এই আইনখনৰ অধীনত সকলো প্ৰকাৰৰ অৰণ্য সামৰা হৈছে, জম্মু আৰু কাশ্মীৰত বাহিৰে ভাৰতৰ আন সকলো ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলতে আইনখন প্ৰযোজ্য। ১৯৮০ চনত গ্ৰহণ কৰা এই আইনখন ১৯৯২ চনত সংশোধন কৰা হৈছে। বন সংৰক্ষণ কৰা আৰু বন সুৰক্ষা কৰাৰ কাৰণে আৰু নিৰ্বনানীকৰণৰ বিৰুদ্ধে এই আইনখনত যথেষ্ট ব্যৱস্থা আছে। আইনখনৰ কিছুমান মূল ব্যৱস্থাৰ কথা চমুকৈ ইয়াত উল্লেখ কৰা হ’লঃ
(১) ৰাজ্য চৰকাৰে বনভূমি অঞ্চল অন্য কামত (যেনে, খনি) ব্যৱহাৰ কৰিব খুজিলে কেন্দ্ৰীয় চৰকাৰৰ আগতীয়া অনুমোদন ল’ব লাগে।
(২) বনাঞ্চলত সংঘটিত কৰা আইন বিৰুদ্ধ যিবোৰ কাৰ্য্যৰদ্বাৰা বনাঞ্চল ধ্বংস হয় বা ইয়াৰ উন্নয়ন বাধাপ্ৰাপ্ত হয়, তেনেবোৰ কাৰ্য্য বন্ধ কৰাৰ ব্যৱস্থা আছে।
(৩) সকলো প্ৰকাৰৰ অৰণ্য সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু সেই উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰক বিত্তীয় দিশত কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰাত সহায় কৰিবৰ কাৰণে উপদেষ্টা কমিটি গঠনৰ নিৰ্দেশ দিয়া হৈছে।
(৪) অৰণ্য অঞ্চলত কিছুমান কাম চলাব পৰাৰ অনুমতি দিয়া হৈছে, সেইবোৰ হৈছে-
(ক) বিদ্যুত্ সৰবৰাহ লাইন বহুওৱা,
(খ) ভূমিকম্পৰ অনুসন্ধান,
(গ) তেল বা খনিজাত বস্তুৰ অনুসন্ধান,
(ঘ) জলবিদ্যুত্ প্ৰকল্প আৰু
(ঙ) খনন কাৰ্য্য।
জলবিদ্যুত্ প্ৰকল্প এটা স্থাপন কৰোতে বৃহত্ বনাঞ্চল ধ্বস হোৱাৰ আশংকা থাকে বাবে এনে প্ৰকল্পৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ আগতীয়া অনুমতি লোৱাটো বাধ্যতামূলক কৰা হৈছে। তদুপৰি অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান আদি অঞ্চলত ওপৰত উল্লেখ কৰা যিকোনো কামৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অনুমতি লোৱাটো বাধ্যতামূলক।
(৫) চাহ, কফি, মছলা, ৰবৰ আদি বাগান শস্যৰ খেতি আদি বনাঞ্চলৰ অন্তৰ্ভুক্ত কৰা হোৱা নাই, আনকি ফলৰ খেতি, তেল উত্পন্নকাৰী উদ্ভিদৰ খেতি আৰু ঔষধি গছৰ খেতিও কোনো অৰণ্য অঞ্চলত কৰিব লাগিলে কেন্দ্ৰীয় চৰকাৰৰ অনুমতি ল’ব লাগে।
আইনখনত বিশদভাৱে উল্লেখ কৰা হৈছে যে মানুহে অৰণ্য অঞ্চলত চলোৱা বহুতো কাম-কাজ প্ৰত্যক্ষ বা পৰোক্ষভাৱে অৰণ্যৰ সুৰক্ষা তথা সংৰক্ষণৰ পৰিপন্থী। গতিকে তেনেবোৰ কাৰ্য্য প্ৰতিহত কৰা বা নিয়ন্ত্ৰিত কৰাৰ ব্যৱস্থা আইনখনত ৰখা হৈছে।
উৎস: পৰিৱেশ বিভাগ।
শেহতীয়া উন্নীতকৰণ: : 3/16/2020
বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২