অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আপুনি জানেনে বাৰু?

আপুনি জানেনে বাৰু?

1. কলৰ বাকলিৰে ৰূপৰ বস্তু চাফা কৰিলে সুন্দৰ ফল পোৱা যায়। বিশেষকৈ ৰূপৰ গহণা চাফা কৰোতে ইয়াক ব্যৱহাৰ কৰক। ৩ খন মান কেঁচা কলৰ বাকলি আৰু ১/৪ কাপ পানী একেলগে মিহলাই মিক্সিত পিহি পেষ্ট এটা বনাই লওঁক। এইখিনি পেষ্ট এতিয়া ৰূপৰ বস্ত্ত বা গহণাত এখন কাপোৰেৰে ভালকৈ ঘঁহি-ঘঁহি সানক। কিছু সময়ৰ পিচত বস্ত্তখিনি এটা পাত্ৰত পানীলৈ তাত ডুবুৱাই ভালকৈ ধুই ৰদত শুকাবলৈ দিয়ক। আপোনাৰ গহণা চকচকাই উঠিব।

2. আপুনি জানেনে বাৰু আপেলৰ বাকলিৰ অম্লই এলুমিনিয়ামৰ বাচন-বৰ্ত্তন-পাত্ৰ বিলাকক বৰ সুন্দৰকৈ চাফা কৰিব পাৰে। ই আপোনাৰ বাচন বা পাত্ৰৰ পৰা ‘জিদ্দী দাগ’ সমূহকো সোনকালে আতঁৰাই পঠাব পাৰে। পানী আৰু আপেলৰ বাকলি একেলগে মিহলাই ১৫ মিনিট সময় বইল কৰক। এতিয়া তাৰে আপোনাৰ পাত্ৰ সমূহক ভালকৈ ঘঁহক। খূওব সুন্দৰ ফল পাব।

3. আপুনি জানেনে গুলাপ ফুল আৰু বিলাহী গছে কলৰ সাৰ বৰ ভাল পায় বুলি? আপুনি কলৰ বাকলি বিলাক পেলাই নিদি গোৱৰ, পচন বা আন সাৰৰ সৈতে মিহলাই থওঁক। যেতিয়া আপুনি গোলাপ ফুল বা বিলাহীৰ খেতি দৰাত এই সাৰ প্ৰয়োগ কৰিব তেতিয়া আপুনি ইয়াৰ পৰা এটা আচৰিত ভাল ফল লাভ কৰিব। গোলাপ ফুলৰ আকাৰ, ৰঙ সকলো বৃদ্ধি পাব।

4. কমলাৰ বাকলিৰ আছে এক মনোমোহা তীক্ষ্ন সুগন্ধ। সেয়ে আপুনি ইয়াক ঘৰৰ কিছুমান ঠাইত দূৰ্গন্ধ দূৰ কৰিবলৈ তথা পোক পৰুৱা নাহিবলৈ ব্যৱহাৰ কৰিব পাৰে। কমলাৰ চিজনত যিমান কমলা খায় তাৰ বাকলিবোৰ পেলাই নিদিব। ৰদত ভালকৈ এইবোৰ শুকুৱাই মিক্সিত পিহি পাউদাৰ বনাই থওঁক। এতিয়া অলপ জেলেঙা কাপোৰেৰে কিছুমান নিচেই সৰু সৰু বেগ (sachet) বনাই তাত এই পাউদাৰবোৰ সোমোৱাই লওঁক। এই বেগবোৰ আলমাৰি, দ্ৰয়াৰ, বুকচেলফ, বিচনাৰ তোচকৰ তল ইত্যাদিত থৈ দিয়ক। এইবেগ বোৰে আপোনাৰ সেইবোৰ ঠাইৰ পৰা ভেঁকুৰা গোন্ধ নাইকিয়া কৰাৰ লগতে পোক-পৰুৱাকো আতঁৰাই ৰাখিব। আপুনি ৰঙা চাহ, মাংসৰ কোৰ্মা ইত্যাদি বনাওঁতে যদি এনে কমলাৰ বাকলিৰ পাউদাৰ মিলাই দিয়ে তেতিয়া সেইবোৰৰ সোৱাদ দুগুনে চৰিব।

ইমৰান হুছেইন

শেহতীয়া উন্নীতকৰণ: : 3/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate