অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মাহ-প্ৰসাদৰ পুষ্টিগুণ

মাহ-প্ৰসাদৰ পুষ্টিগুণ

পৱিত্ৰ ভাদ মাহত মহাপুৰুষ শ্ৰীমন্ত শ্ংকৰদেৱৰ তিৰোভাৱ ঘটিছিল। বৈষ্ণৱধৰ্মী লোকসকলে মহাপুৰুষজনা বৈকুণ্ঠগামী হোৱা মাহটোত প্ৰতিদিনে নাম-কীৰ্ত্তন কৰে। ১৪ শ শতিকাত গুৰুজনাই মানুহৰ মাজত ভক্তিৰ ভাৱ জগাই ঈশ্বৰৰ প্ৰতি বিশ্বাস স্থাপন কৰিবৰ বাবে আড়ম্বৰবিহীনভাৱে নাম গোৱাৰ প্ৰথা আৰম্ভ কৰিছিল। সেই সময়ত প্ৰচলিত পূজা পাৰ্বণৰ জটিলতাৰ পৰা আঁতৰাই সহজভাৱে ঈশ্বৰক চিন্তা কৰাৰ এক পথৰ সন্ধান শঙ্কৰদেৱে আসমীয়া সমাজক প্ৰদান কৰিছিল। গুৰুজনাই প্ৰৱৰ্তন কৰা এই ধৰ্মক একশৰণ ধৰ্ম বা বৈষ্ণৱ ধৰ্ম বুলি কোৱা হয়।

নাম প্ৰসঙ্গৰ লগত মাহ-প্ৰ্সাদ গুৰুজনাৰ এক অপূৰ্ব স্ংযোজন। এই দুয়োটা কথাৰ অন্তৰ্নিহিত কেইটামান উদ্দেশ্য আছিল। সেয়া হৈছে—

সমাজৰ বিভিন্ন শ্ৰেণী, জাতি-বৰ্ণৰ মানুহৰ বাবে নমঘৰৰ দুৱাৰ খোলা আছিল। এয়া আছিল সেই সময়ত জাতি-বৰ্ণৰ নামত ভাগ ভাগ হৈ পৰা অসমীয়া মানুহখিনিক একত্ৰিত কৰি বৃহত্তৰ অসমীয়া সমাজ গঢ়ি তোলাৰ এক বলিষ্ঠ পদক্ষেপ।

  • ইতিমধ্যে ভাঙোনে ধৰা অসমীয়া সমাজৰ ভেটি সুদৃঢ় কৰা।
  • নাম-প্ৰস্ংগ শেষ হোৱাৰ পিছত সমূহীয়াভাৱে ধনী-দুখীয়া, বিভিন্ন সম্প্ৰদায়ৰ মানুহে একেলগে প্ৰসাদ গ্ৰহণৰ জৰিয়তে সমাজৰ প্ৰত্যেক শ্ৰেণীৰ মানুহৰ মাজত পাৰস্পৰিক শ্ৰদ্ধা, বিশ্বাস আৰু ভাতৃত্বভাৱ জগাই তোলা।
  • মাহ-প্ৰসাদ প্ৰৱৰ্তনৰ যোগেদি ল’ৰাৰ পৰা বুঢ়ালৈ সকলোকে নমাঘৰৰ প্ৰতি আকৰ্ষিত কৰি তেওঁলোকৰ হৃদয়ত ভক্তিভাৱ সঞ্চাৰ কৰা।
  • কলপাতত বিভিন্ন কেঁচাখাদ্য একেলগে খোৱাৰ সুঅভ্যাস গঠন কৰা।

এতিয়া মাহ-প্ৰসাদৰ গুণাগুণৰ দিশটো চাওঁ। প্ৰথমেই আহো কলপাতৰ কথালৈ। কলপাতত খোৱাটো স্বাস্থ্যসন্মত আৰু এনেদৰে খোৱা প্ৰসাদৰ সোৱাদ সুকীয়া। কিয়নো এই প্ৰসাদখিনিৰ লগত কলপাতৰ গোন্ধটো মিহলি হৈ এক সোৱাদ দিয়ে। ই মনলৈ এক পৱিত্ৰতাৰ ভাৱ আনে।

নানা ফল-মূলৰ সমাহাৰেৰে সজাই দিয়া প্ৰসাদভাগ যেনেদৰে আকৰ্ষণীয়, তেনেদৰে নানা পুষ্টি গুণেৰে ভৰা। প্ৰসাদৰ পাতখিনিক আমি সম্পূৰ্ণ এসাঁজ মুল আহাৰ বুলিও ক’ব পাৰো। বুট-মগুত থাকে প্ৰোটিন, বিভিন্ন ভিটামিন আৰু খনিজ পদাৰ্থ, বিভিন্ন ফলত থাকে অফুৰন্ত মাত্ৰাত শৰীৰৰ ৰোগ প্ৰতিৰোধকাৰী শক্তি সমৃদ্ধ নানা ভিটামিন আৰু খনিজ পদাৰ্থ। তাৰোপৰি থাকে শ্বেতসাৰ আৰু সুস্বাস্থ্যৰ বাবে আৱশ্যকীয় আঁহ। প্ৰসাদৰ লগত দিয়া ফলৰ ভিতৰত কল, নাৰিকল, কুঁহিয়াৰ অপৰিহাৰ্য। লগত থাকে বতৰৰ আন ফল। তাৰে এবিধ টেঙা(যেনে-ৰবাব টেঙা, সুমথিৰা, বগৰী আদি)। এই ফল-মূলসমূহত থকা পুষ্টিগুণ এনেধৰণৰ –

কল: প্ৰধানত: ই শক্তি যোগায়। ইয়াত আয়ৰণ, পটাচিয়াম, ভিটামিন ‘চি’ আৰু আঁহ থাকে।

নাৰিকল

শক্তিৰ উপৰিও প্ৰোটিন, স্নেহ-পদাৰ্থ থাকে। নাৰিকলত থকা ফেটি এচিড হৃদপিণ্ডৰ বাবে উপকাৰী। আমাৰ ছাল মৃসণ ৰখাত সহায় কৰে।

কুঁহিয়াৰ

শক্তিৰ এক উৎস। আয়ৰণ, আঁহ থাকে।

ৰবাব টেঙা: এছকৰিক এচিডৰ ৰুপত ভিটামিন ‘এ’ প্পোৱা যায়।

সুমথিৰা

ভিটামিন ‘চি’, কেৰোটিন, আঁহ আদি পোৱা যায়।

বগৰী

ভিটামিন ‘চি’, আয়ৰণ, জিংক আদি পোৱা যায়।

আম

কেৰোটিনৰ অফুৰন্ত ভাণ্ডাৰ। মেংগানিজ, পটাচিয়াম থাকে।

মাটিকঠাল

আয়ৰণ, ভিটামিন ‘চি’, মেগনেচিয়াম আদি থাকে।

মধুৰিয়াম

আয়ৰণৰ ভাল উৎস, ভিটামিন ‘চি’ থাকে।

প্ৰসাদৰ লগত দিয়া আদাই বুট-মাহ হজম কৰাত সহায় কৰে আৰু এক সুন্দৰ গোন্ধ আৰু সোৱাদ দিয়ে। এই সকলোখিনিৰ লগত থাকে শক্তি যোগানকাৰী স্ংমিশ্ৰণ। আনহাতে, শ্ৰীশ্ৰীমাধৱদেৱে গাজী মগুৰ প্ৰৱৰ্তন কৰিছিল। গতিকে তেৰাৰ তিথিত ফলা মগু মাহৰ পৰিৱৰ্তে গাজী অৰ্থাৎ অংকুৰিত গোটা মগু মাহ প্ৰসাদ হিচাপে আগবঢ়োৱা হয়। মাহৰ অংকুৰণ প্ৰক্ৰিয়াত ইয়াত থকা আয়ৰণভাগ শৰীৰে সহজে হজম কৰিব পৰা অৱস্থালৈ ৰুপান্তৰিত হয়, তাৰোপৰি ভিটামিন ‘চি’ আৰু ভিটামিন ‘বি’ শ্ৰেণীৰ ৰিবোফ্লেভিনৰ মাত্ৰা বৃদ্ধি পায়। তদুপৰি গাজী মাহ সহজে হজম হয়।

লেখক: লুকীমা বৰুৱা, স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 5/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate