অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হাৰ্ট এটেকৰ পূৰ্বলক্ষণ: এনজাইনা বিষ

হাৰ্ট বা হৃদপিণ্ড এনে এটা নিখুঁত যন্ত্ৰ, যাৰ কাম-কাজ আৰম্ভ হয় জন্মৰ বহু আগতে মাতৃগৰ্ভত থাকোঁতেই আৰু চলি থাকে আজীৱন মৃত্যুৰ মুহুৰ্ত পৰ্যন্ত নিৰৱচ্ছিন্নভাৱে। হৃদযন্ত্ৰৰ এই গতি থমকি যোৱা মানেই হাৰ্ট এটেক বা ষ্ট্ৰোক। মানুহৰ যিকোনো অৱস্থাতেই হাৰ্টৰ সমস্যাই দেখা দিব পাৰে। অতি আচৰিত কথা যে এই পৃথিৱীত এনে বহুতো লোক সুস্থ শৰীৰে আজিও জীয়াই আছে যি একাধিকবাৰ হাৰ্ট এটেকৰ সন্মুখীন হৈছে। আনহাতে হাৰ্ট এটেকৰ কেৱল মাত্ৰ এটা আঘাততে বহুতো লোকৰ অকাল মৃত্যু ঘটিছে। আমাৰ দেশত বহুসংখ্যক লোকেই হৃদযন্ত্ৰৰ এনজাইনা পেইন বা বিষত ভোগে। যুৱক-যুৱতীৰ পৰা বৃদ্ধ-বৃদ্ধা সকলোৱেই কম-বেছি মাত্ৰাত এনজাইনা ৰোগত আক্ৰান্ত হয়। এনজাইনা পেইন বা হৃদযন্ত্ৰৰ বিষ বিভিন্ন কাৰণত হ’ব পাৰে।

এনজাইনা বিষৰ কাৰণ

তেজ সঞ্চালন প্ৰক্ৰিয়াৰ যোগেদি সৰ্ব শৰীৰৰ কোষবিলাকলৈ অক্সিজেন সৰবৰাহ হয়। যেতিয়া হৃদপিণ্ডলৈ ৰক্ত সঞ্চালন কমি যায়, তেতিয়া স্বাভাৱিক কাৰণতে অক্সিজেন সৰবৰাহৰ পৰিমাণো কমি যায় আৰু তেতিয়াই আৰম্ভ হয় এনজাইনা বিষ। সাধাৰণতে কেইটিমান বিশেষ কাৰণত এনজাইনা বিষ হয়। ৰক্তচাপ বৃদ্ধি পালে, তেজত চুগাৰ থাকিলে, অতিৰিক্ত ধূমপান কৰিলে, তেজত কলেষ্টেৰলৰ পৰিমাণ বাঢ়ি গ’লেও এনজাইনা বিষ হ’ব পাৰে।

জন্মগত কাৰণ

কিছুমান জন্মগত ত্ৰুটিৰ ফলতো এনজাইনা বিষ হ’ব পাৰে। মহিলাসকলৰ মেনোপ’জৰ পিছত এই বিষ অনুভৱ কৰিব পাৰে। নিয়মীয়াকৈ মুখেৰে খোৱা জন্মনিৰোধক পিল সেৱন কৰিলেও এই ধৰণৰ বিষ হ’ব পাৰে। অৱশ্যে এনে ধৰণৰ ৰোগীৰ সংখ্যা খুব কম। এই কথাও সঁচা যে সাত-আঠমহীয়া কেঁচুৱাৰো এই ৰোগ হোৱাৰ উদাহৰণ আছে। হৃদপিণ্ডৰ পেশীলৈ অনিয়মীয়া ৰক্ত সঞ্চালনৰ ফলতে মূলত: এনজাইনা বিষ হয়। ইয়াৰ পৰাই পৰৱৰ্তী সময়ত হাৰ্ট এটেক হ’ব পাৰে। সেয়ে চল্লিছ বছৰৰ বেছি বয়সত অলপ সাৱধানে থকা ভাল। তাৰোপৰি মহিলাসকলৰ ক্ষেত্ৰত মেনোপ’জৰ(ৰজ:নিবৃত্তি) পিছত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়।

লক্ষণ

এনজাইনা বিষৰ প্ৰাথমিক লক্ষণবিলাক এনেধৰণৰ–

(১) বুকুৰ মাজ অংশত বা বাওঁফালে অথবা সোঁফালেও বিষ অনুভৱ কৰিব পাৰে। এনে ধৰণৰ বিষ সাধাৰণতে শাৰীৰিক পৰিশ্ৰম কৰিলে, বেছি আবেগিক হ’লে বা অত্যধিক ভোজন কৰিলে হ’ব পাৰে।

(২) কোনো কোনো লোকৰ বাওঁ কান্ধ বা বাওঁ হাততো বিষ অনুভৱ হ’ব পাৰে।

(৩) এনে ধৰণৰ বিষ আৰম্ভ হোৱাৰ লগে লগে সৰ্বশৰীৰত অতিৰিক্ত পৰিমাণে ঘামিব পাৰে।

সাৱধানতা

এনজাইনা বিষৰ প্ৰথম আৰু প্ৰধান কাৰণ যিহেতু উচ্চ ৰক্তচাপ, সেয়ে যিকোনো লোকেই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব লাগে। তেজত শৰ্কৰাৰ পৰিমাণ বেছি হ’লে অৰ্থাৎ অনিয়ন্ত্ৰিত ডায়েবেটিচ থাকিলেও এনজাইনা বিষ হ’ব পাৰে। সেয়ে ৰক্ত শৰ্কৰা(ব্লাড চুগাৰ)নিয়ন্ত্ৰণ কৰা উচিত। লগতে শৰীৰত কলেষ্টেৰলৰ মাত্ৰাও কমাই ৰখা প্ৰয়োজন। মেদবহুলতা বা শৰীৰৰ ওজন বৃদ্ধি এই ৰোগৰ অন্যতম কাৰক। সেয়ে শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰা দৰকাৰ। প্ৰতিদিনে নিৰ্দ্দিষ্ট সময়ত খোজ কঢ়াৰ অভ্যাস কৰিব লাগে। ধূমপান একেবাৰে পৰিত্যাগ কৰা উচিত। সম্ভৱ হ’লে সাতোঁৰাৰ ব্যৱস্থা কৰিলে ভাল। কিছুমান ব্যায়াম আৰু যোগাসনৰ ব্যৱস্থা কৰিলে উপকাৰ পোৱা যায়।

প্ৰাথমিক চিকিৎসা

বহুতে এই ধৰণৰ বিষক সাধাৰণ গেছজনিত বিষ বুলি চিকিৎসকৰ ওচৰলৈ যাব নোখোজে। কিন্তু ওপৰত উল্লেখ কৰা ধৰণৰ লক্ষণযুক্ত বিষ অনুভৱ কৰিলে লগে লগে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। বিজ্ঞানীসকলৰ মতে গেছ বুলি কোনো ৰোগ নাই। সেয়ে বিষ হ’লে গেছ হোৱা বুলি ভাবি অৱহেলা নকৰিব। শাৰীৰিক পৰিশ্ৰম, অত্যধিক আবেগ আৰু অতিভোজনৰ লগে লগে হোৱা বিষ কিছুসময়ৰ পিছত নিজে নিজে ভাল হয় যদিও চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। কেতিয়াবা জিৰণি লওঁতে বা শুই থাকোঁতেও এনে ধৰণৰ বিষ হ’ব পাৰে। এনে লক্ষণ দেখা দিলে অকণো পলম নকৰি চিকিৎসকক মাতিব লাগে। এনে ধৰণৰ যিকোনো লক্ষণ দেখা দিলে ৰোগীক এছপিৰিণ জাতীয় ঔষধ খাবলৈ দি শুই বিশ্ৰাম লবলৈ দিব লাগে। হাই-উৰুমি বা হুলস্থূলীয়া পৰিবেশৰ পৰা ৰোগীক আঁতৰাই ৰাখিব। যিমান সোনকালে পাৰে বিশেষজ্ঞ চিকিৎসকৰ ওচৰলৈ নিয়াৰ ব্যৱস্থা কৰিব। আজিকালি এই ৰোগ বৰ বেছি ব্যয়বহুল নহয়। কিন্তু চিকিৎসা বিজ্ঞানৰ নতুন এক আৱিষ্কাৰ থ্ৰাম্বোলাইছিছ থেৰাপি অৱশ্যে তুলনামূলকভাৱে কিছু ব্যয়বহুল। বেচৰকাৰী নাৰ্ছিংহোম, আই চি ইউ আদি ৰখাৰ খৰচো প্ৰতিষ্ঠান সাপেক্ষে বেলেগ বেলেগ। ডাঙৰ চৰকাৰী হস্পিতালবিলাকত এই ৰোগৰ চিকিৎসা ব্যৱস্থা আছে আৰু এইবিলাকত খৰচো যথেষ্ট কম হয়। এনজাইনা বিষ আৰম্ভণিতে বিশেষজ্ঞ চিকিৎসকক দেখুৱাই ঔষধ সেৱনৰ ব্যৱস্থা কৰিলে আৰু চিকিৎসকৰ পৰামৰ্শ মানি নিয়মীয়াকৈ ঔষধ খাই, ব্যায়াম আদি কৰি থাকিলে ৰোগী সম্পূৰ্ণ সুস্থ হয় আৰু স্বাভাৱিক জীৱন যাপন কৰিব পাৰে। অৱশ্যে কোনো ৰোগীৰ ক্ষেত্ৰত সমস্যা জটিল হৈ পৰিলে দীৰ্ঘদিন ধৰি চিকিৎসা গ্ৰহণ কৰিবলগীয়া হ’ব পাৰে। ৰোগীৰ কৰনাৰি এঞ্জিওগ্ৰাফী ৰিপোৰ্ট চাই অভিজ্ঞ চিকিৎসকে ৰোগীৰ প্ৰকৃত অৱস্থাটো বুজি পায় আৰু সুস্থ জীৱনলৈ কিমান দূৰ ঘূৰি আহিব পাৰিব সেই বিষয়ে জানি লৈ পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰে। এনজাইনা বিষৰ পৰৱৰ্তী পৰ্যায়ত বহুতো ৰোগী হাৰ্ট এটেকৰ চিকাৰ হ’ব পাৰে অথবা বাইপাছ চাৰ্জাৰী কৰাব লগীয়াও হ’ব পাৰে। অৱশ্যে বাইপাছ চাৰ্জাৰী কৰাৰ আগতে প্ৰাথমিক কৰোনাৰি এঞ্জিওগ্ৰাফীৰ ৰিপোৰ্ট আৰু ৰোগীৰ বয়স আদিৰ কথা বিবেচনা কৰা হয়। অৱশ্যে আজিকালি এনজাইনা বিষ নিৰাময় কৰাৰ বাবে ভালেমান নতুন আৰু ফলপ্ৰসূ ঔষধ ওলাইছে আৰু এনে ধৰণৰ ঔষধৰ নিয়মীয়া ব্যৱহাৰে ৰোগীক সুস্থ জীৱন নিৰ্বাহৰ সুযোগ দিয়াৰ লগতে জটিল অস্ত্ৰোপচাৰৰ পৰাও ৰক্ষা কৰিছে। এই অসুখত ৰোগীয়ে নিজে কিছুমান বিধি ব্যৱস্থা মানি চলা উচিত। সাধাৰণ কিছুমান নীতি নিয়ম মানি চলিলে এই ৰোগৰ যন্ত্ৰণাৰ পৰা হাত সাৰি থাকিব পাৰি। যাৰ পৰিয়ালত বংশানুক্ৰমিক ৰূপে ডায়েবেটিচ, উচ্চ ৰক্তচাপ আৰু কলেষ্টেৰল আদি ৰোগৰ প্ৰৱণতা থাকে, তেওঁলোকে চল্লিছ বছৰ বয়সৰ পৰাই এনেবোৰ ৰোগ প্ৰতিৰোধ কৰি ৰাখিব পৰা বিভিন্ন উপায় আদি মানি চলিব লাগে। কাৰণ এনেবিলাক উপসৰ্গই কালক্ৰমত হাৰ্ট এটেকৰ সম্ভাৱনা বহুগুণে বঢ়াই তোলে। এই অসুখৰ পৰা বাচি থাকিবৰ কাৰণে আমাৰ চৌপাশৰ পৰিৱেশৰ লগত সংগতি ৰাখি দ্ৰুত জীৱন যাত্ৰাৰ গতি অনুসৰণ কৰা উচিত নহয়। ফাষ্ট ফুড জাতীয় আহাৰ একেবাৰে গ্ৰহণ কৰা উচিত নহয়। ধূমপান তৎক্ষণাত বন্ধ কৰা উচিত নহয়। মনত ৰাখিব – এনজাইনা পেইন বা বিষ হাৰ্ট এটেকৰ আগৰ বিষ নহয়। হৃদযন্ত্ৰৰ পেশীবিলাকে পৰ্যাপ্ত পৰিমাণত অক্সিজেন নোপোৱাৰ কাৰণেহে এনে ধৰণৰ বিষবিলাক হয়। সেয়ে ডাক্তৰৰ পৰামৰ্শ অনুসৰি প্ৰতিদিনে নিয়মীয়াকৈ আহাৰ গ্ৰহণ, নিয়মীয়া ব্যায়াম আৰু খোজ কঢ়া আদি অভ্যাস কৰিলে এই ৰোগ যন্ত্ৰণাৰ পৰা মুক্ত হৈ সুস্থ আৰু স্বাভাৱিক জীৱন-যাপন কৰিব পাৰিব।

লিখক: ডা° প্ৰদীপ কুমাৰ চক্ৰৱৰ্তী, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

শেহতীয়া উন্নীতকৰণ: : 5/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate