অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ছালৰ পৰজীৱীজনিত সংক্ৰমণ

ছালৰ পৰজীৱীজনিত সংক্ৰমণ

মামৰী ৰোগ

আমাৰ শৰীৰটো সৰ্বদিশৰপৰা আগুৰি থকা ছালখন স্বাভাবিকতে পৰিবেশৰ বিভিন্ন পৰজীৱীৰ সংস্পৰ্শলৈ আহে আৰু সেয়ে ছালৰ পৰজীৱীজনিত সংক্ৰমণ এক সঘনাই হোৱা স্বাস্থ্য সমস্যা। বিশেষকৈ ভাৰতৰ নিচিনা জলবায়ুৰ অঞ্চলত। পৰজীৱীজনিত সংক্ৰমণে মুঠ চৰ্মৰোগৰ সমস্যাৰ এক গৰিষ্ঠভাগ পূৰ কৰে। এনে সংক্ৰমণৰ গৰিষ্ঠভাগেই আকৌ মামৰী ৰোগ বা ‘স্কেবীজ’ৰ বাবে হয়। ‘স্কেবীজ’ এটা লেটিন শব্দ- ইয়াৰ অৰ্থ ‘খজুৱা’। ‘ছাৰ্কোপ্টিছ স্কেবাই’ নামৰ এক পৰজীৱীৰ দ্বাৰা এই ৰোগ হয়। এই পৰজীৱীবিধ পৃথিৱীৰ সকলো ঠাইতে পোৱা যায়। স্থানীয় জলবায়ু বা আৰ্থ-সামাজিক পৰিৱেশ নিৰ্বিশেষে সকলো মানুহলৈ ই সংক্ৰমিত হ’ব পাৰে। ইয়াক খুজলি বুলিও কোৱা হয়। ছাৰ্কোপ্টিছ স্কেবাই নামৰ এবিধ পৰজীৱীৰদ্বাৰা স্কেবীজ ৰোগ হয়। মূলত: ব্যক্তিগত পৰিচ্ছন্নতাৰ অভাৱৰ বাবে ইয়াৰ দ্বাৰা মানুহ সংক্ৰমিত হয়। ধোঁৱা বৰণীয়া এইবিধ পতংগ আকৃতিৰ পৰজীৱীৰ চাৰি যোৰাকৈ ঠেং থাকে। আকাৰত ইহঁত ৩০০ মাইক্ৰ’ণৰ পৰা ৫০০ মাইক্ৰ’ণ হয়। অইন এবিধ পৰজীৱী ওকণীৰ দৰে ইহঁতৰো মতাবোৰ মাইকীবোৰতকৈ আকাৰত সৰু হয়। সহবাসৰ কিছুসময় পিছতে মতাবোৰ মৃত্যুমুখত পৰে। সহবাসৰ ফলত গৰ্ভৱতী হোৱা মাইকীজনীয়ে ছালৰ ভিতৰলৈ গাঁত খান্দি সোমাই যায় আৰু এপিডাৰ্মিছ নামৰ ছালৰ গভীৰতৰ স্তৰত প্ৰায় দুমাহলৈ আত্মগোপন কৰি থাকে। দুমাহমানৰ ভিতৰত ইহঁতে কণী পাৰে আৰু সময়ত কণী ফুটি পোৱালি(Lavrae) হয়। পোৱালিবোৰ গাঁতৰপৰা ওলাই আহি ছালৰ উপৰিভাগৰ খলা-বমাৰ একা-বেঁকা ক্ষুদ্ৰ খাল, ছালৰ ৰন্ধ্ৰ, আঙুলিৰ ফাঁক আদি ঠাইত আশ্ৰয় গ্ৰহণ কৰে। তেনেকুৱা ঠাইবোৰত অৱস্থান কৰি ই নিজকে পাৰিপাৰ্শ্বিক প্ৰতিকূলতাৰপৰা ৰক্ষা কৰায় আৰু সময়ত প্ৰাপ্তবয়স্ক হয়। বসতিৰ বাবে ইহঁতে শৰীৰৰ উষ্ণ অংশবোৰ বিচাৰি লয়। এই জীৱন চক্ৰটোত দুইৰপৰা তিনি সপ্তাহ সময় লাগে। মামৰী ৰোগ অতিশয় সংক্ৰামক। প্ৰত্যক্ষ দৈহিক সম্পৰ্ক যেনে- স্পৰ্শ, একেলগে শুলে বা পৰোক্ষভাৱে যেনে- কাপোৰ আদিৰ জৰিয়তে ই এজনৰপৰা অইন এজনৰ গালৈ সহজে বিয়পে। পিন্ধা কাপোৰ, বিচনাৰ কাপোৰ, কম্বল, লেপ আদিৰ দ্বাৰা ই বিয়পিব পাৰে আৰু তেনে বস্ত্ৰসমূহত পৰজীৱীবোৰ সৰ্বাধিক ৪৮ৰ পৰা ৭২ ঘণ্টামান বাচি থাকিব পাৰে। জীৱিত মানুহৰ শৰীৰত ই এমাহ পৰ্যন্ত জীয়াই থাকে। স্কেবীজৰ প্ৰধান লক্ষণ ছালৰ খজুৱতি। বিশেষকৈ নিশাৰ ভাগত তেনে খজুৱতি তীব্ৰ আৰু অসহ্যকৰ হয়। এনে খজুৱতিৰ ফলত শৰীৰৰ ঠায়ে ঠায়ে দীঘলীয়া ক্ষত পৰে। ছাল ৰঙচুৱা পৰি থাকে। খজুৱাৰ বাবে কেতিয়াবা ছালৰ তৰপ এৰাই গৈ ছালত ঘাঁ লাগে আৰু এনে ঘাঁত বীজাণু (বেক্টেৰিয়া)ৰ সংক্ৰমণ ঘটি সমস্যা গুৰুতৰ হ’ব পাৰে। সময়মতে এনে সংক্ৰমণৰ উপযুক্ত চিকিৎসা নহ’লে বৃক্কক প্ৰভাৱিত কৰি জীৱনৰ সংশয়ো আনিব পাৰে। স্কেবীজত গৰ্ভৱতী প্ৰাপ্তবয়স্ক মাইকী পৰজীৱীবোৰে ছালত কৰা সুৰংগবোৰ বৈশিষ্ট্যপূৰ্ণ হয়। এইবোৰ সৰুকৈ অলপ উখহা ধৰণৰ আৰু ক’লা চিহ্নযুক্ত হয়। দেখিবলৈ মুখত হোৱা শালমইনাৰ লগত মিল থাকে। যৌনাংগৰ আশে-পাশে, কৰঙন, উৰু, কটিদেশ, পেট, হাতৰ আঙুলিৰ মাজৰ ঠাই, বাহু অংশৰ ছালৰ ভাঁজ, কাষলতি আৰু মহিলাৰ স্তন, বিশেষকৈ দুধমুখ(নিপ’ল) অংশ বেছিকৈ আক্ৰান্ত হোৱা দেখা যায়। স্কেবীজ আক্ৰান্ত মাতৃৰ গাখীৰ খাই থকা শিশু বা কেঁচুৱাৰ মুখাংশ আক্ৰান্ত হ’ব পাৰে যদিও প্ৰাপ্তবয়স্ক সকলৰ ক্ষেত্ৰত মুখাংশ আক্ৰান্ত হোৱা দেখা নাযায়। খজুৱতিৰ উপৰি ৰাতি টোপনি ব্যাঘাত হোৱা বাবে দিনৰ ভাগত অলসতা, দুৰ্বল ভাৱ আদি হোৱা পৰিলক্ষিত হয়। পৰিয়ালৰ এজনৰ এই সমস্যা হ’লে অইন সকলৰো হোৱাৰ সম্ভাৱনা খুবেই প্ৰবল। প্ৰথমবাৰলৈ সংক্ৰমিত হোৱা সকলৰ ক্ষেত্ৰত পৰজীৱীবিধে ছালত থিতাপি লোৱাৰ ৪-৬ সপ্তাহত আৰু আগেয়ে স্কেবীজ আক্ৰান্ত হৈ পোৱাসকলৰ ক্ষেত্ৰত সংক্ৰমণৰ কেইদিনমানৰ ভিতৰতে লক্ষণসমূহে দেখা দিব পাৰে। ছাৰ্কোপ্টিছ স্কেবাই পৰজীৱীৰ শৰীৰত থকা প্ৰ’টিনৰ প্ৰতি হোৱা বিক্ৰিয়াৰ ফলস্বৰূপে আক্ৰান্ত ব্যক্তিৰ খজুৱতি উঠে। এই প্ৰ’টিন পৰজীৱীয়ে ত্যাগ কৰা মলতো পোৱা গৈছে- যিবোৰ ই ছালৰ ভিতৰত জমা কৰে। মানসিক ৰোগী, কুষ্ঠ ৰোগত আক্ৰান্ত ব্যক্তি বা ডায়েবেটিছ, এইডছ্‌ আদি কাৰণত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস হোৱা ব্যক্তিসকলৰ ক্ষেত্ৰত এই ৰোগে জটিল ৰূপ ধাৰণ কৰিব পাৰে। এনেক্ষেত্ৰত আক্ৰান্ত অংশৰ ছাল ডাঠ হৈ খোলা ধৰণৰ হয়। এনে অৱস্থাক খোলাধাৰী খুজলি বুলি কোৱা হয়। এই ধৰণৰ স্কেবীজত খজুৱতি তুলনামূলকভাৱে কম হয় বা একেবাৰে নাথাকে। ছাৰ্কোপ্টিছ স্কেবাই পৰজীৱীবিধ পৃথিৱীৰ সকলো ঠাইতে পোৱা যায়। জলবায়ু আৰু আৰ্থ-সামাজিক পৰিৱেশ নিৰ্বিশেষে ই সকলো মানুহলৈ সংক্ৰমিত হ’ব পাৰে। দৰিদ্ৰতা, পানী যোগান ব্যৱস্থাৰ অভাৱ, মল নিষ্কাসন ব্যৱস্থাৰ অভাৱ, জনসমাগম আদি পৰিৱেশত ই মহামাৰীৰ ৰূপ ধাৰণ কৰিব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে বছৰি বিশ্বত প্ৰায় ৩০ কোটি লোক স্কেবীজত আক্ৰান্ত হয়। এই ৰোগৰ প্ৰতি সজাগতা আৰু গৱেষণা আদিৰ অৰ্থে ২০১২ চনত খুজলি নিয়ন্ত্ৰণৰ আন্ত:ৰাষ্ট্ৰীয় বন্ধুত্ব (IACS: International Alliance for Control of Scabies) সংগঠন গঠন কৰা হৈছে। বিশ্ব স্বাস্থ্য সংস্থাই ইয়াক অৱহেলিত ৰোগ (Neglected Tropical Disease)ৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে।

লিখক: ডা° ৰমেন কুমাৰ কাকতি, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 4/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate