ভাৰতত কৃষি, কৃষি- উদ্যোগ আৰু অৰণ্য অঞ্চল আদিৰ পৰা অধিক পৰিমাণৰ জৈৱ সামগ্ৰী উৎপন্ন হয়৷ এক আনুমানিক হিচাপৰ মতে, প্ৰত্যেক বছৰে ৫০০ মিলিয়ন টন কৃষি, কৃষি- উদ্যোগৰ অৱশিষ্ট এনে পৰি থাকে৷
এই পদ্ধতিৰ বাবে ব্যৱহৃত সৰঞ্জামসমূহ কয়লা চালিত তাপ শক্তি উৎপাদন পদ্ধতিৰ সৈতে একে আৰু সেয়ে, কোনো নতুন কাৰিকৰী কৌশল উন্নত কৰাৰ প্ৰয়োজন নাই৷
পিচপৰা অঞ্চলসমূহত এই সামগ্ৰীসমূহ সহজলভ্য হোৱা হেতুকে, সেই অঞ্চলসমূহত বিদ্যুত যোগান উন্নত কৰিবৰ বাবে এই পদ্ধতি উত্তম৷
কাম-কাজৰ অৱস্থা চাই বিভিন্ন প্ৰকাৰৰ জৈৱ পদাৰ্থ এই একে পদ্ধতিত ব্যৱহাৰ কৰিব পাৰি৷
জৈৱ পদাৰ্থৰ ব্যয়ৰ সাধাৰণ মূলধনৰ পৰিসৰ ৩ কৌটি টকা/মেগাৱাট ৰ পৰা ৪ কৌটি টকা/মেগাৱাট৷ উৎপাদনৰ ব্যয় জৈৱিক পদাৰ্থৰ ব্যয়, পদ্ধতিটোৰ ক্ষমতা আৰু ৰূপান্তৰ দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰে৷
সম্পূৰ্ণ প্ৰজ্বলনৰ বাবে আৱশ্যক হোৱা বাস্তবিক প্ৰয়োগতৰ বায়ুতকৈ নিম্ন মাপৰ বায়ু যোগানৰ দ্বাৰা এক আংশিক প্ৰজ্বলনৰ যোগেদি গোটা পদাৰ্থসমূহ জ্বলাব পৰা গেছ মিশ্ৰণলৈ(উত্পাদিত গেছ) ৰুপান্তৰ কৰা এক তাপ ৰাসায়নিক প্ৰক্ৰিয়াই হ’ল জৈৱ পদাৰ্থৰ বাস্পীভৱন৷ উত্পাদিত গেছৰ সাধাৰণ উপাদান তলত উল্লেখ কৰা হ’ল৷
পৰিস্কাৰ উত্পাদিত গেছ বিদ্যুত শক্তি উত্পাদনৰ কাৰণে ডুৱেল-ফুৱেলৰ আইচি ইঞ্জিন (য’ত ডিজেল 60%-80% লৈকে বচাব পৰা যায়)ৰ জড়িয়তে ,নতুবা 100% গেছ-ফায়াৰড স্পাৰ্ক ইগনিশ্যন ইঞ্জিনসমূহত ব্যৱহাৰ কৰিব পাৰি৷ সৰু বয়লাৰ, অগ্নিশাল, হট এয়াৰ জেনেৰেটৰ , ড্ৰায়াৰ আদিত উত্তপ্ত কৰিবলৈ গতানুগতিক ভাৱে ব্যৱহাৰ কৰি থকা শক্তিৰ সালসলনি কৰিবলৈও এই উত্পাদিত শক্তি ব্যৱহাৰ কৰিবও পাৰি৷
জৈৱপদাৰ্থ বাস্পীভূত কৰা পদ্ধতি বিদ্যুতৰ সমকক্ষ কিলোৱাটৰ পৰা মেগাৱাট ক্ষমতাৰ পৰিসৰত তৈয়াৰ কৰা হয়৷ উত্তাপিত কৰা পদ্ধতিসমূহত, কাৰেন্টৰ উচ্চ সীমা তেল ব্যৱহাৰৰ 200- 300কেজি/ঘন্টাৰ সমান৷
সাধাৰণ জৈৱপদাৰ্থ বাস্পীভৱন সম্বন্ধীয় বিদ্যুত উত্পাদন পদ্ধতিৰ ব্যয়ৰ পৰিসৰ 4 কৌটি টকা/মেগাৱাট ৰ পৰা 4.5 কৌটি টকা/মেগাৱাট৷ জৈৱ পদাৰ্থ, পদ্ধতিটোত ব্যৱহাৰ কৰা সামগ্ৰী আদিত মূল্যৰ ওপৰত শক্তি উত্পাদনৰ ব্যয় নিৰ্ভৰ কৰে , আৰু ইয়াক 2.50/ কিলোৱাট আৰু 3.50/কিলোৱাটৰ মাজত অনুমান কৰিব পৰা যায়৷ তাপ প্ৰয়োগৰ ক্ষেত্ৰত, 1 মিলিয়ন কিলোকেলৰিত মূল ব্যয় প্ৰায় 0.5-0.7 কৌটি টকাৰ ভিতৰত অনুমান কৰা হয়৷
সাধাৰণ অথৰ্ত, একক ইন্ধন ব্যৱহাৰ কৰি এটাতকৈ অধিক শক্তি শৃংখলত উত্পাদন কৰা পদ্ধতিয়েই হ’ল সহ-উত্পাদন৷ উত্পাদনক্ষম উদ্যোগসমূহত ইন্ধন ব্যৱহাৰ কৰাৰ সকলো দক্ষতা তাপ আৰু বিদ্যুতৰ সহ উত্পাদনেৰে লক্ষণীয়ভাৱে বৃদ্ধি কৰিব পাৰি৷ এক নিৰ্ভৰযোগ্য অনুপাতত অবিৰত তাপ আৰু বিদ্যুতেই হ’ল সহ উত্পাদনৰ বাবে এটা নুন্যতম আৱশ্যকীয়তা যাক চেনীৰ উদ্যোগ সমূহত সম্পূৰ্ণৰুপে কামত লগোৱা হৈছে৷ বিদ্যুত উত্পাদনৰ সময়ত, এটা নিম্ন তাপমাত্ৰাৰ চৌব্বাচ্চালৈ বহু পৰিমানৰ তাপ এৰি দিয়া হয়৷ সাধাৰণ বিদ্যুত উত্পাদন পদ্ধতিত, এই তাপ এৰি দিয়া ক্ৰিয়া কণ্ডেনচাৰত সংঘটিত হয়,য’ত 70% তাপ বায়ুমণ্ডললৈ এৰি দিয়া হয়৷ সহ উত্পাদন অৱস্থাত, এই তাপৰ অপব্যয় নহয়, ইয়াৰ পৰিবৰ্তে পদ্ধতিটো উত্তাপিত হোৱাত প্ৰয়োজন হয়৷
এই পদ্ধতিটোত ব্যৱহাৰ হোৱা মূল সৰঞ্জাম হ’ল উচ্চ তাপত জাৱৰ-জোথৰ জ্বলোৱাৰ পাত্ৰ, তাপ প্ৰবাহ যন্ত্ৰ, আৰু ভিতৰৰ জালিকা সদৃশ পদ্ধতি৷ এই সকলোবোৰ সৰঞ্জাম স্থানীয় ভাৱে নিৰ্মাণ কৰা হয়৷
ইন্ধন ব্যৱহাৰ কৰাৰ মুঠ ক্ষমতা এইদৰে 60% লৈকে অথবা কিছুমান ক্ষেত্ৰত ইয়াতকৈও অধিক পৰিমাণে বৃদ্ধি কৰিব পৰা যায়৷ এশ কিলোৱাটতকৈ কম তাপৰ পৰা (কিলোৱাট তাপ) বহু পৰিমাণৰ মেগাৱাট (মেগাৱাট তাপ) তাপ অবিৰত ভাৱে উত্পাদন হোৱাৰ সমভাৱে, সহ উত্পাদন পদ্ধতিৰ দক্ষতাও অতি কম কিলোৱাটৰ পৰা বেছি কিলোৱাট পৰিমাণলৈ উঠা নমা কৰিব পাৰে।
চেনীৰ উদ্যোগত স্থাপন কৰা জাৱৰ-জোথৰ সমন্ধীয় তাপ উত্পাদন কৰা পদ্ধতিত ব্যয় হোৱা ধনৰ পৰিসৰ 3 কৌটি টকা/মেগাৱাটৰ পৰা 4 কৌটি টকা /মেগাৱাট বুলি জনা যায়৷ সাধাৰণ চেনীৰ উদ্যোগত এইটো দেখা যায় যে, গড়ে ১৬০ দিনৰ ভংগনৰ বাবে, সহ উত্পাদনৰ দ্বাৰা কৰা অতিৰিক্ত শক্তি উত্পাদনে দীৰ্ঘ সময়ৰ বাবে লাভাম্বিত কৰে৷
ৰাষ্ট্ৰত বতৰ্মান থকা চেনীৰ উদ্যোগসমূহত সহ উত্পাদনৰ প্ৰজেক্টৰ পৰা হোৱা অতিৰিক্ত শক্তি উৎপাদনৰ অনুমানিকতা হ’ল 3500 মেগাৱাট৷
উৎস: আইএনডিজি দল
শেহতীয়া উন্নীতকৰণ: : 3/12/2020
উন্নত চৌকাৰ নিৰ্মাণ প্ৰণালী
অসমত সঁচাকৈয়ে বাৰু বিদ্যুতৰ নাটনি হৈছেনে?
অপৰম্পৰাগত শক্তি আৰু ভাৰতবৰ্ষ
খাৰুৱা তেলৰ মূল্য হ্ৰাস হোৱাৰ কাৰক আৰু প্ৰভাৱ