ছাত্ৰ-ছাত্ৰীৰ নিৰীক্ষণ দক্ষতাৰ উৎকৰ্ষ সাধন। চৰাই চিৰিকতিৰ আহাৰ খোৱা আৰু চলন ফুৰণৰ ধৰণৰ জ্ঞান আহৰণ।
ছাত্ৰ-ছাত্ৰীসকলক কোনো উদ্যান বা কোনো আওহতীয়া ঠাইলৈ লৈ যাওক, যি ঠাই নিৰিবিলি, য’ত গছ-গছনি আৰু জলাশয় আছে। শ্ৰেণীটোক ৪/৫ জনীয়া গোটত ভাগ কৰি দিয়ক আৰু প্ৰতিগোটক ভিন ভিন ঠাইত থিতাপি ল’ব দিব।
তেওঁলোকে পাচঁ মিনিটমান সময় চকু মুদি নিৰৱে ৰ’ব আৰু শুনিবলৈ পোৱা ভিন ভিন শব্দৰ প্ৰতি মনোযোগ দিব।
তাৰ পিছত শুনা শব্দ কোনটো চৰাইৰ পৰা আহিছে থিৰ কৰিব আৰু চৰাই নিৰ্দেশিকা পুস্তিকাৰ পৰা চৰাইটো চিনি ল’ব।
চৰাইবোৰ উলিয়াই আৰু চিনাকি কৰি লোৱাৰ পিচত সিহতক ভালদৰে নিৰীক্ষণ কৰিব। সিহতৰ কোন বিধৰ চাল চলন কেনে চাব। চৰাইৰ নিৰ্বাচনত শিক্ষকে সহায় কৰিব।
শ্ৰেণীলৈ ঘুৰি অহাৰ পিচত প্ৰতিটো গোটে নিজৰ নিজৰ সমীক্ষা আন গোটবোৰকো দিব।
একোবিধ চৰাইৰ বিষয়ে জনাৰ পিচত ছাত্ৰছাত্ৰীসকলক গোটেই বছৰটোৰ বাবে নিয়মিত সমীক্ষা কৰি ডায়েৰী প্ৰস্তুত কৰিব দিব।
উৎস: শিকাৰ আনন্দ।
শেহতীয়া উন্নীতকৰণ: : 5/3/2020
আমাৰ ঘৰেই অধিৱাসী
আমাৰ শিক্ষা ব্যৱস্থা, তথ্য আৰু জ্ঞান
আমাৰ জীৱনত জীৱ জন্ত
আমাৰ চৌপাশৰ জ্যামিতি