অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হাপানী

হাপানীনো কি?

এজমা বা হাপানী ৰোগ এবিধ শ্বাসতন্ত্ৰৰ ৰোগ য’ত প্ৰধানকৈ হাওঁফাওঁ দুটা আক্ৰান্ত হয়।উশাহৰ দ্বাৰা আমি অক্সিজেন লওঁ। যেতিয়া আমি নাকেৰে উশাহ লওঁ বায়ু নাসিকামাৰ্গেৰে কণ্ঠনলী হৈ হাওঁফাওঁলৈ যায়।এই কণ্ঠনলী বক্ষপ্ৰদেশৰ চতুৰ্থ আৰু পঞ্চম কামীহাড়ৰ ওচৰত গৈ দুটা শাখাত ভাগ হয় আৰু ক্ৰমে সোঁ আৰু বাওঁ হাওঁফাওঁৰ প্ৰৱেশ কৰে। তাৰ পিছত কেইবাটাও শাখাত ভাগ হৈ আগুৱাই যায়। পিচলৈ এই শাখাবোৰৰ ব্যাস কমি ইমান সৰু হয় যে পিচলৈ উশাহ-নিশাহ লোৱাত বাধাৰ সৃষ্টি হয়।ইয়াকে হাপাঁনী বা এজমা বুলি কোৱা হয়।

লক্ষণ

হাপানী ৰোগীয়ে শ্বাস-প্ৰ্শ্বাস লোৱাত যথেষ্ঠ কষ্ট হয়। এই ৰোগীৰ উশাহ-নিশাহত সুহুৰিৰ দৰে শব্দ হয়।খুব অস্থিৰ আৰু সঘনাই কাহ উঠে।ৰোগীয়ে ঘনাই উশাহ লবলৈ ধৰে।বুকুৰ মাংসবোৰ উঠা-নমা কৰে।এই ৰোগীৰ প্ৰথমে পানী লগা হৈ পিচলৈ এই ৰোগত আক্ৰান্ত হয়। হাপানী ৰোগীৰ শ্বাসকষ্টৰ সময়ত পেটত বায়ু জমা হয়। হাপানী ৰোগীয়ে নিশা অসহ্যকৰ নিশা কটাবলগীয়া হয়। যিসকল শিশু হাপানী ৰোগত আক্ৰান্ত সেইসকলে নিশা শোৱাৰ সময়ত কাহি কাহি সাৰি পাই উঠে আৰু দিনৰ ভাগত অকনমান দৌৰাদৌৰী কৰিলেই কাহ উঠে।হাপানী ৰোগ কোনো বীজানুৰ দ্বাৰা আক্ৰান্ত হোৱা ৰোগ নহয়।কোনো ভাইৰাছৰ দ্বাৰা আক্ৰান্ত বা হঠাৎ ঠাণ্ডা,ধূপি বা ধোঁৱাৰঁ স্ংস্পৰ্শলৈ আহিলে এই ৰোগত আক্ৰান্ত হব পাৰে।

ৰোগৰ নিৰ্ণয়

হাপানীয়ে মানুহৰ জীৱনলৈ কষ্টকৰ দিনবোৰ কঢ়িয়াই আনে।প্ৰথম অৱস্থাত এই ৰোগ ধৰা পৰিলে সোনকালে আৰোগ্য লাভ কৰে। কিন্ত এই ৰোগ চিনাক্ত কৰাটোহে প্ৰথমতে প্ৰয়োজন। আজিকালি চিকিৎসকে ৰোগীজনক বিভিন্ন পৰীক্ষা কৰি পিচতহে ৰোগীজনক ঔষধ দিয়াৰ ব্যৱস্থা কৰে।বুকুৰ এক্সৰে, থু-পৰীক্ষা, তেজ-পৰীক্ষা, শৌচ পৰীক্ষা আৰু হিমোগ্লবিন আৰু ইচোমিফিল কাউণ্ট চাবলৈ পৰামৰ্শ দিয়ে।হৃদযন্ত্ৰৰ পৰীক্ষা ই চি জি,হাওঁফাওঁৰ শ্বসন ক্ষমতাৰ পৰীক্ষা আৰু এলাৰ্জী চাবলৈ দিয়া হয়।

সাৱধানতা

হাপানী ৰোগীয়ে সদায় সাৱধানতা অৱলম্বন কৰিব লাগে। অভিভাৱকে হাপানী হোৱা শিশুটোক খেলা ধুলা,ব্যায়ম আদিত অংশগ্ৰহন কৰিবলৈ উৎসাহ যোগাব লাগে। খেলা-ধূলাৰ পিচতেই ঠাণ্ডা পানীৰে গা ধুৱাৱ নালাগে।যিবোৰ বস্তৰ পৰা হাপানী ৰোগ সৃষ্টি কৰিব পাৰে তেনেকুৱা বস্তবোৰৰ পৰা শিশুটোক আতঁৰাই ৰাখিব লাগে। এইটো নিৰ্ভৰ কৰিব পিতৃ মাতৃ বা পৰিয়ালৰ অন্যান্য সদস্যসকলৰ সজাগতাৰ ওপৰত। বয়সস্থ মানুহৰ ক্ষেত্ৰতো এনে নিয়ম যদিও ৰোগীজনক মানসিকভাৱে শক্তিশালী কৰিব লাগিব। হাপানী ৰোগী মানসিকভাৱে ভাগি পৰে। চিন্তা, ক্ৰোধ, ঈৰ্ষা আদিয়ে ৰোগীজনক দুৰ্বল আৰু অস্থিৰ কৰি তোলে। হাপানী ৰোগীৰ মনৰ দৃঢ়তাই ৰোগ নিৰাময়ত অধিক অৰিহনা যোগায়।

চিকিৎসা

হাপানী ৰোগৰ চিকিৎসা আছে। এলোপ্যেথিক, হোমিঅ’পেথিক, আয়ুৰ্বেদিক, ইউনানী, আকুপাংচাৰ, মেগনেটিক থেৰাপি আদি বিধান হাপানী ৰোগ নিৰাময়ৰ ক্ষেত্ৰত গেছ প্ৰয়োগৰ চিকিৎসাই এক যুগান্তকাৰী দিশ উন্মোচন কৰিছে।যদিও ই স্থায়ী চিকিৎসা নহয় তথাপি ইয়াৰ প্ৰয়োজনীয়তা যথেষ্ঠ  বেছি।অৱশ্যে বয়স অনুপাতে গেছ প্ৰয়োগ বেলেগ বেলেগ হয়।আয়ুৰ্বেদিক শাস্ত্ৰতো হাপানী ৰোগৰ বাবে সুন্দৰ চিকিৎসা আছে।তেনেদৰে হোমিওঅপেথিক চিকিৎসা পদ্ধতিত ৰোগীৰ লক্ষনৰ ওপৰত নিৰ্ভৰ কৰিহে চিকিৎসা কৰা হয় যদিহে ৰোগীয়ে নিজৰ ৰোগৰ লক্ষনসমূহ চিকিৎসকৰ আগত পুংখানুপুংখভাৱে প্ৰকাশ কৰিব পাৰে। অষ্টিঅপ্যাথি কৰিপ্ৰেকটিক আৰু মালিচজাতীয় ব্যৱস্থা শ্বাস প্ৰশ্বাসৰ লগত জড়িত মাংসপেশী আৰু হাড় সম্বন্ধীয় ব্যায়ম।ইয়াৰ দ্বাৰা বুকুৰ মাংসপেশীবিলাক শিথিল কৰি দিয়ে। চিকিৎসা শাস্ত্ৰত ডিছেনিছিটাইজেচন নামৰ পদ্ধতিৰে এলাৰ্জিৰ কাৰকবোৰ চিনাক্ত কৰি ৰোগীক তাৰ পৰা আতৰতঁ ৰাখিবলৈ দিহা দিয়া হয়।

শিশুৰ বয়স আৰু হাপানী ৰোগ

সাধাৰণতে দেখা যায় যে এক বছৰৰ আগতে যিসকল শিশুৱে হাপানী ৰোগত আক্ৰান্ত হয় তাৰে শতকৰা নব্বৈ ভাগৰেই শৈশৱ কালতেই ভাল হৈ যায়।যিসকল শিশু এক বছৰৰ পৰা তিনি বছৰৰ ভিতৰত এই ৰোগত আক্ৰান্ত হয় তেওঁলোকৰ ভিতৰত বিশ ভাগৰহে হাপানী ৰোগ হোৱাৰ সম্ভাৱনা থাকে।তেনেদৰে তিনি বছৰৰ পিচত আৰম্ভ হোৱা শতকৰা ত্ৰিশজন লৰা ছোৱালীহে পিচলৈ এই ৰোগত ভোগে।

ৰোগৰ কাৰণ

হাপানী ৰোগৰ মুখ্য কাৰণ হৈছে এলাৰ্জি।যিবিলাক বস্তৰ দ্বাৰা এই এলাৰ্জি সৃষ্টি হয়,তাক এলাৰ্জেন্ট বোলা হয়। ভিন্নজনক ভিন্ন বস্তৰে এলাৰ্জি সৃষ্টি হব পাৰে।আমাৰ শৰীৰে বহুতো সময়ত কিছুমান বস্ত মানি নলয় তেতিয়া বিভিন্ন লক্ষনৰুপে বাহিৰত প্ৰকাশ পায়। ধোৱাঁ, গোন্ধময় পানীয়, ধূলি-মাকতি, ফুলৰ ৰেনু, জীৱ-জন্তৰ নোম আদিৰ স্ংস্পৰ্শলৈ আহিলে হাপানী ৰোগত আক্ৰান্ত হব পাৰে। তদুপৰি শীতল পানী খোৱা অজীৰ্ন হোৱা অতিৰিক্ত আহাৰ খোৱা,আইচক্ৰীম আদিয়েও হাপানী ৰোগ হোৱাত সহায় কৰে। হাপানী ৰোগ বংশগত কাৰণতো হ’ব পাৰে। হাওঁফাওঁৰ দুৰ্বলতাৰ ফলত পৰ্যাপ্ত বায়ুৰ অভাৱত ইয়াৰ ক্ৰিয়া বিনষ্ট হৈ এই ৰোগ হ’ব পাৰে। বিষনাশক কিছুমান ঔষধ ৰাসায়নিক দ্ৰব্য, নানা ধৰনৰ উদ্যোগ, কল কাৰখানা, অটমবাইল ধোঁৱা, ধপাত ফটকা-ফুলজাৰি মহ খেদোৱা দ্ৰব্যও হাপানী ৰোগৰ কাৰক হ’ব পাৰে। ঔদ্যোগীকৰণ, বসতিৰ ঘনত্ব, যান বাহনৰ পৰা ওলোৱা ধোঁৱাই বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইড পৰিমান বঢ়াইছে আৰু এইবোৰ মানুহে গ্ৰহণ কৰিবলগীয়া হৈছে।

লিখক: ডা: প্ৰাণকান্ত ভট্টাচাৰ্য, সম্ভাৰ।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate