বীৰেণ আৰু বিমলাই তেওঁলোকে লাভ কৰা নতুন জ্ঞানৰ ওপৰত অতি আন্দোলিত হৈ পৰিছে। পৰেশ মাস্টৰে তেওঁলোকক বিভিন্ন বিত্তীয় সামগ্ৰীসমূহৰ বিষয়ে বিতংভাৱে বুজাবলৈ এটা সপ্তাহ ল’লে। সেই আবেলি বিত্তীয় পৰিকল্পনাৰ নতুন বিষয় এটা বুজাবলৈ পৰেশ মাস্টৰ বীৰেণৰ ঘৰত উপস্থিত হ’লগৈ। আশা কৰাৰ দৰে ঠিক ৫ বজাত পৰেশ মাস্টৰ গৈ পালে। বিমলাই নতুন কথা শুনাৰ বেগ্ৰতাৰে একাঁহী পকোৰা আৰু চাহ আগবঢ়াই দিলে। বিমলাৰ এনে আগ্ৰহী বিষয়টোৰ এটা বাক্যও হেৰুৱাবলৈ মন নায়।
পৰেশ মাস্টৰে আৰম্ভ কৰিলে “বীৰেণ বিত্তীয় ব্যৱস্থাৰ পিছৰ বিষয়টো হ’ল তোমাৰ ঋণসমূহ আৰু বাকীসমূহ পৰ্য্যালোচনা কৰা”। বীৰেণে সুধিলে, “ক’ৰ পৰা আৰম্ভ কৰিম? প্ৰতিবছৰে জানুৱাৰী মাহত মই আমাৰ গাঁৱৰ ঋণ দিওঁতা ধৰমপালৰ পৰা এক বৃহৎ পৰিমাণৰ ধন ঋণ হিচাপে লওঁ। যদিহে মই খেতিৰ পৰা উপাৰ্জনৰ ধনেৰে এই ঋণ পৰিশোধ নকৰো তেন্তে পিছৰ বছৰ বা জৰুৰীকালীনভাৱে মোক ধনৰ প্ৰয়োজন হ’লে তেওঁ দিব নোৱাৰিবও পাৰে। খেতিৰ বাবে মই মোৰ নিজৰ পুঁজি ব্যৱহাৰ কৰো। কিন্তু কেতিয়াবা আৱতৰীয়া বৰষুণ বা খৰাং বা অভাৱনীয় পৰিস্থিতিৰ বাবে মোক আৰু অধিক ধনৰ প্ৰয়োজন হৈ পৰে। যদিহে মই তেনে পৰিস্থিতিত তেওঁৰ পৰা ঋণ লওঁ তেন্তে তেওঁ ৩০ শতাংশ সুত লয়, যদি নলও মই মাত্ৰ ১০ শতাংশহে প্ৰদান কৰিব লাগে”।
“তুমি কেতিয়া ঋণ পৰিশোধ কৰা”
“বিহুৰ আগতে”
“তেন্তেতো তুমি বৃহৎ পৰিমাণৰ ধন ওপৰোৱাকৈ ভৰিব লাগে”
“সেইটো সঁচা, কিন্তু মই জৰুৰী অৱস্থাৰ বাবে সাঁজু হ’ব লাগে আৰু আগতীয়াকৈ ধন যোগাৰ কৰিব লাগে। কোনোবাটো বছৰত যদিহে খেতি ভাল নহয় তেন্তে পিছৰ বছৰৰ বিহুলৈকে মই ধন পৰিশোধ কৰিব নোৱাৰো। তেনে ক্ষেত্ৰত তেওঁ ধাৰ লোৱা ধনৰ ওপৰত ৬০ শতাংশ সুত লয়”
“তেন্তে তুমিনো কিয় তেওঁৰ পৰা ঋণ লৈ থাকা”
“তেওঁ মোৰ বাবে ধন যোগাৰ কৰাত অতি বিশ্বাসী। মই তেওঁৰ ওচৰলৈ যোৱাৰ আগতে মোৰ বন্ধু আৰু পৰিয়ালৰ লোকসকলৰ পৰা ঋণ বিচাৰো কিন্তু তেওঁলোকে কম সময়ত ইমান পৰিমাণৰ ধন মোক দিব নোৱাৰে। যিয়েই নহওঁক এইটো তেওঁৰ পেশা”
“তুমি ঋণৰ বাবে বেংক বা আন বিত্তীয় প্ৰতিষ্ঠানৰ কাষ নাচাপা কিয়? তেওঁলোকৰ সুতৰ হাৰ অতি কম আৰু তোমাৰ বাবে ঋণৰ ব্যৱস্থা কৰাতো সমানে দক্ষ।”
এইখিনি কৈয়ে পৰেশ মাস্টৰে বিত্তীয় ঋণৰ বিভিন্ন দিশসমূহ সামৰি বিভিন্ন উৎসসমূহৰ ব্যাখ্যা বীৰেণ আৰু বিমলাক ক’বলৈ ধৰিলে।
ঋণদাতা ব্যক্তি
যিসকল লোকে বেংক বা আন আনুষ্ঠানিক ঋণ ব্যৱস্থাৰ বিষয়ে জ্ঞাত নহয় তেওঁলোকৰ মাজত এনে ঋণদাতা ব্যক্তি ঋণৰ বাবে অতি জনপ্ৰিয়। এনে লোকে বিভিন্ন সময়সীমাৰ বাবে ঋণ প্ৰদান কৰে। উদাহৰণস্বৰূপে, কিছুমান ঋণদাতাই পৰিশোধৰ ক্ষেত্ৰত নমনীয় সময়সীমা গ্ৰহণ কৰে। তেওঁলোকে ঋণ লওঁতাক অপূৰ্ব নিৰ্ধাৰিত হাৰত ঋণ পৰিশোধৰ সুযোগ দিয়ে। কিছুমানে আকৌ সময়মতে সুত প্ৰদান কৰি থাকিলে ঋণ লওঁতাই যিমান দিনলৈ ঋণ লৈ থাকিব বিচাৰে সিমান দিনলৈকে অনুমতি প্ৰদান কৰে। বহুবোৰ ঋণদাতাই কোনো ধৰণৰ আমানত যেনে, সোণ বা ভূমি নিবিচাৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ঋণ লওঁতাৰ লগত ঋণ দিওঁতাৰ কোনো ধৰণৰ আনুষ্ঠানিক আইনসংগত চুক্তি নাথাকে।
তথাপিও ঋণ প্ৰদান কৰা ব্যক্তিৰ পৰা ঋণ লৈ হোৱা লাভতকৈ ঋণ লওঁতাৰ ক্ষতিহে অধিক হয়। বেংক বা আন আনুষ্ঠানিক বিত্তীয় প্ৰতিষ্ঠানতকৈ এওঁলোকে অধিক হাৰত সুত লয়। তেওঁলোকে লোৱা সুতৰ কোনো ভিত্তি নাই, তেওঁলোকে বজাৰৰ গতিতকৈ নিজৰ লগতে ঋণ লওঁতাৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰিহে সুত নিৰ্ণয় কৰে। ঋণ উভতাই দিব নোৱাৰিলে হোৱা জৰিমনা অতি ভয়াবহ হ’ব পাৰে। তেওঁ ঋণ লোৱা ধনৰ পৰিমাণতকৈ বহু বেছি পৰিমাণৰ ধন দাবী কৰিব পাৰে। উদাহৰণস্বৰূপে, যদিহে ঋণ লওঁতাই ১০ হাজাৰ টকাৰ ঋণ পৰিশোধ কৰিব নোৱাৰে তেতিয়া ঋণ দিওঁতাই তেওঁৰ লাখ টকাৰ সম্পত্তি নিজৰ নামলৈ বদলি কৰিবৰ বাবে দাবী কৰিব পাৰে। বহুবোৰ ক্ষেত্ৰত ঋণ দিওঁতাই ধন ঘূৰাই পোৱাৰ বাবে ভয় দেখুৱা আৰু অত্যাচাৰৰ দৰে বে-আইনী কাৰ্য্যকলাপো কৰা দেখা যায়।
চিট ফাণ্ড
এনে ক্ষেত্ৰত কিছু সংখ্যক লোকে এটা গোটত একে লগ হয় আৰু প্ৰতিমাহে এটা নিৰ্দিষ্ট পৰিমাণৰ ধন তেওঁলোকে এই পুঁজিত জমা কৰে। প্ৰতিমাহে একে পৰিমাণৰ ধনে জমা কৰে। এই গোটৰ সকলো সদস্যৰ নাম পৃথক পৃথক কাগজত নাম লিখি এটা পাত্ৰত থোৱা হয়। ইয়াৰ পৰা এখন কাগজ তুলি আনি যিজন ভাগ্যৱান সদস্যৰ নাম তাত লিখা থাকিব গোটেই ধনখিনি তেওঁক প্ৰদান কৰা হ’ব।
পিছৰ মাহত পূৰ্বৰ মাহত ধন লাভ কৰা সদস্যজনৰ নাম কাগজত লিখা নহয় আৰু এনেদৰে আন এজন সদস্যই সেই মাহৰ ধনখিনি লাভ কৰে। ফলত প্ৰতিজন সদস্যই মাত্ৰ এবাৰকৈহে ধন লাভ কৰে। এবাৰ ধন লাভ কৰাৰ পিছতো সেই সদস্যজনে মাহেকীয়া বৰঙণি প্ৰদান কৰি থাকিবই লাগিব।
উদাহৰণস্বৰূপে, ধৰাহ’ল এটা গোটত ৪৮ জন সদস্য আছে আৰু প্ৰতিজনে প্ৰতিমাহত এহেজাৰকৈ ধন জমা কৰে। প্ৰতিমাহে ইয়াৰে এজন সদস্যই মুঠ ৪৮ হাজাৰ টকা লাভ কৰিব। এনে ক্ষেত্ৰত তেওঁলোক প্ৰতিজনেই প্ৰতিমাহে এহেজাৰ টকালৈকে ৪ বছৰলৈকে ধন জমা কৰি ৰাখিব লাগিব।
বৰ্তমানত এনে চিট ফাণ্ডবোৰ নিলামৰ প্ৰক্ৰিয়া জড়িত কৰা হৈছে। অতি কম টকাত নিলাম পাওঁতাজনে ধনখিনি পায় আৰু লাভটো সকলো সদস্যৰ মাজত সমানে ভাগ হয়। এনে ক্ষেত্ৰত প্ৰতিমাহে জমা থোৱা ধনৰ পৰিমাণ পৃথক হ’ব পাৰে। এনে ক্ষেত্ৰত একোজন সদস্যই জমা থোৱা আৰু উভতাই পোৱা ধনৰ পৰিমাণৰ ব্যৱধানেই হ’ল লাভ।
এনে পুঁজিৰ মূল লাভ হ’ল বাধ্যতামূলক জমা। সদস্যসকলে নিৰ্দিষ্ট পৰিমাণৰ ধন প্ৰতিমাহে বাধ্যতামূলকভাৱে জমা দিব লাগিব। মুঠ সদস্য সাপেক্ষে হোৱা সময়সীমাৰ ভিতৰত তেওঁক প্ৰদান কৰা ধন সমুদায় একেলগে ঘূৰাই পাব। এই পুঁজিৰ মূল অসুবিধাতো হ’ল যদিহে আপোনাৰ ধনৰ প্ৰয়োজন হোৱা সময়ত যদিহে আপোনাৰ নাম বাচনিত নুঠে তেন্তে আপুনি ধন লাভ নকৰে। দ্বিতীয়তে প্ৰতিমাহেই যে প্ৰতিজন সদস্যই ধন জমা দিব তেনে কোনো আইনী চুক্তি সদস্যসকলৰ মাজত নাথাকে। সেইবাবেই বহুবোৰ এনে পুঁজি কেইমাহমান চলাৰ পিছত বন্ধ হৈ যায় বা সদস্যসমূহে নিজৰ অংশ প্ৰদান কৰিবলৈ এৰি দিয়ে।
কৃষিৰ ঋণ সমবায়
কৃষিৰ ঋণ সমবায় বা ঋণসেৱা সমিতিসমূহৰ মূল উদ্দেশ্যে হ’ল বিভিন্ন কৃষি সম্পৰ্কীয় কাম-কাজৰ বাবে পুঁজি আগবঢ়োৱা। কৃষিজ উৎপাদন, বিতৰণ, গুদামত জমা ৰখা আৰু বজাৰৰ সা-সুবিধাও ইয়াৰ ভিতৰত পৰে। কৃষিকাৰ্য্যত ব্যৱহাৰ হোৱা লঘু, যন্ত্ৰপাতি আদি আহিলা ক্ৰয়ৰ বাবেও এইসমূহে ঋণ প্ৰদান কৰে। কিছুমান কৃষি সমবায় সমিতিয়ে কৃষকক ভূমি ক্ৰয়ৰ বাবেও দীৰ্ঘম্যাদী ঋণ প্ৰদান কৰে। কৃষকে প্ৰয়োজনীয় ঋণ পোৱাত সহায় কৰা আৰু কৃষকসকলক মহাজনসকলৰ পৰা আঁতৰাই অনাৰ উদ্দেশ্যতেই ভাৰত চৰকাৰে সমবায় আন্দোলন আৰম্ভ কৰিছিল।
সমবায় বেংক
ভাৰত বৰ্ষত ১০০ শ বছৰতকৈও অধিক কাল সমবায় বেংকসমূহ কাৰ্য্যকৰীভাৱে চলি আছে। এই প্ৰতিষ্ঠানে গ্ৰাম্যবাসীলোকলৈ কম সুতত ঋণ আগবঢ়ায়। বিভিন্ন ধৰণৰ ঋণদাতাক হস্ৰম্যাদী আৰু দীৰ্ঘম্যাদী দুয়োধৰণৰ ঋণ প্ৰদান কৰে।
এই বেংকৰ কাম-কাজৰ ফলত গ্ৰাম্যবাসী লোকসকলৰ অনানুষ্ঠানিক ঋণৰ উৎসসমূহৰ ওপৰত নিৰ্ভৰতা হ্ৰাস পায় আহিছে আৰু তেওঁলোকে মাত্ৰাধিক উচ্চহাৰত সুত দিব নলগা হৈছে। প্ৰতিটো সমবায় বেংকৰ সাধাৰণতে এটা বিশেষ সংস্কৃতি থাকে আৰু বিশেষ অঞ্চলৰ লোকলৈ ঋণ আগবঢ়োৱাত অগ্ৰাধিকাৰ প্ৰদান কৰে। ইয়াৰ ফলশ্ৰুতিতে এইবোৰক ৰাষ্ট্ৰীয়কৃত বেংকৰ দৰে আনুষ্ঠানিক বেংক যেন ভাৱ নহয় আৰু সেই অঞ্চলৰ লোকসকলে এই বেংকৰ কাষ চাপিবলৈ সহজবোধ কৰে। ভাৰতৰ সমবায় বেংকসমূহ ব্যক্তিগতভাৱে পৰিচালিত বেংক আৰু এইবোৰ সমবায় সমিতি আইনৰ অধীনত পঞ্জীয়নভুক্ত কিন্তু ভাৰতীয় ৰিজাৰ্ভ বেংকে এইবোৰ নিয়ন্ত্ৰণ কৰে।
ক্ষুদ্ৰ বিত্তীয় সাহাৰ্য্য
ক্ষুদ্ৰ বিত্তীয় সাহাৰ্য্য ব্যৱস্থা ভাৰতত ১৯৮০ চনতে আৰম্ভ হৈছিল। এই ব্যৱস্থাত ক্ষুদ্ৰ আত্মনিৰ্ভৰ গোট আৰু বেচৰকাৰী সংগঠনসমূহ একেলগ হৈ বেংক ব্যৱ্স্থাৰ সুবিধা নোপোৱা লোকলৈ ঋণ আৰু সঞ্চয় খোলা কাৰ্য্যত জড়িত হৈ থাকে। এওঁলোকে উন্নয়নৰ প্ৰয়োজন হোৱা অংশসমূহত বেছি গুৰুত্ব প্ৰদান কৰে আৰু লাভালাভক কম গুৰুত্ব দিয়ে। এনেবোৰ সংগঠনক ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক, ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক আদিৰ দৰে বৃহৎ চৰকাৰী প্ৰতিষ্ঠানেও সাহাৰ্য্য আগবঢ়ায়। কেতিয়াবা সমাজৰ তলৰ শ্ৰেণীৰ লোকলৈ পুঁজি আগবঢ়াবলৈ গঠিত হোৱা বৃহৎ ন্যাস আদিয়েও সাহাৰ্য্য আগবঢ়ায়।
এই সংগঠনসমূহে কোনো ধৰণৰ আমানত দিব নোৱাৰা ব্যক্তিলৈ ঋণ আৰু প্ৰকল্পলৈ পুঁজি আগবঢ়ায়। তেওঁলোকে এই ধনৰ ওপৰত অতি নূন্যতম সুত লয় বা সুতবিহীন হয়। অৱশ্যে এওঁলোকৰ ঋণ প্ৰদানৰ নিৰ্ণায়ক সীমিত হ’ব পাৰে। উদাহৰণস্বৰূপে, খেতি, মীনপালন আদিৰ বাবেহে ঋণ প্ৰদান কৰিব বুলি নিৰ্দিষ্ট কৰিব পাৰে। ইয়াৰ উপৰিও ঋণৰ পৰিমাণ অতি বেছি নহবও পাৰে।
আঞ্চলিক গ্ৰামীণ বেংক আৰু স্থানীয় বেংক
এই বেংকসমূহ কৃষি আৰু আন নিৰ্দিষ্ট কিছুমান কাম-কাজৰ বাবে গ্ৰামাঞ্চলত প্ৰতিষ্ঠিত হয়। এওঁলোকে ক্ষুদ্ৰ আৰু উপান্ত খেতিয়ক, কৃষি শ্ৰমিক আৰু গ্ৰামীণ শিপিণীক ঋণ প্ৰদান কৰে।
এওঁলোকৰ গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰাব পৰাকৈ ঋণসমূহ সজ্জিত আৰু ইয়াৰ সুতৰ হাৰ ভাৰতীয় ৰিজাৰ্ভ বেংকে পৰীক্ষা কৰে। যিহেতু এনে বেংকসমূহে ঋণ প্ৰদান কৰি ক্ষুদ্ৰ পৰিমাণৰ লাভ কৰে সেইবাবে এওঁলোকে যিসকল লোকে ঋণৰ ধন পৰিশোধ কৰিব পাৰে তেওঁলোকক ঋণ দিয়াত অগ্ৰাধিকাৰ প্ৰদান কৰে। কিছুমান আঞ্চলিক গ্ৰামীণ বেংক আৰু স্থানীয় বেংকে তেওঁলোকৰ গ্ৰাহকসকলক ঋণৰ ধন উপযুক্তভাৱে ব্যৱহাৰ কৰাৰ অধ্যয়নো কৰাত সহায় কৰে। যাতে ঋণ গ্ৰহণকাৰী আৰু বেংক দুয়োপক্ষৰে লাভ হয়।
বৃহৎ ৰাষ্ট্ৰীয়কৃত বেংকৰ আঞ্চলিক শাখাসমূহ
ৰাষ্ট্ৰীয়কৃত বেংকসমূহে সম্পূৰ্ণৰূপে চৰকাৰী সহায় পায় আৰু প্ৰকৃতপক্ষে বহুবোৰ বেংকৰ মূখ্য অংশিদাৰো চৰকাৰেই। সেইবাবেই তেওঁলোকে সামাজিক দায়বদ্ধতাৰ কথা মনত ৰাখে। ভাৰতীয় ষ্টেট বেংক, বেংক অফ ইণ্ডিয়া আদি বৃহৎ ৰাষ্ট্ৰীয়কৃত বেংকসমূহৰ গ্ৰামাঞ্চলত শাখা আছে। এই শাখাসমূহে ব্যক্তিগত ঋণ (উৎপাদনশীল বা অউৎপাদনশীল কামত ব্যৱহাৰ কৰিব পাৰে), যান-বাহনৰ ঋণ, ক্ষুদ্ৰ উদ্যোগৰ বাবে ঋণ, কৃষি আৰু কৃষিকাৰ্য্যৰ লগত জড়িত কাম-কাজৰ বাবে ঋণ আদি বিভিন্ন ধৰণৰ ঋণ প্ৰদান কৰে। এই ঋণসমূহৰ সুত অগ্ৰাধিকাৰ খণ্ডত (বেংকে আৱশ্যকীয়ভাৱে সহায় কৰিব লগা, ভাৰতীয় ৰিজাৰ্ভ বেংকে নিৰ্দিষ্ট কৰি দিয়া বিশেষ কাম-কাজসমূহ) তুলনামূলকভাৱে কম।
ঋণ লাভ কৰিব পৰা উৎসসমূহৰ বিষয়ে বীৰেণে জানিব পৰাৰ পিছতেই ঋণৰ সম্পূৰ্ণ ব্যৱস্থাটো নজনাকৈয়ে ঋণ ল’বলৈ বেংকৰ কাষ চপাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। তেওঁ আৰু তেওঁৰ পৰিবাৰে ঋণ এটা বেংকৰ পৰা ল’লে যে তেওঁলোক আপুনা-আপুনি লাভৱান হ’ব সেই বিষয়ে পতিয়ন গ’ল। পৰেশ মাস্টৰে কোৱাৰ দৰেই তেওঁলোকে ভাবিলে যে যদি এটা ঋণ লোৱা হয় তেন্তে কেৱল সুততো দিলেই হ’ব আৰু সুতৰ হাৰো ধৰমপালতকৈ অতি কম। তেওঁলোকে দীৰ্ঘম্যাদী সময়ৰ ঋণো ল’ব পাৰিব আৰু সময়ত ঘূৰাই দিব নোৱাৰিলে লাজতো পৰিব নালাগিব।
লগতে তেওঁলোকে এই কথাটোও ভালদৰে উপলব্ধি কৰিলে যে যেতিয়া বেংকৰ পৰা কোনো এটা ঋণ লবলৈ আগবাঢ়িব তেতিয়া ইয়াৰ চৰ্তসমূহ ভালদৰে জানি লোৱা উচিত। উদাহৰণস্বৰূপে, কিদৰে ঋণ পৰিশোধ কৰিব লাগিব-প্ৰতিমাহে অলপ-অলপকৈ ঘূৰাই দিব লাগিব নে সময়ৰ মূৰত সমুদায় ধন ঘূৰাই দিব লাগিব সেইটো ভালদৰে বুজি লোৱা উচিত। লগতে এইটোও জনা উচিত যে সময়তকৈ আগতে সমুদায় ধন ঘূৰাই দিলে সময়ৰ পূৰ্বে ঘূৰুৱাৰ বাবে কিবা জৰিমনা দিব লাগিব নেকি? পৰেশ মাস্টৰে তেওঁলোকক বুজাই দিলে যে সময়ৰ পূৰ্বে ঋণ ঘূৰাই দিলে যিহেতু বেংকৰ পৰিকল্পনা খেলি-মেলি হয় সেয়েহে বেংকে অতি কম পৰিমাণৰ এটা জৰিমনা বিহে। আনহাতে, ঋণ সময়তকৈ পূৰ্বে পৰিশোধ কৰিলে ঋণ লওঁতাৰ বাবেও লাভজনক হয়। কিয়নো পূৰ্বে নিৰ্ধাৰিত সময়ছোৱালৈকে ঋণ লওঁতাই সুত প্ৰদান কৰিব লগা নহয়। ইয়াৰ উপৰিও বেংকে ঋণ প্ৰদানৰ বিপৰীতে যি আমানত বিচাৰে সেই কথাও ভালদৰে বুজি লোৱা উচিত। আমানত হিচাপে কিছুমান বেংকক ঋণ লওঁতাৰ মাটিৰ কাগজ বা আন বিনিয়োগৰ কাগজ সাময়িকভাৱে আমানত হিচাপে প্ৰদান কৰিলে সুতৰ হাৰো যে অতি কম হয় সেই কথা পৰেশ মাস্টৰে অতি সহজভাৱে বুজাই দিলে। স্বাভাৱিকতেই যেতিয়া ঋণৰ সম্পূৰ্ণ ধন বেংকক ঘূৰাই দিয়া হয় তেতিয়া বেংকে এনে আমানতসমূহ ঋণ লওঁতাক ঘূৰাই দিয়ে।
আগত বছৰবোৰত কম সুততে ঋণ লব পৰা কথা ভাবি বীৰেণ আনন্দিত হ’ল। তেওঁৰ পৰিবাৰ আৰু সন্তানসহ আমেৰিকালৈ ফুৰিবলৈ যোৱাৰ সপোনো অতি সোনকালে বাস্তৱায়িত হব বুলি দৃঢ় বিশ্বাস জাগিল। বিমলাইও তেওঁ সদস্য হিচাপে থকা চিট ফাণ্ডৰ ম্যাদ এবাৰ সম্পূৰ্ণ হোৱাৰ পিছত পুনৰাই চিট ফাণ্ডত ধন নথয় বুলি সিদ্ধান্ত ল’লে। সেই পৰিমাণৰ ধন কোনো এটা বেংকৰ ৰেকাৰিং জমাত থব বুলি সিদ্ধান্ত ল’লে আৰু তাৰ পৰা কিছু পৰিমাণৰ সুতো তেওঁ পাব। এই ধনে তেওঁক আমেৰিকাত বজাৰ কৰাতো সহায় কৰিব বুলি বিশ্বাস হ’ল।
বিত্তৰ বিভিন্ন ধৰণৰ উৎস আছে। কিছুমান আনুষ্ঠানিক আৰু কিছুমান অনানুষ্ঠানিক।
ৰাষ্ট্ৰীয়কৃত বেংকসমূহ: ৰাষ্ট্ৰীয়কৃত বেংকসমূহত চৰকাৰী অংশিদাৰিত্ব থাকে। সেইবাবেই তেওঁলোকে সামাজিক দায়বদ্ধতাৰ কথা মনত ৰাখে। এওঁলোকে এই ঋণসমূহৰ সুত অগ্ৰাধিকাৰ খণ্ডত (বেংকে আৱশ্যকীয়ভাৱে সহায় কৰিব লগা, ভাৰতীয় ৰিজাৰ্ভ বেংকে নিৰ্দিষ্ট কৰি দিয়া বিশেষ কাম-কাজসমূহ) তুলনামূলকভাৱে কম।
উৎস: আইএনডিজি দল
শেহতীয়া উন্নীতকৰণ: : 6/21/2020
ইয়াত ব্যক্তিগত বিত্তৰ পাতনি উল্লেখ কৰা হৈছে।
ইয়াত ব্যক্তিগত বিত্তপৰিচয়ৰ বিষয়ে আলোচনা কৰা হৈছে।
আপোনাৰ ধনৰ পৰিচালনা কেনেকৈ কৰিব সেই বিষয়ে ইয়াত আলো...
এই পাঠত কিমানখিনি শিকিলে সেয়া মূল্যায়ন কৰি চাব পাৰ...