অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হাত-ভৰিৰ নখ স্বাস্থ্যসন্মত কৰি ৰখাৰ উপায়

হাত-ভৰিৰ নখ স্বাস্থ্যসন্মত কৰি ৰখাৰ উপায়

আপোনাৰ শৰীৰৰ অংগত সততে দৃষ্টি পৰা হাত-ভৰিৰ নখকেইটাকো সুন্দৰ আৰু পৰিষ্কাৰকৈ ৰখাটো অতি দৰকাৰী। হাত-ভৰিৰ নখকেইটাক স্বাস্থ্যসন্মত কৰি ৰাখিবলৈ হ’লে নিয়মিত হাত-ভৰি পৰিষ্কাৰকৈ ধুই ইয়াৰ যতন ল’ব লাগে। নিশা শুবলৈ যোৱাৰ পূৰ্বে ভালদৰে হাত-ভৰি ধুই নখ আৰু ছাল ময়শ্বাৰাইজাৰেৰে মালিচ কৰিব লাগে। এনে ময়শ্বাৰাইজাৰ ব্যৱহাৰে হাতৰ নখকেইটাক সুৰক্ষা প্ৰদান কৰাত সহায় কৰে। দৈনিক দুবাৰকৈ ময়শ্বাৰাইজাৰ ব্যৱহাৰ কৰিব লাগে। এনে ময়শ্বাৰাইজাৰ ব্যৱহাৰ হাতৰ নখকেইটাক সুৰক্ষা প্ৰদান কৰাত সহায় কৰে। দৈনিক দুবাৰকৈ ময়শ্বাৰাইজাৰ ব্যৱহাৰ কৰিব লাগে। দিনত গা ধোৱাৰ পিচত আৰু নিশা শোৱাৰ আগতে। ছালৰোগ বিশেষজ্ঞসকলৰ মতে নখ ভালদৰে ৰাখিবলৈ হ’লে এছিটোনযুক্ত (উগ্ৰ ৰাসায়নিক জুলীয়া পদাৰ্থ) ৰিম’ভাৰ, নেইলপলিচ ব্যৱহাৰৰ পৰা বিৰত থকাই উচিত। এনে এছিটোনযুক্ত নেইলপলিচ ব্যৱহাৰে নখ দুৰ্বল কৰি তোলে। ইফালে ভৰিৰ নখসমূহ স্বাস্থ্যৱান হৈ থাকিবলৈ হ’লে ভৰিত পৰাপক্ষত ভাল আৰু সঠিক জোতা পৰিধান কৰা দৰকাৰ। যাতে ভৰিৰ আঙুলি আৰু নখে কষ্ট নাপায়, তেনে জোতাহে পৰিধান কৰিব। ভৰিত পিন্ধা মোজা সদায় পৰিষ্কাৰকৈ ধুইহে পিন্ধিব। ছাল চিকুটা বা এৰুওৱাৰ অভ্যাস থকাসকলে শীৰ্ঘ্ৰে তেনে অভ্যাস বৰ্জন কৰক। কাৰণ বিভিন্ন বীজাণুৰ ফলত নখৰ ইনফেকচন হ’লে ছালখনেহে নখকেইটাক সুৰক্ষা প্ৰদান কৰে।

উৎস: সম্ভাৰ।

শেহতীয়া উন্নীতকৰণ: : 10/7/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate