অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শ্বেয়াৰ বজাৰ সম্পৰ্কে কিছু প্ৰাথমিক ধাৰণা

শ্বেয়াৰ বজাৰ সম্পৰ্কে কিছু প্ৰাথমিক ধাৰণা

শ্বেয়াৰ বজাৰৰ সূচকাংক সদায় কিয় হ্ৰাস-বৃদ্ধি হয়? কোম্পানী বোৰৰ ব্যৱসায়িক লাভ-লোকচানৰ পৰ্যালোচনা জানো দৈনিক হয়?

চেপনৰ মাষ্টৰ নিচাদেউৰ মোলৈ চিধা প্ৰশ্ন। আশীৰ ডেওনা পাৰ হোৱা মোৰ এই আত্মীয় জনৰ শ্বেয়াৰ বজাৰৰ লগত কোনো সম্পৰ্ক নাই। কিন্ত্ত তেওঁ পঢ়া দৈনিক বাতৰি কাকত খন অথবা টিভিৰ বাতৰিৰ বাবে প্ৰায়ে মুখামুখি হ’ব লগা হয় মূলধনী বজাৰ সম্পৰ্কীয় বিভিন্ন বা-বাতৰিৰ। কেতিয়াবা যদি শীৰ্ষ সাত প্ৰতিষ্ঠানৰ মূলধন হ্ৰাস-বৃদ্ধিৰ খবৰ, আন কেতিয়াবা আকৌ শ্বেয়াৰ বজাৰত সূচকাংকৰ উত্থান-পতনৰ খবৰ। যাৰ বাবে নেকি তেওঁৰ এই কৌতূহল। প্ৰশ্নটো শুনাৰ পিচত মোৰ এনে লাগিল যে একুইটি বজাৰৰ লগত সম্পৰ্ক নাথাকিলেও আন বহু জনৰ মনত এনে প্ৰশ্ন উদয় হ’ব পাৰে। সেয়ে আজি তেনে ব্যক্তি সকলৰ কথা মনত ৰাখি শ্বেয়াৰ বজাৰ খনৰ এটা প্ৰাথমিক ধাৰণা দিবলৈ যত্ন কৰিছো।

আমি মুখামুখি হোৱা দৈনিক বজাৰ খনত মূলতঃ দুই ধৰণৰ মানুহ থাকে। ক্ৰেতা আৰু বিক্ৰেতা। দুয়োটা ফৈদৰে বিভাজন সুস্পষ্ট। বিক্ৰেতা সামগ্ৰী লৈ ৰৈ থাকে আৰু ক্ৰেতাই বজাৰত প্ৰবেশ কৰে সেই সামগ্ৰী ক্ৰয় কৰিবলৈ। কিন্ত্ত শ্বেয়াৰ বজাৰত কোনো সুনিদিৰ্ষ্ট ক্ৰেতা বা বিক্ৰেতা নাথাকে।  থাকে বজাৰত ভাগ লওঁতা। অৰ্থাৎ এক মুহূৰ্তৰ আগৰ বিক্ৰেতা জন সলনি হ’ব পাৰে ক্ৰেতালৈ আৰু ক্ৰেতা জন বিক্ৰেতালৈ। লাভ-লোকচানৰ সম্ভাৱনীয়তাক মূল্যায়নৰ আধাৰ হিচাপে লৈ বজাৰত ভাগ লওঁতাই শ্বেয়াৰ কিনা-বেচা কৰে। শ্বেয়াৰ দালালৰ মাধ্যমেৰে এই কিনা-বেচা সম্পন্ন হয়। ক্ৰয়-বিক্ৰয়ৰ দৃষ্টি কোণৰ পৰা শ্বেয়াৰ বজাৰত ভাগ লওঁতা সকলক মূলতঃ দুভাগত ভগাব পাৰি। (এক) বিনিয়োগকাৰী আৰু (দুই) অনুমানকাৰী (স্পেকুলেটৰ)। সাধাৰণতে বিনিয়োগকাৰী সকলে কোম্পানী একোটাক সূক্ষভাৱে পৰ্যবেক্ষণ কৰি দীৰ্ঘ সময়ৰ বাবে বিনিয়োগ কৰে। তেওঁলোকৰ চকু কোম্পানীৰ শ্ৰীবৃদ্ধিৰ জৰিয়তে হ’ব পৰা লাভালাভত। আনহাতে অনুমানকাৰী সকলে বজাৰৰ সাম্যিক উত্থান পতনৰ পৰা লাভৱান হ’বলৈ যত্ন কৰে। তেওঁলোকৰ শ্বেয়াৰ কিনা-বেচা প্ৰক্ৰিয়াটো বৰ সঘন। কোম্পানী এটাৰ বৰ্তমানৰ স্বাস্থ্য বা ভৱিষ্যৎ আয়ৰ সম্ভাৱনীয়তাৰ ওপৰত তেওঁলোকৰ বিশেষ দৃষ্টি নাথাকে। বহুতৰে ক্ষেত্ৰত আকৌ একেজন মানুহেই কেতিয়াবা বিনিয়োগকাৰী আৰু কেতিয়াবা অনুমানকাৰী হিচাপে বজাৰত অৱতীৰ্ণ হোৱা দেখা যায়।

এতিয়া আহো কোম্পানীৰ দৰে শ্বেয়াৰ বজাৰত কিয় দৈনিক পৰিৱৰ্তন হয় সেই প্ৰসংগলৈ। ধৰক, গৰুৰ খুঁটি এটাত ২০ জনী খীৰতী গাই আছে। খঁটিৰ মালিকে আপোনাক ৫০ শতাংশ মালিকীস্বত্ব বেচিব খুজিছে আৰু আপুনিও এই লেন-দেনটোত আগ্ৰহী। আপুনি কি কি কথা পৰ্যালোচনা কৰিব? নিশ্চয় প্ৰাথমিক ভাৱে গাখীৰ কেই লিটাৰ দৈনিক পোৱা যায়, বজাৰত গাখীৰৰ মূল্য কিমান, খুঁটিতো চলাওতে মাহেকীয় খৰচ কিমান হয় ইত্যাদি নহয় নে? এইবোৰ প্ৰশ্নৰ উত্তৰৰ মাজেৰে আপুনি জানিবলৈ চষ্টা কাৰিব আপোনাৰ সম্ভাব্য লভ্যাংশৰ পৰিমাণ কিমান হ’ব আৰু তাৰ ভিত্তিত নিৰ্ধাৰণ কৰিব আপুনি দিব খোজা বৰ্তমানৰ মূল্যটো। কিন্ত এই কথা খিনিৰ ওপৰিও ভৱিষ্যতে খুঁটিটোৰ লাভ-লোকচানৰ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা থকা ঘটনা কিছুমানেও আজি আপুনিদিবলৈ ওলোৱা দামটোত ভূমিকা গ্ৰহণ কৰাটো খাটাং। উদাহৰণ স্বৰুপে ধৰক আপুনি জানিব পৰিলে যে খুঁটিৰ ৫ জনী গাই গাভিনী হৈছে আৰু সিহঁতে মাইকী পোৱালি জন্ম দিয়াৰ সম্ভাৱনা প্ৰবল। আপোনাৰ বাবে খুঁটিটোৰ ভৱিষ্যৎ আৰু আকৰ্ষণীয় হৈ নুঠিবনে? কাৰণ ভাল জাতৰ মাইকী পোৱালি মানেই ভৱিষ্যৎ দিনত খুঁটিটোৰ গাখীৰৰ উৎপাদন বৃদ্ধি। আনহাতে আপুনি যদি গম পায় যে আপুনি বিনিয়োগ কৰিবলৈ ওলোৱা খুঁটিটোৰ কাষৰে আন এটা খুঁটিত বহু গৰু সংক্ৰামক ৰোগত আক্ৰান্ত হৈছে। দুই এজনী খীৰতী গাই বোলে ইতিমধ্যে মৰিছেও। এনে বাতৰিৰ প্ৰভাৱ আপুনি খুঁটি কিনিবলৈ ওলোৱা সিদ্ধান্তস্ৰ ওপৰত বা আপুনি দিবলৈ ওলোৱা দামৰ ওপৰত নপৰিব জানো? ঠিক একেদৰে কোম্পানী একোটাৰ ভৱিষ্যতৰ লাভ লোকচানত প্ৰভাৱ পেলাব পৰা বিভিন্ন খবৰ দৈনিক উদ্ভৱ হয় আৰু বজাৰৰ বতাহত উৰিথাকে। বজাৰত ভাগ লওঁতাৰ সিদ্ধান্তত সিহঁতৰ প্ৰভাৱ স্বাভাৱিকতেই পৰে। খবৰ কেতিয়াবা ধনাত্মক আৰু কেতিয়াবা ঋণাত্মক। তদুপৰি বজাৰত ভাগ লওঁতা সকলৰ বজাৰ সম্বন্ধীয় পৰ্যালোচনা, বজাৰত কিনা-বেচা কৰাৰ কৌশল আদিৰ ক্ষেত্ৰত এজন আন জনতকৈ পৃথক হোৱাটো নিতান্তয় স্বাভাৱিক। সেয়ে কেতিয়াবা একেখিনি ঘটনাৰ প্ৰতিক্ৰিয়া হিচাপে কোনোবাজনে যদি বজাৰৰ সম্ভাৱনীয়তাত আকৃষ্ট হৈছে, আন কোনোবাজনে ভয় খাই বজাৰৰ পৰা প্ৰস্থান কৰাৰ বাবে মন বান্ধিছে। কোনোটো বিশেষ কোম্পানীৰ ভৱিষ্যতৰ আয়ৰ সম্বন্ধে কোনোবাজন বজাৰত ভাগ লওঁতা যদি আজিৰ তাৰিখত অতি আশাবাদী, আন কোনোবা জন আকৌ সেই একে সময়তে বিশেষ কোম্পানীটোৰ সম্পৰ্কে অত্যন্ত সন্দেহবাদী। সেয়ে মুঠৰ ওপৰত ক’ব পাৰি যে বজাৰত ভাগ লওঁতা সকলৰ সামগ্ৰিক প্ৰত্যাশা আৰু আশংকাই শ্বেয়াৰ বজাৰক পৰিচালিত কৰে। শুদ্ধই হওঁক বা অশুদ্ধই হওঁক বজাৰৰ সংখ্যা গৰিষ্ঠ ভাগ লওঁতাই যি ধৰণে ভাবিব কিছুদিনলৈ হ’লেও বজাৰ সেই ফালে ধাৱিত হ’ব। কিন্ত্ত শেষ কথা- বজাৰৰ অৱস্থা ভাল হ’বলৈ হ’লে কোম্পানী বোৰৰ আয় বৃদ্ধি হ’ব লাগিব। তেহে বজাৰৰ উত্থানৰ যুক্তিযুক্ততা প্ৰমাণ হ’ব আৰু সেই কোম্পানীত কৰা বিনিয়োগ আকৰ্ষণীয় হৈ ৰ’ব। নহ’লে বজাৰত ভাগ লওঁতাই এদিন নহয় এদিন সেই কোম্পানীৰ শ্বেয়াৰক দাম নাযাচি বা সস্তাতে বেচি দি শাস্তি প্ৰদান কৰাটো ধুৰুপ। কিম্বদন্তি বিনিয়োগকাৰী ৱাৰেণ বাফেটৰ গুৰু বেঞ্জামিন গ্ৰাহামে এই সংক্ৰান্তত এষাৰ অতি মূল্যৱান কথা কৈ গৈছে- ‘হ্ৰস্বকালত বজাৰ ভোটিং মেচিন। কিন্ত্ত দীৰ্ঘকালত বজাৰ সদায় ওজন জোখা যন্ত্ৰ।

শ্বেয়াৰ বজাৰত হেজাৰ হেজাৰ সৰু-বৰ কোম্পানীৰ ষ্টক কিনা-বেচা হয়। কিন্ত্ত সামগ্ৰিকভাৱে বজাৰৰ গতি গোত্ৰ বুজিবলৈ আমাক প্ৰয়োজন হয় সূচকাংকৰ। যেনে- ছেনছেক্স। ব’ম্বে ষ্টক এক্সচেঞ্জত পঞ্জীভূক্ত ৩০ টা বিভিন্ন খণ্ডৰ প্ৰতিষ্ঠিত কোম্পানীৰ মুক্তভাৱে বেচা-কিনা কৰিব পৰা শ্বেয়াৰৰ বজাৰ মূলধনী কৰণ (মাৰ্কেট কেপিটেলাইজেচন)ৰ ভিত্তিত এই সূচকাংকটো নিৰ্মাণ কৰা হৈছে। বিশেষ দিন এটাত সেই ৩০ টা কোম্পানীৰ দামৰ পৰিৱৰ্তনৰ ভিত্তিত সামগ্ৰিকভাৱে চাবলৈ যত্ন কৰা হয় পূৰ্বৰ দিনটোৰ তুলনাত বজাৰ কোন দিশে গতি কৰিছে। অৰ্থাৎ ছেনছেক্স কিমান বাঢ়িল বা কিমান কমিল।

লেখক: ভাস্কৰ জ্যোতি বৰুৱা, অসমীয়া প্ৰতিদিন।

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate