অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নেমু

নেমু

গৰমৰ দিনত বাহিৰৰ পৰা ঘূৰি-পাকি আহি নেমুৰ চৰবত এগিলাচৰ প্ৰয়োজন সকলোৱে অনুভৱ কৰে। ঘৰৰ কাৰোবাৰ বমি হ’লে নেমুৰ পাত হাতেৰে মোহাৰি শুঙিবলৈ দিয়া পৰম্পৰা গাঁৱলীয়া সমাজত এতিয়াও প্ৰচলিত। খোৱা থালৰ কাষত দিয়া নেমুৰ অকণমানি টুকুৰা এটাই জিভাৰ জুতি অপূৰ্ব কৰি তোলে। প্ৰাচীন কালৰ পৰাই ভাৰতত বিভিন্ন চিকিৎসাত নেমুৰ ৰসৰ ব্যৱহাৰ হৈ আহিছে। ঘৰত কাৰোবাৰ পেটৰ অসুখ হ’লে কাচৰ বৈয়ামত নিমখত দিয়া অকণমান নেমু খালে যথেষ্ট সকাহ পোৱা যায়। নেমু এতিয়া আৰু বতৰৰ ফল হৈ থকা নাই। উদ্যানবিদসকলে সকলো বতৰতে ফল দিব পৰা নেমুৰ সঁচ উলিয়াইছে। নেমুৰ বিভিন্ন জাত আছে। অসমীয়া সমাজত গোল নেমুক উচ্চ আসন দিয়া হয় যদিও কাজি নেমুৰ স্থান সুকীয়া।

নেমু সাধাৰণতে দুই ধৰণে ব্যৱহাৰ কৰা হয়। কেঁচা নেমু আৰু শুকান নেমু। শুকান নেমুৰ বাকলিখিনি বাদ দি সকলো ব্যৱহাৰ হয়। শুকান নেমু সুগন্ধি আৰু ৰুচিকাৰক। ই ভোক বঢ়ায় আৰু খাদ্য হজম হোৱাত সহায় কৰে। আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত নেমুক অজীৰ্ণ, পেটৰ বিষ, কোষ্ঠকাঠিন্য, অৰুচি, বমি, ভোক নলগা, বাত বেমাৰ আদিত ব্যৱহাৰ কৰা হয়। জ্বৰ বা পানী লগাত নেমু খোৱাটো উত্তম। নেমুৰ ৰসত থকা ভিটামিন চি-য়ে দেহৰ প্ৰতিৰক্ষা শক্তি বঢ়ায়। নেমুৰ ৰসত মৌ মিহলাই খালে শুকান কাহ আৰু পানীলগা ভাল হয়। টনচিলাইটিছত এগিলাচ গৰম পানীত এটা নেমুৰ ৰস, চাৰি চামুচমান মৌ আৰু সামান্য নিমখ মিহলাই ধীৰে ধীৰে পি খালে ভালেখিনি উপশম পোৱা যায়। নেমুৰ ৰস ব্যৱহাৰ কৰি মাত্ৰাধিক ওজন কমাব পাৰি। এগিলাচ পানীত নেমুৰ ৰস আৰু মৌ মিহলাই প্ৰতিদিনে পুৱা খালে দেহৰ অতিমাত্ৰা চৰ্বি হ্ৰাস হয়। অৱশ্যে ইয়াৰ লগতে দৈনিক কিছু সময় ব্যায়াম আৰু খাদ্য নিয়ন্ত্ৰণ কৰা প্ৰয়োজন। নেমু টেঙাত প্ৰচুৰ পৰিমাণে চাইট্ৰিক এচিড, কাৰ্বহাইড্ৰেট, ভিটামিন-চি, কেলচিয়াম আৰু ফছফৰাছ থাকে।

বহুত মানুহৰে বাছ বা তেনে যান-বাহনত ভ্ৰমণ কৰিলে বমি বমি ভাব হয়। বমি নহ’বলৈ এটা নেমু চেপি লৈ অকণমান নিমখৰ লগত খাব লাগে। নেমুৰ বাকলি বা নেমুৰ পাত শুঙিলেও ওকালি অহা বন্ধ হয়। কোষ্ঠকাঠিন্যত ভুগি থকাসকলে এগিলাচ গৰম পানীত নেমুৰ ৰস মিহলাই পুৱা খাওক। এই সমস্যাৰ পৰা নিষ্কৃতি পাব। বিশ্ব স্বাস্থ্য সংস্থাৰ স্বাস্থ্য পত্ৰিকাৰ মতে নেমুৱে হজম শক্তি বঢ়ায়। বমি হ’লে নেমু ব্যৱহাৰ কৰিব পাৰি। গৰ্ভাৱস্থাৰ প্ৰাৰম্ভণিতে বমি হ’লে নেমু ব্যৱহাৰ কৰিব পাৰি। নেমুৰ ৰস ঔষধ হিচাপেও ব্যৱহাৰ কৰা হয়। এনেদৰে ব্যৱহাৰ কৰোঁতে নেমুৰ টেঙা গুণটো কমাবলৈ কিছু পৰিমাণে নিমখ বা চেনি মিহলাই ল’ব লাগে। নেমুৰ সুস্বাদু চৰবত তৈয়াৰ কৰোঁতে কিছু পৰিমাণে নিমখ আৰু চেনি মিহলাই ল’ব পাৰি। এনেদৰে তৈয়াৰ কৰা মিশ্ৰণ যথেষ্ট সময় টান ৰ’দত ৰাখি বা উতলাই বায়ু সোমাব নোৱাৰাকৈ বটলত সাঁফৰ মাৰি ছমাহ পৰ্যন্ত ৰাখিব পাৰি।

জিএনআৰচি স্বাস্থ্য।

শেহতীয়া উন্নীতকৰণ: : 4/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate