অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জিকা উপকাৰী আৰু উপাদেয়

জিকা উপকাৰী আৰু উপাদেয়

পাচলি হিচাপে ব্যৱহৃত জিকা কেৱল অসম বুলিয়েই নহয় দেশৰ অন্য কেইবাখনো ৰাজ্যতো পোৱা যায়। ইংৰাজীত Ridged gourd নামেৰে জনা জিকাৰ বৈজ্ঞানীক নাম হৈছে Luffa acutangula জিকা একোটাৰ গাটোত কেইবাটাও সিৰ থকা হেতুকেই ইয়াৰ ইংৰাজী নামটো উল্লিখিত ধৰনে ৰখা হৈছে।ই একবৰ্ষী লতাজাতীয় উদ্ভিদৰ ফল।পাত একান্তৰ ৫-৭ খপলাযুক্ত, ওপৰে তলে খহতা।পাত ১০-২০ চেন্টিমিটাৰ দীঘল বহল হয়।বাৰিষা গছত হালধীয়া ফুল ওলায়।ফুল সাধৰনতে আবেলিৰপৰা ওলাই গছ একোজোপা ঢাকি পেলাব ধৰে।তেনে অৱস্থাত ফুলে পাতে গছ একোজোপা অতি মোহনীয়া হৈ উঠে।ফুলবোৰৰ সকলোতে ফল নধৰে। প্ৰজাতিভেদে ফলৰ দৈৰ্ঘ্য ভিন্ন হয় সাধাৰনতে ২৫-৬০ চেন্টিমিটাৰৰ ভিতৰত থাকে।

জিকা মুখ্যত বৰ্ষাকালীন খেতি।সেয়ে বাৰিষা কালতহে ইয়াৰ খেতি।সেয়ে বাৰিষা কালতহে ইয়াৰ খেতি কৰা হয়।পিছে ইয়াৰ হাইব্ৰীড প্ৰজাতি ওলোৱাৰ পিছৰপৰা বছৰৰ সকলো সমায়তে ইয়াৰ খেতি কৰাটো সম্ভৱ হৈ উঠিছে।হাইব্ৰীড জিকাবোৰৰ আকাৰ আমাৰ স্থানীয় জিকাতকৈ ভালেখিনি ডাঙৰ।আমাৰ ৰাজ্যত জেঠ মাহত লগা এবিধ স্থানীয় জিকাও পোৱা যায়।ইয়াক “আহু জিকা” নাম দিয়া হৈছে।ইয়াৰ পিছত শাওন-ভাদ মাহত লগা জিকাবিধক শালী জিকা কোৱা হয়।ইবিলাক উপৰি অসমত আৰু এবিধ জিকা পোৱা যায় ই সাধাৰন জিকাতকৈ চুটি আৰু আকাৰত সৰু।

এইটো উল্লেখ নকৰিলেও হয় যে জিকা এক অতি পুষ্টিদায়ক পাচলি। ইয়াত নিহিত হৈ থকা উপাদানসমূহে সেই কথা প্ৰমান কৰে।ইয়াৰ ১০০ গ্ৰাম খাদ্যেপযোগী অংশত থকা উপাদানসমূহ হৈছে-জলীয় বাষ্প(৯৭,২ গ্ৰাম), প্ৰটিন (০,৫ গ্ৰাম),কাৰ্বোহাইড্ৰেট (৩,৪ গ্ৰাম),চৰ্বি(০,১ গ্ৰাম),আহঁ (০,৫ গ্ৰাম) আৰু খনিজ লৱন, যেনে—ছডিয়াম (২,৯ মি গ্ৰাম) পটাছিয়াম (৫০ মি:গ্ৰাম),কেলচিয়াম (৪০ মি,গ্ৰাম) মেগনেছিয়াম (১১ মি,গ্ৰাম) ফচফৰাচ (৪০ মি,গ্ৰাম), লো ?(১,৬ মি,গ্ৰাম)কপাৰ(০,১৬ মি,গ্ৰাম)ক্লৰিন (৭ মি,গ্ৰাম),ছালফাৰ(১৪ মি,গ্ৰাম)। তেনেকৈ ইয়াত থকা ভিটামিনসমূহ---এ (৫৬ আই ইউ),বি, (০,০১ মি,গ্ৰাম) বি,(০,২ মি,গ্ৰাম)আৰু চি (৫ মি,গ্ৰাম)। ইবিলাকৰ উপৰি ইয়াৰ ১০০ গ্ৰাম দ্ৰব্যই যোগাব পৰা শক্তিৰ পৰিমান হৈছে ১৭ কেলৰি।

ইফালে ইয়াত থাকে ৰোগ প্ৰ্তিৰোধী ক্ষমতাসম্পন্ন উপাদান,ছালফাৰ,ক্লৰিন আদিও।আনহাতে সকলো বয়স আৰু সকলো প্ৰকাৰৰ ৰোগীয়ে ইয়াক গ্ৰহন কৰাত বাধা নাই।অৱশ্যে ইমানবিলাক ধনাত্মক দিশ থকাৰ পিছতো ইয়াক গ্ৰহনত বিশেষকৈ এটা দিশত সৰ্তকতা অৱলম্বনৰ প্ৰয়োজন নথকা নহয়।সেইটো হৈছে ইয়াত থকা অকজালিক এচিড যাৰ পৰিমান ২৭ মি,গ্ৰাম,/১০০গ্ৰাম।এই উপাদানৰ প্ৰাধ্যনই বৃক্কত পাথৰৰ সৃষ্টি কৰাৰ সম্ভাৱনা থাকে।সেয়ে হলেও সেই ৰোগৰ মুক্তিৰ উপায়ো আকৌ জিকাৰ ওচৰতে থাকে। জিকা গছৰ শিপা বটি পানী বা গাখীৰৰ লগত খালে এই ৰোগ উপশম হয় বুলি উল্লেখ পোৱা যায়।

অৰ্পন দত্ত

শেহতীয়া উন্নীতকৰণ: : 3/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate