পিঁয়াজৰ বিজ্ঞানসন্মত নাম হৈছে এলিয়াম চেপা(Allium cepa)। পিঁয়াজত যথেষ্ট পৰিমানে উপকাৰী তেল আৰু ছালফাইড যৌগ থাকে। পিঁয়াজত থকা প্ৰধান ৰাসায়নিক পদাৰ্থটো হৈছে ছালফাৰযুক্ত উদ্বায়ী তেল। এই তেলবিধৰ নাম হৈছে এলিল প্ৰ’পাইল ডাইছালফাইড(allyl propyl disulphide)। এইবিধ ৰাসায়নিক পদাৰ্থৰ বাবেই পিঁয়াজত একপ্ৰকাৰ কটু গন্ধ পোৱা যায়। পিঁয়াজ কাটিলে তাৰ কোষৰপৰা এলিনেছ(allinase) নামৰ এবিধ উৎসেচক নিঃসৰণ হয়। এই উৎসেচকবিধে পিঁয়াজত থকা এমাইন’ এছিড ছালফ’ক্সাইডক ভাঙি ছালফেনিক এছিডলৈ ৰূপান্তৰিত কৰে। এই ছালফেনিক এছিডৰপৰা আন এবিধ উদ্বায়ী গেছ তৈয়াৰ হয়। এই গেছবিধ বায়ু মাধ্যমেৰে আহি আমাৰ চকুত আঘাত কৰে। গেছবিধ ছালফাৰযুক্ত হোৱা হেতুকে আমাৰ চকু জ্বলায় আৰু পানী ওলায়।তদুপৰি সতেজ পিঁয়াজৰ কন্দত শতকৰা ৮৬।৬ অংশ পানী, ১১।৬ অংশ কাৰ্ব’হাইড্ৰেট, ১।২ অংশ ফছফৰাছ, অতি কম পৰিমানে খাদ্যপ্ৰাণ বি আৰু চি, লগতে খনিজ লৱণ আদি থাকে। আকৌ ১১।৬ অংশ কাৰ্ব’হাইড্ৰেটৰ ভিতৰতে ৬ৰপৰা ৯ অংশ থাকে গ্লুক’জ, ফ্ৰুক্ট’জ, ফ্ৰুকট’ন আদি চেনিৰ উপাদান থাকে। পিঁয়াজে তেজৰ চাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। মধুমেহ আৰু হাড ভ্ংগুৰশীল (অস্থিঅ’প’ৰ’ছিছ) হোৱা ৰোগ জন্মাত প্ৰতিৰোধ কৰে। পিঁয়াজত যি ছালফাৰযুক্ত ৰাসায়নিক পদাৰ্থ থাকে, সেই পদাৰ্থই কৰ্কটৰোগৰ কোষ বৃদ্ধিত বাধা জন্মায়। শৰীৰত তেজৰ পৰিমান কমি গলে পিঁয়াজে সেই তেজৰ অভাৱ পূৰ কৰিব পাৰে। কাৰণ, পিঁয়াজত খাদ্যপ্ৰাণ চি থাকে। এই খাদ্যপ্ৰাণ চিয়ে লৌহজাতীয় পদাৰ্থ তেজলৈ শোষণ কৰাত সহায় কৰে। পিঁয়াজৰ আন এটা গুণ হৈছে- এণ্টি অক্সিডেণ্ট হিচাপে কাম কৰা। এণ্টি অক্সিডেণ্ট হৈছে এনে এবিধ পদাৰ্থ যিয়ে শৰীৰক বিভিন্ন কলা-কোষৰ ক্ষয়-ক্ষতিৰপৰা ৰক্ষা কৰে।লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে। এনে কিছুমান ফ্ৰি ৰেডিকেল আছে যি আমাৰ শৰীৰক লাহে লাহে আক্ৰমণ কৰে আৰু হৃদযন্ত্ৰনা, মধুমেহ আদিৰ দৰে কেতবোৰ শাৰীৰিক সমস্যাৰ সৃষ্টি কৰে। সেইবাবে দৈনিক খাদ্য তালিকাত পিঁয়াজৰ দৰে এণ্টি-অক্সিডেণ্টজাতীয় খাদ্য সম্ভাৰক স্থান দিয়া উচিত যাতে এনে সমস্যাসমূহৰ সম্ভাৱনাক নিৰ্মূল কৰিব পাৰে। নহৰুৰ বিজ্ঞানসন্মত নাম হৈছে এলিয়াম চেটাইভাম(Allium sativum)। নহৰুত এলিচিন নামৰ এবিধ ৰাসায়নিক পদাৰ্থ থাকে। এই পদাৰ্থবিধৰ বাবেই ইয়াৰ গন্ধ অতি উগ্ৰ আৰু কটু। এই পদাৰ্থবিধৰ বাবেই সাধাৰণ ভাইৰাছ আৰু বেক্টেৰিয়াৰ দৰে ৰোগৰ বীজাণুক কিছু পৰিমাণে প্ৰতিহত কৰিব পাৰি। নহৰুত থকা তেলজাতীয় পদাৰ্থবিধত থকা দুবিধ সক্ৰিয় উপাদান হৈছে প্ৰপাইল ডাইছালফাইড আৰু ডায়ালাইল ডাইছালফাইড। এই উপাদান দুবিধে শৰীৰত হোৱা অতিৰিক্ত স্নেহ পদাৰ্থ বৃদ্ধিত বাধা প্ৰদান কৰে। ফলত হৃদৰোগৰ সম্ভাৱনা বহুগুণে কমি যায়। আমাৰ শৰীৰত লিপিড আৰু কলেষ্টেৰল প্ৰস্তুতৰ বাবে কিছুমান উৎসেচকৰ উপস্থিতিত জাৰণ ক্ৰিয়া ঘটে। নহৰু আৰু পিঁয়াজৰ তেলত যি এলিচিনজাতীয় যৌগ থাকে, সেই যৌগসমূহে এনে জাৰণ ক্ৰিয়াত বাধা জন্মায়।তদুপৰি নহৰু আৰু পিয়াজে আমাৰ তেজত হাইডেনচিটি লাইপ’প্ৰ’টিন(HDL)ৰ পৰিমান বৃদ্ধি কৰে ।ফলত ধমনীৰ কলাৰপৰা কলেষ্টেৰল কমি যায়।আধুনিক পুষ্টিবিজ্ঞানত নহৰু আৰু পিঁয়াজক এণ্টি-অক্সিডেণ্ট হিচাপে বিভূষিত কৰা হৈছে ।ইয়াত থকা গন্ধকজাতীয় উদ্বায়ী তেলৰ বাহিৰেও ক্লেভ’নল আৰু ক্লেভ’ন নামৰ আন দুবিধ যৌগ থাকে যিয়ে কৰ্কটৰোগ প্ৰতিৰোধ কৰে।ইয়াৰ মাজত এনে কেতবোৰ যৌগ থাকে যিয়ে কৰ্কট সৃষ্টিকাৰী পদাৰ্থসমূহক সক্ৰিয় হ’বলৈ নিদিয়ে ।উদাহৰণ স্বৰূপে, ‘পি৪৫০’ নামৰ যৌগবিধে উৎসেচকৰ কাম কৰি ‘মেজিন’লাইন’ নামৰ এবিধ যৌগ প্ৰস্তুত কৰে যাৰ বাবে কৰ্কট হোৱাৰ প্ৰৱণতা হ্ৰাস পায় ।নহৰুৱে মানুহৰ শৰীৰত ইণ্টাৰ্লুকেন-২, টিউমাৰ নেক্স’ছিছ ফেক্টৰ আৰু গামা ইণ্টাৰ্ ফেৰণ প্ৰস্তুত কৰাত সহায় কৰে। এই ৰাসায়নিক পদাৰ্থস্মূহে নানান জীৱাণুৰ সংক্ৰমণ প্ৰতিৰোধত সহায় কৰে।
লিখক: ডা: ৰফিক আলী।
শেহতীয়া উন্নীতকৰণ: : 3/4/2020
“ৰং” বিজ্ঞান-২
অকণিৰ বিজ্ঞানৰ খেল
“ৰং” বিজ্ঞান-৩
‘জৈৱ তথ্য প্ৰযুক্তি’ – বিজ্ঞানৰ এক নতুন দিগন্ত