতু প্ৰসাব কৰোতে বেচি বল প্ৰয়োগ কৰিবলগীয়া হোৱা
  • গৰ্ভাৱস্থা আৰু সন্তান প্ৰসৱ
  • মেদবহুলতা
  • গধুৰ ওজন দাঙিবলগীয়া হোৱা
  • বয়সৰ আধিক্য
  • কম ফাইবাৰযুক্ত খাদ্য সেৱন
  • পৰিয়ালৰ আন সদস্যৰ পাইলচ থকা

পাইলচৰ লক্ষণসমূহ

(পাইলচ অস্বস্তিকৰ আৰু অসুবিধাদায়ক হলেও জটিলতা সৃষ্টি নোহোৱালৈকে সিমান বিপদজনক নহয়৷)

  • শৌচৰ প্ৰক্ৰিয়াৰ সৈতে জড়িতহৈ শৌচদ্বাৰেদি কেঁচা তেজ আৰু মিউকাচ নিৰ্গত হোৱা৷ তেজৰ পৰিমাণ সামান্য বা কিছু বেচিও হব পাৰে৷
  • শৌচদ্বাৰত টেমুনা বা ঘা হোৱা
  • শৌচদ্বাৰৰ খজুৱতি
  • মলত্যাগ কৰোতে বিষ অনুভৱ হোৱা

পাইলচৰ জটিলতাসমূহ

পাইলচৰ ৰোগীৰ কাচিৎ ৰক্তক্ষৰণৰ ফলত ৰক্তহীনতা (এনিমিয়া) হব পাৰে৷ এক্সটাৰ্নেল পাইলচৰ ৰক্তপ্ৰবাহ বন্ধহৈ কষ্টদায়ক থ্ৰমবচিচ হ'ব পাৰে৷ পাইলচ অংশৰ বীজানুৰ সংক্ৰমণ হব পাৰে৷ ইন্টাৰনেল পাইলচ মলদ্বাৰৰ ভিতৰলৈ ঘূৰি নগলে  গেংগ্ৰিন আৰু ষ্ট্ৰেংগুলেচন হ'ব পাৰে৷

ৰোগৰ চিনাক্তকৰণ

অভিজ্ঞ চিকিৎসকে মলদ্বাৰ ভালদৰে নিৰীক্ষণ কৰি ৰোগ চিনাক্ত কৰিব পাৰে৷ চিকিৎসকে ইয়াৰ বাবে প্ৰক্টস্ক'প,কল'নোস্ক'পৰ সহায় লবলগীয়া হব পাৰে৷কেতিয়াবা বেৰিয়াম এনেমা এক্সৰে কৰিবলৈ চিকিৎসকে  পৰামৰ্শ দিব পাৰে৷ইয়াৰ দ্বাৰা ৰক্তক্ষয়ৰ আন কাৰণ বিশেষকৈ টিউমাৰ চিনাক্ত কৰাত সহায় হয়৷

পাইলচৰ চিকিৎসা

দহ শতাংশ ৰোগীৰ অপাৰেচনৰ প্ৰয়োজন হব পাৰে৷ বাকী অধিকাংশ ৰোগীৰে আন ব্যৱস্থাৱলীৰ দ্বাৰা ৰোগৰ উপশম ঘটে৷ৰোগ সামান্য হলে খোৱা লোৱাত সতৰ্ক হলে নিজে নিজেও ভাল হব পাৰে৷

  • হিপ বাথ: দৈনিক ১০ৰ পৰা ১৫মিনিট সময় দিনে ৩৷ ৪বাৰ  শৌচদ্বাৰ কুহুমীয়া গৰম পানীৰ গামলাত সুমুৱাই সেক দিয়াটো উপযোগী
  • লোকেল এনাচথেটিক,হাইড্ৰকৰ্টিচন আদিযুক্ত মলম বা চাপজিটৰিৰ ব্যৱহাৰ
  • বিষৰ বাবে পেৰাচিটামল বা আইব্ৰুপ্ৰফেন দৰবৰ প্ৰয়োগ
  • সতৰ্কতাপূৰ্ণভাবে শৌচ ঢিলা হোৱা ( Laxative ) ঔষধৰ প্ৰযোগ
  • পাইলচ হোৱা ঠাইত শুকাই যোৱা ঔষধৰ বেজী দিয়া
  • ৰাবাৰ বেণ্ডৰ দ্বাৰা গাঠিবন্ধন
  • ইনফ্ৰাৰেড চিকিৎসা
  • ক্ৰায়'চাৰ্জাৰী
  • অস্ত্ৰোপচাৰ

কিছুমান অতি লাগতিয়াল ব্যৱস্থাৱলী

  • আঁহ থকা অৰ্থাৎ বেচি ফাইবাৰযুক্ত খাদ্য নিয়মীয়াকৈ গ্ৰহণ কৰা
  • জাংক ফুড, তেলমছলাযুক্ত খাদ্য পৰিহাৰ কৰা
  • পানী সদায় বেচিকৈ খোৱা-দিনটোত কমেও ১০গিলাচ
  • শৌচৰ অনভূতি হলেই লগে লগে মলত্যাগ কৰা
  • নিয়মীয়া ব্যায়াম বা কচৰৎ কৰি পাক প্ৰণালীৰ নাড়ীসমূহ সবল ৰখা

ঘৰুৱা উপচাৰ

  • এলোভেৰাৰ পাত পিচি লগালে পাইলচৰ উপশম ঘটে
  • বিষ আৰু ফুলা কমাবলৈ বৰফ সেই অঞ্চলত লগাব পাৰে
  • অলিভ অইল আৰু এলমণ্ড অইলৰ  প্ৰয়োগ
  • কল-গাখীৰ মিশ্ৰণ
  • তিতা কেৰেলাৰ পিতিকা
  • মূলাৰ ৰস
  • মানিমুনি,ভেদাইলতা,মাটি কান্দুৰী আদি অতি উপযোগী শাকক নিয়মীয়া খাদ্যৰ তালিকাভুক্ত কৰ
লিখক: ডা০ ভূপেন শইকীয়া।

শেহতীয়া উন্নীতকৰণ: : 6/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate