যক্ষ্মা ৰোগ সম্পৰ্কে এতিয়াও জনসাধাৰণৰ মাজত আছে অহৈতুক ভয়, অন্ধবিশ্বাস আৰু কুসংস্কাৰ। শৰীৰত যিকোনো ৰোগৰ বীজাণু প্ৰৱেশ কৰিব নোৱাৰাকৈ এজন লোক সুস্বাস্থ্যৰ অধিকাৰী হোৱাৰ লগতে চাফ-চিকুণ হৈ থকা, পুষ্টিকৰ আহাৰ খোৱা, বিসুদ্ধ পানী খোৱা, ব্যায়াম কৰা, প্ৰদূষণমুক্ত পৰিৱেশত বাস কৰা আদি দিশবোৰত জোৰ দিব লাগে। শৰীৰৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা শক্তিৰ অভাৱ হ’লে আন ৰোগৰ দৰে যক্ষ্মা ৰোগৰ বীজাণুও আমাৰ শৰীৰত প্ৰৱেশ কৰি জ্বলাকলা খুৱাব পাৰে। পিছে এতিয়া যক্ষ্মা ৰোগ আগৰদৰে মৰাত্মক হৈ থকা নাই আৰু সেয়েহে অহৈতুক দুশ্চিন্তাত ভুগি মন আৰু শৰীৰক দুৰ্বল কৰি পেলাব নালাগে। এতিয়া যক্ষ্মা ৰোগৰ চিকিৎসা বিনামুলীয়া আৰু এই ৰোগবিধ আমাৰ সমাজৰ পৰা আঁতৰাই পঠাবলৈ বহু ব্যৱস্থা কৰ্যকৰী হৈ আছে।
প্ৰথম কথা, যক্ষ্মা ৰোগৰ সৈতে জড়িত কুস্ংস্কাৰ আৰু অন্ধবিশ্বাস আঁতৰ হ’ব লাগিব। ৰোগ হ’লে এজন লোক চিকিৎসকৰ ওচৰ চপাটো লোকজনৰ প্ৰাথমিক কৰ্তব্য। বেজ, ওজা, তান্ত্ৰিক আদিয়ে আন ৰোগৰ দৰে যক্ষ্মা ৰোগো ভাল কৰিব নোৱাৰে। বহু সময়ত বেজে ৰোগ ভাল কৰিব নোৱাৰি ৰোগীৰ ৰোগ গুৰুতৰ ৰুপ ধাৰণ কৰাত সহায়হে কৰে আৰু শেষত তেনে বেমাৰীক চিকিতসকেও অৰোগ্য কৰি তোলাত বহু চেষতা কৰিব লাগে বা চিকিতসকে বহু চেষতা কৰাৰ পিছতো ৰোগীক বচাব নোৱাৰে। যক্ষ্মাত ভোগা লোকক পৰিয়াল বা সমাজে লেই লেই ছেই ছেই নকৰি উপযুক্ত চিকিৎসাৰ জৰিয়তে ৰোগীজনক আৰোগ্য কৰি তোলাৰ ওপৰতহে গুৰুত্ব দিব লাগে। যক্ষ্মা সোঁচৰা বেমাৰ হ’লেও উপযুক্ত ব্যৱস্থা ল’লে স্ংক্ৰমিত হ’ব নোৱাৰে। খেকাৰ ৰ’দ পৰা ঠাইত পেলালে আৰু মুখত ৰুমাল লৈ কাহিলে এই ৰোগৰ বীজাণু বিয়পিব নোৱাৰে।
ডটছ পদ্ধতিৰ জৰিয়তে এতিয়া আমাৰ সমাজৰপৰা এই ৰোগবিধ দূৰ কৰাৰ ব্যৱস্থা লোৱা হৈছে। পৰিয়ালৰ কোনো লোকৰ একেৰাহে কাহ হৈ থাকিলে ওচৰত৩এ থকা চৰকাৰী স্বাস্থ্যকেন্দ্ৰত খেকাৰ পৰীক্ষা কৰাওক। যিকোনোপ পৰিস্থিতিতে ডটছৰ ক’ৰ্চ আধৰুৱাকৈ নেৰিব, এনে ক্ৰিলে যক্ষ্মা ৰোগৰ চিকিৎসা কঠিন হৈ পৰিব। ডটছৰ ক’ৰ্চ আধৰুৱা কৰিলে গুৰুতৰ যক্ষ্মাৰ(MDR)ৰুপ ধাৰণ কৰিব পাৰে। ফলত ইয়াৰ চিকিৎসা ২৪ ৰ পৰা ২৭ মাহলৈকে চলি থাকে। যক্ষ্মা ৰোগৰ চিকিৎসা আৰু গুণগত মানৰ ঔষধ সকলো স্বাস্থ্যকেন্দ্ৰত বিনামূলীয়াকৈ পোৱা যায়।
চিকিৎসক সকলৰ মতে, গ্ৰামাঞ্চলত যক্ষ্মা ৰোগ বিয়পাৰ সম্ভাৱনা কম, কাৰণ গাঁৱৰ মানুহৰ ঘৰবোৰ ঘন নহয়, ৰ’দ পৰা ঠাইত ঘৰ সাজে, ঘৰ-দুৱাৰ চাফ-চিকুণকৈ ৰাখে, স্বাস্থ্যসন্মত প্ৰাকৃতিক পৰিৱেশত সজা ঘৰত বাস কৰে য’ত বতাহ সহজে চলাচল কৰিব পাৰে। খোৱামুঠিও তেওঁলোকে পুষ্টিদায়ক আৰু নিৰ্ভেজাল খাদ্য খাব পাৰে। আনহাতে যক্ষ্মা বিভাগে জনোৱা মতে, বস্তি এলেকাত বাস কৰা আৰু অতি ঘ্ন বসতি থকা লোকসকলৰ মাজত যক্ষ্মা ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি। বাসিন্দাসকল সাধাৰণতে অপৰিচ্ছন্ন আৰু অশ্বাস্থ্যকৰ পৰিৱেশত বাস কৰাৰ উপৰি পুষ্টিকৰ খাদ্য খাবলৈ নোপোৱাৰ ফলত তেওঁলোকৰ স্বাস্থ্য ভাগি পৰে আৰু দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি আহিবলৈ ধৰে। তদুপৰি এনে অঞ্চলত বাস কৰা লোকসকলৰ সৰহভাগে মাদকদ্ৰব্য সেৱন কৰাৰ ফলত শৰীৰত নানা ৰোগে বাহ লোৱাৰ সুবিধা পায়। উল্লেখযোগ্য যে অসমত বাস কৰা লোকসকলৰ ভিতৰত চাহ জনগোষ্ঠীৰ লোক আৰু নেপালীসকলৰ মাজত যক্ষ্মা ৰোগৰ প্ৰকোপ অত্যাধিক।
এতিয়াও মানুহৰ মাজৰ পৰা যক্ষ্মৰ বিভীষিকা আঁতৰি যোৱা নাই। আৰ্থিক স্ংকটত ভোগা লোক যক্ষ্মা ৰোগৰ চিকাৰ হ’লে আলৈ-আহুকালৰ সীমা নোহোৱা হয়। আকৌ মদ্যপান কৰা লোকসকলে চৰকাৰে যোগান ধৰা ঔষধ নাখাই পলাই ফুৰে অথচ মদ পৰিহাৰ নকৰে। ডটছ নিশ্চিতকাৰীয়ে ৰোগীক লগ নাপাই ঘুৰি আহে। আকৌ এই চামৰ আত্মবিশ্বাসৰ অভাৱৰ বাবে তেওঁলোকে যক্ষ্মা ৰোগৰ চৰকাৰে যোগান ধৰ ঔষধ নাখাই বেজ-ওজাৰ কাষ চাপি অৱশেষত মৃত্যুদূতৰ হাতত পৰাজয় স্বীকাৰ কৰে।
চন্দন শৰ্মা, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 5/2/2020
অজীৰ্ণ ৰোগৰ যৌগিক চিকিৎসা
‘মেলেৰিয়া’ বা ‘মেলেৰিয়াৰ সদৃশ’ৰোগৰ হোমিও আৰু বায়োক...
অৰ্শ (পাইলচ) ৰোগৰ মহৌষধ ফুটকলা গছৰ পাত
‘প্ৰোষ্টেটাইটিচ্’: বয়সস্থ পুৰুষৰ এক জটিল ৰোগ।