মূল্যবৃদ্ধি আৰু আধুনিকীকৰণৰ প্রতিযোগিতাৰ এই সময়ত মনৰ ইচ্ছাবোৰ পূৰ কৰিবলৈ হয়তো প্ৰায়বোৰ মানুহৰে টকা-পইচাৰ নাটনি হয়। যিমানে অর্জন কৰে সিমানে খৰচৰ পৰিমাণ বেছি। যিমান বেছিকৈ ধন আৰ্জিলেও পূৰাব নোৱাৰা অৱস্থা হৈছে মানুহৰ ইচ্ছাৰ উৰণৰ বাবে। হয়তো এই ইচ্ছাবোৰে মানৱীয়তাৰ সম্পৰ্কতো বেয়া প্ৰভাৱ পেলাইছে। ধনেৰে সুখ কিনাৰ মানসেৰে বেছিকৈ দুখহে চপাই লৈছে। দৰাচলতে সকলোতকৈ সস্তীয়া বস্তুবোৰেহে মানুহক প্রকৃত সুখ দিব পাৰে। যেনে মৰম, ভালপোৱা আৰু সুন্দৰ সম্পৰ্ক। অধিক খৰচী তথা ভৌতিক বস্তুবোৰে মানুহক প্রকৃত সুখ কেতিয়াও দিব নোৱাৰে। বিলাসী ভৌতিক সুখ আৰু এখন অবাস্তৱিক জগৰ কৃত্রিম আনন্দই মানুহক এটাৰ পৰাই আনটোক পৃথক কৰিবলৈ ধৰিছে। তাৰেই এটা উদাহৰণ হ’ল মহিলা সুৰক্ষা আইনৰ দুৰ্ব্যৱহাৰ।
হাৰিয়ানা ৰাজ্যৰ ৰোহটক জিলাৰ দুজনী ছোৱালীয়ে বলপূৰ্বক ভাৱে ল’ৰাৰ ওপৰত শাৰীৰিক অত্যাচাৰ কৰাৰ পৰা এই অসমতে মিছাকৈ গিৰিয়েক আৰু গিৰিয়েকৰ ঘৰৰ মানুহক অপৰাধী সজাই জে’ললৈ পঠোৱাৰ উদাহৰণ তাকৰ নহয়। এইবোৰ একমাত্ৰ সম্ভৱ হয় কিছুমান আইনৰ দুৰ্ব্যৱহাৰৰ বাবে। ৰোহটকৰ ঘটনাটোত যেনিবা মিডিয়াৰ হস্তক্ষেপত সকলো সঁচা তথ্য পোহৰলৈ আহিল আৰু ভুক্তভোগীজনে আইনৰ বেষ্টনীৰ পৰা হাত সাৰিব পাৰিলে। তেনেকুৱা বহু ঘটনাই আইনৰ মেৰপেচৰ বাবে পোহৰলৈ নাহে। বহুতো ল’ৰা আৰু বয়সীয়া পুৰুষেও মহিলাই কৰা মানসিক অত্যাচাৰৰ বলি হৈ আত্মহত্যা কৰাৰ উদাহৰণো এইখন ৰাজ্যতে আছে। আন কিছুমানে আইনৰ প্রতিবন্ধকতাৰ বাবে অথবা মহিলাই কৰা ইয়াৰ দুৰ্ব্যৱহাৰৰ বাবে নিচাসক্ত হৈ জীৱন হেৰুৱায়। ইও এক প্ৰকাৰৰ অত্যাচাৰৰ ফলতেই হোৱা আত্মহত্যা। উদাহৰণস্বৰূপে টি.ভি. ধাৰাবাহিক চাবধান ইণ্ডিয়া বা ক্রাইম পেট্ৰলে চেষ্টা কৰে জনসাধাৰণক অপৰাধৰ পৰা বচাবলৈ। কিন্তু আনহাতে নতুন নতুন অপৰাধৰ কৌশলে শিকায়। এনেধৰণৰ ধাৰাবাহিকে মানুহক সাৱধান কৰে যদিও মহিলা বা পুৰুষৰ এটাৰ আনটোৰ প্ৰতি অনৰ্থক সন্দেহৰো সৃষ্টি কৰে।
দিল্লী চৰকাৰৰ পূৰ্ব আইন মন্ত্ৰী আৰু আম আদমি পাৰ্টিৰ বিধায়ক সোমনাথ ভাৰতীৰ ওপৰত তেখেতৰ পত্নীয়ে তথা গোচৰেও মহিলাৰ সুৰক্ষা আইনৰ দুৰ্ব্যৱহাৰ প্ৰমাণ কৰিছিল। আজিকালি নিউক্লিয়াৰ পৰিয়াল বা সৰু পৰিয়াল সুখী পৰিয়ালৰ ধাৰণাই মানুহৰ সংস্কাৰত আঘাত হানি সম্পর্কবোৰ বেয়া কৰিছে। উদাহৰণস্বৰূপে, বিয়া হোৱাৰ পাছত নিজৰ ঘৰ এৰি গিৰিয়েকৰ ঘৰত থাকিবলৈ ইচ্ছুক নহয়। সম্ভৱতঃ গিৰিয়েকক নিজৰ লগত ৰখাৰ চেষ্টা কৰে। অন্যথা বিয়া এটা কোৱালিফিকেচনহে বুলি কৈ কৰ্টলৈ বিবাহ বিচ্ছেদৰ বাবে অগ্ৰসৰ হয়। চাকৰিয়াল মহিলাসকলৰ বহুতো প্রতিবন্ধকতা থাকে বাবে কথাটো সুকীয়া হৈ পৰে। হয়তো ব্যস্ততা বা বাধ্যতাৰ বাবে মেনেজ কৰিবলগীয়া হয়। কিন্তু চাকৰি নকৰাসকলে , যিবোৰক মৰমৰ গইনা লৈ সংস্কাৰবিহীন হিচাপে পিতৃ-মাতৃয়ে ডাঙৰ-দীঘল কৰিলে, তেওঁলোকে সম্পৰ্কক মূল্য নিদি আইনৰ সুৰক্ষাৰ আঁৰত গিৰিয়েকক অত্যাচাৰ কৰে। জন্ম দিয়া পিতৃ-মাতৃৰ পৰা সন্তানক আঁতৰাই আনি সমাজ ব্যৱস্থাৰ বিপৰীতে ছোৱালীয়ে নিজৰ ঘৰত ঘৰজোঁৱাই হৈ নথকা বাবে মিছা কেছ ফাইল কৰি ডিভোর্চ দিয়াটোও এক অত্যাচাৰেই। ভাৰতীয় উচ্চ ন্যায়ালয়ে দিয়া আদেশমৰ্মে যদি কোনো মহিলাই বিবাহৰ আঁৰত পুৰুষক জন্ম দিয়া মাক-দেউতাকৰ পৰা আঁতৰাই আনে বা অনাৰ চেষ্টা কৰে, তেন্তে কোনো ধৰণৰ মেইন্টেনেন্স এলাউন্স নিদিয়াকৈ মহিলাগৰাকীক ডিভোর্চ দিব পাৰে। গতিকে মহিলাসকলে বিবাহৰ পাছত গিৰিয়েকক নিজৰ ঘৰত ৰখাৰ পৰা বিৰত থাকক। অন্যথা গিৰিয়েকে এই আইনৰ সুবিধা লৈ বিনা মেইন্টেনেন্সে ডিভোর্চ দিব পাৰে। অত্যাচাৰী গিৰিয়েকৰ পৰা মুক্তি পাবলৈ বা ন্যায় পাবলৈ প্রণয়ন কৰা আইনৰ অপব্যৱহাৰেৰে পুৰুষৰ ওপৰত অত্যাচাৰ কৰাৰ দৰে প্ৰকৃততে এই সুৰক্ষা আইনৰ দুৰ্ব্যৱহাৰবোৰ কিয় হৈছে অথবা সম্পর্কবোৰৰ মধুৰতা কিয় হেৰাই যাবলৈ ধৰিছে তাক বিশ্লেষণ কৰাটো অতি প্ৰয়োজন হৈ পৰিছে। সুবিধা যিমানে উপলব্ধ, সুৰুঙাও সিমানেই উলিয়াই লৈছে। সুখ সকলোৰে প্ৰিয়, তথাপি প্ৰকৃতিৰ বিপৰীতে বা প্রাকৃতিক ন্যায়ৰ বিপৰীতে কৰ্ম কৰি সুখ আহৰণ কৰাটো কেতিয়াও গ্রহণযোগ্য নহয়। সম্পৰ্ক হ’ল সম্পূৰ্ণৰূপে এটা মানসিক প্রক্রিয়া। গতিকে কাউন্সেলিং বা তেনেকুৱা প্ৰক্ৰিয়া আইন জনা আৰু বৃত্তিগতভাৱে সক্ষম মনোবিজ্ঞানী বা মনোবিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা কৰালে হয়তো সম্পর্ক শুধৰণিত সুফল পোৱা যাব । এটা সম্পৰ্ক ভাগি যোৱা মানে পৰিয়াল, সমাজ তথা সন্তানৰ বহুতো ক্ষতি হয়। কেৱল নিজৰ আৰাম বা সুখৰ বাবে এনেদৰে সম্পর্ক বাবে ভাঙিবলৈ ধৰিলে পাশ্চাত্য অপসংস্কৃতি বিৰাজমান হ’ব। পাশ্চাত্যৰ লোকসকলে ভাৰতীয় আৱেগিক সম্পর্কবোৰক অনুকৰণ কৰিবলৈ ধৰিছে আৰু আমি পাশ্চাত্য অপসংস্কৃতিবোৰক অতি উৎসাহেৰে আঁকোৱালি ল’বলৈ ধৰিছো।
মহিলা আইনৰ দুৰ্ব্যৱহাৰ কৰোৱাত বা সম্পর্কবোৰৰ মধুৰতা হানি কৰাত বহুতো চিনেমা বা টিভি ছিৰিয়েলো দায়ী। এই ধৰণৰ সমাজৰ ওপৰত পোনপটীয়াকৈ বা পৰোক্ষভাৱে প্ৰভাৱ পৰা প্রদর্শনীবোৰক লেকাম লগোৱাটো অতি প্রয়োজনীয়। বহুতে সৰু ভুল বুজাবুজিৰ বাবে নিজৰ সামাজিক মর্যাদাক বিসর্জন দি ফেমিলি ক’ৰ্টলৈ বছৰ বছৰ ধৰি অহা-যোৱা কৰি মূল্যৱান সময়বোৰ অতিবাহিত কৰে। চহৰ বা গাঁৱেই হওক আজিকালি মানসিকতাৰ পৰিৱৰ্তনৰ ফলত সম্পর্কবোৰৰ বিৰূপতা এক সামাজিক সমস্যালৈ পৰিণত হ’বলৈ ধৰিছে। আনকি সম্পৰ্কৰ বিৰূপতাকো বৰ্তমানৰ মানুহে উপভোগ কৰিবলৈ লৈছে। ‘ব্রেকআপ চং’ ‘গল্টি চে মিছটেক’ৰ নিচিনা গানেৰে সম্পৰ্ক বিৰূপ কৰাত আংশিকভাৱে হ’লেও অৰহিণা যোগাইছে। মনৰ দুৱাৰ চকু আৰু কাণ। চকুৰে দেখা আৰু কাণেৰে শুনা প্ৰতিটো কথাৰে মানসিকতাত অলপ হ’লেও প্ৰভাৱ পৰে। বহু মহিলাই বিবাহ বিচ্ছেদক নিজৰ মুকলিমূৰিয়া মনৰ আনন্দৰ আহিলা হিচাপে ব্যৱহাৰ কৰিবলৈ লৈছে। অৱশ্যে গিৰিয়েকে ঘৈণীয়েকক অত্যাচাৰ কৰাসকলৰ কথা সুকীয়া। মূলতঃ নাৰীয়ে অত্যাচাৰ সহাটো কোনোপধ্যেই বাঞ্ছনীয় নহয়। কিন্তু আইনৰ দুৰ্ব্যৱহাৰেৰে সম্পৰ্কৰ লগত খেলা কৰা বা মিছা অভিযোগেৰে আনৰ জীৱন ধ্বংস কৰাটোও উচিত নহয়। দুয়োপক্ষকে সমানে ন্যায় প্রদানৰ কাৰণে ব্যৱস্থা কৰাৰ লগতে সমাজ ব্যৱস্থাৰ প্রতিও সজাগ হোৱাটো খুবেই প্রয়োজনীয় হৈ পৰিছে। অন্যথা এই সহজলভ্য ‘ব্রেকআপ’ নামৰ শব্দটোৱে সমাজখনক পাশ্চাত্য কিছুমান ভুল। সভ্যতাৰ ফালে আকৰ্ষিত কৰি মানসিকতাৰ বিকৃতি ঘটাব। সুস্থ সমাজৰ বাবে সুস্থ মানসিকতাৰ প্রয়োজনীয়তালৈ লক্ষ্য ৰাখি মহিলাৰ সুৰক্ষাৰ আইনৰ দুৰ্বহাৰবোৰ প্ৰতিৰোধ কৰা উচিত।
লিখক: মুনীন হুজুৰী।
শেহতীয়া উন্নীতকৰণ: : 3/1/2024
ভাৰাঘৰ: আইন মানি এৰাই চলক সংঘাত-সমস্যা
অসম পঞ্চায়ত আইন, ১৯৯৪ ৰ প্ৰস্তাৱনা আৰু জিলা পৰিকল্...
বিভিন্ন আইনী ব্যৱস্থা, ‘প্ৰণাম’ বিধেয়ক আৰু কিছু প্...
আইনৰ পৰিসৰত মহিলাৰ অধিকাৰ আৰু সামাজিক মৰ্য্যাদা