অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ছালৰ শ্ৰেণীবিভাজন আৰু বিভিন্ন সমস্যাৰ ঘৰুৱা প্ৰতিকাৰ

ছাল বা ত্বক হ’ল মানুহৰ সবাতোকৈ দেখনিয়াৰ অংশ। এজন ব্যক্তিৰ, বিশেষকৈ এগৰাকী নাৰীৰ ব্যক্তিত্ব প্ৰকাশত এখন নিমজ, নিখুত ছালৰ গুৰুত্ব অপৰিসীম। মানুহৰ জন্মৰ সময়ত ছালখন পৰিষ্কাৰ আৰু স্বাস্থ্যবান হৈয়ে আহে। কিন্তু সময়ৰ লগে লগে নানা ধৰণৰ ধূলি-মাকতি, প্ৰদূষণৰ অত্যাচাৰত ছালখন জৰ্জৰিত হৈ পৰে। মানুহৰ সৌন্দৰ্য্যৰ আকৰ হৈ এই ছালখনক সুৰক্ষিত কৰি ৰাখিবলৈ কিছুমান ঘৰুৱা প্ৰতিকাৰ কৰা উচিত। আৰু ইয়াৰ বাবে আমি প্ৰথমে ছালখন কেনে ধৰণৰ সেয়া জানি লোৱাটো খুবেই প্ৰয়োজনীয়।

সাধাৰণতে মানুহৰ ছয় প্ৰকাৰৰ ছাল দেখিবলৈ পোৱা যায়।

স্বাভাৱিক ছাল

স্বাভাৱিক ছাল বিশেষত: খুউব কম সংখ্যক মানুহৰ ক্ষেত্ৰতহে পোৱা যায়। স্বাভাৱিক ছালে শুকান আৰু তৈলাক্ত ছালৰ মাজত ভাৰসাম্য ৰক্ষা কৰে। কিন্তু, ছালখন আপডাল কৰি নাথাকিলে দিন যোৱাৰ লগে লগে অধিক শুকান হ’বলৈ ধৰে। স্বাভাৱিক ছাল মজবুত মাংসপেশীৰ সৈতে আটিল হয়। ই কোমল হয় আৰু ইয়াৰ ৰঙো স্বাস্থ্যৱান হয়। ছালৰ বিন্ধাবোৰ আটিল হয় আৰু ছালখনৰ আপডালে ইয়াক অধিক উজ্জ্বল কৰি তোলে।

ঘৰুৱা প্ৰতিকাৰ

  • প্ৰতিদিনে পুৱা আৰু ৰাতি ভাল ক্লিনজাৰ নাইবা গাখীৰ আৰু ক্ৰিমেৰে মুখখন চাফা কৰিব লাগে।
  • ছালখন সতেজ অৱস্থাত ৰাখিবলৈ কোমল ‘Skin Toner’ ব্যৱহাৰ কৰা উচিত।
  • ৰাতি ছালখনত কোনো উপযুক্ত ক্ৰিম ব্যৱহাৰ কৰা উচিত দিনটোৰ আৰ্দ্ৰতা গুচাবৰ বাবে।
  • উপযুক্ত পাতল আইজেল ৰাতি ব্যৱহাৰ কৰিব লাগে সৰু সৰু ৰেখাবোৰ ধৰি ৰাখিবলৈ।
  • মাহত এবাৰ হ’লেও সৌন্দৰ্য্য বিশেষজ্ঞৰ দ্বাৰা প্ৰফেছনেল ট্ৰিটমেন্ট লোৱাটো জৰুৰী।

শুকান ছাল

ছালৰ গ্ৰন্থিবোৰৰ পৰা নিৰ্গত হোৱা অসাৰ ৰসে ছালখন পিছল কৰি তোলাটো শুকান ছালত অভাৱ হয়। এই ছালত আৰ্দ্ৰতা নোহোৱা কৰিবলৈ উপযুক্ত পানীৰো অভাৱ হয়। ছালৰ এই অৱস্থাই অতি সহজে মুখ আৰু চকুৰ চাৰিওকাষে থকা ধুনীয়া ৰেখাবোৰ চিনাত সহায় কৰে। এনে ছালখনে ঘনে খহটা আৰু তৰপ তৰপ হয়। শুকান ছালত ক’লা দাগৰ সমস্যাৰ সৃষ্টি হয়। কিন্তু ছালৰ উপযুক্ত ৰক্ষণাবেক্ষণে ইয়াৰ স্থিতিস্থাপকতা ধৰি ৰাখিব পাৰে।

ঘৰুৱা প্ৰতিকাৰ

  • শুকান ছালৰ গৰাকীয়ে পুৱা আৰু ৰাতি অলপ ৰসাল ‘মইশ্বাৰাইজিং ক্ৰিম’ ৰে মুখখন চাফা কৰিব লাগে।
  • ছালৰ স্বাভাৱিক অৱস্থা বাৰ্তাই ৰখা আৰু সতেজতাৰ বাবে পাতল ‘স্কিন টনাৰ’ ব্যৱহাৰ কৰা উচিত।
  • দিনটোৰ ভিতৰত মুখ আৰু ডিঙিত ৰসাল কিন্তু পাতল ‘মইশ্বাৰাইজাৰ’ লগোৱা উচিত।
  • ছালখনক ৰাতি এটা পাতল মেছেজৰো প্ৰয়োজন।
  • প্ৰত্যেক ৰাতি চকুৰ চাৰিওফালে সহজভাৱে পাতলকৈ ৰসাল ‘আই ক্ৰিম’ লগাব লাগে।
  • এটা সপ্তাহত ‘মাস্ক’ লগোৱা প্ৰয়োজন।

স্পৰ্ককাতৰ আৰু এলাৰ্জিক ছাল

এইবিধ ছাল খুউব ধুনীয়া ডাঠ হয়। সচৰাচৰ এই ছালৰ গৰাকীৰ নাক আৰু গালৰ কাষৰ সৰু বিন্ধা আৰু সিৰা উপসিৰাবোৰ ভঙাৰ এটা প্ৰৱণতা থাকে। যিহেতু খুউব স্পৰ্শকাতৰ, সেয়ে এই ছালত ক’লা দাগ আৰু চৰ্ম ৰোগ। যেনে-এলাৰ্জি আদি হোৱাৰ এটা প্ৰৱণতা সঘনে দেখা যায়। সেয়ে, প্ৰয়োজনীয় প্ৰাথমিক প্ৰতিকাৰ আৰু প্ৰচেষ্টাই এনে সমস্যাৰ পৰা মুক্ত কৰিব পাৰে। ই গৰম ঠাণ্ডা বা বতাহ একো সহিব নোৱাৰে।

ঘৰুৱা প্ৰতিকাৰ

  • পুৱা আৰু ৰাতি এই ছালৰ গৰাকীয়ে ধীৰে ধীৰে ‘ক্লিনজাৰ’ৰে ছালখন চাফা কৰিব লাগে।
  • কেতিয়াও  এল’কহলিক টনাৰ ব্যৱহাৰ ব্যৱহাৰ কৰিব নালাগে। কিন্তু মুখখন সতেজ কৰি ৰাখিবলৈ পাতলকৈ ঠাণ্ডা পানী ব্যৱহাৰ কৰিব পাৰে।
  • চকুৰ চাৰিওকাষ আৰু গালৰ কোমল অংশৰ আৰ্দ্ৰতা থকা উচিত।
  • চকুৰ যত্নৰ বাবে সদায় খুউব পাতল ‘মইশ্বাৰাইজাৰ’ ব্যৱহাৰ কৰক।
  • বিশেষকৈ এলাৰ্জি বৰ্জিত সামগ্ৰী ব্যৱহাৰ কৰক।

পূৰঠ ছাল

এই ছালৰ লক্ষণ যদিও শুকান ছালৰ দৰেই কিন্তু ইয়াৰ পৰিসৰ বহুত বেছি। যদি ডেকা অৱস্থাতে এই ছালৰ যত্ন লোৱা নহয়, তেন্তে সময়ৰ লগে লগে ই ভাঁজপৰা, আৰু জলশূণ্য হৈ পৰাৰ সম্ভাৱনা থাকে। ভালদৰে চাফা নকৰিলে আৰু প্ৰতিকাৰ নল’লে এটা সময়ত এই ছালৰ গৰাকী সৌন্দৰ্যহীন হৈ পৰে। ঘৰুৱা প্ৰতিকাৰ হিচাবে-

  • খুউব ধীৰে ধীৰে সতেজ ক্ৰিম বা লোচনেৰে মুখমণ্ডল চাফা কৰিব লাগে।
  • পুষ্টিকৰ ‘Skin toner’ ব্যৱহাৰ কৰা উচিত।
  • মুখ, চকু আৰু ডিঙিৰ অংশত সহজভাৱে খুউব ৰসাল কিন্তু পাতলকৈ সানিব লাগে।
  • ৰাতি ছালৰ অৱস্থা স্বাভাৱিক কৰি ৰাখিবলৈ এটা সতেজ ‘নাইট ক্ৰিম’ ব্যৱহাৰ কৰিব লাগে।
  • আমাৰ ছালৰ সূক্ষ্ম সিৰ সংযুক্ত মঙহাল পদাৰ্থবোৰ উজ্জ্বীৱিত কৰি ৰাখিবৰ বাবে সপ্তাহত এবাৰকৈ ‘মাক্স’ লগোৱা উচিত।
  • প্ৰয়োজন হ’লে মাক্স ডিঙিলৈকে লগাব পাৰে।
  • পষেকত এবাৰ সৌন্দৰ্য বিশেষজ্ঞ বা পাৰ্লাৰত গৈ প্ৰতিকাৰ কৰা উচিত।

তৈলাক্ত ছাল

তৈলাক্ত ছাল অন্য প্ৰকাৰৰ ছালতকৈ খহটা আৰু ডাঠ হয় আৰু এই ছালত কোষবোৰ মুক্ত হৈ থাকে। ছালত ব্লেকহেড্‌ছ আৰু শালমইনা উঠাৰ প্ৰৱণতা অধিক। এইসমূহ সাধাৰণতে নাক আৰু থুতৰিৰ চাৰিওফালে হয়। ছালৰ পৰা নি:সৰণ  হোৱা ছেবামে ছালখন তেলেতীয়া কৰি ৰাখে। ছালৰ কোনবোৰৰ প্ৰসাৰতাত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে।

ঘৰুৱা প্ৰতিকাৰ

  • এটা পাতল ক্লিনজিং লোচনেৰে মুখখন চাফা কৰিব লাগে। নহ’লে ঔষধি গুণসম্পন্ন চাবোন ব্যৱহাৰ কৰিব লাগে।
  • নাক, ডিঙি আৰু কপাল সতেজ আৰু আটিল কৰি ৰাখিবলৈ এষ্ট্ৰিনজেন্ট ব্যৱহাৰ কৰা উচিত।
  • ছালৰ অৱস্থা অক্ষুন্ন ৰাখিবলৈ তৈলহীন এক ঔষধি দৰৱ ৰাতি ব্যৱহাৰ কৰিব লাগে।
  • ঔষধি গুণযুক্ত পাতল মইশ্বাৰাইজাৰ ব্যৱহাৰে ছালক সুৰক্ষিত কৰি ৰাখে।
  • সৌন্দৰ্য্য বিশেষজ্ঞা বা পাৰ্লাৰত গৈ সপ্তাহত এবাৰকৈ ছালৰ পৰিশোধনৰ বাবে মাস্ক লগোৱা উচিত।

মিশ্ৰিত ছাল

এই প্ৰকাৰ ছাল খুউব সাধাৰণ আৰু বিশেষকৈ ইয়াৰ যত্ন লোৱাটো কঠিন। সাধাৰণতে T-Zone বা ছালৰ কিছুমান অংশ খুউব তৈলাক্ত হয়। কেতিয়াবা এই বন্ধ অংশসমূহ দাগ আৰু ব্লেক  হেড্‌ছ পৰা দেখা যায়। গাল, চকু আৰু ডিঙিৰ অংশসমূহ বিশেষভাৱে শুকান হয়।

  • ভাল ক্লিনজাৰৰ দ্বাৰা পুৱা আৰু ৰাতি মুখ চাফা কৰিব লাগে।
  • T-Zone ৰ অংশত এষ্ট্ৰিনজেন্ট আৰু শুকান অংশত সাধাৰণ শক্তিবৰ্ধক মইশ্বাৰাইজাৰ লগাব লাগে।
  • মাংসহীন যিখিনি শুকান অংশ সেইখিনিত মইশ্বাৰাইজাৰ লগোৱা উচিত।
  • উপযুক্ত আইক্ৰিম চকুত লগোৱাৰ বিপৰীতে যিবিলাক মুকলি ৰেখা সেইবোৰত ক্ৰিম লগোৱাৰ পৰা আঁতৰি থাকিব লাগে।

উৎস: প্ৰিয় সখী।

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate