অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিয়লি বেলাৰ স্বাস্থ্য

বিয়লি বেলাৰ স্বাস্থ্য

প্ৰকৃতিৰ নিয়মানুসৰি জীৱনৰ বিয়লি বেলাত মানুহ পৰনিৰ্ভৰশীল হ’বলৈ বাধ্য অথচ সাম্প্ৰতিক কালৰ বস্তুতান্ত্ৰিক ব্যৱস্থাৰ পৰিণতিত নিজ পুত্ৰ-কন্যায়ো পিতৃ-মাতৃক চোৱাচিতা কৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে। জৰাৱস্থাত মাক-পিতাকক উপযুক্তভাৱে পৰিচৰ্য্যা নকৰিলে উচিত শাস্তি প্ৰদান কৰাৰ বাবে ৰাষ্ট্ৰসংঘৰ নিৰ্দেশনাৰ আধাৰত আমাৰ দেশতো আইন প্ৰণয়ন কৰা হৈছে। তথাপি বয়সীয়াল লোকসকলে স্বাস্থ্য সচেতন হৈ শৰীৰ কাহিল নোহোৱাকৈ ৰাখিব পাৰিলে দুই কুল ৰক্ষা পৰে।

সুস্বাস্থ্য বৰ্তাই ৰাখিব নোৱাৰিলে সুখানুভূতি লাভ কৰাটো মুঠেই সম্ভৱ নহয়। বেমাৰ-আজাৰ আক্ৰমণ প্ৰতিৰোধ কৰি সুস্থ-সবল নহয় জীৱনৰ অধিকাৰী হ’ব পাৰিলে সুখে-সন্তোষে দিন অতিবাহিত কৰিব পাৰি। জীৱনৰ বিয়লি বেলাত সাধাৰণতে শৰীৰ সুস্থ হৈ নাথাকে কিয়নো দেহৰ ক্ষয়কাৰক কামবোৰে প্ৰাধান্য লাভ কৰে। এনে অৱস্থাত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও হ্ৰাস পোৱাত যি কোনো বেমাৰে আক্ৰান্ত কৰি দেহ কাহিল কৰে। কেতবোৰ সু-অভ্যাসৰ অধিকাৰী হ’ব পাৰিলে সু-স্বাস্থ্যৰ অধিকাৰী হৈ বৃদ্ধাৱস্থাতো চফল ডেকাৰ দৰে তজবজীয়া হৈ সুখ-সমৃদ্ধিৰে জীৱন-যাপন কৰিব পাৰি।

দেহৰ বাবে আৱশ্যকীয় শক্তি খাদ্যৰ জৰিয়তে আহৰণ কৰা হয়। আমাৰ খাদ্য তিনিধৰণৰ যেনে শক্তিদায়ক, দেহ গঠনকাৰী আৰু দেহ ৰক্ষক। দেহৰ প্ৰয়োজন অনুসৰি এই তিনিওবিধ খাদ্য মিহলালে সুষম খাদ্য পোৱা যায় যি খাদ্য উপযুক্ত পৰিমাণে নিয়মীয়াকৈ গ্ৰহণ কৰিলে দেহ সুস্থ-সবল হৈ থাকে। জৰাৱস্থাৰ লোকে সাৱধান হৈ সুষম খাদ্য ভক্ষণ কৰিলে দেহ নিৰোগী হৈ থাকে। উপযুক্ত পৰিমাণে এই খাদ্য খালে নিৰোগী দেহৰ অধিকাৰী হ’ব পাৰি অথচ ভূৰি ভোজনে বিপদ মাতি আনে। দেহত খাদ্য ৰাহই হ’লে অতিৰিক্ত খাদ্যই মেদ কলা গঠন কৰাত শৰীৰ শকত হৈ বেমাৰৰ বাহত পৰিণত হয়। মেদ কলা বাঢ়ি দেহৰ ভাৰ বঢ়ায় যাৰ পৰিণতিত  কলিজা তথা দেহৰ গাঁঠিবোৰত চাপ বাঢ়ে। এনে অৱস্থা চলি থাকিলে কলিজাৰ বিকাৰ, হৃদঘাত আদিত ভুগি উদ্যোগ প্ৰধান দেশত বহুতো লোকে অকালতে প্ৰাণ হেৰুৱায়। বৃদ্ধাৱস্থাত দেহৰ পৰিপাক প্ৰণালীৰ চোক কমে, সেই বাবে সহজে জীণ যোৱা খাদ্যহে গ্ৰহণ কৰা উচিত। শাক-পাচলি, ফল-মূলত খাদ্যপ্ৰাণ, খনিজ লোণ আদি উভৈনদী যিবোৰ অধিক পৰিমাণ খাব লাগে। প্ৰচুৰ পৰিমাণে পানী খালে শৰীৰৰ অলাগতিয়াল পদাৰ্থবোৰ সহজে বাহিৰ ওলায় আৰু পাথৰি ৰোগ প্ৰতিহত হয়।

জৰাৱস্থাত নিয়মিতভাৱে ব্যায়ামৰ অনুশীলন কৰিলে দেহৰ কেলৰি ব্যয় হয়, ফলত মেদ কলাৰ গঠনত বাধা আহে যাৰ পৰিণতি নিৰোগী জীৱন। অলসতাই মানুহৰ ৰক্ত সঞ্চালন লেহেম কৰি মাংসপেশী দুৰ্বল কৰে। প্ৰতিদিনে এঘন্টাকৈ ব্যায়াম কৰা সত্তৰ বছৰ বয়সীয়া লোক এজনে চল্লিশ বছৰীয়া লোকৰ দৰে সুস্থ-সবল হয়। খৰগতিত খোজকঢ়াটো উৎকৃষ্ট ব্যায়াম হেতুকে ভাটী বয়সৰ লোকে এই কাৰ্য নিয়মীয়াকৈ সম্পাদন কৰিলে সুফল পায়। সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ বয়সীয়াল লোকৰ বাবে মানসিক ব্যায়ামৰো আৱশ্যক কিয়নো মানসিক অৱস্থাৰ ওপৰত আয়ুস নিৰ্ভৰশীল। লগৰীয়া হেৰুৱাই অকলশৰীয়া হোৱা বয়সীয়াল লোকে পতি-পত্নি জীয়াই থকাসকলতকৈ কম বয়সতে মৃত্যুৰ গৰাহত পৰে। যাৰ মূল কাৰণ মানসিক চাপ তথা বিষাদগ্ৰস্ততা। মানসিক চাপে ৰক্তচাপ বৃদ্ধি কৰে, বিমৰ্ষতাই সকলো ক্ষেত্ৰতে অনাগ্ৰাহী কৰি তোলে। এই কথা প্ৰতিপন্ন হৈ যি কোনো বিষয়ৰ নতুন নতুন জ্ঞান আহৰণ কৰিবলৈ আগ্ৰহী লোকে দীৰ্ঘজীৱন লাভ কৰে। ইয়াৰ অন্যথাই মানসিক অৱস্থাৰ অৱনতি ঘটিলে কলিজাৰ বিকাৰত আক্ৰান্ত হৈ মানুহ মৃত্যুমুখত পৰাৰ আশংকা বাঢ়ে। অধ্যয়ন তথা সামাজিক যোগসূত্ৰ ৰক্ষা কৰিলে এনে অৱক্ষয়ৰ হাত সাৰিব পাৰি।

দীৰ্ঘজীৱন আশা কৰা লোকে ধূমপান তথা মাদক দ্ৰব্য সেৱন সমূলি পৰিহাৰ কৰি ধূমপায়ীৰ পৰা নিলগত থাকিব লাগে। মানুহে হোপা প্ৰতিডাল চুৰটে তেওঁৰ জীৱন কালৰ চাৰে পাঁচ মিনিট হ্ৰাস কৰে। বয়স বাঢ়ি অহাৰ লগে লগে মানুহৰ বেমাৰ প্ৰতিৰোধী ক্ষমতা টুটি আহে সেই বাবে যিকোনো ৰোগকে আওকান কৰি সুচিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত। চল্লিশোৰ্দ্ধৰ লোকসকলে প্ৰতি বছৰে অন্তত: এবাৰ স্বাস্থ্য পৰীক্ষা কৰোৱা উচিত, কিয়নো বাহ্যিক লক্ষণ প্ৰকাশ নকৰাকৈ কেতবোৰ ৰোগে দেহত খোপনি পোতে যিবোৰৰ উমান পৰীক্ষাত ওলাই পৰে। বয়স বাঢ়ি অহাৰ লগে লগে মানুহৰ দৃষ্টি তথা শ্ৰৱণ শক্তি টুটি আহে। চকু তথা কাণৰ পৰীক্ষাই বিকাৰ ধৰা পেলায় আৰু সু-চিকিৎসকৰ সুপৰামৰ্শই নিৰাময় সুগম কৰে, অথচ এলাহৰ বশৱৰ্তী হৈ ৰোগ বহুদিনীয়া হ’বলৈ দিলে তাৰ পৰা পৰিত্ৰাণ পোৱাটো দুৰূহ। শৌচ খোলোচা নহ’লে নানা অথন্তৰে গা কৰি উঠে। ইয়াক দূৰ কৰিবলৈ অধিক পৰিমাণে ফলমূল, শাক-পাচলি তথা আঁহযুক্ত খাদ্য ভক্ষণ কৰা উচিত। ত্ৰিফলা, অমিতা আদি নিয়মিতভাৱে গ্ৰহণ কৰিলে এই ক্ষেত্ৰত সুফল পোৱা যায়।

জীৱনৰ পৰিসৰ বৃদ্ধি কৰাত কৰ্ম ব্যস্ততাই অনন্য ভূমিকা পালন কৰে বাবে জৰাগ্ৰস্ত লোকসকলে হাত সাবটি বহি শুই কাল কটোৱাৰ পৰিৱৰ্তে শক্তি সামৰ্থ্য অনুযায়ী গঠনমূলক কামত প্ৰবৃত্ত হ’ব লাগে। নিজে ভালপোৱা তথা সমাজৰ সহায়ক হোৱা কামত নিয়োজিত হ’লে আয়ুস বৃদ্ধি কৰি কাৰো বোজা নোহোৱাকৈ স্বচ্ছন্দে জীৱন অতিবাহিত কৰিব পাৰে।

লিখক: আনন্দ দেৱ গোস্বামী, দৈনিক অসম।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate