অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভয়ৰা বা ভোমোৰা

ভয়ৰা বা ভোমোৰা

ই হৰিতকী বৰ্গৰ হৰিতকী কুলৰ

পৰিচয়

ইয়াৰ গছ প্ৰায় ৮০/৯০ ফুটমান ওখ হয়। ডাঙৰ গছবোৰৰ গুৰিৰ ব্যাস (বেৰ) ৮/১০ ফুটমান হোৱা দেখা যায়। ই ঠাল ঠেঙুলিৰে চাৰিওফালে আগুৰি থকা বৃহৎ আকাৰৰ গছ। ইয়াৰ পাত সৰু সৰু ডালবোৰত বট গছৰ পাতৰ দৰে ৭/৮ ইঞ্চিমান দীঘল। ৪/৫ ইঞ্চিমান বহল পাত হয়। ইয়াৰ ফুল মাঘ-ফাগুণ মাহত নতুন পাত ওলোৱাৰ লগে লগে ফুলে। ৩ ইঞ্চিৰ পৰা ৬ ইঞ্চিমান দীঘল পুস্পমঞ্জৰীত সৰু সৰু পীতাভ ফুল ওলায়। ফল পুহ-মাঘ মাহত তামোলৰ দৰে ডেৰ ইঞ্চিমান দীঘল বগা গেৰুৱা ৰঙৰ থোপা থোপাকৈ ফল হয়। ফলবোৰৰ ভিতৰত একোটা টান গুটি থাকে। এই গুটিবোৰৰ ভিতৰত বাদামৰ দৰে মজ্জা পোৱা যায়। সৰু ল’ৰা-ছোৱালীয়ে ইয়াক খোৱা দেখা যায়। ইয়াৰ গুটিৰ ভিতৰৰ মজ্জা শ্বাস আৰু বমি নিবাৰক।

ইয়াক স্ংস্কৃতত- বিভতীক, কৰ্ষফল, অক্ষ, কলিদ্ৰুম, ভুতাবাস, হিন্দীত –বহেড়া, ভৈৰা, বিৰহা, ভল্লা, বেঙ্গলীত-বহেড়া, ভেৰচ, অসমত-ভয়ৰা বা ভোমোৰা বোলে।

গুণ

লঘু, ৰুক্ষ, কষায়, মধুৰ, উষ্ণবীৰ্য, মধুৰ বিপাক, ত্ৰিদোষ, বিশেষত: কফ পিত্তনাশক দীপক, অনুলোমক, ৰক্তস্তম্ভক, বেদনাস্থাপক, ধাতুবৰ্ধক, কফনি:সাৰক, কেশবৰ্দ্ধক, চক্ষুষ্য, শোথ, অগ্নিমান্দ্য, আধ্‌মান (পেটফুলা), তৃষ্ণা, বমন, অৰ্শ, কৃমি, পলিত, প্ৰতিশ্যায়, কাস, শ্বাস, স্বৰভেদ, ৰক্তষ্ঠীবন, সামান্য দূৰ্বলতা, নেত্ৰৰোগ, নাসাৰোগ, ৰক্তদোষ আদি নিবাৰক।

  • শ্বাস ৰোগ আৰু কাহ ৰোগত ভোমোৰা ফলৰ বাকলি, ২৫ গ্ৰাম লং, ডালিম ফলৰ বাকলি ১০ গ্ৰাম, ২৫ গ্ৰাম জালুক সকলো গুড়ি কৰিব। পিছত ইয়াৰ লগত ৫ গ্ৰাম আদাৰ ৰস মিহলাই অলপ অলপকৈ চেলেকি খাই থাকিব।
  • অধিক কফযুক্ত তমক শ্বাস ৰোগত ভোমোৰা(ভয়ৰা) ফলৰ বাকলিৰ গুড়ি ১ সেৰ তৈয়াৰ কৰি ৰাখিব। পিছত বাবলা গছৰ চাল (ওপৰৰ খহতা চাল বাদ দি) অপামাৰ্গ(ওলটাশঠ বা ওভোতা বন) আৰু কণ্টিকৰী প্ৰত্যেকবিধ ১ কিলোকৈ লৈ থেতেলিয়াই ১৫ লিটাৰ পানীত সিজাই ৩ লিটাৰ থকাত নমাই চেকি ল’ব। এই কাথখিনি আকৌ গৰম কৰিব। ঘন হ’লে আগতে গুড়ি কৰি ৰখা ভয়ৰাৰ গুড়িখিনি ইয়াৰ লগত মিহলাই ঘিউৰ লগত ভাজিব আৰু লগতে আধা কিলো ক’লা তিল বটি মিহলাই ল’ব। পিছত সকলোৰে সমান দানা গুড় মিহলাই ল’ব। দানা গুড় নাপালে চেনি মিহলাই ল’ব। ইয়াক ৫ গ্ৰামৰ পৰা ১০ গ্ৰামলৈকে গৰম গাখীৰৰ লগত পুৱা আৰু গধুলী দিনে দুবাৰকৈ খালে আশাতীত ফল পাব।
  • নাড়ী লৰিলে (স্বস্থান চ্যুত হ’লে) ভয়ৰা ফলৰ বাকলিৰ ক্কাথ ১/২ ঘণ্টা মূৰে মূৰে খালে উপকাৰ পাব।
  • পাণ্ডু ৰোগত ভয়ৰাৰ বাকলি, শুকান আদা, ক’লা তিল সকলো সমানে লৈ গুড়ি কৰি ল’ব। পিছত গুড়ি যিমান হয় সিমান মণ্ডুৰ ভস্ম মিহলাই লৈ সকলোৰে সমানে পুৰণি গুড় মিহলাই ৫০ গ্ৰাম মাত্ৰাত বৰি কৰি ৰাখিব। এই বৰি পুৱা আৰু আবেলি দৈ গাখীৰৰ লগত খালে ভয়ংকৰ পাণ্ডুৰোগ আৰোগ্য হ’ব।
  • বিষমজ্বৰত ভয়ৰা, সোণাৰুৰ শাহ, কটকী, হালধি, ত্ৰিফলা সকলো সমানে মুঠ ২০ গ্ৰাম থেতেলিয়াই ৩৫০ মিলিলিটাৰ পানীত সিজাই ১৫০ মিলি লিটাৰ থকাত নমাই চেকি খাব। এনেকৈ কেইদিনমান খালে জ্বৰ দাহ, পিয়াহ নাইকীয়া হ’ব।
  • চকুৰ অসুখত বিভীতকাদিঘৃত – ভয়ৰা, আম্লখি, শিলিখা, পটলৰ পাত, নিমৰ চাল, বাহকাৰ পাত প্ৰত্যেকবিধ ৩০০ গ্ৰামকৈ লৈ থেতেলিয়াই ৬ লিটাৰ পানীত সিজাই ৫ লিটাৰ থকাত নমাই চেকি ল’ব। আৰু উক্ত ছয়বিধ বস্তু ১০ গ্ৰামকৈ লৈ বটি ১ লিটাৰ গৰুৰ ঘিউত মিহলাই পাক কৰি ঘিউ মাত্ৰ শেষ থকাত নমাই চেকি ভালকৈ ৰাখিব। এই ঘিউ ১০ গ্ৰামকৈ গৰম গাখীৰৰ লগত খালে সকলো প্ৰকাৰ চকুৰ অসুখ ভাল হয়।
  • পূতিকৰ্ণৰোগত (কাণৰ পৰা পূঁজ ওলোৱা ৰোগ)ভয়ৰা, বচ, কুড় আৰু মন:শিলা প্ৰত্যেকবিধৰে ১০ গ্ৰামকৈ লৈ গুড়ি কৰিব। মন:শিলা কিস্তিত বটি সূক্ষ্ম গুড়ি কৰি আধা লিটাৰ তিলতেল, ২ লিটাৰ পানীৰ লগত পাক কৰি তেলমাত্ৰ শেষ থকাত নমাই চেকি ৰাখিব। আৱশ্যক মতে ২/৩ ফোট কাণত দিলে উপকাৰ পাব।

শ্বেত কুষ্ঠ আৰু পুণ্ডৰীক কুষ্ঠ ৰোগত ভয়ৰা গছৰ চাল, কাকডিমৰু (কোনো কোনোৱে ঢাকা ডিমৰুও বোলে) শিপা বা শিপাৰ চাল সমান জোখত মুঠ ৫ গ্ৰামকৈ লৈ থেতেলিয়াই ২০০ মি:লি: থকাত নমাই চেকি লৈ ১০ গ্ৰাম পুৰণি গুড় আৰু ৪ গ্ৰাম সৰেতিতাৰ (বাবচীৰ) গুড়ি মিহলাই পুৱা খাব। এনেকৈ পুৱা আৰু গধুলি দিনেৰ দুবাৰকৈ ৩ মাহ মান খালে উক্ত ৰোগ আৰোগ্য হয়।

বৈদ্য নৰকান্ত বৰুৱা, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate