অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পাব্লিক প্ৰভিডেণ্ট ফাণ্ডৰ বিষয়ে জানিবলগীয়া ১০ টা কথা

পাব্লিক প্ৰভিডেণ্ট ফাণ্ডৰ বিষয়ে জানিবলগীয়া ১০ টা কথা

পাব্লিক প্ৰভিডেণ্ট ফাণ্ড(PPF) ভাৰত চৰকাৰৰ এক সঞ্চয় আৰু কৰ ৰাহিৰ উপায়। অৱসৰৰ পাছত যিসকলৰ পেঞ্চনৰ কোনো সঠিক পৰিকল্পনা বা সুবিধা নাই, তেওঁলোকৰ কাৰণে এই পাব্লিক প্ৰভিডেণ্ট ফাণ্ড অৱসৰ পৰিকল্পনাৰ এক অন্যতম আহিলা হ'ব পাৰে। কৰ ৰাহিৰ ক্ষেত্ৰত দেশত অতিকৈ জনপ্ৰিয় এই ব্যৱস্থা তথা সুবিধাৰ বিষয়ে জানিবলগীয়া কেইটামান বিষয় তলত আগবঢ়ালোঁ:

১)পাব্লিক প্ৰভিডেণ্ট ফাণ্ড(PPF)ৰ একাউণ্ট ক'ত খুলিব?

পাব্লিক প্ৰভিডেণ্ট ফাণ্ডৰ একাউণ্ট যিকোনো হেড পোষ্ট অফিচ, কিছু বাচনিপ্ৰাপ্ত পোষ্ট অফিচ আৰু কিছু বাচনিপ্ৰাপ্ত চৰকাৰী বেংকত খুলিব পাৰি। নুন্যতম ৫০০.০০ টকা প্ৰথম জমা কৰিবলগীয়া এই একাউণ্ট খোলাৰ সময়ত সাধাৰণতে জমা কৰিবলগীয়া KYC (Know Your Customer) নথি-পত্ৰসমূহৰ প্ৰয়োজন হয়।

২)পাব্লিক প্ৰভিডেণ্ট ফাণ্ড(PPF)ত টকা জমা থ'লে সুতৰ হাৰ কিমান?

আজিৰ তাৰিখত পাব্লিক প্ৰভিডেণ্ট ফাণ্ডত বছৰি ৮.৭% চক্ৰবৃদ্ধি হাৰত (8.7% compounded interest p.a.) টেক্স ফ্ৰী সুত পোৱা যায় (১ এপ্ৰিল, ২০১৩ ৰ পৰা বলবৎ)। প্ৰত্যেক বিত্তীয় বৰ্ষত এই সুতৰ হাৰ আগৰ বছৰৰ গড় Bond Yield-ৰ ওপৰত ভিত্তি কৰি সলনি কৰা হয়। সুতৰ হাৰ ১০-বছৰীয়া চৰকাৰী Bond Yield-তকৈ ০.২৫% বেছিকৈ নিৰ্ধাৰণ কৰা হয়।

৩)সুত কেনেকৈ গণনা কৰা হয়?

পাব্লিক প্ৰভিডেণ্ট ফাণ্ড(PPF) একাউণ্টত অৱশিষ্ট জমা টকাৰ হিচাপ চক্ৰবৃদ্ধি হাৰত গণনা কৰা হয়। প্ৰত্যেক মাহতে চক্ৰবৃদ্ধি হাৰত সুতৰ গণনা কৰা হয়। যদি আপুনি প্ৰতি মাহৰ ৫ তাৰিখৰ আগতে পাব্লিক প্ৰভিডেণ্ট ফাণ্ড(PPF) একাউণ্টত টকা জমা কৰে তেনেহ'লে সেই জমাকৰা টকাৰ ওপৰত সেই মাহৰ সুতো জমা হ'ব। ৫ তাৰিখৰ পাছত টকা জমা কৰিলে সুত পাছৰ মাহৰ পৰাহে জমা হয়।

৪)আয়কৰ ৰাহিত ই কেনেকৈ সহায় কৰে?

আয়কৰ অধিনিয়মৰ Section 80C অনুসৰি পাব্লিক প্ৰভিডেণ্ট ফাণ্ড(PPF) একাউণ্টত জমা কৰা টকাই আয়কৰ ৰেহাই পায়। তাৰোপৰি এই জমা টকাৰ ওপৰত লাভ কৰা সুতো সম্পূৰ্ণ কৰমুক্ত।

৫)নুন্যতম আৰু সৰ্বোচ্চ কিমান টকা বিনিয়োগ কৰিব পাৰি?

প্ৰতি বছৰে নুন্যতম ৫০০.০০ টকা আৰু সৰ্বাধিক ১ লাখ টকা পাব্লিক প্ৰভিডেণ্ট ফাণ্ড(PPF) একাউণ্টত জমা কৰিব পাৰি। সৰ্বাধিক ১২টা কিস্তিত আপুনি বছৰি টকা বিনিয়োগ কৰিব পাৰে। আপোনাৰ নাবালক সন্তানৰো যদি পাব্লিক প্ৰভিডেণ্ট ফাণ্ড(PPF) একাউণ্ট আছে তেনেহ'লে দুয়োটা একাউণ্ট মিলাই বছেৰেকীয়া বিনিয়োগৰ সৰ্বোচ্চ সীমা ১ লাখ টকা।

বছেৰেকীয়া নুন্যতম বিনিয়োগ ৫০০.০০ টকা জমা নকৰিলে ৫০.০০ টকা জৰিমনা ভৰিব লাগিব।

৬)কেতিয়া Mature হয়?

পাব্লিক প্ৰভিডেণ্ট ফাণ্ড(PPF) একাউণ্ট এটা ১৫ বছৰৰ শেষত mature হয়। তাৰ পাছতো যদি আপুনি বিনিয়োগ কৰিব বিচাৰে, তেতিয়াহ'লে এটা বা ততোধিক পাঁচ বছৰীয়া সীমা হিচাপত আপুনি বিনিয়োগ জাৰী ৰাখিব পাৰিব।

৭)১৫ বছৰ নোহোৱাকৈ মাজত টকা উলিয়াব পাৰি নে?

পাৰি। ষষ্ঠ বছৰ অতিক্ৰম কৰাৰ পাছৰ পৰা আপুনি টকা উলিয়াব পাৰে। অৱশ্যে আপুনি একাউণ্ট খোলা দিনৰ পৰা চতুৰ্থ বছৰ সম্পূৰ্ণ হোৱালৈ জমা কৰা মুঠ টকাৰ ৫০% বা টকা উলিয়াব খোজাৰ আগৰ বছৰটোৰ শেষত একাউণ্টত জমা থকা মুঠ টকাৰ মাজৰ যিটোৱেই কম হয় অকল সিমানখিনি টকাহে উলিয়াব পাৰিব। বছৰত মাথোঁ এবাৰহে ইয়াৰ পৰা টকা উলিয়াব পাৰি।

৮)পাব্লিক প্ৰভিডেণ্ট ফাণ্ড(PPF) একাউণ্টৰ বিপৰীতে ঋণ লোৱাৰ সুবিধা আছে নে?

আছে। তৃতীয় বছৰৰ পৰা এই একাউণ্টৰ পৰা ঋণো ল'ব পাৰি। বিগত বৰষ্লৈ জমা হোৱা মুঠ টকাৰ ২৫% আপুনি ঋণ হিচাপে ল'ব পাৰিব।

৯) প্ৰবাসী ভাৰতীয় নাগৰিকে পাব্লিক প্ৰভিডেণ্ট ফাণ্ড(PPF) একাউণ্ট খুলিব পাৰে নে?

প্ৰবাসী ভাৰতীয় নাগৰিকে পাব্লিক প্ৰভিডেণ্ট ফাণ্ড(PPF) একাউণ্ট খুলিব নোৱাৰে। অৱশ্যে যদি দেশত থকা দিনতে পাব্লিক প্ৰভিডেণ্ট ফাণ্ড(PPF) একাউণ্ট খোলা হৈছিল আৰু তাৰ পাছত প্ৰবাসী হয় তেতিয়া হ'লে mature হোৱাৰ তাৰিখলৈ non-repatriable হিচাপত সেই একাউণ্টটোত বিনিয়োগ কৰাৰ সুবিধা প্ৰদান কৰা হয়।

১০)পাব্লিক প্ৰভিডেণ্ট ফাণ্ড(PPF) একাউণ্ট ধাৰী ব্যক্তি জনৰ মৃত্যু ঘটিলে কি হ'ব?

পাব্লিক প্ৰভিডেণ্ট ফাণ্ড(PPF) একাউণ্ট ধাৰী ব্যক্তি জনৰ মৃত্যু ঘটিলে সুতৰ সৈতে মুঠ জমা টকা ১৫ বছৰ সম্পূৰ্ণ হোৱাৰ আগতেই মনোনীত ব্যক্তি (nominee) বা আইনী উত্তৰাধিকাৰীক ওভোটাই দিয়া হয়। মনোনীত ব্যক্তি (nominee) বা আইনী উত্তৰাধিকাৰীক নতুনকৈ টকা বিনিয়োগ কৰি একেটা একাউণ্টকে চলাই নিবলৈ সুবিধা দিয়া নহয়।

লিখক: ৰাজীৱ ৰঞ্জন নাথ।

শেহতীয়া উন্নীতকৰণ: : 7/9/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate