অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ফল

ফল

ফল প্ৰকৃতিয়ে মানুহকে ধৰি প্ৰাণীজগতক দিয়া এক অন্যতম আশিৰ্বাদ- ফল। মানুহ আৰু প্ৰাণীজগতৰ অইন বহু সদস্যৰ জীৱন ধাৰণ তথা পৰিপুষ্টিৰ এক মূল আকৰ প্ৰকৃতিপ্ৰদত এই ফল। সাধাৰণ ভষাত ফল বুলিলে সপুস্পক উদ্ভিদ বিশেষৰ বীজৰ স’তে স্ংলগ্ন আৰু আহাৰ ৰুপে কেঁচা অৱস্থাত গ্ৰহণীয় মঙহাল অংশযুক্ত গোট এটাকে বুজা হয়। ফল মানুহে কেঁচা অৱস্থাতে খাদ্য হিচাপে গ্ৰহণ কৰাৰ বিপৰীতে পাচলিসমূহ বিশেষ ৰন্ধন প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা হয়। বিলাহী, স্কোৱাছ, অমিতা আদি ফলক পাচলি হিচাপেও ব্যৱহাৰ কৰা হয়। উদ্ভিদ-বিজ্ঞানৰ দৃষ্টিকোনৰ ফালৰ পৰা চাবলৈ গ’লে ফল হ’ল সপুস্পক উদ্ভিদৰ ফল বা ডিম্বাশয়ৰ প্ৰা উদ্ভুত এক বিশেষ কলা, যাৰ স’তে আনুষাংগিক অতিৰিক্ত কলাও থাকিব পাৰে। সপুস্পক উদ্ভিদৰ ফল ধাৰনৰ মুখ্য উদ্দেশ্য হ’ল প্ৰজনন আৰু বংশ বৃদ্ধি। জীৱজগতৰ ক্ৰমবিকাশৰ লগে লগে প্ৰাণী আৰু উদ্ভিদৰ ফলৰ মাজত পাৰস্পৰিক সহ:নিৰ্ভৰশীল এক সম্পৰ্কই বিকাশ লাভ কৰিছে। ফলৰ মঙহাল অংশ মানুহ আদি প্ৰাণীয়ে আহাৰ হিচাপে গ্ৰহণ কৰাৰ সমান্তৰালভাৱে এই প্ৰাণীবোৰৰ জৰিয়তে গছৰ বীজ দূৰ-দূৰণিলৈ বিস্তাৰ লাভ কৰি উদ্ভিদৰ বংশ বৃদ্ধি হয়।

উদ্ভিদ-বিজ্ঞানীসকলে ফলৰ জগতখনক তিনিটা প্ৰধান ভাগত ভাগ কৰিছে-

(১) সৰল ফল,

(২) যৌগিক ফল আৰু

(৩) স্ংযুক্ত ফল। নাৰিকল, বীট, বগৰী, বিলাহী আদি সৰল শ্ৰেণীৰ; আপেল, বেৰঈ, গাজৰ আদি যৌগিক শ্ৰেণীৰ আৰু আনাৰস, কঠাল, নুনি, কমলা আদি স্ংযুক্ত শ্ৰেণীৰ ফল।

আম, আপেল, তৰমুজ আদি মঙহাল ফল ব্যাপক হাৰত মানুহৰ খাদ্য হিচাপে ব্যৱহাৰ হোৱাৰ উপৰি বিভিন্ন ফ্‌লৰ পৰা কুকি, কেক, আইচক্ৰীম আদি প্ৰস্তুত কৰি মানুহে, আহৰ হিচাপে গ্ৰহণ কৰে। আপেল, কমলা, আনাৰস, আঙুৰ আদি ফলৰ ৰস উলিয়াই তাৰ পৰা বিভিন্ন পানীয় প্ৰস্তুত কৰি মানুহে পান কৰে।

ফল এবিধ অতিকে পুষ্টিকৰ খাদ্য। ফলত উচ্চ মাত্ৰাত আঁহ, পানী, একাধিক খাদ্যপ্ৰাণ, খনিজ পদাৰ্থ, ফইটোকেমিকেল আৰু শৰ্কৰা থাকে। ফলভেদে এই উপাদানসমূহৰ পৰিমাণ কম বা বেছি হয়। ফলত থকা আঁহে মানুহৰ পৰিপাক তন্ত্ৰ সক্ৰিয় কৰি ৰাখে আৰু কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা সকাহ দিয়ে। ফলত থকা পানীভাগ্বিশুদ্ধ আৰু সেয়েহে নিৰাপদ। ইয়ে শৰীৰৰ পানীৰ প্ৰয়োজনৰ এটা অংশ পূৰণ কৰি জলাল্পতাৰ পৰা আমাক সুৰক্ষা দিয়ে। অমাৰ শৰীৰৰ বিভিন্ন জৈৱ-ৰাসায়নিক বিক্ৰিয়া ত্ৰথা শৰীৰ গঠনকাৰী কোষসমূহৰ বিভিন্ন কাৰুকাৰ্য সু-পৰিচালনাৰ বাবে প্ৰয়োজনীয় ভিটামিন-এ, ভিটামিন-বি কমপ্লেক্স, ভিটামিন-চি আদি প্ৰ্চুৰ পৰিমাণে বিভিন্ন সতেজ ফলত পোৱা যায়। আমাৰ শৰীৰে ভিন্ন কাৰ্য পৰিচালনাৰ বাবে প্ৰয়োজনীয় শক্তি আহৰণ কৰে শৰ্কৰাৰ পৰা। এই শৰ্কৰাৰ এক অন্যতম প্ৰধান উতস হ’ল ফল। কেলচিয়াম, পটাছিয়াম আদি শৰীৰৰ বাবে দৰকাৰী খনিজ পদাৰ্থৰ এক মূল আকৰ আমি খোৱা ফলসমূহ। হাড়ৰ ক্ষয়ীভৱন ৰোধ বা ব্ৰিক্ক, মুত্ৰতন্ত্ৰৰ পাথৰ প্ৰতিৰোধৰ বাবে ই অপৰিহাৰ্য। ইয়াৰ বাদেও ফাইটোকেমিকেল নামৰ ৰাসায়নিক পদাৰ্থ ফলত পোৱা যায়, যিবোৰ শৰীৰৰ স্বাভাৱিক ৰোগ প্ৰতিৰোধ ক্ষমতাৰ সক্ৰীয়কৰণ তথা শৰীৰ গঠনকাৰী কোষৰ দীৰ্ঘ স্বাস্থ্যৰ বাবে অপৰিহাৰ্য। ফলত থকা এনেবোৰ উপকাৰী উপাদানৰ বাবে নিয়মীয়াকৈ উচিত মাত্ৰাত ফল আহাৰ হিচাপে গ্ৰহণ কৰিলে হ্ৰিদৰোগ, ৰক্ত-সঞ্চাৰণতন্ত্ৰৰ ৰোগ, আলঝেইমাৰ ৰোগৰ দৰে স্নায়বিক ৰোগ, চকুত ছানি পৰা আদিৰ লগতে বিভিন্ন্ প্ৰকাৰৰ কৰ্কট ৰোগৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস হয়। বয়সজনিত শৰীৰৰ ব্যৱহাৰিক সমস্যা কিছুমানৰ পৰাও নিয়মিত সতেজ ফল গ্ৰহণৰ দ্বাৰা যথেষ্ট পৰিমাণে সকাহ পোৱা সম্ভৱ।

ফলক আহাৰ হিচাপে গ্ৰহণ কৰাৰ সময়ত কিছুমান সাধাৰণ সাৱশানতা গ্ৰহণ নকৰিলে খাদ্য স্ংক্ৰমণ আৰু আনিষংগিক ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। খোৱাৰ বাবে সতেজ ফলহে নিৰ্বাচন কৰিব লাগে।যিকোনো ফল খোৱাৰ আগতে ভালদৰে পৰিস্কাৰ কৰি ল’ব লাগে। খাবলৈ সজু কৰা ফল বাকলি গুচোৱাৰ বা কটাৰ পিছত দুঘণ্টাতকৈ অধিক সময় ৰাখিব নালাগে। ফল জমা কৰিবৰ সময়ত তাৰ সতেজতা ৰক্ষা কৰিবৰ বাবে সম্ভাব্য ক্ষেত্ৰত নিম্ন তাপমাত্ৰাৰ পৰিৱেশত(ফ্ৰীজ বাবৰফ আদি) ৰাখিব লাগে। মাংস, মাছ, কণী আদি খাদ্য-সামগ্ৰীৰ স’তে কেতিয়াও কোনো ফলেই একেলগে জমা কৰি ৰাখিব নালাগে।

প্ৰকৃতিয়ে আশীৰ্বাদ হিচাপে দিয়া ফল মানুহৰ কিছুমান অবিবেচক কাৰ্যকলাপৰ বাবে আজি অভিশাপস্বৰুপ হ’বলৈ লৈছে। কেৱল ব্যৱসায়িক লাভালাভৰ কথা সৰোগতকৰি অনিষ্টকাৰী ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰেৰে কিছুস্ংখ্যক ব্যৱসায়ীয়ে কৃত্ৰিমভাৱে ফল পকাই বা সতেজ যেন কৰি বজাৰত মেলি দিয়ে। সমীক্ষা মতে ভাৰত আদি উন্নয়নশীল বা অনুন্নত দেশসমূহত এনে অপকৰ্মৰ হাৰ বেছি। খাদ্যবস্তুৰ মান নিয়ন্ত্ৰণৰ কোনো ফলপ্ৰসু আইনৰ অনুপস্থিতি বা প্ৰচলিত আইনৰ সুৰুঙা অথবা সমাজ আৰু শাসনতন্ত্ৰৰ সৰ্বস্তৰৰ দুৰ্নীতিগ্ৰস্ততাৰ বাবে এনেধৰণৰ অপকৰ্মই ভাৰতৰ নিচিনা দেশত নিৰ্বিঘ্নে ব্যাপক মাত্ৰাত চলি থাকি জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। আপেল আদি ফল সতেজ যেন কৰি ৰাখিবলৈ কিছুস্ংখ্যক অসাধু ব্যৱসায়ীয়ে লেড আৰ্ছেনেট নামৰ ৰাসয়নিক পদাৰ্থ এবিধ ব্যৱহাৰ কৰে। ইয়াত থকা আৰ্ছেনিক এবিধ মানুহৰ বাবে অতিকে ক্ষতিকাৰক আৰু বিষাক্ত ধাতু-যিয়ে মূৰ-ঘুৰণি, কঁপনি, মাংসপেশীৰ স্ংকোচন, একাংগী, আনকি মানুহৰ মৃত্যু পৰ্যন্ত ঘটাব পাৰে। ইয়াত থকা অন্য এবিধ বিষাক্ত ধাতু সীহে ৰক্তহীনতা, একাংগী আৰু মগজুৰ ক্ষতিসাধন কৰাৰ উপৰি গৰ্ভৱতী মহিলাৰ গৰ্ভপাত ঘটাব পাৰে। ফলৰ ৰস স্ংৰক্ষণ কৰা পাত্ৰৰ স্থায়িত্বৰ বাবে কেডমিয়াম ধাতুৰ প্ৰলেপ দিয়া হয়। এই কেডমিয়াম ফলৰ ৰসৰ স’তে মিহলি হ’লে তেনে ফলৰ ৰস পান কৰাৰ ফলত মুখেৰে অত্যধিক ললাটি ওলোৱা, পেটৰ বিষ, যকৃত বা বৃক্কৰ ক্ষতি, আনকি পুৰুষৰ প্ৰষ্টেট গ্ৰন্থিৰ কৰ্কট ৰোগ পৰ্যন্ত হ’ব পাৰে। কল, আম আদি ফল ইথিলিন নামৰ এবিধ উদ্ভিদজ হৰম’নৰ প্ৰভাৱত পকে। ব্যৱসায়িক স্বাৰ্থত কৃত্ৰিমভাৱে এনেবোৰ ফল পকাবলৈ অসাধু লোকসকলে কেলচিয়াম কাৰ্বাইড নামৰ ৰাসায়নিক এবিধ ব্যৱহাৰ কৰে, য’ত মানুহৰ স্বাস্থ্যৰ বাবে অত্যন্ত হানিকাৰক আৰ্ছেনিক আৰু ফছফৰাছ নামৰ ধাতু থাকে। এই কাৰ্বাইড ৰাসায়নিকবিধ পানীত দ্ৰৱীভুত কৰিলে এচিটিলিন নামৰ গেছ এবিধৰ উৎপত্তি ঘটে। এই এচিটিলিন গেছবিধ ফল পকোৱা স্বাভাৱিক উদ্ভিদজ হৰম’ন ইথিলিনৰ স’তে মিল থকা ৰাসায়নিক। ইথিলিনৰ স’তে থকা এই ৰাসায়নিক মিলৰ গুণতে এচিটিলিন গেছৰ প্ৰভাৱত কল, আম আদি ফলৰ ৰ্ং ব্যাহিকভ্বাৱে ফলটো পকাৰ নিচিনাকৈ সলনি হয়। এই প্ৰক্ৰিয়াত আৰ্ছেনিক আৰু ফছফৰাছ ফলটোৰ ভিতৰত প্ৰৱেশ কৰে। আৰ্ছেনিকৰ কু-প্ৰভাৱৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছে। ফছফৰাছৰ আধিক্যই বৃক্কৰ অনিষ্ট সাধন কৰাৰ উপৰি হাড় ঠুনুকা কৰে। ভাৰতৰ খাদ্য ভেজালকৰণ প্ৰতিৰোধ নিয়মাৱলী(১৯৯৫)ৰ নিয়ম ৪৪ক অনুসৰি ফল পকাবলৈ কেলচিয়াম কাৰ্বাইডৰ ব্যৱহাৰ বাৰণ কৰা হৈছে। অনিষ্ট কাৰী কৃত্ৰিম কৃত্ৰিম ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ্ কৰি ফল পকোৱা বা সতেজ যেন কৰি ৰখাৰ দৰে অসাধু আৰু জনস্বাস্থ্যৰ ভাবুকিস্বৰুপ কাৰ্য প্ৰতিৰোধ কৰাৰ বাবে চৰকাৰী পৰ্যায়ত কঠোৰ আইন প্ৰণয়নৰ লগতে সৰ্বসাধাৰণ ৰাইজ এই দিশত সজাগ হ’ব লাগিব।শুদ্ধ তথ্যৰে শিক্ষিত হ’লেহে জনসাধাৰণৰ পৰা এনে সজাগতা আশা কৰিব পৰা যাব।

ৰমেন কুমাৰ কাকতি, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

শেহতীয়া উন্নীতকৰণ: : 3/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate