সেইটো আছিল দেওবাৰৰ ৰাতিপুৱা। যিহেতু পৰেশ মাস্টৰৰ বিদ্যালয় বন্ধ থাকে সেয়েহে তেওঁ বীৰেণ আৰু বিমলাৰ সৈতে গোটেই দিনটো কটোৱাৰ লগতে বিত্তীয় পৰিকল্পনাৰ আলোচনাসমূহ সম্পূৰ্ণ কৰিবলৈ বীৰেণৰ ঘৰ পালেহি।
“তোমালোকে আমেৰিকা ভ্ৰমণৰ পৰিকল্পনা কেনেকৈ কৰিবা সেই কথা মই আজি ক’বলৈ ওলাইছো” পৰেশ মাস্টৰে ক’লে। এতিয়ালৈকে বীৰেণ বিমলাই পৰেশ মাস্টৰৰ পাঠবোৰত আগ্ৰহম্বিত হৈ পৰিছে আৰু আমেৰিকা ভ্ৰমণ কৰাটো যে অতি সহজ কথা আৰু কেনেকৈনো উত্তম আৰ্থিক অৱস্থাৰে জীৱন কটাব লাগে সেয়া জানিবলৈ আগ্ৰহী হৈ পৰিছে।
“এতিয়ালৈকে তোমালোকে সঞ্চয়, বিনিয়োগ আৰু ধন ঋণ লোৱা বিষয়ক সকলো কথা জানিলা। এতিয়া সকলোবোৰ একে লগ কৰি কেনেদৰে তোমাৰ ধন পৰিচালনা কৰিব লাগে সেই বিষয়ে এখন স্পষ্ট ছবি দেখা পাবা” তেওঁ আৰম্ভ কৰিলে “আজি আমি গোটেই দিনটো জীৱনৰ লক্ষ্যসমূহত উপনীত হ’বলৈ তোমালোকৰ ধনসমূহ কেনেদৰে পৰিচালনা কৰিব লাগিব সেই আলোচনা কৰাত ব্যস্ত থাকিম”
“ধনৰ পৰিচালনা শব্দটো কিবা যাদুকৰী যেন লাগে.... ইয়াত কি কি কথা সন্নিৱিষ্ট হৈ থাকে?” বিমলাই সুধিলে
“ইয়াত বাজেট বনোৱাৰ পৰা খৰছ, সঞ্চয়, বিনিয়োগ আৰু বীমা আদিৰ লক্ষ্য স্থিৰ কৰা আৰু শেষত তোমালোকৰ আপোনজনৰ বাবে কিবা থৈ যোৱা সকলোখিনি সন্নিৱিষ্ট হয়” পৰেশ মাস্টৰে হাঁহিৰে উত্তৰ দিলে।
বিমলাই তপৰাই উত্তৰ দিলে, “অনুগ্ৰহ কৰি সোনকালে কওঁক ছাৰ আমি এইবিষয়ে সোনকালে জানিবলৈ ইচ্ছা কৰো। কিয়নো এইবোৰ আমি ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰি চাব বিচাৰো। নহয়নে?”
“একেবাৰে সঁচা কথা”
“পৰেশ মাস্টৰ মই বহলভাৱে এইটো বুজি পালো যে বিত্ত পৰিচালনা কি আৰু ই আমাৰ খৰছ, সঞ্চয় আৰু বিনিয়োগৰ পৰিকল্পনা কেনেকৈ কৰিব লাগে সেইটো নিৰ্ণয় কৰি দিয়ে। কিন্তু আমাৰ ভুলটো ক’ত? কিয়নো আমি ইয়াৰে সকলোখিনিয়েই বা অধিকাংশই কৰিছো”
“তোমালোকে অৱশ্যেই কৰিছা বীৰেণ কিন্তু তাত কিছুমান গুৰুত্বপূৰ্ণ কথা কৰা নাই। তুমি পথ নজনাকৈয়ে গাড়ী চলাই আছা আৰু গুৰুত্বপূৰ্ণ কথা হ’ল তোমাৰ লক্ষ্যস্থানো নাই”
বিমলা আৰু বীৰেণে ডাঙৰকৈ হাঁহি দিলে “তুমি কি ক’ব বিচাৰিছা মই ভালদৰে বুজি পাইছো। মইও কেতিয়াবা কেতিয়াবা অনুভৱ কৰো মই যেন এটা বৃত্তৰ ভিতৰতে ঘূৰি আছো” বীৰেণে ক’লে।
“নগদ ধনৰ পৰিচালনা আৰু বিত্তীয় পৰিচালনাৰ পাৰ্থক্য এইটোৱেই”
পৰেশ মাস্টৰে নগদ ধনৰ পৰিচালনা আৰু বিত্তীয় পৰিচালনাৰ মাজৰ পাৰ্থক্যসমূহ বৰ্ণনা কৰিলে:
বেছিভাগ লোকেই উপাৰ্জন কৰে আৰু বিভিন্ন সাধনী পত্ৰ পৰিশোধ কৰা আৰু দৈনন্দিন ব্যৱহৃত খাদ্য-সামগ্ৰী, বিদ্যালয়ৰ খৰছ, শাক-পাচলি, ফল-মূল কিনাত খৰছ কৰে। পানী পৰা মুধছ মেৰামতি কৰা, ৰুগীয়াসকলৰ বাবে ঔষধ কিনা, পৰিয়ালৰ সৈতে বিভিন্ন মেলা বা কথাছবি চোৱা আদিবোৰতো খৰছ কৰে। এই সকলোবোৰ খৰছৰ পাছত পিছৰবাৰৰ উপাৰ্জন হাতত পৰা সময়লৈ যিখিনি ধন থাকি যায় সেইখিনিহে সঞ্চয় কৰে বা বিনিয়োগ কৰে। এনে ক্ষেত্ৰত যদি তেওঁলোকে শীতলীকৰণ যন্ত্ৰ বা নতুন টেলিভিছন যন্ত্ৰ আদি ধৰণৰ অধিক খৰচী সামগ্ৰী এটা কিনিব বিচাৰে তেন্তে হয় তেওঁলোকে ধন ধাৰ কৰিব লাগিব বা বিনিয়োগ ভাঙিব লাগিব।
এনে ধৰণে নগদ ধনৰ পৰিচালনা কৰাটো বৰ বিশেষ ভুল নহয়। কিন্তু আপোনাৰ শিশুটিক নগৰৰ ভাল মহাবিদ্যালয়ত ভৰ্ত্তি কৰাবলৈ বা সম্বন্ধীয় লোকৰ বিয়াত ভাল উপহাৰ দিবলৈ বা আমেৰিকালৈ ফুৰিবলৈ যোৱা ধৰণৰ অতি বেছি খৰচী কামবোৰৰ ভিতৰত আপুনি কি কৰিব? হয় আপুনি আপোনাৰ এনে সপোনবিলাক সপোনেই হৈ থাকিব দিয়ক নহয় এক বৃহৎ পৰিমাণৰ ধন ধাৰ লৈ আপোনাৰ জীৱনটো অশান্তিময় কৰি তোলক!
এতিয়া, যদিহে আপুনি আপোনাৰ সপোনবোৰৰ বাবে আগতীয়াকৈ পৰিকল্পনা কৰে আৰু সেইবোৰৰ বাবে সঞ্চয় আৰু বিনিয়োগ কৰে তেন্তে আপোনাৰ সপোনবোৰ দিঠকত পৰিণত কৰিব পাৰিব।
আমি দুটা পৰিস্থিতিৰ কথা ভাবি চাওঁ আহক- এটা পৰিয়ালে অতি সুন্দৰভাৱে নগদ ধনৰ পৰিচালনা কৰে আৰু আন এটা পৰিয়ালে তেওঁলোকৰ বিত্তীয় পৰিচালনা এটা পৰিকল্পনা মতে কৰে।
ৰাম এজন নিৰ্মাণ কাৰ্য্যৰ শ্ৰমিক আৰু দৈনিক হাজিৰা হিচাপে ২৫০ টকা উপাৰ্জন কৰে। এমাহত কেইটামান দিন সি কামত উপস্থিত নাথাকে সেয়েহে গড় হিচাপে এমাহত ৬ হেজাৰমান টকা উপাৰ্জন কৰে। বিভিন্ন খাদ্য সামগ্ৰী শাক-পাচলি, গাখীৰ আদিৰ খৰছৰ বাবদ ৰামে পৰিবাৰক মাহে ৩০০০ টকা দিয়ে। বাকী টকাখিনি ৰামে নিজৰ হাতত ৰাখে। ইয়াৰে কিছু পৰিমাণৰ টকা বিদ্যালয়ৰ মাচুল, কৰ্মস্থান দূৰত হ’লে অহা যোৱা খৰছ, পোছাক আদি কিনা, সন্তানৰ বাবে খেলনা সামগ্ৰী কিনা বা পৰিবাৰক উপহাৰ দিয়াত খৰছ কৰে। কিছু পৰিমাণৰ ধন ৰামে আচুতীয়া বাকচ এটাত থয় যাতে বিহুৰ সময়ত সহায় হয়। যদিহে আলহী-দুলহী আহে তেন্তে তেওঁলোকৰ বাবেই এই ধন খৰচ কৰিব লগা হয় আৰু ফলত তেওঁলোকে বিহুত কমকৈ খৰচ কৰিব লগাত পৰে। কেতিয়াবা ৰামে ধন ধাৰ দিওঁতা ব্যক্তিৰ পৰা কম পৰিমাণৰ ঋণ লব লগা হয়। ৰামৰ পৰিবাৰেও তেওঁৰ হাতত পৰা ৩০০০ টকাৰ কিছু অংশ পৃথককৈ জমা কৰি যায় আৰু যথেষ্ট পৰিমাণৰ ধন জমা হ’লে কোনোবাটো উৎসৱৰ সময়ত গহনা আদি ক্ৰয় কৰে।
নগদ ধন পৰিচালনাৰ এইটো এটা উদাহৰণ। যদিহে তেওঁলোকে ১০০০০ টকীয়া ঘৰুৱা আহিলা এবিধ কিনিব বিচাৰে তেন্তে কি হব? তেওঁলোকৰ বাবে এইটো এটা ঢুকি পোৱাৰ বাহিৰৰ কথা আনকি এনে দামী বস্তু এটা কিনাৰ কথা তেওঁলোকে ভাবিবও নোৱাৰে। কিন্তু যদিহে এনে সামগ্ৰী এটা অতিকৈ প্ৰয়োজনীয় হয় তেন্তে ধন ধাৰে দিওঁতাৰ পৰা তেওঁ ধাৰ লব লাগিব আৰু এবছৰৰ ভিতৰত প্ৰায় ১৫০০০ টকা ঘূৰাই দিব লাগিব। যদি এবছৰৰ ভিতৰত ১০০০০ টকা জমা কৰাটোৱেই কঠিন কাম তেন্তে এবছৰৰ ভিতৰত ১৫০০০ টকা ঋণ ঘূৰাই দিয়াটো আৰু অধিক কঠিন হৈ পৰিব আৰু যদিহে ঋণটো পিছৰ বছৰলৈ ঠেলি দিয়া হয় তেন্তে ইয়াৰ পৰিমাণ ২০০০০ টকালৈ বৃদ্ধি পাব আৰু এনেদৰে বাঢ়ি গৈ থাকিব।
যদিহে ৰাম আৰু তেওঁৰ পৰিবাৰে নগদ ধনৰ পৰিচালনাৰ সলনি বিত্তীয় পৰিচালনা ব্যৱস্থা হাতত ল’লে হেতেন তেতিয়াহ’লে কি পৰিৱৰ্তন হ’লহেতেন চাওঁ আহক।
যদি ৰাম আৰু পৰিবাৰে একেলগে বহি পৰিয়ালৰ মাহেকীয়া বাজেটখন প্ৰস্তুত কৰে তেতিয়া তেওঁলোকে বুজি পাব যে তেওঁলোকক মাহটো চলিবলৈ অতি বেছি ৩৫০০ টকাৰ প্ৰয়োজন হয়। এইখিনি টকাৰে মাহটোৰ বাবে সকলো খাদ্য-সামগ্ৰী, ফলমূল, গাখীৰ, মাচুল আদি দিয়াও সন্নিৱিষ্ট হৈ আছে। অৰ্থাত তেওঁলোকে প্ৰতিমাহে প্ৰায় ২৫০০ টকা সঞ্চয় কৰিব পাৰে।
হঠাতে অহা আলহীৰ বাবে আৰু জৰুৰী পৰিস্থিতিৰ বাবে ২৫০ টকা, সন্তান আৰু আমোদ-প্ৰমোদৰ বাবে প্ৰতিমাহে ৩০০ টকা, অন্যান্য ঘৰুৱা সামগ্ৰী আৰু আহিলা ক্ৰয় কৰিবৰ বাবে ৮৫০ টকা আচুতীয়াকৈ থব পাৰে। বিহু আৰু আন উৎসৱৰ বাবে প্ৰতিমাহে ৩০০ টকাকৈ আচুতীয়াকৈ থ’ব পাৰে। যিহেতু মাহটোৰ সকলোকেইটা দিনেই ৰামে দূৰলৈ কাম কৰিবলৈ যাব লগা নহয় গতিকে তেওঁৰ যাতায়তী খৰছৰ বাবদ অধিক ধন খৰচো নহয়। ফলত ৰাম আৰু পৰিবাৰে প্ৰতিমাহে ২০০ টকাতকৈয়ো অধিক টকা অন্যান্য কামত খৰছ কৰাৰ সুযোগ থাকে।
এনেদৰে তেওঁলোকৰ প্ৰাথমিক আৱশ্যকতাসমূহ এৰা-ধৰা নকৰাকৈ বছৰৰ শেষত ঘৰুৱা সামগ্ৰী কিনিবলৈ কিছু ধন জমা কৰিব পাৰিব। জৰুৰী পৰিস্থিতি বা আলহীৰ বাবে খৰছ কৰিবলৈও তেওঁলোকৰ হাতত ৩০০০ টকা জমা থাকিব যদিহে বছৰটোত খৰছ কৰিবলগা কোনো ধৰণৰ আলহী তেওঁলোকৰ ঘৰলৈ নাহে তেন্তে সেই ধনেৰে তেওঁলোকে নিজৰ বাবে সোণৰ গহনা কিনিব পাৰে। বিহুত খৰছ কৰিবলৈও ৩৬০০ টকা থাকিব। এইটোৱেই বিত্তীয় পৰিকল্পনাৰ সুন্দৰতা।
নগদ ধনৰ পৰিচালনা আৰু বিত্তীয় পৰিচালনাৰ এই সৰু পাঠটোৰ শেষত পৰেশ মাস্টৰে বিমলা আৰু বীৰেণক সুধিলে যে তেওঁলোকে এটা বাক্যত বিত্তীয় পৰিচালনা আৰু নগদ ধনৰ পৰিচালনাৰ পাৰ্থক্যটো ক’ব পাৰিবনে?
তেওঁলোকে বহু ধৰণেৰে উত্তৰ দিবলৈ চেষ্টা কৰিলে আৰু শেষত পৰেশ মাস্টৰে ক’লে এইটো হ’ল হাতলৈ অহা ধনখিনি শেষলৈকে কেনেকৈ ব্যৱহাৰ কৰিব তাৰ যোগ্যতা অৰ্জন.....
বিত্তীয় পৰিচালনাৰ প্ৰয়োজনীয়তাৰ গুৰুত্বতা বুজি পোৱাৰ পিছত বীৰেণে পৰেশ মাস্টৰে আৰম্ভণিতে কোৱা কথাষাৰ দোহাৰিলে। “বাজেট বনোৱা আৰু লক্ষ্যস্থিৰ কৰাৰ পৰা আৰম্ভ কৰি ব্যয়, বিনিয়োগ আৰু বীমাকে ধৰি আপোনাৰ আপোনজনৰ বাবে কিছু থৈ যোৱা এই সকলোখিনি ইয়াত সন্নিৱিষ্ট হৈ আছে”।
“তেন্তে প্ৰতিটো বিত্তীয় পৰিকল্পনাৰ কাম-কাজৰ লগত লক্ষ্যত উপনীত হ’বলৈ কেনেকৈ উদ্ভোধ হ’বলৈ লাগিব- সেই কথাই আপুনি ক’বলৈ বিচাৰিছে নহয়নে?” বীৰেণে ক’লে।
“মোৰ কথাখিনি তুমি সঠিকভাৱে বুজি পাইছা” পৰেশ মাস্টৰে উত্তৰ দিলে।
“যেতিয়া তুমি তোমাৰ লক্ষ্যস্থিৰ কৰিবা ইয়ে তোমাক বাজেটখন প্ৰস্তুত কৰিবলৈ উদ্ভোধ কৰিব। এইটোৱেই লক্ষ্যত উপনীত হোৱাৰ প্ৰথম খোজ। যেতিয়া তুমি কিমান উপাৰ্জন কৰা, কিমান খৰছ কৰা তাৰ এটা গড় হিচাপ উলিয়াব পাৰিবা তেতিয়াই সঞ্চয় আৰু বিনিয়োগত কিমান ধন খৰছ কৰিবা তাৰ হিচাপ উলিয়াব পাৰিবা”।
“একেবাৰে সঁচা কথা”
“বীমাৰ কথাটো কি হ’ল? আমাৰ এই বিষয়টো নোলালেই দেখোন, কিছুমান মানুহে মোক কৈছে এইটো টকা পানীত পেলোৱাৰ দৰে কথা”
“সেইটো সত্য নহয় বীৰেণ। তুমি নিজৰ বাবে যি বিত্তীয় পৰিকল্পনা কৰিবা বীমা হ’ল তাৰ ভেটি”
“কি কাৰণে” বিমলাই তেওঁলোকলৈ জলপান আগবঢ়ায় দি সুধিলে।
“যদিহে পৰিয়ালটোত উপাৰ্জন কৰা দুয়োজন ব্যক্তিৰেই অভাৱনীয়ভাৱে মৃত্যু ঘটে তেনে ক্ষেত্ৰত বীমাই পৰিয়ালৰ বাকীসকলক আৰ্থিক সুৰক্ষা প্ৰদান কৰে, যদিহে বীমা নাথাকে তেন্তে পৰিয়ালৰ সকলো লক্ষ্য আৰু সপোন পানীত পৰিব। পৰিয়ালটোৰ আৱেগক কোনেও পৰিপূৰণ কৰিব নোৱাৰে, কিন্তু আৰ্থিক দিশৰ পৰা পৰিয়ালটোক কিছু সকাহ দিব পাৰে বীমাৰ ধনে”
“মই ভালদৰে বুজি পাইছো আৰু আপোনাৰ সৈতে একমত” বীৰেণে তপৰাই উত্তৰ দিলে আৰু আপোনজনক হেৰুৱালে কিমান কষ্ট হ’ব পাৰে সেই বিষয়ে তেওঁৰ পৰিবাৰৰ ধাৰণাৰ কথা হঠাৎ মনলৈ আহিল। “আমি ব্যৱহাৰিক হ’ব লাগে যাতে পৰিয়ালটো সদায় আগবাঢ়ি গৈ থাকে”
“আৰু উইল কেনেকে বনাব লাগে। বিত্তীয় পৰিকল্পনাৰ লগত ইয়াক কেনেকে খাপ খুৱাব পাৰি” বীৰেণে পৰিবাৰৰ আপোনজন হেৰুৱাৰ দুখৰ কথা ভাবি থকা মনটো আতঁৰাই আনিবলৈ প্ৰশ্ন কৰিলে।
যদিহে তুমি ইয়াক তোমাৰ বিত্তীয় পৰিকল্পনাৰ এটা অংশ বুলি ভাবা তোমাৰ লক্ষ্যত উপনীত হোৱাৰ নিশ্চিত পথ বিচাৰি পাবা।
“সেইটো কি হ’ব পাৰে” বিমলাই সুধিলে।
“এইটো এনে এটা পথ যাৰ যোগেৰে তুমি তোমাৰ ধনৰ পৰিকল্পনাসমূহ কৰা আৰু তুমি কাক সেইবোৰ দি যাবলৈ বিচৰা”।
বিমলাই নিজ হাতে তৈয়াৰ কৰা সুস্বাদু খাদ্য গ্ৰহণত তিনিও ব্যস্ত হৈ পৰাৰ বাবে হঠাৎ আলোচনাৰ গতি ধীৰ হৈ পৰিল। সকলোৱে সাময়িকভাৱে বিত্তীয় পৰিকল্পনাৰ কথা পাহৰি পেলালে।
ভালদৰে পেট ভৰাই খোৱাৰ পিছত গছৰ ছাঁত বহি তেওঁলোকে গৰম চাহৰ পিয়লাত শুহা মাৰিলে আৰু পুনৰাই বিত্তীয় পৰিকল্পনাৰ আলোচনা আৰম্ভ কৰিলে।
“এতিয়ালৈকে তোমালোকে পৰিষ্কাৰকৈ বুজি পালা যে, যেতিয়া তুমি লক্ষ্য স্থিৰ কৰিবা তাৰ পিছত কেৱল এটাই চিন্তা কৰা উচিত যে কেনেকৈ কম সময়ত সেই লক্ষ্যত উপনীত হ’বলৈ পৰিকল্পনা কৰিব লাগিব। সেইবাবেই মই এটা সৰু প্ৰশ্ন কৰিবলৈ বিচাৰিছো। ধৰা তোমাৰ লক্ষ্যৰ মূল্য ১২,০০০ টকা। ইয়াৰ বাবে প্ৰতিমাহে এহেজাৰ টকাকৈ এবছৰলৈ বিনিয়োগ কৰিবা, নে এহেজাৰ টকাকৈ ১২ শতাংশ সুতত ১০ মাহলৈ বিনিয়োগ কৰিবা?”
অৰবিন্দই প্ৰশ্নটো বুজি পালে আৰু লগে লগে উত্তৰ দিলে। “আমি স্বাভাৱিকতেই সঞ্চয় কৰাতকৈ বিনিয়োগ কৰিবলৈহে বিচাৰিম। যেতিয়া আমি বিনিয়োগ কৰিম তেতিয়া আমাৰ টকাই টকা উপাৰ্জন কৰিব আৰু কম সময়ত আমি লক্ষ্যত উপনীত হ’বগৈ পাৰিম”
পৰেশ মাস্টৰে বীৰেণৰ কথা শলাগিলে আৰু বিমলাই বুজিব পৰাকৈ বৰ্ণনা কৰিবলৈ ধৰিলে।
“যেতিয়া তুমি ধন সঞ্চয় কৰা তেতিয়া ই কেৱল লক্ষ্য পূৰণৰ সময়ত প্ৰদানৰ বাবেই জমা হৈ থাকে। কিন্তু যেতিয়া তুমি ধন বিনিয়োগ কৰিবা ইয়াৰ বিপৰীতে তুমি অতিৰিক্ত ধন ঘূৰাই পাবা। অৰ্থাৎ তোমাৰ প্ৰয়োজন হোৱা পৰিমাণৰ ধন কম সময়ত সংগ্ৰহীত হ’ব। তোমাৰ স্বামীয়ে কোৱাৰ দৰে বিনিয়োগৰ যোগেৰে তুমি ধন উপাৰ্জন কৰিব পাৰিবা।”
“এতিয়া মই বুজি পালো। কিন্তু কেনে বিত্তীয় সামগ্ৰীত বিনিয়োগ কৰিব লাগিব আমি কেনেকৈ জানিম? আপুনিতো আমাক বহু ধৰণৰ সামগ্ৰীৰ কথা ক’লে” তেওঁ উত্তৰ দিলে।
“এই ক্ষেত্ৰতো আকৌ তোমাৰ লক্ষ্যই তোমাক পথ দেখুৱাব। যদি তুমি এবছৰ বা দুবছৰৰ ভিতৰত গাড়ী এখন কিনিবলৈ বিচৰা বা আমেৰিকালৈ যাবলৈ বিচৰা তেন্তে তুমি হ্ৰস্বম্যাদী সামগ্ৰী যেনে, বেংকৰ জমা বা কমম্যাদী মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিব পৰা। আনহাতে, যদিহে তোমাৰ ছোৱালীৰ বিয়াৰ বাবে আজিৰ পৰা পোন্ধৰ বছৰৰ পিছত বৃহৎ পৰিমাণৰ ধনৰ প্ৰয়োজন হয় তেন্তে তুমি দীৰ্ঘম্যাদী সামগ্ৰী যেনে, শ্বেয়াৰ, ডাকঘৰৰ সঞ্চয় আৰু বীমাত বিনিয়োগ কৰিব পাৰা”।
বীৰেণে আচৰিত হৈ ক’লে “পৰেশ মাস্টৰ আপুনি ইমান সহজভাৱে আমাক গোটেইখিনি কথা বৰ্ণনা কৰি দিলে! সেইদিনা আপোনাক চাহ দোকানত লগ পায় মই সঁচাকৈয়ে আনন্দিত আৰু লাভান্বিত হৈছো।”
“এহ্ মই পাহৰিয়ে গৈছিলো। চাহ দোকান বুলি কওঁতেহে মনত পৰিলে। চাহ খোৱা সময়ত মই মোৰ এজন ছাত্ৰৰ ঘৰলৈ যাম বুলি কথা দি থৈছিলো। মই ভাবো তোমালোকে বিত্তীয় পৰিকল্পনাৰ মূল বিষয়বস্তুসমূহ স্পষ্টভাৱে বুজি পাইছা। আৰু গুৰুত্বপূৰ্ণ কথাটো হ’ল; মই ভাবো তোমালোকে তোমালোকৰ লক্ষ্যত উপনীত হোৱাত এইসমূহে সক্ষম কৰি তুলিব। বিশেষকৈ আমেৰিকালৈ ফুৰিব যোৱাটোৰ ক্ষেত্ৰত” পৰেশ মাস্টৰে হাঁহি মাৰি ক’লে।
বিমলা আৰু বীৰেণ দুয়োৱে পৰেশ মাস্টৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিলে আৰু পদূলি মূখলৈ আগবঢ়ায় থ’লে। তেওঁলোকে পৰেশ মাস্টৰক কথা দিলে যে, তেওঁলোকে সততাৰে সঠিকভাৱে বিত্তীয় পৰিকল্পনাৰ অভ্যাস আৰম্ভ কৰিব।
· বিত্তীয় পৰিচালনা আৰু নগদ ধন পৰিচালনা দুয়োটা পৃথক বস্ত। নগদ ধন পৰিচালনাত আপোনাৰ দৈনন্দিন প্ৰয়োজনীয়তাসমূহ আৰু আন খৰছসমূহ সন্নিৱিষ্ট হৈ থাকে আৰু লক্ষ্য নিৰ্ধাৰণ আৰু লক্ষ্যৰ বাবে ধন নিৰূপণ কৰাটো বিত্তীয় পৰিচালনাৰ অন্তৰ্গত পৰে।
· বাজেট প্ৰস্তুত কৰা আৰু লক্ষ্য নিৰ্ধাৰণ কৰাৰ পৰা খৰছ, সঞ্চয়, বিনিয়োগ আৰু বীমা কৰাকে ধৰি আপোনজনৰ বাবে কিবা থৈ যোৱা আদি সকলো ক্ষেত্ৰত ধন বা বিত্তীয় পৰিচালনা জড়িত হৈ থাকে।
লক্ষ্য নিৰূপণে আপোনাক কোনটো বিত্তীয় সামগ্ৰীত বিনিয়োগ কৰিব লাগিব সেইটো নিৰ্ণয় কৰাত সহায় কৰিব।
উৎস: আইএনডিজি দল
শেহতীয়া উন্নীতকৰণ: : 6/21/2020
ইয়াত ব্যক্তিগত বিত্তপৰিচয়ৰ বিষয়ে আলোচনা কৰা হৈছে।
ইয়াত বাজেট প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰা হৈছে।
এই পাঠত কিমানখিনি শিকিলে সেয়া মূল্যায়ন কৰি চাব পাৰ...
ইয়াত ব্যক্তিগত বিত্তৰ পাতনি উল্লেখ কৰা হৈছে।