ভিটামিন আমাৰ খাদ্যত পোৱা যয়। আমাৰ জীৱন আৰু স্বাস্থ্যৰ বাবে ভিটামিন দৰকাৰী। গতিকে স্বাভাৱিকতে প্ৰশ্ন উঠে আমি যি খাওঁ তাত যথেষ্ট ভিটামিন আছেনে বা ঠিক ধৰণৰ খাদ্য খাইছেনে?
আমাৰ শৰীৰৰ প্ৰয়োজনীয়তা পূৰাবৰ বাবে প্ৰত্যেকবিধ ভিটামিনেই খুব কম পৰিমাণে দৰ্কাৰী।
ভালদৰে খোৱা-বোৱা কৰা মানুহ এজনে তেওঁৰ খাদ্যত আটাইখিনি ভিটামিনেই পায়। কেৱল কিছুক্ষেত্ৰত ভিটামিন ডি নাপায়। বহুত মানুহে আটাইখিনি ভিটামিন পাব পৰাকৈ ভালদৰে নাখায়। কিন্তু সেইবুলি শৰীৰক অতিৰিক্ত ভিটামিনৰ দৰ্কাৰ নাই। শৰীৰে অতিৰিক্ত ভিটামিনখিনি সাঁচি ৰাখিব নোৱাৰে। সেইখিনি শৰীৰে ত্যাগ কৰি দিয়ে।
যথেষ্ট পৰিমাণে কিছুমান ভিটামিন খোৱাটো শৰীৰৰ বাবে অপকাৰী। দৰৱৰ ৰূপত খোৱা ভিটামিন ‘এ’ আৰু ‘ডি’ ৰ ক্ষেত্ৰত এইটো সঁচা বুলি প্ৰ্মাণিত হৈছে।
আমাক কি কি খাদ্যি ভিটামিন দিয়ে? এটা সাধাৰণ ধাৰণা দিয়া হ’ল: চকু, ছাল, দাঁত আৰু হাড়ৰ সুস্থ গঠনৰ বাবে ভিটামিন এ দৰ্কাৰী। সেউজীয়া শাক-পাচলি, ফল-মূল, কণী, লিভাৰ আৰু মাখনত ভিটামিন এ পোৱা যায়। ঘেঁহুৰ ৰুটি, দালি আদিত ভিটামিন বি পোৱা যায়। ই আমাক স্নায়ুৰ গঠন আৰু পাচনত সহায় কৰে আৰু বহুত বেমাৰৰ পৰা আমাক ৰক্ষা কৰে।
আমাৰ দাঁত, পেশী, হাড় আদিৰ গঠনত সহায় কৰা ভিটামিন চি পোৱা যায়- নেমু, বিলাহী, কবি আদিত। ভিটামিন ডি পোৱা যায় গাখীৰ আৰু সূৰ্য্যৰ পোহৰত। আমাৰ শৰীৰক সততে দৰ্কাৰ হোৱা এইবোৰ হ’ল অত্যন্ত দৰ্কাৰী ভিটামিন।
লেখিকাৰ নাম: বৰ্নালী শৰ্মা
শেহতীয়া উন্নীতকৰণ: : 6/5/2020
সুন্দৰ ছালৰ সুৰক্ষাৰ বাবে
পশুধন পৰিপুষ্টি আৰু উৎপাদনত আওঁ ভিটামিন
প্ৰ’টিন, ভিটামিন, মিনাৰেলেৰে ভৰপূৰ সুস্বাদু ছয়াবিন...
আপুনি ভিটামিন খোৱাটো প্ৰয়োজনীয়নে? সেই বিষয়ে ইয়াত আ...