অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কিলাকুটিৰ যত্ন

কিলাকুটিৰ যত্ন

  • কিলাকুটিটো খহটা যেন লাগিলে নেমু ৰসত এচিকুট নিমখ বা চেনি লৈ মোহাৰিলে মৃসণ হৈ পৰিব।
  • অলিভ অইলৰ লগত নিমখ মিহি কৰি বটি লৈ মালিচ কৰি কুহুমীয়া পানীৰে ধুই শুকান টাৱেলেৰে মোহাৰি মুখত ঘঁহা ক্ৰীম সানক। এনেদৰে এসপ্তাহমান কৰিলে নিমজ আৰু উজ্জ্বল হ’ব।
  • অলপমান মুখত ঘঁহা ক্ৰীম, কেইটোপালমান নেমুৰ ৰস, গ্লিচাৰিণ আৰু পিহা বাদাম কিলাকুটিটোত ঘঁহিলে ঠাইডোখৰ সুন্দৰ হৈ পৰিব।
  • পিউমিক ষ্টোনেৰে কিলাকুটিটো লাহে লাহে ঘঁহি কুহুমীয়া পানীৰে ধুই পেলাব লাগে। তাৰ পিছত কুহুমীয়া গৰম তেলেৰে মালিচ কৰিলে ক’লা দাগ আঁতৰ হোৱাৰ লগতে খহটা ভাবো নোহোৱা হ’ব।
  • পকা কল, সিজোৱা আলু, বিলাহীৰ ৰসেৰে পেক বনাই লগাই, পিছত গ্লিচাৰিনেৰে কিলাকুটিটো পৰিষ্কাৰ কৰিলে ক’লা আৰু খচখচিয়া ভাৱ দূৰ হ’ব।
  • আটা বা ময়দা, গাখীৰৰ সৰ মৌৰ লগত মিহলাই কিলাকুটিত লেপ লগাই আধা ঘণ্টা পিছত কুহুমীয়া পানীৰে ধুই পেলাব। তাৰ পিছত মইশ্বাৰাইজাৰ লগালে পাৰ্থক্য নিজে ধৰিব পাৰিব।

লেখিকা: ললিতা শৰ্মা লহকৰ, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate