প্ৰাথমিক চিকিৎসা হ’ল দুৰ্ঘটনাগ্ৰস্তক বা জৰুৰীকালীন অৱস্থাত ৰোগীৰ জীৱন ৰক্ষাৰ বাবে অথবা ভুগি থকা ব্যথা উপশমৰ বাবে সঠিক প্ৰাথমিক পৰ্যায়ৰ চিকিৎসা সেৱা অথবা ভুগি থকা উপশমৰ বাবে সঠিক প্ৰাথমিক পৰ্যায়ৰ চিকিৎসা সেৱা বা সহায় আগবঢ়োৱাৰ বিজ্ঞানসন্মত বিধি। প্ৰাথমিক চিকিৎসা বা উপচাৰৰ উদ্দেশ্যে কোনো ব্যক্তিক আপাতকালীন অৱস্থাত চিকিৎসা প্ৰদান কৰা নহয়। ভুক্তভোগীজনক যথোচিত প্ৰাথমিক সহায় বা উপাচাৰ প্ৰদান কৰি যিমানখিনি ক্ষতি হৈছে তাতকৈ যাতে আৰু অধিক ক্ষতি নহয় অথবা জীৱন ৰক্ষা কৰিব পৰা যায় নতুবা সোনকলে আৰোগ্য হোৱাত সুবিধা হয় তাৰে ব্যৱস্থা কৰি চিকিৎসালয়লৈ স্থানান্তৰ কৰাহে ইয়াৰ প্ৰধান উদ্দেশ্য। ৰোগী বা দুৰ্ঘটনাগ্ৰস্ত ব্যক্তিৰ প্ৰাথমিক উপাচাৰ বা চিকিৎসা কোনো জীৱনদায়িনী শক্তিতকৈ কম নহয়। উদাহৰণস্বৰুপে কোনো ব্যক্তি দুৰ্ঘটনাত পতিত হৈ অধিক ৰক্তক্ষৰণ হ’লে ভুক্তভোগীজন চিকৎসালয় গৈ পোৱালৈ মৃত্যু হ’ব পাৰে। যদি কোনো লোকে প্ৰাথমিক সহায় বা চিকিৎসাৰ প্ৰক্ৰি্যাৰ দ্বাৰা তেওঁৰ ৰক্তক্ষৰণ কম অথবা বন্ধ কৰিব পাৰে, তেন্তে এই কাৰ্য তেওঁৰ বাবে জীৱনদায়ী কাৰ্যতকৈ কোনো গুণেই কম নহয়। তদুপৰি কোনো লোকৰ ৰাজহাড়ত ক্ষতি হ’লে বা দুখ পালে ভুক্তভোগীজনক খোজ কাঢ়িবলৈ বা দৌৰাবলৈ চেষ্টা কৰোৱা দেখা যায়। প্ৰাথমিক চিকিৎসা জ্ঞানৰ অভাৱতে এনেকুৱা কাৰ্য কৰা হয়, যাৰ ফলত ৰোগীজন চিৰঘূৰণীয়া বা তেওঁৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে। বহুতে আকৌ দুৰ্ঘটনাগ্ৰস্ত লোকক সহায় কৰিবলৈ এৰি অথবা এনেকুৱা বিপদাপন্ন লোকক এৰি পলায়। অথচ তেনেকুৱা মানুহৰ জীৱন সঠিক সময়ত দিয়া প্ৰাথমিক চিকিৎসাৰ দ্বাৰা বাচিব পাৰে। ইয়াৰ প্ৰধান কাৰণ প্ৰাথমিক জ্ঞানৰ অভাৱ আৰু ইয়াৰ বাবে আইনৰ মেৰপেচত অযথা সোমোৱাৰ ভয়। দুয়োটা কাৰণতে সৰ্বসাধৰণ লোক প্ৰাথমিক চিকিৎসাৰ প্ৰতি আগ্ৰহী নহয়।
ওঠৰশ শতিকাৰ পৰাই প্ৰাথমিক চিকিৎসাক স্বাস্থ্যসেৱাৰ বাবে নিয়মিতিকৰণ কৰা হৈছিল। তথাপি এতিয়াও বেছিভাগ লোকৰ বিষয়টোৰ প্ৰতি বিশেষ গুৰুত্ব বা আগ্ৰহ দেখা নাযায়। প্ৰাথমিক চিকিৎসাৰ লগত জড়িত প্ৰধান সমস্যাবোৰ হ’ল- সৰ্বসাধৰণ লোকৰ বেছিভাগৰে প্ৰাথমিক চিকিৎসাৰ ধাৰণাবোৰ স্বচ্ছ নহয়। কেতিয়াবা ১০৮ বা ১০২ এম্বুলেন্সৰ সহায় যথাস্থানলৈ গৈ পাওঁতে দেঢ়ি হ’লেও কোনেও ৰোগীক প্ৰাথমিক চিকিৎসা নিদিয়ে। কিছুমানে মানৱীয়তাৰ বাবে প্ৰথমিক চিকিৎসা দিবলৈ আগবাঢ়ি আহিলেও শুদ্ধ প্ৰাথমিক জ্ঞানৰ অভাৱত ৰোগীৰ বেছিকৈহে ক্ষতি হয়। আত্মবিশ্বাস অথবা নিয়ম-কানুনৰ জ্ঞানৰ অভাৱত জানিলেও জৰুৰীকালীন অৱস্থাতো কিছুমানে প্ৰাথমিক চিকিৎসা দি সহায় কৰিব নিবিচাৰে। অথচ সঠিক সময়ত সঠিক উপযোগিতাৰ বাবে, অৰ্থাৎ যিকোনো আপাতকালীন সমস্যাৰ সন্মুখীন হ’বলৈ দেশৰ প্ৰতিজনৰ প্ৰাথমিক চিকিৎসাৰ বিষয়ে আৰু ইয়াৰ নিয়মাৱলীৰ বিষয়ে শুদ্ধ ধাৰণা থকা উচিত। সমাজৰ সকলো শ্ৰেণীৰ লোককে প্ৰাথমিক চিকিৎসাৰ বিষয়ে যিকোনো মাধ্যমৰ যোগেদি অৱগত কৰোৱাটো জীৱন ৰক্ষাৰ বাবে অনিবাৰ্য পদক্ষেপ। লগতে বিষয়টোৰ প্ৰতি সজাগতা আনিবলৈ বাৰে বাৰে জনসমাজৰ মাজত উত্থাপন কৰাটোও প্ৰয়োজনীয়।
পৰমানন্দ কতৰা বনাম ভাৰত স্ংঘ, প্ৰভাত কুমাৰ মুখাৰ্জী বনাম ৰুবী জেনেৰেল হাস্পতাল আৰু অন্যান্য কেছবোৰৰ উচ্চতম ন্যায়ালয়ৰ আদেশ আৰু ভাৰতীয় স্ংবিধানৰ অনুচ্ছেদ ২১ উল্লেখিত জীয়াই থকাৰ অধিকাৰৰ ব্যাখ্যা ইত্যাদিৰ পৰা এইটো অধিক স্বচ্ছ যে কোনো লোক সজ বিশ্বাস আৰু সজ উদেশ্যৰে আপাতকালীন অৱস্থাৰ ৰোগীৰ জীৱন বছাবলৈ বা আৰোগ্যত সহায় কৰিবলৈ অথবা ব্যথা উপশম কৰাবলৈ দিয়া বিজ্ঞানসন্মত প্ৰাথমিক চিকৎসাৰ বাবে আইনমতে জগৰীয়া হ’ব নোৱাৰে। ইয়াৰ উপৰি জৰুৰীকালীন চিকিৎসা সেৱা আৰম্ভ কৰিবলৈ সৰ্ব্বপ্ৰথম আৰক্ষীৰ উপস্থিতি বাধ্যতামূলক নহয়। কোনো চিকিৎসালয়ে জৰুৰীকালীন চিকিৎসা সেৱা দিয়াৰ বাবে অস্বীকাৰ কৰিব নোৱাৰে। গতিকে যিকোনো মানুহে ৰোগীৰ জীৱন বচাবলৈ বা ৰোগীক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি জীৱন বচোৱাত আইনগত কোনো ধৰণৰ বাধা নাই।
ৰাস্তাৰে গৈ থাকিলে কেতিয়াবা দেখা যায় যে এম্বুলেন্স এখনে ছাইৰেন বজাই আহি আছে, কিছুমানে নিজৰ গাড়ি ৰাস্তাৰ দাঁতিত ৰখাই দিছে এম্বুলেন্সৰ বাবে ৰাস্তা এৰি দিবলৈ আৰু কিছুমানে এম্বুলেন্সৰ আগে আগে অধিক বেগেৰে যোৱাত ব্যস্ত। বেছিভাগ আজিকালি চহৰত এম্বুলেন্সক দ্ৰুত গতিত যাবলৈ অগ্ৰাধিকাৰ দিব নোখোজে। যিখন এম্বুলেন্সে কাৰোবাৰ জীৱন বচাবলৈ দৌৰিছে, সেইখনৰ ৰাস্তা বন্ধ কৰি ৰখাটো নিশ্চয়কৈ মানৱীয়তা হ’ব নোৱাৰে। হয়তো অভিজ্ঞতা বা অনুভৱ অথবা অসজাগ অভ্যাসৰ বাবে এনেকুৱা হয়। এনেবোৰ কাৰ্যৰ প্ৰতিৰোধৰ বাবে গড়ীচালকক অনুজ্ঞাপত্ৰ দিয়াৰ আগতে ব্যৱহাৰিক অৰ্থত প্ৰাথমিক চিকিৎসা, গাড়িচালনা সম্বন্ধীয় আইন এম্বুলেন্সৰ ব্যৱহাৰ ইত্যাদিৰ বিষয়ে প্ৰশিক্ষণ দিয়া উচিত। বিষয়টোৰ সজাগতাই আৰু সম্যক জ্ঞানে হয়তো বহুতো মানুহৰ অনেক বিপদ বা আসন্ন মৃত্যুৰ পৰা বচাব পাৰে। এম্বুলেন্স মাথো এখন ৰোগী কঢ়িওৱা গাড়ীয়ে নহয়। ই এখন প্ৰাথমিক চিকিৎসা কেন্দ্ৰস্বৰুপ বাহনো হ’ব পাৰে। যিকোনো কাৰণতে উদ্ভৱ হোৱা আপাতকালীন পৰিস্থিতিত প্ৰাথমিক চিকি্ৎসা আৰু এম্বুলেন্সৰ প্ৰয়োজন হয় আৰু দুয়োটা সেৱাৰ বাবে সময়ৰ গুৰুত্ব অতি প্ৰয়োজনীয়। আপাতকালীন পৰিস্থিতি যিকোনো মানুহৰে জীৱনত যিকোনো দুৰ্যোগৰ দ্বাৰা উদ্ভৱ হ’ব পাৰে। গাড়ী দুৰ্ঘটনা, জুই লগা, বতাহ, বৰষুণ, ভূমিকম্প, বানপানী, কৰ্মস্থলীৰ দুৰ্ঘটনা ইত্যাদি বিভিন্ন্ কাৰণত আপাতকালীন পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে। এনেকুৱা পৰিস্থিতিত সম্পূৰ্ণৰুপে সহায়ক হৈ জীৱন ৰক্ষা কৰিবলৈ প্ৰাথমিক চিকিৎসাৰ লগতে এম্বুলেন্সৰ বিষয়ে জনাটো প্ৰয়োজন। বিভিন্ন ধৰণৰ কামৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এম্বুলেন্সক অনেক প্ৰকাৰে ভাগ কৰা হয়। আপাতকালীন এম্বুলেন্স, ৰোগী কঢ়িওৱা এম্বুলেন্স, দ্ৰুত প্ৰতিক্ৰিয়া দলৰ এম্বুলেন্স, বেৰিয়াট্ৰিক এম্বুলেন্স আৰু চেৰিটী এম্বুলেন্স ইত্যাদি কিছুমান অতি সঘনাই প্ৰয়োজন হোৱা এম্বুলেন্সৰ প্ৰকাৰ। আপাতকালীন এম্বুলেন্সৰ কাম হ’ল তাৎক্ষণিক ক্ষতিগ্ৰস্ত লোকক প্ৰাথমিক চিকিৎসা দিয়া তথা ৰোগীক চিকিৎসালয়লৈ সকলোৰে চিকিৎসা-সুৰক্ষা দি অনা বাহন। এই বাহন বায়ু, পানী অথবা স্থলমাৰ্গেৰে যোৱা যিকোনো বহন হ’ব পাৰে। ৰোগী কঢ়িওৱা এম্বুলেন্সখন আপাতকালীন পৰিস্থিতিত ব্যৱহাৰ কৰা নহয়। কাৰণ ই জীৱন ৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ ব্যৱস্থাৰে সুসজ্জিত নহয়। ৰোগীক এখন চিকিৎসালয়ৰ পৰা আন এখন চিকিৎসালয়লৈ তথা কোনোবা অন্য কাৰণৰ বাবে ৰোগীক এঠাইৰ পৰা আন ঠাইলৈ লৈ যাবৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়। দ্ৰুত প্ৰতিক্ৰিয়া দলৰ এম্বুলেন্স সাধাৰণতে ৰোগীক এঠাইৰ পৰা আন ঠাইলৈ লৈ যোৱাত ব্যৱহাৰ কৰা নহয়। কোনো ঠাইত শীঘ্ৰ আপাতকালীন চিকিৎসা ব্যৱস্থাৰ প্ৰয়োজন হ’লে এনেকুৱা সম্পুৰ্ণ চিকিৎসা সেৱাৰ ব্যৱস্থা থকা এম্বুলেন্স স্ংঘটিত স্থানলৈ গৈ চিকিৎসা প্ৰদান কৰা হয়। এইধৰণৰ এম্বুলেন্সক দ্ৰুত প্ৰতিক্ৰিয়া দলৰ এম্বুলেন্স বোলা হয়। বেৰিয়াট্ৰিক এম্বুলেন্স এক বিশেষ ধৰণেৰে সুসজ্জিত এম্বুলেন্স। যাৰ দ্বাৰা অতি শকত ৰোগীক এঠাইৰ পৰা আন ঠাইলৈ নিবলৈ ব্যৱহাৰ কৰা হয়। তদুপৰি চেৰিটী এম্বুলেন্স হ’ল আন এক বিশেষভাৱে নিৰ্মিত এম্বুলেন্স, যাৰ দ্বাৰা ৰুগীয়া শিশু, বয়োবৃদ্ধ ৰোগী ইত্যাদিক শুশ্ৰুষা তথা চিকিৎসালয় অথবা অন্য ঠাইলৈ চিকিৎসাৰ বাবে অনা-নিয়াৰ কমাত ব্যৱহাৰ কৰা হয়। ৰোগীৰ জীৱন ৰক্ষাৰ বা সেৱা-শুশ্ৰুষাৰ উদ্দেশ্যে ব্যৱহৃত এম্বুলেন্সে কিছুমান আইন-কানুন মানি চলিব লাগে। নিয়ম-কানুনবোৰৰ মাজেৰে সুচাৰুৰুপে ৰোগীক সেৱা আগবঢ়াবলৈ সৰ্বসাধৰণে অকপটে সহায় কৰাটোহে প্ৰকৃত মানৱতা।
সকলো প্ৰকাৰৰ এম্বুলেন্সে যান-বাহন অধিনিয়ম, ১৯৮৮ ৰ পৰিসীমাতে কাম কৰে যদিও পথৰ ট্ৰেফিক আৰু আন গাড়ীবোৰৰ দ্বাৰা এম্বুলেন্সক অধিক বেগেৰে আগবাঢ়ি যাবলৈ অগ্ৰাধিকাৰ দিয়া হয়। অতি জৰুৰীকালীন অৱস্থাত কেতিয়াবা একমুখী পথৰ বিপৰীত দিশেৰেও এম্বুলেন্স পাৰ হৈ যোৱা দেখা যায়। মানৱীয়তাৰ খাতিৰতহে মাথোঁ এনেকুৱা কৰা হয়। এনেকুৱা খৰতকীয়া পৰিস্থিতিত যদি এম্বুলেন্সৰ দ্বাৰা কোনো দুৰ্ঘটনাগ্ৰস্ত হয় অথবা এম্বুলেন্সৰ অৱহেলিত কৰ্মৰ ফলত বা দুৰ্ঘটনাৰ ফলত কঢ়িয়াই অনা ৰোগীৰ ক্ষতিসাধন হয়, তেন্তে গাড়ীচালকজন অইন গাড়ীৰ নিচিনা সমানে দোষী বুলি ধৰা হয়। এইদৰে ক্ষতিগ্ৰস্ত হোৱা লোকক ক্ষতিপূৰণ গাড়ী আইন অনুযায়ী দুৰ্ঘটনা হোৱাৰ ২৪ ঘণ্টাৰ ভিতৰত আৰক্ষী বিভাগক অৱগত কৰিব লাগে। তদুপৰি যদি গাড়ীচালকজন সুৰক্ষিত হৈ থাকে অথবা কোনো ৰাজহুৱা আক্ৰমণৰ আশ্ংকা দেখা নাযায়, তেন্তে চালকে দুৰ্ঘটনাগ্ৰস্ত লোকক প্ৰাথমিক চিকিৎসা দি চিকিৎসালয়লৈ নিয়াৰ তাৎক্ষণিক ব্যৱস্থা কৰিব লাগে। আপাতকালীন পৰিস্থিতিত আৰক্ষীৰ আগমনলৈ অপেক্ষা কৰিব নালাগে। তদুপৰি আপাতকালীন এম্বুলেন্সত ইমাৰজেন্সী মেডিকেল টেকনেচিয়ান থাকে। তেওঁলোকে প্ৰাথমিক চিকিৎসাত ব্যৱহৃত, এম্বুলেন্সখনত থকা সকলোবোৰ উপকৰণৰ ব্যৱহাৰ তেওঁ জনাটো আৰু ইয়াৰ বিষয়ে সঠিক জ্ঞান বৰ্দ্ধন কৰাটো কৰ্তব্য। বহুতো ই এম টিয়ে নিজৰ আত্মবিশ্বাসৰ অভাৱত অথবা আইনী মেৰেপেঁচৰ ভয়ত অতি প্ৰয়োজনীয় অৱস্থাতো ৰোগীক প্ৰাথমিক চিকিৎসা দিয়াৰ পৰা বিৰত থকা দেখা যায়। এনেবোৰ কাৰণতে কেৱল ৰোগীপক্ষই স্বাস্থ্য ৰক্ষাৰ আইনৰ বিষয়ে জনাটো প্ৰয়োজনীয় নহয়, স্বাস্থ্যসেৱাৰ লগত জড়িত প্ৰতিজন মানুহে স্বাস্থ্য সম্পৰ্কীয় আইনৰ বিষয়ে জনাটোও অতি প্ৰয়োজনীয়। স্বাস্থ্য আইনৰ ব্যৱহাৰিক জ্ঞান অবিহনে স্বাস্থ্য সুচাৰু আৰু দক্ষতাপূৰ্ণভাৱে প্ৰদান কৰাটো সম্ভৱপৰ নহয়।
দিল্লী চৰকাৰৰ দ্বাৰা তাত কৰ্মৰত এম্বুলেন্সক বিশেষভাৱে তিনিটা ভাগত ভগাইছে। তিনিওটা প্ৰকাৰৰে এম্বুলেন্সৰ কাৰ্য অনুযায়ী সুসজ্জিত কৰাৰ নিৰ্দিষ্ট নিয়ম স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে জাৰি কৰিছে। এই তিনিটা ভাগ হ’ল-উন্নত জীৱনৰক্ষক এম্বুলেন্স, মৌলিক জীৱনৰক্ষক এম্বুলেন্স আৰু ৰোগী সৰবৰাহী এম্বুলেন্স। আইনমতে বা জাৰি কৰা নিয়মবোৰ পৰিপূৰ্ণ কৰিলেহে এনেকুৱা এম্বুলেন্সৰ পঞ্জীকৰণ কৰি প্ৰমাণ দিয়া হয়।
স্ংকটপূৰ্ণ জীৱন ৰক্ষাৰ উদ্দেশ্যে এইধৰণৰ এম্বুলেন্স ব্যৱহাৰ কৰা হয়। জীৱন ৰক্ষাৰ উন্নতমানৰ প্ৰায় সকলোবোৰ উপকৰণ আৰু সুপ্ৰশিক্ষিত টেকনেচিয়ানেৰে সমৃদ্ধ এই এম্বুলেন্স। নীলা ৰঙৰ পটি এটা এই এম্বুলেন্সত দেখা যায় আৰু নীলাৰঙৰ এম্বুলেন্সৰ প্ৰতীক ‘Star of Life’ দুয়োফালে তথা পিছফালৰ দুয়োখন দৰ্জাতে থকাটো অনিবাৰ্য।
ৰোগীৰ জীৱন ৰক্ষাৰ বাবে এইধৰণৰ মৌলিক উপকৰনবোৰ এই ধৰণৰ এম্বুলেন্সত থাকে। এনেকুৱা এম্বুলেন্সক আন এম্বুলেন্সৰ পৰা পৃথক দেখাবৰ বাবে সেউজীয়া ৰঙৰ পটি এটা গাড়ীখনৰ চাৰিওফালে থকা দেখা যায়। তদুপৰি সেউজীয়া ৰঙৰ এম্বুলেন্সৰ প্ৰতীক ‘Star of Life’ দুয়োফালে তথা পিছফালৰ দুয়োখন দৰ্জাতে থকাটো অনিবাৰ্য।
এই প্ৰকাৰৰ এম্বুলেন্সে সাধাৰণতে ৰোগীক চিকিৎসকক দেখুৱাবলৈ, লেবৰেটৰীত টেষ্ট কৰাবলৈ বা আন চিকিৎসালয়লৈ নিয়াৰ বাবে ব্যৱহাৰ কৰা হয়। পথত আপাতকালীন প্ৰাথমিকতা পাবলৈ বাহনখনৰ ওপৰত ‘Star of Life’ প্ৰ্তিক চিহ্ন বা তেনে কোনো বিশেষ চিহ্ন নাথাকে। মাথোঁ Pataent Transaport Ambulance বুলি লিখা থকাটো অনিবাৰ্য।
এম্বুলেন্সৰ লগত জড়িত বহুতো নিয়ম-কানুন গ্ৰহণ কৰিলেও সকলো ঠাইৰ বাবে সুব্যৱস্থিত আপাতকালীন সেৱা উন্নতমানৰ কৰিব পৰা নাই। আনকি অসমত এনেকুৱা বিভিন্ন প্ৰকাৰৰ এম্বুলেন্স সহজলভ্য নহয় আৰু ৰাইজ এম্বুলেন্সৰ প্ৰকাৰ আৰু ব্যৱহাৰৰ প্ৰতি সচেতন নহয় বাবে পথত এম্বুলেন্সক আগবাঢ়ি যোৱাত অগ্ৰাধিকাৰ দিব নোখোজে। ইয়াৰ বাবে প্ৰস্তাৱিত ‘ৰাষ্ট্ৰীয় এম্বুলেন্স স্ংহিতা’ৰ উপযোগিতাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি সেৱাটোৰ মান স্বাভাৱিকতে উন্নত কৰাটো অতি প্ৰয়োজনীয়। তদুপৰি এম্বুলেন্সত উপলব্ধ উপকৰণ, যন্ত্ৰপাতি অথবা দৰৱপাতিবোৰৰ নিয়মীয়াভাৱে নিৰীক্ষণ কৰাৰ ব্যৱস্থা থাকিব লাগে। বিশেষ এম্বুলেন্সৰ ভিতৰত চি চি কেমেৰাৰ ব্যৱস্থা কৰিলে হয়তো এই বিষয়ৰ আইনী সাক্ষ্য হিচাপে সহায়ক হৈ যিকোনো সিদ্ধান্তৰ প্ৰক্ৰিয়া সুগম কৰিব। অসাৱধানী হৈ গাড়ী চলোৱা বা ইচ্ছানুসাৰে কোনো লোকক গাড়ীৰে খুন্দিয়ালে চালকৰ ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত দুই বছৰৰ পৰা দহ বছৰ পৰ্যন্ত কাৰাদণ্ড হ’ব পাৰে। এই অভিযোগ বা অপৰাধ সাবস্ত্যকৰণৰ বাবে ব্যৱহাৰ কৰা হয় বিশেষত: যান-বাহন অধিনিয়ম ১৯৮৮ ৰ ধাৰা ১১২,১১৩,১৩৪ আৰু ১৮৫। এম্বুলেন্সৰ ক্ষেত্ৰতো এইবোৰ আইনে কাৰ্য কৰে যদিও এইবোৰ বৰ্তমন বহুত পুৰণি হৈছে। সময়ৰ সলনিৰ লগতে সকলো ব্যৱস্থাৰ সলনি হোৱা আপাতকালীন সেৱাৰ নিয়মবোৰো স্থায়ীভাৱে নিৰ্দিষ্ট কৰাটো অতিকে প্ৰয়োজনীয় হৈ পৰিছে।
মুনিন হুজুৰী, লেখক স্বাস্থ্য পৰিদৰ্শক, ৰাষ্ট্ৰস্ংঘ মিছন, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন
শেহতীয়া উন্নীতকৰণ: : 3/19/2020
বিভিন্ন আইনী ব্যৱস্থা, ‘প্ৰণাম’ বিধেয়ক আৰু কিছু প্...
ভাৰাঘৰ: আইন মানি এৰাই চলক সংঘাত-সমস্যা
অসম পঞ্চায়ত আইন, ১৯৯৪ ৰ প্ৰস্তাৱনা আৰু জিলা পৰিকল্...
মহিলাৰ সুৰক্ষা আইনৰ দুৰ্ব্যৱহাৰ হৈছে নেকি সেই বিষয়...