বৰ্তমান আধুনিক চিকিৎসা পদ্ধতি, শিক্ষা, সাৱধানতাৰ বাবে বিশ্বত বয়সস্থ লোকৰ সংখ্যা ক্ৰমাগতভাৱে বাঢ়িবলৈ ধৰিলে। গতিকে প্ৰতিৰোধী ব্যৱস্থাৰ দ্বাৰা বয়সস্থ লোকৰ মৃত্যুৰ হাৰ কমোৱাই নহয়, আনৰ ওপৰত নিৰ্ভৰ নকৰাকৈ কিছুদিন থাকিব পাৰি।
সচৰাচৰ ৬০ বছৰৰ ঊৰ্দ্ধৰ লোকসকলৰ তলত উল্লেখ কৰা ৰোগসমূহ হোৱাৰ সম্ভাৱনা বেছি। যেনে-কথা পাহৰি যোৱা, একেবাৰে মগজুৰ ভাৰসাম্য হেৰুওৱা, ষ্ট্ৰোক-মগজুৰ ৰক্তক্ষৰণ আৰু পক্ষাঘাত ৰোগ, চকুৰ ছানি পৰা, চকুৰ ভিতৰৰ পৰ্দাৰ ৰোগ, থাইৰয়ড কৰ্কট, মুখ ডিঙিৰ কৰ্কট ৰোগ, হৃদৰোগ, বহুমূত্ৰ ৰোগ, বৃক্কৰ ৰোগ, হাড়ৰ মজ্জা কোমল হোৱা, কেলছিয়াম কমি যোৱা, কাণেৰে কম শুনা বা নুশুনা, দুৰ্বলতাৰ বাবে পৰি হাত-ভৰি ভঙা, মহিলাৰ ক্ষেত্ৰত স্তনৰ, যৌনাংগৰ কৰ্কট ৰোগ, পাকস্থলীৰ কৰ্কট ৰোগ, হতাশা, পুৰুষৰ ক্ষেত্ৰত প্ৰষ্টেট গ্ৰন্থি ডাঙৰ হোৱা বিভিন্ন উপসৰ্গ, শ্বাস-প্ৰশ্বাসৰ কষ্ট বা হাওঁফাওঁৰ বেমাৰ যাৰ ফলত উশাহ-নিশাহ লওঁতে কষ্ট হয় ইত্যাদি।
মৃত্যুৰ পৰা কোনো সাৰিব নোৱাৰে, কিন্তু প্ৰাথমিক সাৱধানতা ল’লে অন্তত: আনৰ ওপৰত নিৰ্ভৰ নকৰাকৈ আৰু কষ্ট নোপোৱাকৈ জীয়াই থকাৰ সম্ভাৱনা থাকে। তলত উল্লেখিত সাৱধানতাসমূহ প্ৰায় ৩০-৪০ বছৰৰ পৰা আৰু ৬০ বছৰৰ পিছৰ পৰা বিশেষ যত্ন লোৱা উচিত।
চাধা, তামোল, জৰ্দা আদি খোৱাৰ অভ্যাস ত্যাগ। উত্তৰ-পূব ভাৰতত বিশেষকৈ অসমত ডিঙি, মুখৰ খাদ্য নলীৰ কৰ্কট ৰোগ বেছি আৰু ইয়াৰ মূল কাৰণ ধপাত জাতীয় বস্তু খোৱাৰ অভ্যাস।
সুৰাপানৰ অভ্যাস পৰিত্যাগ কৰা। মদ খোৱাৰ ফলত লিভাৰ ছিৰ’ছিছ, সুৰাপানজনিত লিভাৰ ছিৰ’ছিছ হৈ বহু মানুহৰ অকাল মৃত্যু হয়। মদ খোৱাৰ ফলত লিভাৰ ছিৰ’ছিছ হ’লে পেটত পানী জমা হয় আৰু অন্তিম পৰ্য্যায় পালে কোনো বিশেষ চিকিৎসা নাই। শেষ চিকিৎসা হ’ল যকৃতৰ প্ৰতিষ্ঠাপন, যিটো ৯৯ শতাংশ মানুহৰ বাবে অসম্ভৱ, দুটা কাৰণত যকৃত দান কৰা মানুহৰ অভাৱ আৰু খৰচো বহু আৰু শেষ ফলাফলো কিমানদিন ক’ব নোৱাৰি।
বয়স বাঢ়ি অহাৰ লগে লগে শৰীৰৰ পাকস্থলীৰ ওচৰত থকা বিটাকোষবিলাকৰ ইনছুলিন নি:সৰণৰ ক্ষমতা কমি যায়- যাৰ ফলত বহুমূত্ৰ ৰোগ আৰম্ভ হয়। গতিকে মিঠা বস্তুৰ প্ৰতি লোভ ৫০ বছৰমানৰ পৰা কমাই দিব লাগে। এবাৰ বহুমূত্ৰ ৰোগ হ’লে সদায় চিকিৎসকৰ পৰামৰ্শমতে ঔষধ সেৱন, নিয়মিত তেজৰ পৰীক্ষা, বছৰত এবাৰ চকু, হৃদযন্ত্ৰ, বৃক্ক পৰীক্ষা কৰাব লাগে। অভিজ্ঞতাৰ পৰা দেখা যায় বহুমূত্ৰ ৰোগ হোৱা কিছুসংখ্যক ৰোগীয়ে লোভ সম্বৰণ কৰিব নোৱাৰে, গা বেয়া লাগিলেহে ঔষধ খায়। নিয়মিত তেজ, চকু, হৃদযন্ত্ৰ, বৃক্কৰ পৰীক্ষা কৰাত এলাহ। বহুমূত্ৰ ৰোগৰ ফলত ৰেটিনাৰ ক্ষতি হ’লে লেজাৰ থেৰাপী ল’ব লগা হয়।
বয়স হৈ অহাৰ লগে লগে বেছিকৈ চৰ্বিযুক্ত খাদ্য খোৱাৰ অভ্যাস কম কৰিব লাগে। সেউজীয়া শাক-পাচলি, বতৰৰ ফল-মূল, গাখীৰ একাপ, সৰু সৰু মাছ খোৱাৰ অভ্যাস কৰিব লাগে।
প্ৰতিদিনে কমেও ৩০ মিনিট নিজে কষ্ট নোপোৱাকৈ খোজ-কঢ়াৰ অভ্যাস ৰাখিব লাগে। বেছি বয়স হ’লে বা দুৰ্বল হ’লে লগত এজন সংগী লৈ খোজ কঢ়া ভাল।
পাৰিলে বছৰত এবাৰ Bone Mineral Density পৰীক্ষা কৰাব লাগে। যদি আপোনাৰ শৰীৰত কেলছিয়াম কমি গৈছে তেনেহ’লে যিকোনো সময়ত হাড় ভগাৰ সম্ভাৱনা থাকে। ঠিক সেইদৰে ভিটামিন ডি ৰ পৰীক্ষা কৰাৰ প্ৰয়োজন। শৰীৰত কেলছিয়াম কমি গ’লে অষ্টিঅ’পৰছিছ বা অষ্টিঅ’পেনিয়া নামৰ ৰোগ হয়। তেনে ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ মতে, কেলচিয়াম বড়ি খোৱা উচিত। আনহাতে, দেখা যায় আজিকালি আগৰ দিনৰ দৰে খালী গাৰে ৰ’দত থকা কমি গৈছে যাৰ ফলত সূৰ্য্যৰ ৰশ্মিৰ পৰা পোৱা ভিটামিন ডি ৰ শৰীৰত সৃষ্টি কমি যায়।
বছৰত এবাৰ ইউৰিক এচিড, থাইৰয়ডৰ পৰীক্ষা কৰাব। ইউৰিক এচিডৰ পৰিমাণ তেজত ৭ মিলিগ্ৰামতকৈ বেছি হ’লে গাঁঠিৰ বিষ আৰম্ভ হ’ব। ই বাঢ়িলে মাংস, বিনজাতীয় বস্তু যেনে-মটৰমাহ, উৰহী নোখোৱাই ভাল। সপ্তাহত ৫ দিন মগু দাইল আৰু দুদিন মচুৰ বা আন দাইল খাব পাৰিব।
ধোৱা জাতীয় বস্তু খোৱাৰ পৰা হাওঁফাওঁৰ ৰোগ যেনে-হাপানি, হাওঁফাওঁৰ কৰ্কট, উশাহ ল’ব নোৱাৰা অৱস্থা, হাৰ্টৰ অসুখ হয়। অভিজ্ঞতাৰ পৰা দেখা যায় ৬০ বছৰৰ ঊৰ্দ্ধৰ যিসকলৰ উশাহ চুটি হৈ আহে, অলপ দূৰ গ’লেই উশাহ ল’ব নোৱাৰে, খুব ভাগৰ লাগে সেই সকলৰ ৯৯ শতাংশই ছিগাৰেট বা বিড়ি খোৱা মানুহ। এবাৰ হাওঁফাওঁৰ এনে ৰোগ হ’লে আৰোগ্য নহয়।
ৰক্তচাপৰ সমস্যাত ভোগা মানুহে দৈনিক দৰৱ নাখায়। গা বেয়া লাগিলেহে খায়।
বহুমূত্ৰ ৰোগীসকলৰ নিয়মিত তেজ পৰীক্ষা কৰাৰ এলাহ। ৬ মাহৰ আগৰ তেজৰ পৰীক্ষাৰ ৰিপৰ্টলৈ দেখা কৰে। দৰৱ নাখায়। যেতিয়া চিকিৎসকে ইনচুলিন ল’বলৈ পৰামৰ্শ দিয়ে সেয়া অন্তিম চিকিৎসা বুলি নিদিব বুলি কয়। কিন্তু এইটো জনা উচিত বহুমূত্ৰ ৰোগীৰ বাবে যেতিয়া দৰকাৰ তেতিয়া ইনছুলিনতকৈ ভাল দৰৱ একো নাই।
উশাহ ল’ব নোৱাৰা ৰোগীসকলে বিড়ি বা চিগাৰেট এৰিবলৈ ক’লেও নেৰে। দিনটোত ৩/৪ টা খোৱাৰ অনুমতি বিচাৰে নহ’লে বোলে শৌচ নহয় বা চিন্তা দূৰ নহয়। সুৰাপানৰ অভ্যাস পৰিত্যাগ কৰিবলৈ ক’লে দুই পেগৰ অনুমতি বিচাৰে। প্ৰস্ৰাৱ কৰিব লাগিলে ৰব নোৱাৰা, ঘনাই প্ৰস্ৰাৱ হোৱা, প্ৰস্ৰাৱ কৰাৰ পিছত থাকি যোৱা যেন লগা বা জোৰ দিব লগা, সমস্যা লৈ ৰোগী আহে। আজি তেজৰ PSA আৰু তলপেটৰ Ultrasound কৰিবলৈ কওঁ। সময়মতে নকৰে, পলমকৈ কৰে। PSA ১০ মিলিগ্ৰামতকৈ অধিক হ’লে প্ৰষ্টেট কৰ্কট হোৱাৰ সম্ভাৱনা।
বুকুৰ বিষ হৈ থকা মানুহ আৰু কোনো কোনো লোক বুকু জ্বলা-পোৰাৰ বাবে ওপৰ পেটৰ বিষৰ বাবে আহে। এনেক্ষেত্ৰত ই চি জি কৰিবলৈ ক’লে নকৰে-পিছত কৰিম বুলি কয়। নিজেই কয়-মোৰ গেছ হৈছে। দিনত গেছ বুলি ভবা আৰু বুকু জ্বলা-পোৰা হোৱা লোকৰ পিছদিনা হাৰ্ট এটেক হৈ মৃত্যুমুখত পৰা ঘটনা ঘটে।
বিষবিহীন টেমুনা লৈ কিছু ৰোগী আহে। বিষ থকা টেমুনা ভাল, বিষ নথকা টেমুনা কৰ্কট ৰোগৰ প্ৰাথমিক লক্ষণ হ’ব পাৰে।
বয়স হোৱাৰ লগে লগে পাৰিলে-৬ মাহৰ মূৰে মূৰে নিজৰ মনোনীত চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। দৈনিক ৩০ মিনিট খোজ কাঢ়িব লাগে। খাদ্যৰ অভ্যাস পৰিৱৰ্তন কৰিব লাগে। চিগাৰেট, বিড়ি, জৰ্দা পান, তামোল, মদ খোৱাৰ পৰা বিৰত থাকিব লাগে। বছৰত এবাৰ তেজৰ Creatinine, Urea, PSA, Uric Acid, Blood Sugar, ECG চকুৰ প্ৰাথমিক পৰীক্ষা কৰিব লাগে। সামাজিক কামত নিজক ব্যস্ত ৰাখিব লাগে। পাৰিলে ধ্যান, প্ৰাণায়াম, যোগৰ অভ্যাস কৰিব লাগে। চিকিৎসকৰ পৰামৰ্শ মতে, নিয়মিত ঔষধ সেৱন কৰিব লাগে। যিমান দূৰ সম্ভৱ মানসিক দু:চিন্তাৰ পৰা নিজক আঁতৰাই ৰাখিব লাগে আৰু অনাহকত খং-ৰাগৰ পৰা আতৰি থাকিব লাগে। সদায় নিজৰ নিয়মিত সময়ত শোৱা পাটিলৈ যোৱা আৰু উঠাৰ অভ্যাস কৰিব লাগে। জীৱনত পোৱা-নোপোৱাৰ চিন্তা পৰিত্যাগ কৰা উচিত আৰু আনৰ লগত নিজক তুলনা কৰাৰ পৰা বিৰত থকা উচিত।
লিখক: ডা: বিৰিঞ্চি কুমাৰ বৰা, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 4/21/2020
‘প্ৰোষ্টেটাইটিচ্’: বয়সস্থ পুৰুষৰ এক জটিল ৰোগ।
অজীৰ্ণ ৰোগৰ ঘৰুৱা চিকিৎসা
‘মেলেৰিয়া’ বা ‘মেলেৰিয়াৰ সদৃশ’ৰোগৰ হোমিও আৰু বায়োক...
অজীৰ্ণ ৰোগৰ যৌগিক চিকিৎসা