অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিহুৰ ব্যুৎপত্তি, পৰম্পৰা আৰু আহাৰ্য্য দ্ৰব্যৰ গুণাগুণ

বিহুৰ ব্যুৎপত্তি, পৰম্পৰা আৰু আহাৰ্য্য দ্ৰব্যৰ গুণাগুণ

পৰমাত্মনে নম: বৰ্তমানৰ অসম ৰাজ্যখন প্ৰাগ ঐতিহাসিক যুগত তথা মহাকাব্য মহাভাৰতত আৰু তন্ত্ৰ পুৰাণ গ্ৰন্থ সমূহত কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ নামেৰেহে প্ৰখ্যাত আছিল। যোগিনীতন্ত্ৰত কামৰূপ নামৰ অৰ্থ ব্যঞ্জক কথাৰ উপৰিও বৈষ্ণৱ শাস্ত্ৰৰ অদ্বিতীয় গ্ৰন্থ শ্ৰীমদ্ভাগৱত মহাপুৰাণতো কামদেৱৰ পুনৰ স্ব-ৰূপ লাভৰ আখ্যান তাৎপৰ্যপূৰ্ণ। মহাদেৱৰ কোপত ভস্মীভূত হোৱা কামদেৱে এই ভূমি খণ্ডতে পুন: ৰূপ লাভৰ বাবেই এই ভূমিখণ্ড কামৰূপ নামে প্ৰখ্যাত হোৱাৰ ঐতিহাসিক মহত্ব আছে। তাৰো পূৰ্বতে এই ভূমি খণ্ডতে প্ৰাকৃত সৃষ্টিৰ দৰে জীৱ ৰাশিৰ আদি সৃষ্টিৰ ব্ৰহ্ম-অণ্ড এই ভূমিখণ্ডৰ পূব প্ৰান্ততে স্থাপিত হৈছিল; সৃষ্টিৰ প্ৰাকমুহূৰ্তৰ জেউতি এই ভূমিখণ্ডতে ফলিত হোৱাৰ বাবে প্ৰাগজ্যোতিষ নামেৰে প্ৰখ্যাত আছিল। এই আখ্যানৰ বাস্তৱিক ৰূপত ব্ৰহ্মকুণ্ড শদিয়া মহকুমাৰ সোৱণশিৰি আৰু চাম্পো নৈৰ সংযোগ স্থলত বিৰাজমান। এই ব্ৰহ্মকুণ্ড ঐশ্বৰিক মহিমামণ্ডিত স্থান আৰু অতিশয় পুণ্যৰ স্থান বাবেই মাতৃ হত্যা পাতকৰ পৰা মুক্ত হোৱাৰ কামনাৰে ভাৰ্গৱ বংশী পৰশুৰামে এই কুণ্ডৰ জলত স্নান কৰি মাতৃহত্যাৰ পাপৰ পৰা মুক্ত হোৱাৰ প্ৰমাণস্বৰূপে হাতৰ কুঠাৰ সুলকি পৰাৰ বৰ্ণনা আছে। পৰশুৰামৰ তীৰ্থস্নানৰ দিন ধৰি এই কুণ্ডৰ আনটো নাম ‘পৰশুৰাম কুণ্ড’ হ’ল। সমস্ত তীৰ্থ স্নানৰ অন্তত পুণ্যাকাংক্ষী তীৰ্থযাত্ৰীয়ে পৰশুৰামৰ দৰেই তীৰ্থযাত্ৰাৰ সমাপ্ত কৰাৰ নিয়ম আছে। তীৰ্থযাত্ৰা কৰা পুণ্যাৰ্থীয়ে তীৰ্থ কৰি শেষত তীৰ্থ-স্নান পৰশুকুণ্ডত সমাপ্ত নকৰিলে আহাৰ কৰি মুখ নোধোৱা বা ঘৰ সাজি মুধচ নকৰাৰ দৰেই অসমাপ্ত আৰু নিষফল। এনে মহিমা মণ্ডিত প্ৰাগজ্যোতিষ অসম প্ৰান্তত যিবিলাক উৎসৱ উদ্‌যাপনৰ পৰম্পৰা চলি আহিছে সেই সকলো বিলাক কলা-সংস্কৃতি জন-জীৱনৰ লগত সাঙোৰ খাই আছে, সেই উৎসৱসমূহৰ সাংস্কৃতিক বৈশিষ্ট্য আৰু গুৰুত্ব অন্তৰ্নিহিত হৈ আছে। অসমৰ বিহুৰ সাংস্কৃতিক বৈশিষ্ট্য আৰু গুৰুত্বত তেনেকৈ অন্তৰ্নিহিত হৈ আছে। অসমত তিনিটা বিহু পালন বা উদ্‌যাপন কৰা হয়। এই তিনিওটা বিহু সাধাৰণতে(১) ৰঙালী বিহু, (২) কঙালী বিহু আৰু (৩) ভোগালী বিহু বুলি কোৱা হয় প্ৰকৃত বা সাধাৰণ দৃষ্টিত। কিন্তু এই বিহু দিন ক্ষণ লক্ষ্য কৰিলে বিহুৰ ব্যুৎপত্তি আৰু মহত্ব অতিশয় মহিমামণ্ডিত আৰু ৰহস্যঘন। বিহুৰ ব্যুৎপত্তিলৈ লক্ষ্য কৰিলে দেখা যায় যে ‘আহিনৰ সংক্ৰান্তিৰ দিনাক কঙালী বিহু বোলা হয়’। তেনেকৈ পুহৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বোলা হয়। আহিন মাহৰ সংক্ৰান্তিৰ দিনটো সূৰ্য্যৰ কৰ্কট ক্ৰান্তি পাত বিন্দুৰ ক্ষণ আৰু পুহমাহৰ সংক্ৰান্তিৰ দিনটো মকৰসংক্ৰান্তি পাত বিন্দুৰ ক্ষণ। কৰ্কটক্ৰান্তি ৰেখা ভূ-গোলাত উত্তৰ গোলাৰ্দ্ধত নাতিশীতোষ্ণ আৰু গ্ৰীষ্মমণ্ডলক ভাগকৰা ক্ৰান্তি ৰেখা আৰু মকৰ ক্ৰান্তি ৰেখা দক্ষিণ গোলাৰ্দ্ধৰ বিষুৱ অঞ্চল আৰু গভীৰ তুষাৰ অঞ্চলক ভাগ কৰা ৰেখা। বিবস্বত শ্ৰীসূৰ্যদেৱ দক্ষিণ আয়নত অয়নপথত গৈ মকৰ ক্ৰান্তি ৰেখাত উপস্থিত হ’লেই পুন: উত্তৰায়ন গতি আৰম্ভ কৰে, ঠিক সেই দৰেই উত্তৰায়নৰ অয়নপথত শ্ৰীসূৰ্যদেৱ গৈ কৰ্কটক্ৰান্তি ৰেখাত উপনীত হৈয়েই পুন: দক্ষিণায়নলৈ গতি আৰম্ভ কৰে। বিশ্বজগতৰ সৰ্বশক্তি মান তেজস্বী ৰবিদেৱে অয়নপথত এই উভয় ক্ৰান্তিপাত ৰেখা অতিক্ৰম নকৰা পৃথিৱীৰ এই উভয় ক্ৰান্তিপাত ৰেখা অতিক্ৰম নকৰা পৃথিৱীৰ এই উভয় ৰেখাৰ মহত্ব। মহাকাশৰ পৰম তেজস্বী কালনিয়ন্ত্ৰক বৰেণ্য ৰবিদেৱৰ ভূ-পৃষ্ঠৰ লগত ফলিত সম্পৰ্কৰ মহিমা অধিক আৰু অতুলনীয়। এই তেজস্বীৰ পৃথিৱীত প্ৰত্যক্ষ ফলিত মহাজগতিক ক্ষণ মূহুৰ্ত তিনিটাই অসমৰ প্ৰান্তীয় জনসাধাৰণৰ বিহু উৎসৱ হিচাপে একান্তই পালনীয় হাড়ে-হিমজুৱে নিহিত মানৱীয় সভ্যতা-সংস্কৃতিৰ আধ্যাত্মিক আৰু বৈজ্ঞানিক মহত্ব। বিহুৰ তাত্বিক আৰু বৈজ্ঞানিক মহত্ব অনুসাৰে মনে সজা আনন্দোৎসৱ নহয় আৰু এই বিহু তিনিটাৰ কৃতকৃত্য কেৱল ৰং তামাচাৰে উলায় কৰিব পৰা উৎসৱ অনুষ্ঠান কদাপি নহয়। কাতি বিহু কঙালী। বছৰটোত উপাৰ্জন কৰা সোণালী শস্য ধান মুঠি কাতিমাহত প্ৰায় অন্তহৈ, নতুনকৈ কৰা ধান শস্য কেইটা আঘোণতহে চপাব পৰা হ’ব। এনেকৈ ধানমুঠি নাটনি হোৱা অৱস্থা এটা কাতিমাহত বিৰাজ কৰি থকা হেতু, কাতিমাহত ভোগ-বিলাস অতিশয় সীমাবদ্ধ হৈ পৰাৰ পৰিপ্ৰেক্ষিততে, কেৱল পৰম্পৰা ৰক্ষা কৰাৰ বাহিৰে গত্যন্তৰ নাইকিয়া অৱস্থাত পৰিণত হয় বাবেই এই বিহুক কঙালী বিহু নামে কথিত। আকৌ বাৰিষাৰ বতৰত মূৰৰ ঘাম মাটিত পেলাই হাড়ভঙা কষ্ট কৰি অৰ্জন কৰা পথাৰৰ সোণগুটি ধানমুঠি আঘোণ আৰু পুহ মাহৰ ভিতৰত গোটাই চপাই ভঁৰালত ভৰাই ব্যক্তিগত সংসাৰী জীৱন স্বচ্ছল হৈ পৰাত তাৰেই দেশৰ জনসাধাৰণ সকলোৰে প্ৰাণস্বৰূপ শস্যমুঠি যোগাৰ হোৱাৰ উল্লাসতে ভূ-খণ্ডৰ সমূহ সমাজৰ সামাজিক মিলাপ্ৰীতিৰ বান্ধোনেৰে ৰাজহুৱা ভোজ-ভাত আৰু ভোগ-বিলাসৰ আনন্দ উৎসৱত পৰিণত বাবেই মাঘ বিহুক ভোগালী বিহু বুলি কোৱা হয়। মাঘ বিহুৰ উৰুকাৰ ৰাতি মেজি সাজি মেজিৰ তলত উজাগৰে থকা, ভোজ ভাত খাই বিহুৰ দিনা প্ৰত্যুষতে মেজি জ্বলোৱা প্ৰথা প্ৰচলিত। এই প্ৰথাকো আধ্যাত্মিক তত্ব ভাৱ নথকা নহয়। সমাজৰ বয়োজ্যেষ্ঠ সকলৰ মুখত এই ভাৱব্যঞ্জক আখ্যান শুনা যায়। মহাভাৰতৰ আখ্যান অনুসৰি কুৰুক্ষেত্ৰ যুদ্ধত পিতামহ ভীষ্ম মহাশয় আহিন মাহত শৰশয্যাত পৰিছিল। দক্ষিণায়নত পৰলোক প্ৰাপ্তি সকলৰ স্বৰ্গত মুক্তিলাভৰ বাধক হেতু ইচ্ছামৃত্যুৰ দ্বাৰা ভীষ্মই শৰশয্যাত পৰিও মৃত্যুবৰণ নকৰিলে। শ্ৰীসূৰ্যৰ উত্তৰায়ণ গতি হোৱাৰ অপেক্ষাত মাঘ বিহুৰ উত্তৰায়ণ সংক্ৰান্তিৰ প্ৰত্যুষতে মৃত্যু বৰণ কৰাৰ কথা আৰু সমস্ত কুৰু-পাণ্ডৱৰে মাননীয় ককাক অগ্নিদাহ সৎকাৰ কৰাৰ কথা বৰ্ণিত। প্ৰাচীন কামৰূপৰ বাসিন্দাসমূহ কুৰু-পাণ্ডৱৰ বংশোদ্ভৱ বুলি ভবাৰ বহু কাৰণ আছে। পিতামহ ককাৰ পৰলোকত নাতিসকলে উত্তৰায়নৰ সংক্ৰান্তিৰ প্ৰত্যুষতে সেই পিতামহ ভীষ্মৰ অগ্নিসৎকাৰ কৰাৰ পৰম্পৰা আৰু উৰুকাৰ দিনা মৃত্যু শয্যাত থকা পিতামহৰ পৰলোকৰ সময়ত পৰ্‌দি পৰৱৰ্তী ব্ৰতৰ বাবে ভোজ-ভাত খাই প্ৰস্তুত হোৱাৰ এক পাৰম্পৰিক ৰহস্য কথিত। সাধাৰণতে চ’ত মাহৰ আৰম্ভৰে পৰা বসন্ত ঋতুৰ আগমণ হয়। এই সময়ত বছৰৰ ছমাহ বাৰিষা আৰু ছমাহ খৰালি অৰ্থাৎ দক্ষিণ-পশ্চিম মৌচুমী বায়ুৱে বৰষুণ নমোৱা আৰম্ভ কৰে। আহিন মাহৰ পৰাই খৰালিৰ খৰাং বতৰত এই অসমৰ ভূ-খণ্ড শুকান হৈ গছ-লতাৰ পাত সৰি লঠঙাহৈ পৰা গছ-লতাই পুন: বৰষুণ পাই সজীৱহৈ কুঁহিপাত মেলে। ফলৱতী গছ বিলাক ফুলি উঠাৰ দৰেই, এজাৰ, সোণাৰু আদি অন্য গছ-বিৰিখেও ফুল মেলি অসম ভূমি এখন মনোমোহা উদ্যানৰ দৰেই হৈ পৰে। তেনে এক প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ হোৱাৰ মোহত, বেং-ভেকুলি, কেঁচু-কুমটিৰ মাতত আৰু গছে-গছে কুলি, কেতেকী, সখিয়তী, হেঁতুলুকা, কৃষ্ণপক্ষী, ঝিলীৰ মাতত আকাশ-বতাহ সমস্ত সুললিত গীত-ৰাগ সংগীতৰ তাল-মানৰ মূৰ্চ্ছনাৰে যেন দেখা-শুনা কেউপ্ৰকাৰে জনগণৰ মন উল্লাসিত হৈ মন প্ৰাণ আপ্লুত হৈ পৰে। এনে কাৰণতে বয়সত যৌৱনপ্ৰাপ্ত যুৱক-যুৱতীৰ কামনা-বাসনাত বিভোৰ হৈ স্বভাৱ সুলভ যৌন-গীত ৰাগত নৃত্য-গীতত ব্যস্ত হৈ পৰে। পিতৃ-মাতৃ, বয়োজ্যেষ্ঠ সকলৰ দেখা-শুনাৰ পৰা আঁতৰত, লাজ-অভিমানৰ পৰা আঁতৰত যুৱক-যুৱতীয়ে স্বতসফুৰ্তকৈ প্ৰেমাস্পদৰ লগত মোহনীয় গীতৰ মূৰ্চ্চনাৰে নৃত্য-গীতেৰে বৰগছৰ তলৰ নিৰ্জন ঠাইত ভাৱ-ভংগীৰ নৃত্যত ব্যস্ত হয়। এয়েই একালৰ চ’তৰ বিহু অথবা বৰগছৰ তলৰ জেং বিহু নামে খ্যাত। জেং বিহু মানে প্ৰতি গৰাকী যুৱতীৰ হাতত নিজক পৰোক্ষত ৰখাৰ বাবে একোটা গছৰ ডাল হাততলৈ নৃত্য কৰাই জেং বিহু। এই সমুদায় অনুষ্ঠান আচলতে লৌকিক আৰু সামাজিক পৰম্পৰা। প্ৰকৃততে বিহু শব্দটোৰ বিশেষ ব্যুৎপত্তিগত শব্দৰ ভাৱাৰ্থ আছে। বিহু শব্দটো সংস্কৃত বিষু শব্দৰপৰাহে অপভ্ৰংশ যদিও বিহু শব্দটোৰো আধ্যাত্মিক অৰ্থ নথকা নহয়। সংস্কৃত ভাষাৰ দৃষ্টিৰে চালে ‘বি’ উপসৰ্গ পূৰ্বক ‘হু’ ধাতুৰো ব্যুৎপত্তিগত অৰ্থও আছে। বি ‘হু’ ধাতুৰ অৰ্থ। বি-উপসৰ্গৰ যোগত ধাতুৰ অৰ্থ বিশেষ ধৰণৰ হোম-যাগৰ পূজা অৰ্চনা। ‘হু’ ধাতুৰ অৰ্থ, হুনা বা হোম কৰা; ‘বি’ পূৰ্বক উপসৰ্গৰ অৰ্থ বিশিষ্ট বা বিশেষ প্ৰকাৰৰ আহুতিৰ হোমেৰে অৰ্চনা কৰা। অগ্নিত হোম দি ঈশোপাসনা। দানাদি ত্যাগৰ ভাবাৰ্থ বোধক। ‘বিহু’ শব্দৰ মূলতে ‘বিষু’ শব্দ বেদাংগ জ্যোতিষ শাস্ত্ৰৰ ভূ-বিজ্ঞানৰ ভূ-গোল সম্পৰ্কিত সিদ্ধান্তজ্যোতিষ শাস্ত্ৰৰ প্ৰযোজিত শব্দ। ‘বিষু’ অৰ্থাৎ ব্যাপি থকা বিষ্ণুৰ পৰ্যায় ‘বিষু’ সৰ্ব ব্যাপী; সেয়েই আকৌ ভূ-বিজ্ঞানৰ ভূ-গোলাত ‘বিষুৱ’ আখ্যাৰ শব্দৰূপ। ‘বিষুৱ শব্দটো ভূ-বিজ্ঞানৰ এটা প্ৰধান বিষয়। ভূ-গোলত কোনো এখন দেশৰ আৰু সেই দেশত অন্তৰ্গত কোনো ঠাইৰ অৱস্থান দূৰত্বত অৱগত হোৱাৰ উপৰিও শ্ৰীসূৰ্য্যকে মুখ্য কৰি গ্ৰহ-নক্ষত্ৰ সমূহৰ পৃথিৱীৰ ওপৰত পৰা প্ৰভাৱক ফলিত গণিতৰ মাপকাঠি। সেইদৰেই ভূ-গোলৰ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈকে ভূ-গৰ্ভৰ মাজেদি সুমুওৱা শলকা বা ‘ধুৰা’ৰ দৰে যি ৰেখা টনা হৈছে সিয়েই মেৰুদণ্ড বা ৰাজহাড়। মেৰুদণ্ড ভূ-পৃষ্ঠৰ ৰেখা নহয় ভূ- গৰ্ভৰহে শলকাস্বৰূপ ৰেখা। মেৰুদণ্ডৰ ৰেখা উত্তৰা-দক্ষিণাকৈ অংকিত ৰেখা। এই মেৰুদণ্ডক আশ্ৰয় কৰিয়েই পৃথিৱীৰ দৈনিক আৱৰ্তন। মেৰুদণ্ডক কেন্দ্ৰ কৰি উত্তৰা-দক্ষিণাকৈ অংকিত ৰেখাসমূহ দ্ৰাঘিমা ৰেখা বুলি জনাজাত। এই দ্ৰাঘিমা ৰেখা সমূহ ভূ-পৃষ্ঠত অৰ্দ্ধ-বৃত্তাকাৰ। আনহাতে পৃথিৱীৰ উভয়মেৰুৰ পৰা সমান দূৰত্বত ভূ-পৃষ্ঠৰ সম্পূৰ্ণ সোঁ-মাজত পুৱা-পশ্চিমাকৈ অংকিত ৰেখাটিয়েই ‘বিষুৱ ৰেখা’। বিষুৱ ৰেখাৰ উত্তৰে উত্তৰ গোলাৰ্দ্ধ আৰু দক্ষিণে দক্ষিণ গোলাৰ্দ্ধ। বিষুৱ ৰেখাৰ উত্তৰে বিষুৱ ৰেখাৰ সমান্তৰালকৈ মকৰক্ৰান্তি ৰেখা। ব’হাগ বিহুৰ দিনা অৰ্থাৎ বিষু বা বিহুৰ দিনা বিশ্ব-জগতৰ জীৱন স্বয়ং প্ৰকাশ ৰবি বিষুৱ ৰেখাৰ সম্পূৰ্ণ উৰ্দ্ধ বিন্দুত, উৰ্দ্ধদিশৰ অচল ৰাশি চক্ৰৰ মেষ ৰাশিলৈ সঞ্চাৰিত হৈ অৱস্থান কৰে। মেষ ৰাশি মহাকশৰ উৰ্দ্ধ দিশত শ্ৰীসূৰ্য্যৰ বিষুৱ ৰেখাৰ ওপৰতো সম্পূৰ্ণ শিৰোবিন্দুত উপস্থিত হয়গৈ। জ্যামিতি পৰিমিতিৰ নক্সাৰ ভাষাত বিষুৱ ৰেখাৰ ওপৰত লম্ব ৰেখাত অৱস্থান কৰে। মেৰুদণ্ডক কেন্দ্ৰ কৰি পৃথিৱীৰ আৱৰ্তনৰ ফলত সূৰ্য্যতো পৃথিৱীৰ কোনো দ্ৰাঘিমাংশৰ ঠাইৰ পৰা মধ্যাহ্নৰ আগতে আৰু পাছতে হেলনীয়া হোৱা দেখা পালেও মেৰুদণ্ড ভূ-কেন্দ্ৰিক হোৱাৰ বাবে অহৰ্নিশে সদায়েই সূৰ্য্য মেৰুদণ্ডৰ ওপৰত লম্ব ভাৱেই থাকে। বিষুৰ দিনা সূৰ্য্য পৃথিৱীৰ পৰা শিৰো বিন্দুত সম্পূৰ্ণ উৰ্দ্ধত, মেৰুদণ্ডৰ উপৰিও একেসময়তে বিষুৱতো লম্বভাৱে শিৰোদ্ধলৈ অহাত পৃথিৱীৰ জলে-স্থলে পূব-পশ্চিম আৰু সুমেৰু-কুমেৰুৰে পৰা সেইদিনা সমস্ত ভূ-গোলত দৃষ্ট হয় আৰু সূৰ্য্যৰ তাপ, ভাপ, পোহৰ বিয়পি পৰে। ‘বিষু’ৰ দিনা বিষ্ণুৰ জগতব্যাপি ব্যাপক লক্ষণ আৰু প্ৰভাৱ প্ৰকাশ কৰে শ্ৰী সূৰ্য্যই। সেয়েহে এই বিষ্ণুৰ দিনটো ‘মহা বিষুৱ সংক্ৰান্তি’ নামে প্ৰখ্যাত আৰু বিষ্ণুৰ ৰূপেৰে স্বয়ং প্ৰকাশ ৰবিৰ ব্যাপকতা গুণ প্ৰকাশৰ হেতু এই দিনটো ‘জগতলগ্ন’ নামেৰে কথিত হৈছে বিষ্ণুৰ জগন্নাথ নামৰ প্ৰভাৱ। বিশ্বজগতত য’তবিলাক ভৌতিক, পাৰ্থিৱ, আকাশৰ গ্ৰহ-নক্ষত্ৰ সকলোৱেই শ্ৰীসূৰ্য্যক আশ্ৰয় কৰিয়েই আকৰ্ষিত হৈ আকাশত ওপঙি বা পৃথিৱীত বৰ্তি আছে। আকাশৰ জোনটিয়েও সূৰ্য্যৰ তাপ-ভাপ আৰু পোহৰ লৈয়েইহে প্ৰকাশ আৰু জ্যোৎস্না বিলাইছে এই মৰতৰ পৃথিৱীত। সকলোৰে স্থানান্তৰ ক্ষয়-বৃদ্ধি আছে কিন্তু অতুল তেজস্বী সূৰ্য্যদেৱ সৌৰ জগতৰ কেন্দ্ৰত অলৰ-অচৰ আৰু কোনো জ্যোতিষ্কৰ আশ্ৰয়ত নহৈ স্বয়ংপ্ৰকাশিত আৰু অতুল তেজস্বী। সেয়েহে সূৰ্য্যৰ এটা নাম ৰবি বা জ্যোৰ্তিময়। চেচুকত গছ নগজে, একোৱেই সৃষ্টি নহয়। শ্ৰীসূৰ্য্যৰ তাপ, ভাপ, পোহৰ অবিহনে পৃথিৱীত একোৱেই সৃষ্টি নহয়। অব্যক্ত ঈশ্বৰ হৰিক নেদেখি-নুবুজি, কিন্তু জগতৰ ভিতৰত দৃশ্যমান সৰ্বশক্তিমান সৃষ্টি, স্থিতি আৰু অনন্ত কালৰ গৰাকী তেজস্বী শ্ৰীসূৰ্য্য ভগৱান বিবস্বত শ্ৰীৰামচন্দ্ৰৰ আদি পুৰুষ। শ্ৰীমদ্ভাগৱদ্‌গীতাত শ্ৰীকৃষ্ণ ভগৱন্তৰ বাক্য –

আদিত্যানাং অহং বিষ্ণুৰ্জ্যোতিষাং ৰবি অংশুমান ।

মৰীচি মৰুতামস্মি নক্ষত্ৰাণাং অহং শশি ।।

সেয়েহে বিষুৰ দিনা মহাজাগতিক আৰু আধ্যাত্ম চিন্তাৰ তাৎপৰ্য অধিক, মানৱীয় জ্ঞান, আধ্যাত্ম চিন্তাৰ মহাপুণ্যৰ দিন হিচাপে শাস্ত্ৰত কথিত। এই বিষুৰ দিনা জগন্নাথ দৰ্শন কৰাসকল নিত্য মুক্ত বুলি জগন্নাথ পুৰাণৰ আখ্যানত বৰ্ণিত। শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষৰ ৰচিত কীৰ্তনঘোষা পুথিৰ উৰেষা বৰ্ণন অধ্যায়ত উল্লেখ কৰা স্তৱকটি উল্লেখ কৰা হ’ল –

বিষুদিনা বিধিমতে পঞ্চতীৰ্থ কৰি ।

শুদ্ধমনে দেখয় সুভদ্ৰা ৰাম হৰি ।।

সিয়ো জনে সমস্ত মৰতৰ ফল পাইব ।

পাতক নিস্তৰি বিষ্ণু ভৱনক যাইব ।।

ঠিক তেনেকৈ শ্ৰীসূৰ্যদেৱ বিশ্বজগতত একমাত্ৰ সৰ্ব শক্তিমান আৰু স্বয়ং প্ৰকাশ প্ৰভাৱ পৃথিৱীত ফলিত হোৱা অয়ন পথতেই উত্তৰায়ণ পাতবিন্দু অৰ্থাৎ মকৰক্ৰান্তি পাত আৰু দক্ষিণায়ণ পাতবিন্দু অৰ্থাৎ কৰ্কট ক্ৰান্তিপাত অৱস্থিত আৰু এই উভয় পাতবিন্দুৰ আধ্যাত্মিক মাহাত্ম্য সৌৰ শক্তিৰ পৰম প্ৰভাৱ পৃথিবীত ফলিত হোৱাৰ গুৰুত্বই অধিক। শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষৰ ৰচিত কীৰ্তন ঘোষাৰ আনটি স্তৱক এনেকৈ প্ৰকাশ কৰিছে –

উত্তৰাৰ্ক দক্ষিণাৰ্ক দিনা যিটো নৰে ।

ৰাম-কৃষ্ণ সুভদ্ৰাক দেখন্ত সাদৰে ।।

প্ৰণাম কৰন্ত পৰি হুয়া শুদ্ধমতি ।

সিয়ো বিষ্ণুলোকক আনন্দে কৰে গতি ।।

এতেকে তিনিওটা বিহুতে অৰ্থাৎ বিষুদিনা, উত্তৰাৰ্কৰ দিনা আৰু দক্ষিণাৰ্কৰ দিনা জগন্নাথ দৰ্শন কৰা মহামংগলজনক। অসমৰ্থ আৰু প্ৰতি বিষুৰ দিনা জগন্নাথ যাত্ৰা সম্ভৱ নহ’লে গৃহতে থাকি ব্যক্তিগত ভাৱে আৰু সামাজিক ভাৱে আধ্যাত্মিক কৃতা, গৃহ-সংসাৰি বয়োজ্যেষ্ঠ ভক্তবৈষ্ণৱ সকলে বিহু শব্দৰ শব্দাৰ্থ অনুসাৰে হোম-যজ্ঞাদিৰে সংকীৰ্তনৰ বিশিষ্ট স্তুতি গীতেৰে, গৃহে গৃহে, ভক্তি-গীত পদেৰে অৰ্চনা হুচৰি অনুষ্ঠান কৰা সুমংগল সূচক। যৌৱনৰ গীত-মাতেৰে নৃত্য গীতৰ ‘হুচৰি’ৰ অনুষ্ঠান বয়োজ্যেষ্ঠ সকলৰ পুণ্যাৰ্থি, ভক্ত বৈষ্ণৱ। অধ্যাত্ম তত্ত্বাৰ্থিসকল অৰ্থাৎ গৃহাশ্ৰমত সোমোৱা, গুৰু বাক্যৰ ভিতৰ চ’ৰাত প্ৰৱেশ কৰাসকল, সামাজিক নিত্য-নৈমিত্তিক বিষয়বাবত অন্তৰ্ভুক্ত সকলে বৰগীত, স্তুতিগীত আৰু ভক্তিৰ গীত-ৰাগ ৰঞ্জিত প্ৰদাপি কবিতাৰে সংকীৰ্তনৰে ‘হুচৰি’ গৃহে গৃহে গোৱাহে অতিশয় শোভনীয় আৰু শ্ৰদ্ধাস্পদ। এই সকল সমাজৰ বয়োজ্যেষ্ঠ আৰু ধৰ্মাচৰণৰ আচাৰ-নীতিৰ অন্তৰ্ভুক্ত সকলে যৌনভাৱ ব্যঞ্জক গীত আৰু যোজনাৰ হুচৰি প্ৰকৃততে শোভনীয় নহয় আৰু সেয়ে এনে যৌনভাৱৰ গীত মাতৰ নাম-যোজনাৰ পৰা নিলগত থকাহে মংগলজনক আৰু শোভনীয়। এইয়া আধ্যাত্মচিন্তা। আনহাতে চেমনীয়া আৰু যুৱকসকলে স্বতসফুৰ্ত ভাৱে যৌন-ভাৱব্যঞ্জক গীত-মাতৰ ঢোল-তাল, টকা-গগনাৰে ৰঞ্জিত ‘হুচৰি’ সাংসাৰিক ঘৰ-চোতালত গোৱাত অভ্যস্ত নহৈ অতীজৰ দৰে গছ-তল আৰু মুকলি চাপৰিত গোৱাহে বাঞ্ছনীয়। এয়া যৌৱন কালৰ স্বতফুৰ্ত গীত মাতৰ স্বাধীন চিতৰ অভিব্যঞ্জক একক কলা হোৱা উচিত। বিষুদিনা গৰু গা-ধুওৱা এটা ধৰ্মাচাৰৰ ভাৱ অন্তৰ্নিহিত এক সাংস্কৃতিক আৰু পাৰম্পৰিক লোকাচাৰ অনুষ্ঠান। সদাশিৱৰ ষাঁড় আৰু শ্ৰীকৃষ্ণৰ গোকুল বৃন্দাবনৰ সুৰভি প্ৰভৃতি ধেনুসকলৰ সমতুল্য ভাৱৰ সম্পৰ্ক অনুসাৰে বিষুৰ দিনা গৰু গা-ধুওৱা আৰু তৰাৰ সুত্ৰ প্ৰিঞ্চায় বিছনিৰ বা দি বিহুৰ যাৱতীয় দ্ৰব্যৰে আপ্যায়ণ কৰি শ্ৰদ্ধা ভক্তি কৰাও সমাজৰ সংস্কৃতিৰ অন্তৰ্ভুক্ত। এনে আখ্যান পোৱা যায় যে সৃষ্টিৰ আদিতে মানৱৰ আহাৰৰ সীমা নিৰ্দ্ধাৰণ কৰাৰ বাবে ভগৱান বিষ্ণুদেৱে এজন ব্ৰহ্মৰ্ষিক আদেশ কৰিছিল। ভগৱন্তৰ আদেশানুসাৰে ব্ৰহ্মৰ্ষিয়ে মানৱ সমাজলৈ গৈ দুয়োবেলা দুসাজ আহাৰৰ উপৰিও পুৱা আৰু আবেলি জলপান আদিৰ জলযোগ কৰাৰ বাবে নীতি প্ৰথা কৰি দি ভগৱন্তক জনোৱাত; সমস্ত সৃষ্টিৰে মানৱৰ ইমানহ বৃহৎ জনসংখ্যাৰ সমাজক এনে বিস্তৰ অন্নাহাৰ ভগৱন্তৰ প্ৰাকৃতিক সৃষ্টিৰে জোৰা নমৰিব বুলি কৈ মানৱে নিজে কৃষি উৎপাদন কৰাৰ ব্যৱস্থা কৰিবলৈ পুন: ব্ৰহ্মৰ্ষিক জনালে। এনেকৈয়ো ক’লে কৃষি কাৰ্যত হলচাষ কৰা একান্ত প্ৰয়োজন হোৱাৰ বাবে ব্ৰহ্মৰ্ষিয়ে নিজেই হলচাষৰ বাহক হ’ব লাগিব। নিজৰ কথাত নিজেই বান্ধ খাই ব্ৰহ্মৰ্ষি হলচাষৰ বাহক অৰ্থাৎ বলধ হ’ব লগা হ’ল আৰু বলধৰ বংশবৃদ্ধিৰ খাতিৰতে গাইৰো আৱশ্যক অনুসাৰে গাই-বলধ উভয় ৰূপে গো-জন্মৰ সৃষ্টি কথিত। সেয়েহে বিষুদিনা গৰু গা-ধুওৱা আৰু তৰু সুত্ৰ পিন্ধোৱা সমাজ সংস্কৃতিৰ লৌকিক, আধ্যাত্মিক পৰম্পৰা আছে। বিষুদিনা প্ৰত্যুষতে গৰু গা ধুওৱাত ব্যৱহাৰ হোৱা যুৱক-যুৱতীসকলৰ সৌন্দৰ্য আচৰণত জেতুকা বোলোৱা আৰু বিষুৰ দিনাই বছৰেকলৈ অন্নহাৰত ব্যৱহাৰ কৰিবলগীয়া বন শাক-পাচলি সমূহৰ কম পক্ষেও ১০১ বিধ বন শাকৰ আঞ্জা আৰু ভাজি খোৱাৰ পৰম্পৰাও বিহু সংস্কৃতিৰ অন্তৰ্ভুক্ত। বিষু দিনা ব্যৱহাৰ কৰা, গৰু গা-ধুওৱা, চাকৰ দ্ৰব্য, জেতুকা বোলোৱা আৰু আঞ্জা-ভাজিৰ কেইপ্ৰকাৰ মান প্ৰধান দ্ৰব্যৰ ঔষধীয় গুণাগুণ তলত সন্নিৱিষ্ট কৰা হ’ল–

(১) মাখিয়তী: উষ্ণবীৰ্য্য, সাৰক, বৃষ্য, ত্ৰিদোষ, দাহ, জ্বৰ, শ্বাস, ৰক্তাতিসাৰ, পিয়াহ আৰু বমি নাশক।

(২) হালধি: কুষ্ঠ, মেহ, ব্ৰণৰোগ, দাহ, চৰ্মৰোগ নাশক, বৰ্ণ প্ৰসাধক।

(৩) বৰথেকেৰা: বাত নাশক, কফ, অৰ্শ, গুল্ম আৰু অৰুচি নাশক।

(৪) বেঙেনা: বাত নিবাৰক, শুক্ৰবৰ্দ্ধক, অগ্নিদীপক, জ্বৰ নাশক, কাহ নাশক আৰু অৰুচি নিবাৰক।

(৫) টিয়ঁহ: মূত্ৰবৰ্দ্ধক, পিত্ত বৰ্দ্ধক, বাত, কফ আৰু পাথৰি নিবাৰক।

(৬) জাতিলাউ: মধুৰ ৰস, তৃপ্তিজনক, ৰুচিকৰ, গুৰুপাক, বলকাৰক, শুক্ৰজনক, শ্লেষ্মাবৰ্দ্ধক, পিত্ত নাশক, ধাতুপুষ্টিকাৰক।

(৭) জেতুকা: পাত আৰু ছাল পচন নিবাৰক, ক্ষতশোধক, ৰঞ্জক ।

(৮) পিপলি: অগ্নিদ্দীপক, কাম, শ্বাস, ক্ষয় নিবাৰক, বলকাৰক, ভেদক, উদৰী, জ্বৰ, কুষ্ঠ, পিলাই, খাপৰি, আমবাত নিবাৰক, ৰসায়ণ।

(৯) ৰঙাআলু: পুষ্টিজনক, বলকাৰক, ভ্ৰম, পিত্ত আৰু দাহনাশক।

(১০) মোৱাআলু: ৰক্তপিত্ত নাশক, স্তন্য আৰু শুক্ৰবৰ্দ্ধক।

(১১) ধনিয়া: পিত্তনাশক, শীতল, বমিনাশক, দাহ, জ্বৰ, অম্লপিত্ত নাশক, পিয়াহ নিবাৰক।

(১২) নহৰু: পিত্ত বৰ্দ্ধক, ৰক্তকাৰক, বীৰ্য্যজনক, বলকাৰক, কফ, কাহ, শ্বাস, গুল্ম, জ্বৰ, অৰুচি, শোথ, মেহ, অৰ্শ, শূল, বাত, কৃমি নাশক, অস্থি সংযোজক, পৰিপাক কাৰক, চুলিৰ হিত সাধক।

(১৩) পনৰু: কফ কাৰক, অম্লপিত্ত বৰ্দ্ধক আৰু বাত নাশক, কটু ৰস।

(১৪) মৌৰী: অগ্নিদ্দীপক, শুক্ৰদোষ নিবাৰক, মলবদ্ধতানাশক, কাম আৰু পিত্তনাশক, শীতল, পিয়াহ নিবাৰক।

(১৫) কলডিল: অগ্নিবৰ্দ্ধক, ৰুচিকৰ, যোনিদোষ আৰু ৰক্তপিত্ত নাশক।

(১৬) লাইশাক: কফ নাশক, অগ্নিবৰ্দ্ধক, ক্ৰিমি নাশক।

(১৭) চুকাশাক: বায়ু, দাহ আৰু শ্লেষ্মানাশক, পিত্তবৰ্দ্ধক অম্লৰস।

(১৮) চজিনা: মলৰোধক, বাতবৰ্দ্ধক, কফ নাশক আৰু শোথ নিবাৰক।

(১৯) নৰসিংহ: ৰুচিকৰ, অগ্নিদ্দীপক, কঘবাত নাশক, লঘূপাক।

(২০) ঢেঁকীয়া শাক: শোথ নাশক, মূত্ৰ নি:সাৰক, পুষ্টিকৰ, শ্লেষ্মাবৰ্দ্ধক, পিচ্ছিল।

(২১) লাইজাবৰী: শ্লেষ্মানাশক, কটু, নাসাৰ্শ নাশক।

(২২) পুৰৈ শাক: পুষ্টিকৰ, পিত্তনাশক, কফ বৰ্দ্ধক, পিচ্ছিল, বিষফোটক হিতকৰ।

(২৩) সৰু মানিমুনি: শীত বীৰ্য্য, সাৰক, মেধাজনক, মধুৰ বিপাক, আয়ুবৰ্দ্ধক, স্বৰ বৰ্দ্ধক, কাহ নাশক, স্মৃতি বৰ্দ্ধক, ৰসায়ণ।

(২৪) বৰ মানিমুনি: গলগণ্ড, অপচী, মূত্ৰকৃচ্ছ, ক্ৰিমি, যোনিৰোগ, পাণ্ডু, শ্লীপদ, অৰুচি, অপস্মাৰ, পিলাই আৰু গুডৰোগ নাশক।

(২৫) দোৰোণ শাক: ৰুচিকৰ, বাতশ্লেষ্ম নাশক, মলভেদক, বিষমজ্বৰ, অৰ্শ, কামলা, ক্ৰিমি, শোথ ৰোগত উপকাৰী।

(২৬) চেপেতি মাহ: গুটি বিৰেচক, শ্লেষ্ম নি:সাৰক, মূত্ৰ বৰ্দ্ধক, বাজিকৰণ।

(২৭) ফুলকলি: কৰ্ণৰোগ নাশক।

(২৮) লাত কচু: ত্ৰিদোষ নাশক, শুক্ৰবৰ্দ্ধক, ৰসায়ণ।

(২৯) জিলমিল শাক: লঘূপাক, ৰুচিকৰ, অগ্নিবৰ্দ্ধক, বলকৰ, শুক্ৰবৰ্দ্ধক, ত্ৰিদোষ নাশক,

(৩০) খুতৰা শাক: ৰুচিকৰ, অগ্নিদ্দীপক, পিত্ত, কফ, ৰক্তদুষ্টি আৰু বিষ নাশক।

(৩১) মৰাপাট শাক: ক্ৰিমি, কুষ্ঠ, জ্বৰ আৰু পিত্ত নাশক।

(৩২) মালভোগ খুতৰা: অগ্নিবৰ্দ্ধক, ৰুচিকৰ, অৰ্শ, মেহ আৰু শ্বাস নাশক।

(৩৩) কলমৌ শাক: স্তন্য আৰু শুক্ৰ বৃদ্ধি কাৰক।

(৩৪) পদিনা: অৰুচি, শোথ নাশক, মূৰ্চ্ছা আৰু বমি নিবাৰক।

(৩৫) শোকোতা: জ্বৰ, পিত্ত নাশক আৰু শুক্ৰবৰ্দ্ধক।

(৩৬) ওলকবি: মধুৰ ৰস, বাত পিত্ত, কফ নাশক, শীত বীৰ্য্য, মধুৰ বিপাক, মলবৰ্দ্ধক, বিস্তম্ভী, পুষ্টিজনক।

(৩৭) বন্ধাকবি: মধুঅৰ ৰস, গুৰুপাক, বাতনাশক, পিত্তবৰ্দ্ধক, বলকৰ।

(৩৮) অমিতা: অজীৰ্ণ, উদৰাময়, পিলাই, গুল্মনাশক, কণ্ঠশালুক ৰোগত উপকাৰী, আঠা– ব্ৰণ আৰু জীহ্বাক্ষতত উপকাৰী।

(৩৯) ৰঙালাউ: বীৰ্য্যজনক, কফ, পিত্ত নাশক, গুৰুপাক মধুৰ ৰস।

(৪০) বিলাহী : অম্ল মধুৰ ৰস, অগ্নি, পিত্ত বৰ্দ্ধক বায়ু আৰু কফ নাশক, শীত বীৰ্য্য, অম্ল বিপাক, মলভেদক, পুষ্টিকাৰক, ধাতু বৰ্দ্ধক, কান্তিজনক, তৃপ্তি কাৰক।

(৪১) ঔ টেঙা : অম্ল মধুৰ, কষায় ৰস, ৰুচিকৰ, মুখ পৰিষ্কাৰক।

(৪২) মগু : মল ৰোধক, পিত্ত নাশক, বলকাৰক, চকু ৰোগ নাশক।

(৪৩) বুট : বলকাৰক, পুষ্টিকৰ, ৰক্তপিত্ত, কফ আৰু কুষ্ঠ নাশক।

(৪৪) মেথি : বাত নিবাৰক, কফ আৰু জ্বৰ নাশক।

লিখক: ডা° ধনীৰাম শইকীয়া, বনদৰৱ আৰু আৰোগ্য।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate