অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভূমিকম্প

ভূমিকম্প অতীতৰপৰা এতিয়ালৈকে হৈয়েই আছে। অতীতত ভূমিকম্প কম হৈছিল বা এতিয়া বেছি হৈছে-এনেধৰণৰ কোনো কথা নাই। আচলতে আগতে উপযুক্ত যন্ত্রপাতিৰ অভাৱত কিছুমান ভূমিকম্প ‘ৰেকৰ্ড’ নোহোৱাকৈয়ে থাকি গৈছিল। বৰ্তমান ভূমিকম্প ‘ৰেকৰ্ড’ কৰা যিবোৰ সঁজুলি আছে, সেইবোৰে প্ৰতিবছৰে বিশ্বত প্রায় ৫,০০,০০০ টা মান ভূমিকম্প ধৰা পেলাব পাৰে।

ভূমিকম্পৰ কাৰণ

বিভিন্ন কাৰণত ভূমিকম্প হ’ব পাৰে। কোনো বৃহৎ ভূমিখণ্ড হঠাতে খহি পৰিলে ভূমিকম্প হ’ব পাৰে, ভূগৰ্ভৰ জুলীয়া অৱস্থাত থকা পদাৰ্থবোৰৰ গতিৰ বাবে হ’ব পাৰে, আগ্নেয়গিৰিৰ উদ্গীৰণৰ বাবে হ'ব পাৰে, কোনোবা উল্কাপিণ্ডই পৃথিৱীত খুন্দা মাৰিলেও সেই স্থানত ভূমিকম্প হ’ব পাৰে। কিন্তু এইবোৰ কাৰণত যিবোৰ ভূমিকম্প হয় সেইবোৰ ভূমিকম্পৰ প্ৰাবল্য বৰ বেছি নহয়। আমি

যিবোৰ বিধ্বংসী ভূমিকম্পৰ কথা জানি আহিছো, তাৰ প্ৰায় সকলোবোৰৰে উৎপত্তিৰ কাৰণ হ’ল পৃথিৱীৰ খোলা (বা ভূত্বকৰ) দুর্বল অংশইদি হঠাতে যথেষ্ট শক্তি নির্গত হৈ যোৱা। ভূত্বকৰ সেই দুর্বল অংশবোৰক কোৱা হয় ফল্ট লাইন আৰু ফল্ট প্লেন।

অৱশ্যে বিজ্ঞানীসকলে এই কথা কৈছে যে সাধাৰণতে ভূমিকম্পৰ ফলত ভূগৰ্ভত উদ্ভুত শক্তিৰ মাত্ৰ দহ শতাংশমানহে বিকিৰণ ঘটে। তেনে শক্তিৰ বিকিৰণ হয় ভূপৃষ্ঠৰ ওপৰেদি যোৱা ছিছমিক তৰংগৰ যোগেদি। এনে ভূমিকম্পবোৰক টেক্‌টনিক ভূমিকম্প বুলি কোৱা হয়।

ভূমিকম্প এক প্রাকৃতিক পৰিঘটনা তথা দুর্যোগ। সকলো প্ৰাকৃতিক দুর্যোগৰ ভিতৰত সম্ভৱ ভূমিকম্পই হ’ল আটাইতকৈ ভয়াৱহ। কোনো আগজাননী নিদিয়াকৈ ই হঠাতে আহে আৰু মুহূৰ্তৰ ভিতৰতে এক বিস্তীর্ণ অঞ্চল ধ্বংস কৰি গুচি যায়। বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে মানুহে নিজকে বিভিন্ন প্রাকৃতিক বিপর্যয়ৰ পৰা ৰক্ষা কৰিবলৈ বিভিন্ন ব্যৱস্থা লৈছে। কিছুমান প্রাকৃতিক দুর্যোগৰ আগজাননী পোৱাৰ ব্যৱস্থাও আছে। কিন্তু ভূমিকম্পৰ ওচৰত মানুহ সেই আগৰ দৰেই নিৰুপায়। অসহায়ভাৱে ধ্বংসলীলা প্রত্যক্ষ কৰাৰ বাহিৰে আন একো কৰাৰ উপায় নাই। ভূমিকম্প অতীতৰপৰা এতিয়ালৈকে হৈয়েই আছে। অতীতত ভূমিকম্প কম হৈছিল বা এতিয়া বেছি হৈছে—এনে ধৰণৰ কোনো কথা নাই। আচলতে আগতে উপযুক্ত যন্ত্র পাতিৰ অভাৱত কিছুমান ভূমিকম্প ৰেৰ্কড নোহোৱাকৈয়ে থাকি গৈছি-কৰে।

বিভিন্ন টেক্‌টনিক প্লেট

পৃথিৱীৰ খোলাটো একেখন পৃষ্ঠাৰে গঠিত নহয়। ই আচলতে কেইখন ধেনুভিৰীয়া কঠিন পৃষ্ঠাৰেহে গঠিত। সেইকেইখনকে টেক্‌টনিক প্লেট বোলা হয়। পৃথিৱীত সাতখন প্ৰাইমেৰী টেক্‌টনিক প্লেট আছে। সেইকেইখন হ'ল- আফ্রিকান প্লেট, এন্টার্কটিক প্লেট, ইউৰেছিয়ান প্লেট, ইণ্ডো-অষ্ট্ৰেলিয়ান প্লেট, নর্থ আমেৰিকান প্লেট, পেচিফিক প্লেট আৰু ছাউথ আমেৰিকান প্লেট। আনহাতে এই মূল প্লেটকেইখনৰ ওপৰতে আন কেইখনমান ছেকেণ্ডাৰী প্লেট আছে। সেই কেইখন হ’ল— আৰবিয়ান প্লেট, কেৰিবিয়ান প্লেট, কক'ছ প্লেট, ইণ্ডিয়ান প্লেট, জুৱান ডি ফুক প্লেট। নাঝকা প্লেট, ফিলিপাইন ছী প্লেট আৰু স্কটিয়া প্লেট। বিভিন্ন ভূগর্ভস্থ কাৰণৰ ফলত সেই টিক্‌টনিক প্লেটবোৰৰ এখনে আনখনৰ ফালে গতি কৰিব পাৰে আৰু এনেকৈ এখনে আনখনৰ ওপৰত হেঁচা প্ৰয়োগ কৰে। যেতিয়ালৈকে এই হেঁচাৰ ফত এখন প্লেটে আনখন প্লেটৰ ওপৰেদি বা কাষেদি গতি কৰিব পাৰে, তেতিয়ালৈকে বিশেষ কথা নাই। পিছে এনেকৈ গতি কৰি কৰি এটা সময়ত দুয়োখন প্লেটৰ অৱস্থান ‘লক’ হৈ যায়, মানে সেই হেঁচাই কাকো গতি কৰাব নোৱাৰা হয়। তেতিয়া সেই দুয়োখন প্লেটৰ সংযোগস্থলত খুব বেছি প্রতিচাপৰ (Stress) সৃষ্টি হয়। এই প্ৰতিচাপ যদি ভূপৃষ্ঠৰ কোনো দুর্বল অংশইদি, মানে ফল্ট লাইনেদি, বাহিৰলৈ ওলাই আহিব পাৰে, তেন্তে প্ৰতিচাপৰ প্ৰচণ্ড শক্তিৰ ফলত পৃথিৱীত ভূমিকম্পৰ সৃষ্টি হয়। আনহাতে কেতিয়াবা স্থিতিস্থাপকতা ধৰ্মৰ বাবে প্লেটবোৰ পূৰ্বৰ অৱস্থালৈ ঘূৰি যাব বিচাৰে আৰু অনুকূল পৰিস্থিতিত সেই সুবিধা পালে পুনৰ আগৰ অৱস্থানলৈ ঘূৰি আহে। তেতিয়াও শক্তিৰ উদ্ভৱ হয় আৰু সেই শক্তি ভূত্বকৰ দুর্বল অংশই দি বাহিৰলৈ ওলাই আহিলে ওচৰ-পাঁজৰৰ অঞ্চলত প্ৰকাণ্ড জোকাৰণিৰ সৃষ্টি হয়। এই জোকাৰণিয়ে ভূমিকম্পৰ সৃষ্টি কৰে আৰু তৰংগ হিচাপে ভূপৃষ্ঠইদি গতি কৰে। ভূপৃষ্ঠৰ দৰে কঠিন অংশ বা মাধ্যমত পানীৰ তৰংগৰ দৰে তৰংগ সৃষ্টি কৰিবলৈ কিমান প্রচণ্ড শক্তিৰ প্ৰয়োজন আমি সহজেই অনুভৱ কৰিব পাৰোঁ।

পৃথিৱীৰ অস্থিৰ অন্তৰ্ভাগ

কিছুসংখ্যক ভূতত্ববিদৰ মতে পৃথিৱীৰ কোনো কোনো পৰ্বতমালাৰ ওচৰ-পাঁজৰৰ অঞ্চলসমূহ এতিয়াও - সুস্থিৰ অৱস্থালৈ অহা নাই। সেইবোৰ অঞ্চলত পৃথিবীৰ অন্তৰ্ভাগৰ জুলীয়া অৱস্থাত থকা অতি উত্তপ্ত পদাৰ্থবোৰ পৃথিৱীৰ খোলাৰ ওপৰত ওপঙি আছে। অৱশ্যে সেইবোৰ সাধাৰণতে সাম্য অৱস্থাতে থাকে। কিন্তু কেতিয়াবা এই সাম্য অৱস্থাত ব্যাঘাত জন্মিলে নতুন সাম্য অৱস্থাপ্ৰাপ্ত হ'বলৈ জুলীয়া অংশই লৰচৰ কৰে আৰু ওপৰলৈ বা তললৈ যাব খোজে। তেতিয়া সেই অঞ্চলত ভূমিকম্প হ’ব পাৰে। হিমালয় পর্বতমালা আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত এনে কাৰণতে ভূমিকম্প হয়।

ভূমিকম্পৰ লগত সম্পর্কিত বিভিন্ন ৰাশিবোৰ, যেনে—কম্পন, ভূতৰংগ, হাইপ’চেন্টাৰ, এপিচেণ্টাৰ, ৰিখ্‌টাৰ স্কেল আদি। মূলত টেক্‌টনিক ভূমিকম্পৰ লগতহে সম্পর্কিত। প্ৰায় সকলোবোৰ প্ৰবল আৰু বিধ্বংসী ভূমিকস্পই হ'ল টেক্‌টনিক ভূমিকম্প। গতিকে ইয়াত আমি মূলতঃ টেক্‌টনিক ভূমিকম্পৰ কথাহে আলোচনা কৰিম।

ভূমিকম্প ক’ত বেছিকৈ হয়?

পৃথিৱীত প্ৰৱল ভূমিকম্পৰ সম্ভাৱনা থকা অঞ্চল মূলত দুটা। এই দুয়োটা হ'ল দুখন টেক্‌টনিক প্লেটৰ সংগমস্থলী। ইয়াৰ প্ৰথমটো অঞ্চলে দক্ষিণ এছিয়াৰ ভূমধ্য সাগৰীয় অঞ্চল আৰু পূব আফ্রিকাক সামৰি লৈছে।

আনহাতে দ্বিতীয় অঞ্চলটোক কোৱা হয় ‘ৰিং অব্‌ ফায়াৰ (Ring of fire)। এই ৰিং বা বলয়ে প্রশান্ত মহাসাগৰীয় অঞ্চলটোক আৱৰি লৈছে। উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ পশ্চিম উপকূল, এছিয়া মহাদেশৰ পূব উপকূল (জাপানকে ধৰি) আৰু নিউজিলেণ্ড এই অঞ্চলৰ ভিতৰত পৰে। এই অঞ্চলবোৰত ভূমিকম্প হোৱাৰ পৰিমাণ আৰু সম্ভাৱনা দুয়োটাই বেছি। আনহাতে পৃথিৱীৰ কিছুমান অঞ্চলত স্বাভাৱিকভাৱেই ভূমিকম্প হোৱাৰ প্রৱণতা কম। আফ্ৰিকাৰ দক্ষিণ অঞ্চল, ইউৰোপৰ মধ্য অঞ্চল, ব্ৰিটিছ দ্বীপপুঞ্জ আদি এনে অঞ্চলৰ ভিতৰুৱা। কিন্তু এইটো কথাও সত্য যে পৃথিৱীৰ কোনো অঞ্চলেই ভূমিকম্পৰ সম্ভাৱনাৰপৰা সম্পূর্ণ মুক্ত নহয়। টেক্‌টনিক ভূমিকম্পৰ কেন্দ্র বিন্দুটো (য’ৰপৰা কম্পন তৰংগৰ সৃষ্টি হয়) ভূত্বকৰ যথেষ্ট তলত থাকে। তাক ভূমিকম্পৰ হাইপ’চেন্টাৰ (Hypocenter) বুলি কোৱা হয়। আনহাতে হাইপ'চেণ্টাৰৰ ঠিক ওপৰতে থকা ভূপৃষ্ঠৰ বিন্দুটোক কোৱা হয় এপিচেণ্টাৰ (Epicenter)। ভূপৃষ্ঠৰ ওপৰত এই এপিচেণ্টাৰৰপৰাই তৰংগৰ সৃষ্টি হয়, আৰু এই টেী বা তৰংগবোৰ মূল স্থানৰপৰা বৃত্তাকাৰে আঁতৰি গৈ থাকে। এনেকৈ গৈ থাকোতে এই তৰংগবোৰে শক্তি হেৰুৱায় আৰু সেইবাবে এক নিৰ্দিষ্ট অঞ্চলৰ পিছত তেনে কম্পন কোনেওঁ অনুভৱ নকৰে। কোনো ভূমিকম্পৰ এপিচেণ্টাৰ সাগৰত হ’লে তাত ছুনামি সৃষ্টি হ'ব পাৰে।

তৰংগবোৰ কেনেকৈ আহে?

ভূমিকম্পই তিনিবিধ তৰংগৰ সৃষ্টি কৰে। এই তিনিবিধ তৰংগ হ’ল প্রাথমিক তৰংগ (Primary wave), গৌণ তৰংগ (Secondary Wave) প্ৰসাৰণ ঘটে। আৰু দীৰ্ঘ তৰংগ। প্ৰাথমিক তৰংগৰ দিশ ভূত্বকৰ সংকোচন বা প্ৰসাৰণৰ দিশৰ সৈতে একে। আনহাতে গৌণ আৰু তৰংগৰ গতিৰ দিশৰ লম্ব দিশত ভূত্বকৰ সংকোচন বা প্ৰসাৰণ ঘটে। প্রাথমিক তৰংগৰ বেগ বাকী দুটা তৰংগতকৈ বেছি। সেইবাৰে ভূমিকম্প হ’লে প্রথমে প্রাথমিক তৰংগ আহি ওচৰ-পাজৰৰ অঞ্চলসমূহত মৃদু জোকাৰণিৰ সৃষ্টি কৰে। তাৰ পিছত আহি পায় গৌণ তৰংগবোৰ। গৌণ তৰংগবোৰে প্ৰাথমিক তৰংগতকৈ বেছি জোকাৰণিৰ সৃষ্টি কৰে। তাৰ কিছু পিছতহে (হ’লেও ছেকেণ্ডৰ হিচাপত) আহি পায় দীর্ঘ তৰংগবোৰ। এই তৰংগবোৰে পিছে ভয়াৱহ, ধ্বংসকাৰী জোকাৰণিৰ সৃষ্টি কৰে। সেইবাবে কোনো ঠাইত ভূমিকম্প হ’লে প্ৰথমতে মৃদু জোকাৰণিৰ সৃষ্টি হয় আৰু তাৰ পিছত অহা জোকাৰণিবোৰ বেছি তীব্রতৰ হয়।

লিখক: অভিজিত শৰ্মা বৰুৱা।

শেহতীয়া উন্নীতকৰণ: : 2/14/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate