বিবাহ পঞ্জীয়ন কিমান গুৰুত্বপূৰ্ণ, সেই কথা আজি আৰু কাকো বুজাই দিবলগীয়া নহয়। আজিৰ দম্পতীয়েও এই গুৰুত্ব বুজি পায়। কিন্তু নৱ-বিবাহিতসকলেনো কিদৰে বিবাহ পঞ্জীয়ন কৰিব পাৰে, সেই বিষয়ে ইয়াত অৱগত কৰিব বিচৰা হৈছে –
নিজৰ জিলাৰ বিবাহ পঞ্জীয়কৰ সন্মুখত বিবাহ পঞ্জীয়ন কৰিব লাগে। নিজৰ জিলাৰ নহ’লেও দৰা বা কইনা যদিহে কোনো এঠাইত ৩০ দিনতকৈ বেছি দিন বাস ক ৰে তেন্তে সেই ঠাইৰ পঞ্জীয়কৰ হতুৱাই বিবাহ পঞ্জীয়ন কৰিব পাৰি। পঞ্জীয়নৰ বাবে আবেদন কৰা প্ৰয়োজন। আপোনাৰ আবেদন-পত্ৰখন পঞ্জীয়কৰ কাৰ্য্যালয়ত থকা নোটিচ ব’ৰ্ডত আৰি দিয়া হয়। এনে কৰাৰ উদ্দেশ্য হৈছে যদিহে কাৰোবাৰ কিবা আপত্তি আছে, তেন্তে সেয়া পঞ্জীয়কক জনাব পাৰে। যদিহে ৩০ দিনৰ ভিতৰত কোনো আপত্তি উত্থাপন নহয়, তেন্তে ‘ স্পেচিয়েল মেৰেজ এক্ট ১৯৫৪’ অনুসৰি বিবাহ সম্পন্ন হয়।
ক’ৰ্ট মেৰেজ
বহুতে আকৌ আদালততে বিবাহ সম্পন্ন কৰে। ইয়াৰ বাবে অধিবক্তা নধৰিলেও হয়। পঞ্জীয়কৰ সন্মুখত দৰা আৰু কইনাৰ ফালৰ পৰা তিনিজন সাক্ষী উপস্থিত থাকিলেই হ’ল। সাক্ষীসকল কোনো এজনৰ পক্ষৰ হ’লেও কথা নাই। আদালত হোৱা বিবাহৰ ক্ষেত্ৰত প্ৰয়োজনীয় তথ্যপাতি হ’ল– বয়সৰ প্ৰমাণপত্ৰ, বাসস্থানৰ প্ৰমাণপত্ৰ, দুখন পাছপ’ৰ্ট আকাৰৰ ফটোগ্ৰাফ।
স্পেচিয়েল মেৰিজ এক্ট, ১৯৫৪: পাত্ৰ-পাত্ৰী যদিহে বেলেগ বেলেগ ধৰ্ম বা সম্প্ৰদায়ৰ হয়, তেন্তে হয় নিজৰ ধৰ্মৰ আইন মতে (যেনে : হিন্দু মেৰিজ এক্ট) বিবাহপাশত আৱদ্ধ হ’ব লাগিব নতুবা ‘ স্পেচিয়েল মেৰিজ এক্ট ১৯৫৪’ ৰ শৰণাপন্ন হৈ বিবাহ সম্পন্ন কৰিব পাৰিব। এই আইনৰ দ্বাৰা বিবাহ হোৱাৰ কেইটামান চৰ্ত আছে, সেয়া হ’ল –
(ক) বিবাহৰ বাবে ইচ্ছুক যুৱক-যুৱতী দুয়ো বিবাহোপযুক্ত (অৰ্থাত্ ল’ৰাৰ বয়স কমেও ২১ আৰু ছোৱালীৰ কমেও ১৮) হ’ব লাগিব।,
(খ) দুয়োপক্ষ পূৰ্বে অবিবাহিত হ’ব লাগিব আৰু দুয়ো কোনো সম্পৰ্কীয় আত্মীয় হ’ব নালাগিব, আৰু
(গ) পাত্ৰ কিম্বা পাত্ৰীৰ আৰ্থিক স্থিতি, জাতি নাইবা ধৰ্মৰ গুৰুত্ব এই আইনে কেতিয়াও বিচাৰ নকৰে।
উল্লেখযোগ্য যে মুখ্যত: প্ৰেমিক-প্ৰেমিকাই এই আইনৰ যোগেদি নিজৰ বিবাহৰ স্বপ্ন সাকাৰ কৰে। সেয়ে এই আইনখনক ‘লাভ মেৰিজ আইন’ বুলিও কোৱা হয়। অসবৰ্ণ আৰু আন্ত:ধৰ্মীয় বিবাহৰ পক্ষে এই আইনেই একমাত্ৰ ভৰসা।
লেখিকা: সুবাসনা চৌধুৰী, প্ৰিয় সখী
শেহতীয়া উন্নীতকৰণ: : 6/24/2020
কাৰ্বী জনগোষ্ঠীৰ বিবাহ আদম আছাৰ
বাল্যবিবাহৰ প্ৰতিকাৰৰ বাবে উপায়সমূহ ইয়াত দিয়া হৈছে...
চাহ জনগোষ্ঠীৰ বিবাহ অনুষ্ঠান
পঞ্জীয়ন আৰু নিযুক্তিৰ যোগ্যতা