অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কিড্‌নি সুস্থ ৰখাৰ উপায়

মানুহৰ দেহৰ এক অবিচ্ছেদ্য অংগ হ’ল কিড্‌নি। বিভিন্ন কাৰণত কিড্‌নি অসুস্থ হব পাৰে। জন্মগত ত্ৰুটি, কিড্‌নিৰ ষ্টোন, কিড্‌নিৰ সংক্ৰমণ আৰু কিড্‌নিৰ কেন্সাৰ আদি কিড্‌নিৰ ৰোগ। কিড্‌নিৰ জন্মগত ত্ৰুটি বুলিলে কিড্‌নিত তৈয়াৰ হোৱা প্ৰস্ৰাৱ, যি নলীপথেৰে বাহিৰলৈ ওলায়, সেয়া বন্ধ থকাকে বুজায়। এই ধৰণৰ ত্ৰুটি চিকিৎসকীয় ভাষাত পি ইউ জে অৱষ্ট্ৰাকচন বোলে। এনে ধৰণৰ ত্ৰুটি শিশুৰ ক্ষেত্ৰত গৰ্ভাৱস্থাত থকা সময়ছোৱাতো ধৰা পৰে আৰু চিকিৎসাৰ জৰিয়তে ই সম্পূৰ্ণ ত্ৰুটিমুক্ত হৈ পৰে। কিন্তু যথাযথ চিকিৎসা নকৰি অৱহেলা কৰিলে দিন যোৱাৰ লগে লগে কাৰ্যক্ষমতা হ্ৰাস পাই কিড্‌নি দুটা সম্পূৰ্ণ নষ্ট হৈ পৰে। ইয়াৰ বাহিৰেও কোনো কোনো লোকৰ কিড্‌নিৰ গঠনগত ত্ৰুটিও থাকিব পাৰে। এনে ধৰণৰ ত্ৰুটিৰ ভিতৰত কিড্‌নিৰ অসম্পূৰ্ণ গঠন বা কিড্‌নিৰ আকাৰ আনটোতকৈ সৰু থকাও দেখা যায়। কিছুমান শিশুৰ ক্ষেত্ৰত দেখা যায় যে মূত্ৰাশয় তলৰ ফালে নেথাকি ওপৰৰ কিড্‌নিৰ ফালকৈ থাকে। ইয়াক ৰিফাক্স বোলে। এনেধৰণৰ ত্ৰুটিপূৰ্ণ মূত্ৰাশয়ে কাষৰ কিড্‌নি দুটাৰ ওপৰত চাপৰ সৃষ্টি কৰে আৰু তাৰ ফলত কিড্‌নিত ক্ষতৰ সৃষ্টি হয়। এনে অৱস্থা একেৰাহে কিছুদিন হৈ থাকিলে দুয়োটা কিড্‌নি নষ্ট হৈ যোৱাৰ সম্ভাৱনা থাকে। কিড্‌নিৰ যিকোনো ৰোগৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কথাটো হ’ল অৱহেলা কৰিলে সকলো ধৰণৰ কিড্‌নিৰ অসুস্থতাই শেষৰফালে কিড্‌নি ফেইলৰ বা ৰেনাল ফেইলৰ পৰ্য্যায়লৈ গুচি যায় আৰু তেতিয়া ৰোগ নিৰাময়ো হাতৰ বাহিৰলৈ যায়।

কিড্‌নি অসুস্থতাৰ কাৰণ

কিড্‌নিৰ কেন্সাৰৰ প্ৰকৃত কাৰণ সম্পৰ্কে নিৰ্দিষ্টভাৱে বিশেষ জানিব পৰা হোৱা নাই। পিচে বংশগত নিকট কোনো আত্মীয়ৰ এই সমস্যা থাকিলে ই হব পাৰে কিন্তু এইটো সম্পূৰ্ণ প্ৰমাণসিদ্ধ নহয়। ইয়াৰ লগতে আন এটা কথাও কোৱা ভাল যে, নিৰ্দিষ্ট কোনো খাদ্য দ্ৰব্যক ইয়াৰ বাবে দায়ী কৰিব নোৱাৰি। পিচে, এইটো প্ৰমাণিত সত্য যে দীৰ্ঘদিন চিকিৎসা নকৰাকৈ কিড্‌নিত ষ্টোন থাকিলে সেয়া কেন্সাৰলৈ ৰূপান্তৰিত হব পাৰে।

কিড্‌নিত ষ্টোন হোৱাৰ মূল কাৰণ বংশগত প্ৰৱণতাৰ লগতে, পানী কমকৈ খোৱা, পঠাৰ মাংস বা অন্য ৰেডমিট খোৱা, দুগ্ধজাত খাদ্য দ্ৰব্য বেছিকৈ খোৱা আদিয়ে প্ৰধান। লগতে এইকথাও ঠিক যে যাৰ বংশত কিড্‌নি ষ্টোনৰ কোনো সমস্যা নাই, সেইসকলৰ কিড্‌নিত ষ্টোন হোৱাৰ সম্ভাৱনা কম। কাৰণ খোৱা খাদ্যই ইয়াত বিশেষ ভূমিকা গ্ৰহণ নকৰে। কিন্তু যিসকলে পানী কমকৈ খায় তেওঁলোকৰ এনে হোৱাৰ সম্ভাৱনা বেছি।

কিড্‌নি সংক্ৰমণৰ বাবে দায়ী বিশেষ কিছুমান জীৱাণু। যেনে-ই কলাই, চিউড’মনাচ প্ৰভৃতি। বিশেষকৈ মহিলাসকলৰ স্বাস্থ্য চেতনাৰ অভাৱত ই দেহৰ ভিতৰলৈ প্ৰৱেশ কৰে। যাৰ ফলত  কিড্‌নি সংক্ৰমিত হয়। শিশুসকলৰ এনে সংক্ৰমণৰ মূলতে হ’ল জন্মগত ত্ৰুটি। কিড্‌নিত ই-কলাই সংক্ৰমণতকৈ বেছি মাৰাত্মক হ’ল চিউড’মোনাচৰ সংক্ৰমণ। এই সংক্ৰমণৰ ক্ষেত্ৰত জানিবলগীয়া বিশেষ কথাটো হ’ল কিড্‌নিত পানী জমা হোৱা অথবা ষ্টোন হোৱা।

উপসৰ্গ

কিড্‌নি অসুস্থতাৰ প্ৰধান লক্ষণ হ’ল ঘনাই জ্বৰ হোৱা। কঁপা কঁপা জ্বৰ বা সাধাৰণ জ্বৰো হব পাৰে। কিন্তু সকলোৰে ক্ষেত্ৰত এই লক্ষণে দেখা নিদিবও পাৰে। জ্বৰৰ লগতে প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা, ককালৰ বিষ আদি লক্ষণে নিৰ্দিষ্টভাৱে কিড্‌নিৰ অসুস্থতাক নিৰ্দেশ কৰে প্ৰস্ৰাৱত জ্বলা লক্ষণ নাথাকিলেও জ্বৰ আৰু ককালৰ বিষ থাকিলে প্ৰস্ৰাৱ পৰীক্ষা কৰি ৰোগ ধৰা পেলাব পাৰি। এনেবোৰ উপসৰ্গ অৱহেলা কৰিলে পিছলৈ ভৰি ফুলে, চকুৰ গুৰি ফুলে মুখ ফুলিলে স্পষ্টকৈ বুজিব পাৰি যে কিড্‌নি সমস্যাই দেখা দিছে। প্ৰস্ৰাৱৰ লগত তেজ পৰিব পাৰে আৰু পিঠিৰ বিষ হব পাৰে।

কিড্‌নি সমস্যাৰ বাবে শৰীৰৰ কোনো কোনো ঠাইত ফুলা ভাব আহে। এই ফুলাভাবৰ লগত স্বাভাৱিক ফুলাভাবৰ পাৰ্থক্য সহজে চকুত নপৰে। কিন্তু ভালকৈ লক্ষ্য কৰিলে আনৰ চকুত ধৰা পৰে। ইয়াৰ বাহিৰেও থাইৰয়ডৰ অসুখ বা হাৰ্টৰ অসুখৰ পৰাও শৰীৰত ফুলাভাব আহিব পাৰে। কিন্তু প্ৰস্ৰাৱ পৰীক্ষা কৰিলে কিড্‌নিৰ অসুখ আছে যদি নিশ্চিত ভাৱে জানিব পাৰি।

চিকিৎসা

কিড্‌নিৰ সমস্যা প্ৰাথমিক পৰ্য্যায়ত ধৰা পৰিলে সেয়া সম্পূৰ্ণ নিৰাময়যোগ্য হৈ উঠে। বিশেষকৈ সংক্ৰমণৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি ঔষধ খোৱাটো জৰুৰী হৈ পৰে। চিকিৎসকৰ পৰামৰ্শ অনুযায়ী সংক্ৰমণ ভাল হোৱাৰ পিছতো ঔষধ খাব লগা হয় যাতে সংক্ৰমণ আকৌ পুনৰায় নহয়। কিড্‌নিৰ ষ্টোন শল্যচিকিৎসাৰে নিৰাময় কৰিব পাৰি কিন্তু কিড্‌নি কেন্সাৰ ৰোগত ঔষধৰ জৰিয়তে কোনো সুফল পোৱা নাযায়।

কিড্‌নি দুটা সুস্থ ৰখাৰ উপায়

কিড্‌নি সুস্থ ৰখাৰ প্ৰথম আৰু সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ল পানী বেছিকৈ খোৱাটো। গ্ৰীষ্মকালত প্ৰায় দুই লিটাৰ আৰু শীতকালত প্ৰায় ডেৰ লিটাৰ পানী নিয়মিত খোৱা উচিত। যেতিয়াই পানীৰ পিয়াহ লাগে, লগে লগে পানী খাব লাগে। ৰাস্তাত ঘূৰা-পকা অথবা কৰ্মস্থলীলৈ যাওঁতে লগত পানীৰ পৰিমাণ বেছি থকা ফল খাওক। পানী খোৱাৰ সময়ত ইয়াৰ বিশুদ্ধতাৰ ওপৰতো লক্ষ্য ৰাখক। অপৰিশোধিত পানী খালে উপকাৰতকৈ অপকাৰহে বেছি হব। পানী উতলাই ঠাণ্ডা কৰি খোৱাটো সকলোতকৈ ভাল উপায়। পথৰ দাঁতিৰ কটা ফল-মূল বা কলড ড্ৰিংক খোৱাতকৈ নোখোৱাই ভাল।

বিশেষ কিছুমান খাদ্য যেনে-ৰেডমিট, গৰু বা পঠাৰ মাংস কিড্‌নিৰ সুস্থতাৰ বাবে ভাবুকিস্বৰূপ। ইয়াৰ সলনি মাছ বা মুৰ্গীৰ মাংস খাব পাৰি। কিড্‌নিৰ বাবে ই বিশেষ ক্ষতিকাৰক নহয়।

বেছি পৰিমাণে দুগ্ধজাত দ্ৰব্য খোৱা ভাল নহয়। বংশগত কিড্‌নি ষ্টোনৰ প্ৰৱণতা থাকিলে একেবাৰে নোখোৱাই ভাল।

অক্সালেট বা ইউৰিক এচিড সমৃদ্ধ খাদ্য কিড্‌নিৰ ষ্টোন গঠনত বিশেষ ভূমিকা আছে। কিড্‌নিৰ সমস্যা থকা বা বংশগত কিড্‌নিৰ সমস্যা থকাসকলে পালেংশাক, চীনাবাদাম, কাজুবাদাম, কচু, মানকচু আদি নোখোৱাই ভাল।

যিমানেই চালাড খাবলৈ দিয়া নহওক কিয় চালাডৰো কিছু দোষ আছে। তিয়হৰ মুঠেও ক্ষতিকাৰক নহয়, কিন্তু বীট, গাজৰ, বিলাহী, পিয়াজ বেছি পৰিমাণে খোৱাটো ভাল নহয়।  কিড্‌নি সুস্থ ৰাখিবলৈ মাংস খালে এনেবোৰ খাদ্য খোৱা অযুগুত। নিৰামিষাহাৰী সকলে সিদ্ধ কৰি বেছি পৰিমাণে খালেও অপকাৰ নহয়।

কেনে ধৰণৰ বিধি নিষেধ মানি চলিব

কিড্‌নি অসুস্থ হ’লে বা অসুস্থতা প্ৰাথমিক পৰ্যায়ত থাকিলে সকলো কাম কৰিব পাৰি। কিন্তু কিড্‌নিৰ সমস্যাত জ্বৰ হ’লে বিশ্ৰাম লবলৈ পৰামৰ্শ দিয়া হয়। বিশেষ কিছুমান খাদ্য দ্ৰব্য এৰাই চলা ভাল। ৰেনাল ফেইলৰ বা কিড্‌নিয়ে কৰ্মক্ষমতা হেৰুৱালে শৰীৰত পানী জমাৰ প্ৰৱণতা থাকে। এনে অৱস্থাত শাৰিৰীক শ্ৰম নকৰাই ভাল।

মদ্যপানৰ লগত কিড্‌নিৰ অসুখৰ কোনো সম্পৰ্ক নাই যদিও অসুখ বা চিকিৎসা চলি থকা অৱস্থাত মদ্যপান নকৰা ভাল। কাৰণ, এই সময়ত ৰোগীক যিবোৰ ঔষধ দিয়া হয়। তাৰ সৈতে এলকহলৰ আন্ত:সঘাত হয়।এলকহলে ঔষধবোৰক কাম কৰিবলৈ নিদিয়ে নতুবা বেছি কাম কৰায়। এই দুয়োটাই ক্ষতিকাৰক। তাৰ বাহিৰে মদ্যপানৰ পৰা লিভাৰ অসুস্থ হয় আৰু কিড্‌নিৰ সৈতে যিহেতু লিভাৰৰ অভিন্ন সম্পৰ্ক আছে, সেয়ে লিভাৰৰ অসুস্থতাৰ পৰাও কিড্‌নি অসুস্থ হব পাৰে। অৱশ্যে এটা কথা এইখিনিতে উল্লেখ নকৰিলে নহব যে পৰিমিত পৰিমাণৰ বিয়াৰ বা ব্ৰেণ্ডিয়ে কিড্‌নি সুস্থ ৰখাত সহায় কৰে।

লিখক: ডা: ৰঞ্জন বৰুৱা, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

শেহতীয়া উন্নীতকৰণ: : 9/12/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate