দেশ এখনৰ সৰ্বাংগীণ বিকাশৰ বাবে শক্তি অপৰিহাৰ্য। শক্তি অবিহনে সমাজ প্ৰগতিৰ পথত আগবাঢ়ি যাব নোৱাৰে। সাম্প্ৰতিক সময়ত বিদ্যুত অবিহনে এক মিনটো মানৱ জীৱন যাপন কৰা অসম্ভৱ। সেয়ে প্ৰকৃতিৰ অনবদ্য দান পানী বা কয়লা ব্যৱহাৰ কৰি মানুহে নিজৰ বিদ্যুতৰ অভাৱ পূৰণ কৰি আহিছে। কিন্তু কয়লাৰ্ পৰা উৎপাদিত শক্তি অথবা জলবিদ্যুত শক্তিয়ে মানুহৰ বিদ্যুতৰ নাটনি এতিয়াও এটা ডাঙৰ সমস্যা হৈয়ে আছে। বিদ্যুতৰ লুকাভাকুত আমি অতিষ্ঠ। চৰকাৰক গালি পাৰিয়ে এইক্ষেত্ৰত দায় সাৰিব খোজো। ২০১৫ চনৰ অক্টোবৰ মাহলৈকে মজুত থকা তথ্যমতে, ভাৰতৰ মুঠ ১২৫ কোটি নাগৰিকৰ প্ৰায় ৩০ কোটিয়ে বৰ্তমানেও বিদ্যুত অবিহনে জীৱন-নিৰ্বাহ কৰি আছে। মম অথবা কেৰাচিনৰ চাকি-লেম্পৰ পোহৰতে এই ৩০ কোটি লোকে জীৱন পোহোৰাইছে। কিন্তু এই ৩০ কোটি মানুহকৈ বিদ্যুত যোগান ধৰাৰ বাবে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰখনে পদক্ষেপ হাতত লৈছে। ঘৰে ঘৰে বিজুলী-বাতি জ্বলোৱাৰ স্ংকল্প নৰেন্দ্ৰ মোদী চৰকাৰৰ। ইয়াৰ পৰিপ্ৰেক্ষিতত বিদ্যুতৰ চাহিদা বাঢ়িব। সেই অনুপাতে যোগান নাবাঢ়ে। যোগান বাঢ়িবলৈ উৎপাদন বাঢ়িব লাগিব। চাহিদা মতে উৎপাদন নাবাঢ়িলে বিদ্যুতৰ লুকা-ভাকু হ’বই। তথ্যমতে দেশৰ শাক্তিখণ্ডলৈ ৭০ শতাংশ বিদ্যুত তাপবিদ্যুত প্ৰকল্পৰ পৰা আহে। ১৭ শতাংশ বিদ্যুত জলবিদ্যুত, ৩.৫ শতাংশ বিদ্যুত পাৰমাণৱিক আৰু প্ৰায় ১০ শতাংশ নৱীকৰণযোগ্য সম্পদ যেনে-বায়ু ফাৰ্ম আৰু সৌৰ প্ৰকল্পৰ পৰা আহে।
তাপ বিদ্যুত উৎপাদনৰ বাবে কয়লাসমূহ জ্বলোৱ হয়। ফলত প্ৰকৃতিৰ অনবদ্য অৱদান কয়লা খনিসমূহ নি:শেষহ হোৱাৰ উপক্ৰম হৈছে। যিটো বহনক্ষম উন্ন্যন ধাৰনাৰ পৰিপন্থী। ঠিক তেনেদৰে জলবিদ্যুত প্ৰকল্পও মানৱ সমাজৰ লগতে পৰিৱেশৰ প্ৰতি ভাবুকি বুলি সৰত্ৰ চৰ্চা চলি আছে। পাৰমাণৱিক শক্তিৰ ধ্বংসাত্মক গুণৰ কথাও সৰ্বজনবিদিত। গতিকে, এইএক্ষেত্ৰত নৱীকৰণযোগ্য সম্পদ সৌৰশক্তি ভাৰতৰ দৰে দেশৰ বাবে আদৰ্শনীয় বিদ্যুতৰ উৎস হ’ব পাৰে। এই কথাত বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰখনেও গুৰুত্ব দিছে।ফ্ৰাঞ্চৰ ৰাজধানী চহৰ পেৰিছত অনুষ্ঠিত ৰাষ্ট্ৰস্ংঘৰ জলবায়ু পৰিবৱৰ্তন সন্মিলনত ভাৰতে ২০৩০ চনপৰ্যন্ত নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ ৪০ শতাংশলৈ বৃদ্ধি কৰাৰ পণ লৈছে। তদুপৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিলিকেন ভেলী ভ্ৰমণৰ সময়ত নৱীকৰণযোগ্য শক্তি ঘূৰণীয়া মেজমেল সন্মিলনত অংশ লৈ নৱীকৰণযোগ্য শক্তি উৎপাদন গুৰুত্ব আৰোপ কৰে। ইয়াৰ পিছতে কেন্দ্ৰীয় শক্তি, কয়লা, নব্য আৰু নৱীকৰণযোগ্য শক্তি বিভাগৰ ৰাজ্যমন্ত্ৰী পিযুষ গোৱেলে ২০২২ চনপৰ্যন্ত ভাৰতে ১৭৫ ৱাট নৱীকণযোগ্য শক্তি উৎপাদন কৰিব বুলি ঘোষণা কৰে। ইয়াৰ ভিতৰত ১০০ ৱাট সৌৰশক্তি অৰু ৫৭ ৱাট বায়ুশক্তি।
সৌৰশক্তি বা বায়ুশক্তি উৎপাদনত প্ৰকৃতিৰ একো ক্ষতি নহয়। যদি উপযুক্ত পদ্ধতি আৰু সুপৰিকল্পনাৰে চৰকৰে এই দুবিধ শক্তি উৎপাদনত গুৰুত্ব দিয়ে, তেন্তে ভাৰত শক্তিৰ উৎপাদনত স্বালম্বী হোৱাই নহয়, চুবুৰীয়া দেশসমূহক যোগান ধৰিব পাৰিব।টনকিয়াল হ’ব দেশৰ অৰ্থনীতি। ভাৰতৰ প্ৰায় ৭০ শতাংশ মানুহে বৰ্তমানেও গ্ৰামাঞ্চলত বাস কৰে। এই গাওবোৰ পোঁহৰাই তোলাৰ বাবে প্ৰকৃতিৰ পৰা বিনাকষ্টে পোৱা সৌৰশক্তি ব্যৱহাৰ কৰিব পাৰি। তেতিয়া বিদ্যুত ৰাহি হ’ব। এইক্ষেত্ৰত সদিচ্চাৰ প্ৰয়োজন। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সমন্বয় আৰু সহযোগিতত গ্ৰামাঞ্চলসমূহত সৌৰ অথবা বায়ুশক্তি উৎপাদন আৰু ব্যৱহাৰৰ এক স্ংস্কৃতিৰুপে গঢ়ি তুলিব পৰা যায়। ইয়াৰ খৰচো তুলনামূলকভাৱে কম হ’ব। আমাৰ ৰাজ্য অসমত সৌৰশক্তি ব্যৱহাৰ বৰ্তমানেও তেনেই চালুকীয়া হৈয়েআছে। কিছুক্ষেত্ৰত ৰাজ্য চৰকাৰে গুৰুত্ব দিয়া পৰিলক্ষিত হয় যদিও বিভাগীয় আমোলা-বিষয়াৰ পিছহোঁহকা মনোভাৱত সফল হ’ব পৰা নাই। ২০০১ চনৰ পৰা ২০১৪ চনলৈ ৰাজ্যচৰকাৰে ৯৩০০০ ছাত্ৰ-ছাত্ৰীৰ মাজত সৌৰ লেম্প বিতৰণ কৰে বুলি জানিব পৰা গৈছে। ঘৰে ঘৰে সৌৰ শক্তি ব্যৱহাৰত চৰকাৰে গুৰুত্ব দিব লাগিব। লগতে ৰাইজৰো সজাগতা লাগিব। প্ৰকৃতি বিনষ্ট নোহোৱাকৈ পাব পৰা শক্তি ব্যৱহাৰ কৰি আমাৰ ঘৰখন পোহৰাই তোলো আহক। এয়াই হওক আমাৰ লক্ষ্য।
বিজয় কৃষ্ণ কোঁছ, আমাৰ অসম
শেহতীয়া উন্নীতকৰণ: : 3/13/2020
অযথা বিষৰ ঔষধৰ ব্যৱহাৰে বিপদ মাতি আনে
অগৰুৰ ব্যৱহাৰ
অসমৰ বাদ্যযন্ত্ৰ
অনিষ্টজনক মুখাভ্যাস