অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জিকা ভাইৰাছৰ ভয়াৱহতা

জিকা ভাইৰাছ ৰোগটো কি?

জিকা ৰোগটো হৈছে ‘জিকা ভাইৰাছ’ৰ দ্বাৰা সৃষ্টি হোৱা একপ্ৰকাৰৰ ৰোগ আৰু এই ভাইৰাছটো সাধাৰণতে ঘৰত থকা এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত এডিছ প্ৰজাতিৰ মহৰ কামোৰণিৰ দ্বাৰা বিয়পে।

জিকা ৰোগটোৰ লক্ষণবোৰ হ’ল- জ্বৰ, গাত ৰঙচুৱা দাগ পৰা, অস্থিসন্ধিৰ বিষ আৰু চকু ৰঙা পৰা (কঞ্জাংক্টিভাইটিছ)। এই ৰোগটোৰ লক্ষণবিলাক তীব্ৰধৰণৰ নহয় আৰু কেইদিনমানৰ পৰা এসপ্তাহলৈকে দেখা দিয়ে। এই ৰোগটোত আক্ৰান্ত হ’লে মানুহে হস্পিতাললৈ নাযায় আৰু এই ৰোগত খুব কম স্ংখ্যক মানুহৰহে মৃত্যু হয়।

ভাইৰাছটো নতুন নেকি

এই ভাইৰাছটো নতুন নহয়। আফ্ৰিকাৰ বিষুৱীয় অঞ্চলত এইবিধ ভাইৰাছৰ স্ংক্ৰমণ হোৱাৰ ৰেকৰ্ড আছে। দক্ষিণ-পুব এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় দ্বীপবিলাকতো এইবিধ ভাইৰাছৰ স্ংক্ৰমণ হোৱাৰ প্ৰমাণ পোৱা যায়। পৃথিৱীৰ ন ন অঞ্চললৈ এইবিধ ভাইৰাছৰ স্ংক্ৰমণ বিয়পাৰ সম্ভাৱনা আছে। ২০১৫ চনৰ মে মাহত পান আমেৰিকান হেল্‌থ অৰগেনাইজেছন’ নামৰ স্ংস্থাটোৱে এটি সতৰ্কবাণী কৰিছিল যে ব্ৰাজিলত জিকা ভাইৰাছৰ স্ংক্ৰমণ নিশ্চিত কৰা হৈছে। আৰু তেতিয়াৰে পৰাই পৃথিৱীৰ বিভিন্ন দেশ আৰু অঞ্চলত স্থানীয়ভাৱে এইবিধ ভাইৰাছৰ স্ংক্ৰমণৰ খবৰ নিশ্চিত কৰা হৈছে।

জিকা ভাইৰাছৰ স্ংক্ৰমণৰ লক্ষণসমূহ

  • এইবিধ ভাইৰাছৰ দ্বাৰা স্ংক্ৰমিত প্ৰতি পাঁচজন মানুহৰ ভিতৰত এজনৰ দেহত লক্ষণসমূহ প্ৰকাশ পায়।
  • জিকা ভাইৰাছৰ স্ংক্ৰমণৰ সাধাৰণ লক্ষণবিলাকৰ উপৰিও অন্যান্য লক্ষণ কিছুমান হ’ল-পেশীৰ বিষ আৰু মূৰৰ বিষ। এই ভাইৰাছ শৰীৰত প্ৰৱেশ কৰাৰ পিছত ৰোগ লক্ষণ প্ৰকাশ পোৱালৈকে কিমান সময় লাগে সেই কথা ক’ব পৰা নাযায়।
  • এই ৰোগৰ লক্ষণবিলাক বেছি তীব্ৰতৰ নহয় আৰু কেইদিনমানৰ পৰা এসপ্তাহলৈ ইয়াৰ লক্ষণসমূহ ৰোগীৰ গাত দেখা যায়।
  • ৰোগীৰ গাত এই ৰোগৰ লক্ষণবিলাক বেছি যন্ত্ৰণাদায়ক নহয় বাবে তেওঁলোক হস্পিতাললৈ নাযায় আৰু এই ৰোগত তেনেই কম স্ংখ্যক ৰোগীৰহে মৃত্যু হয়।
  • এজন সংক্ৰমিত ৰোগীৰ দেহত এই ভাইৰাছ এৱসপ্তাহলৈ সক্ৰিয় অৱস্থাত থাকে।

ৰোগ চিনাক্তকৰণ ব্যৱস্থা

  • জিকা ৰোগৰ লক্ষণবিলাক ডেংগু আৰু চিকুণগুণীয়া ৰোগৰ সৈতে প্ৰায় একে। এই দুবিধ ৰোগ বিয়পোৱা মহৰ দ্বাৰাই জিকা ভাইৰাছো সুস্থ লোকৰ দেহলৈ বিয়পে।
  • ওপৰত উল্লেখ কৰা লক্ষণবিলাক আপোনাৰ নিজৰ দেহত দেখা পালে লগে লগে চিকিৎসকৰ কাষ চাপক আৰু আপুনি অলপতে জিকা ভাইৰাছৰ স্ংক্ৰমণ হোৱা ঠাইলৈ গৈছিল নেকি, সেই কথা চিকিৎসকক জনাওক।
  • আপোনাৰ চিকিৎসকজনে আপোনাৰ শৰীৰত দেখ দিয়া জিকা, ডেংগু আৰু চিকুণগুণীয়াৰ লক্ষণৰ বাবে বিশেষ ধৰণৰ তেজৰ পৰীক্ষা কৰিবলৈ দিব পাৰে।

চিকিৎসা

  • জিকা ভাইৰাছৰ প্ৰতিষেধক বা ভাইৰাছবিধ মাৰিবৰ বাবে কোনোধৰণৰ ঔষধ আজিলৈকে উদ্ভাৱন হোৱা নাই। সেয়ে এই ৰোগবিধ নিয়ন্ত্ৰণ কৰাৰ বাবে লক্ষণভিত্তিক চিকিৎসা কৰা হয়।

চিকিৎসা কৰা লক্ষণবিলাক হ’ল-

  • যথেষ্ট পৰিমাণে জিৰণি লওক।
  • নিৰ্জলীভৱন প্ৰতিৰোধৰ বাবে যথেষ্ট পৰিমাণে পনীয়া আহৰ খাওক।
  • জ্বৰ গাৰ বিষৰ পৰা নিৰাময় পাবলৈ ‘এচিটামিনোফেন’ ঔষধ খাওক।
  • এছপিৰিণ আৰু নন-ষ্টেৰয়ড জাতীয় বিষনাশক ঔষধ নাখাব।
  • অন্য কোনো অসুখত ভুগি থকাৰ বাবে যদি আপুনি ঔষধ খাই আছে, তেনেহ’লে নতুন ঔষধ খোৱাৰ আগতে সেই কথা চিকিৎসকক জনাওক।
  • যদি আপোনাৰ জিকা ৰোগ হৈ আছে, তেনেহ’লে ৰোগত ভোগাৰ প্ৰথম সপ্তাহতে মহৰ কামোৰণিৰ পৰা আঁতৰত থাকক।
  • স্ংক্ৰমণৰ প্ৰথম সপ্তাহত আপোনাৰ শৰীৰৰ তেজত জিকা ভাইৰাছ পাব পাৰে আৰু এনে ৰোগীৰ শৰীৰৰ পৰা এই ভাইৰাছ মহে আন সুস্থ লোকৰ শৰীৰলৈ বিয়পাব পাৰে।

প্ৰতিৰোধ ব্যৱস্থা

আমি কি জানো

  • জিকা ভাইৰাছৰ ৰোগটো প্ৰতিৰোধ কৰাৰ বাবে কোনো ধৰণৰ প্ৰতিষেধক উদ্ভাৱন হোৱা নাই।
  • জিকা ভাইৰাছৰ স্ংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে মহৰ কামোৰণিৰ পৰা হাতসাৰি থাকক।
  • জিকা ভাইৰাছ বিয়পোৱা মহে সাধাৰণতে দিনৰ ভাগতে মানুহক কামোৰে।
  • জিকা ভাইৰাছ বিয়পোৱা মহে ডেংগু আৰু চিকুণগুণীয়া ভাইৰাছো বিয়পায়।
  • যৌন সহবাসৰ যোগেদি জিকা ভাইৰাছ বিয়পোৱাত বাধা দিবলৈ হ’লে সহবাসৰ সময়ত কণ্ডোম ব্যৱহাৰ কৰক অথবা সহবাসৰ পৰা বিৰত থাকক।

জিকা ভাইৰাছ স্ংক্ৰমিত দেশবিলাক ভ্ৰমণ কৰাৰ সময়ত ল’ব লগা ব্যৱস্থাসমূহ-

  • দীঘল হাতৰ চোলা আৰু লংপেণ্ট পিন্ধিব।
  • বতাহত উৰিব পৰা মহ আঁতৰাই ৰাখিব পৰা এয়াৰ কণ্ডিচনাৰ আৰু দুৱাৰ খিৰিকিত ঘন স্ক্ৰীণ বা পৰ্দা লগোৱা কোঠাত থাকিব।
  • ৰাতি শোওঁতে ঘন আঁঠুৱা থকা বিছনাত শুব।
  • মহ বা আন কীট পত্ংগ আঁতৰাই ৰাখিব পৰা ই পি এ ৰ দ্বাৰা অনুমোদিত ৰাসায়নিক দ্ৰৱ্য মিহলি আঁঠুৱা ব্যৱহাৰ কৰিব। এনেধৰণৰ আঁঠুৱা গৰ্ভৱৰ্তী আৰু শিশুক গাখীৰ খুৱাই থকা মহিলাৰ বাবেও নিৰাপদ বুলি প্ৰমাণিত হৈছে।
  • মহ খেদাব পৰা ৰাসায়নিক দ্ৰব্য আপোনাৰ শৰীৰৰ ছালত পোনপটীয়াকৈ স্প্ৰে নকৰিব।

যদি আপোনাৰ এটি শিশু সন্তান আছে

  • মহ প্ৰতিৰোধক ৰাসায়নিক দ্ৰৱ্য দুমাহতকৈ সৰু শিশুৰ গাত প্ৰয়োগ নকৰিব।
  • আপোনাৰ শিশুটিৰ বাহু আৰু ভৰি দুটা কাপোৰেৰে ঢাকি ৰাখিব।
  • শিশুক বহুৱাই বা শুৱাই ইফালে সিফালে নিবলগা বাহনৰ ওপৰত মহ প্ৰতিৰোধক আঁঠুৱা ব্যৱহাৰ কৰক।
  • মহ প্ৰতিৰোধক স্প্ৰে শিশুটিৰ হাত, চকু, মুখ আৰু ছালত ব্যৱহাৰ নকৰিব। অৱশ্যে ডাঙৰে নিজৰ হাত আৰু শৰীৰৰ অন্যান্য অংগত এনে স্প্ৰে ব্যৱহাৰ কৰিব পাৰে।

যদি আপোনাৰ জিকা ৰোগ হৈছে তেনেহ’লে আনকো এই ৰোগৰ পৰা প্ৰতিৰোধ কৰি ৰাখক।

  • সংক্ৰমণৰ প্ৰথম সপ্তাহত জিকা ভাইৰাছ ৰোগীৰ তেজত সক্ৰিয় হৈ থাকে আৰু স্ংক্ৰমিত ৰোগীজনৰ পৰা এই ভাইৰাছ মহৰ কামোৰণিৰ দ্বাৰা আন সুস্থ লোকৰ শৰীৰলৈ বিয়পিব পাৰে। সেয়েহে ৰোগ স্ংক্ৰমণৰ প্ৰথম সপ্তাহত কোনো কাৰণতে মহে কামুৰিবলৈ দিব নালাগে।
  • জিকা ভাইৰাছটো এজন পুৰুষৰ পৰা তেওঁৰ যৌন স্ংগীলৈ সহবাসৰ দ্বাৰা বিয়পিব পাৰে। সেয়েহে ৰোগীয়ে আৰোগ্য হোৱাৰ ছমাহ পিছলৈকে কোনো স্ংগীৰ সৈতে সহবাস কৰা উচিত নহয়।
  • জিকা ভাইৰাছ যৌনসহবাসৰ দ্বাৰা বিস্তাৰ প্ৰতিৰোধৰ বাবে কণ্ডোম ব্যৱহাৰ কৰিব।
  • জিকা পূৰ্বতে ভুগি থকা এজন পুৰুষে সহবাসৰ দ্বাৰা বহুদিনৰ পিছলৈকে এই ৰোগৰ ভাইৰাছ বিয়াপাব পাৰে।

মহিলাই তেওঁৰ যৌন সহযোগীলৈ জিকা ভাইৰাছ সংক্ৰমণ কৰিব পাৰেনে নোৱাৰে, সেই কথা এতিয়ালৈকে বিজ্ঞানীসকলে নিশ্চিত কৰিব পৰা নাই।

গৰ্ভাৱস্থা

  • জিকা ভাইৰাছৰ সৈতে গৰ্ভস্থ সন্তানটিৰ গঠনগত বিকৃতিৰ সম্পৰ্ক আছে, সেয়েহে গৰ্ভাৱস্থাত এইবিধ ভাইৰাছৰ স্ংক্ৰমণ যিকোনো উপায়েৰে প্ৰতিৰোধ কৰি ৰাখক। আপুনি যদি গৰ্ভবৱস্থাত আছে, তেনেহ’লে গৰ্ভস্থ সন্তাটিৰ ম্ংগলৰ কাৰণে ল’ব পৰা উপায়বিলাকৰ লগত কথা পাতক। সম্পৰ্কে চিকিৎসকৰ লগত কথা পাতক।
  • গৰ্ভাৱস্থাত যদি আপুনি আপোনাৰ সহযোগীৰ লগত যৌন সহবাস কৰিব খোজে তেনেহ’লে কণ্ডোম ব্যৱহাৰ কৰিব।
  • গৰ্ভাৱস্থাত যিকোনো স্ংগীৰ সৈতে সহবাস নকৰাটো হৈছে আটাইতকৈ ভাল উপায়।
  • আপোনাৰ যৌনস্ংগীজন যদি দীৰ্ঘদিন ধৰি বিদেশত আছিল তেনেহ’লে তেওঁৰ তেজ ভালদৰে পৰীক্ষা নকৰাকৈ তেওঁৰ সৈতে সহবাস নকৰিব।
  • আপোনাৰ মহিলা যৌনস্ংগীগৰাকী যদি গৰ্ভৱতী হৈছে, তেনেহ’লে তেওঁৰ সৈতে যৌন সহবাস নকৰাই ভাল। জিকা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে মহৰ কামোৰণি যিকোনো প্ৰকাৰে বাধা দিয়া উচিত।

বিশ্ব স্বাস্থ্য স্ংস্থাৰ পদক্ষেপ

  • যিবিলাক দেশত জিকা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ বেছি, সেইবিলাক দেশক বিশ্ব স্বাস্থ্য স্ংস্থাই এই ভাইৰাছ প্ৰতিৰোধৰ বাবে যথেষ্ট সহায় আগবঢ়াইছে।
  • প্ৰাদুৰ্ভাৱ থকা দেশবিলাকত ঠায়ে ঠায়ে জিকা ভাইৰাছৰ স্ংক্ৰমণ নিশ্চিত কৰিবলৈ বিশ্ব স্বাস্থ্য স্ংস্থাই বিজ্ঞানী নিয়োগ কৰিছে।
  • জিকা ভাইৰাছৰ স্ংক্ৰমণৰ পিছৰ অৱস্থাবিলাক, সূক্ষ্মভাৱে পৰীক্ষা কৰিবলৈ বিশ্ব স্বাস্থ্য স্ংস্থাই বিজ্ঞানী নিয়োগ কৰিছে।
  • ইণ্টাৰনেচনেল হেল্‌থ ৰেগুলেচনছ’ৰ অধীনত স্ংক্ৰমিত দেশবিলাকক যথাসম্ভৱক্সহযোগ আগবঢ়াই আছে। এই স্ংস্থাটোৱে ৰোগটোৰ নিয়ন্ত্ৰণ, ৰোগ নিৰ্ণয় আৰু স্ংক্ৰমণ প্ৰতিৰোধৰ বাবে এই স্ংস্থাৰ প্ৰশিক্ষণ কেন্দ্ৰ বিলাকত স্থানীয় লোকক প্ৰশিক্ষণ দিয়া হৈছে।
  • ঠায়ে ঠায়ে প্ৰয়োজন অনুপাতে এডিছ জাতীয় মহৰ স্ংখ্যা কমাবৰ বাবে কীটনাশক আৰু বিশেষজ্ঞ নিয়োগ কৰি অধ্যুষিত দেশবিলাকক সহায় কৰিছে।
  • এইবিধ ভাইৰাছৰ অনুসন্ধান আৰু উপস্থিতি নিশ্চিত কৰাৰ বাবে দেশবিলাকত পৰীক্ষাগাৰ স্থাপন কৰাতো বিশ্ব স্বাস্থ্য স্ংস্থাই পাৰ্যমানে সহায় কৰিছে।

স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 10/7/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate