অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৰৰ জি এছ টি পৰিশোধ

 

জি এছ টি প্ৰৱৰ্তনৰ কালত কৰিবলগীয়া পৰিশোধসমূহ কি কি ?

উত্তৰ ৪ জি এছ টি প্রৱর্তনৰ কালত, ৰাজ্যৰ ভিতৰুৱা যিকোনো যোগানৰ বাবে পৰিশোধ কৰিবলগীয়া কৰবিলাক হৈছে কেন্দ্রীয় জি এছ টি (চি জি এছ টি, যিটো কেন্দ্রীয় চৰকাৰৰ একাউণ্টলৈ যায়) আৰু ৰাজ্যিক জি এছ টি (এছ জি এছ টি, যিটো সংশ্লিষ্ট ৰাজ্যিক চৰকাৰৰ একাউণ্টলৈ যায়)। যিকোনো আন্তঃৰাজ্যিক যোগানৰ ক্ষেত্ৰত পৰিশোধ কৰিবলগীয়া কৰ হৈছে সমন্বিত জি এছ টি বা Integrated GST (IGST) যাৰ চি জি এছ টি আৰু এছ জি এছ টি উভয়ৰে উপাদান থাকিব। অতিৰিক্তভাৱে উৎসতে কর্তন কৰা কৰা (TDS) আৰু উৎসতে সংগৃহীত কৰা (TCS) চৰকাৰী একাউণ্টত পৰিশোধ কৰিবৰ বাবে কেতবোৰ নির্দিষ্ট শাখাৰ পঞ্জীভুক্ত লোকৰ আৱশ্যক হ’ব। তদুপৰি প্রয়োজন সাপেক্ষে, সুত, অর্থদণ্ড, মাচুল আৰু আন যিকোনো পৰিশোধো কৰিবলগীয়া হ’ব।

জি এছ টি কোনে দিব লাগিব ?

উত্তৰ : সাধাৰণতে সামগ্ৰী অথবা সেৱাৰ যোগনীয়াৰে জি এছ টি পৰিশোধ কৰিব লাগিব। অৱশ্যে, আমদানি আৰু অন্যান্য জাননীকৃত যোগানৰ দৰে নির্ধাৰিত ক্ষেত্ৰবিলাকত, বিপৰীত মাচুল ব্যৱস্থাপনাৰ অধীনত গ্রহণ কৰোতাৰ ওপৰতো এই দায়বদ্ধতা পৰিব পাৰে। তদুপৰি, সেৱাৰ ৰাজ্যৰ আভ্যন্তৰীণ যোগানৰ কিছুমান নির্ধাৰিত ক্ষেত্ৰত জি এছ টি পৰিশোধ কৰাৰ দায়ৱদ্ধতা ই-কমার্চ অপাৰেটৰৰ ওপৰত পৰিব পাৰে, যাৰ জৰিয়তে এনেধৰণৰ সেৱাৰ যোগান ধৰা হয়। এক নির্ধাৰিত সীমাৰ ওপৰত খুচুৰা বিক্ৰেতাক পৰিশোধ কৰা বিভিন্ন চৰকাৰী বিভাগ (অনুচ্ছেদ ৫১ (১) (ডি)অনুসৰি এটা চুক্তিৰ অধীনত ২.৫ লাখ)-য়ে কৰ কৰ্তন (টি ডি এছ) কৰিব লাগে আৰু মুঠ মূল্য (net value) ওপৰত ই কমার্চ অপাৰেটৰসকলে কৰ সংগ্রহ (টি চি এছ) কৰিব লাগে (অর্থাৎ সামগ্ৰী আৰু/অথবা সেৱাৰ কৰযোগ্য যোগানৰ সৰ্বমুঠ মূল্য কিন্তু জি এছ টি আইন, ২০১৭ৰ অনুচ্ছেদ ৯ (৫)ৰ অধীনত অপাৰেটৰে জি এছ | পৰিশোধ কৰিবলৈ বাধ্য হােৱা সেৱাসমূহৰ এনে মূল্য কর্তন কৰি) যিবিলাক যোগান তেওঁলোকৰ জৰিয়তে কৰা হয় আৰু সেয়া চৰকাৰৰ ওচৰত জমা কৰিব লাগে।

জি এছ টি পৰিশোধৰ দায়বদ্ধতা কেতিয়া উদ্ভৱ হয় ?

উত্তৰ: : অনুচ্ছেদ ১২ত উল্লেখ কৰা ধৰণে সামগ্ৰী যোগানৰ সময়ত পৰিশোধৰ দায়বদ্ধতা উদ্ভৱ হয় আৰু অনুচ্ছেদ ১৩ত উল্লেখ কৰা ধৰণে সেৱা যোগানৰ সময়ত পৰিশোধৰণ দায়বদ্ধতা উদ্ভৱ হয়।

এই সময় সাধাৰণতে তিনিটা কাৰ্যৰ যিটোৱেই আগতীয়াকৈ সম্পন্ন হয় তেতিয়াই উদ্ভৱ হয়, সেইবিলাক হৈছে— পৰিশোধ লাভ কৰা, চালান জাৰি কৰ আৰু যোগান সম্পূর্ণ কৰা। ওপৰত উল্লিখিত অনুচ্ছেদ দুটাত বেলেগ বেলেগ পৰিস্থিতিৰ বিষয়ে কোৱা হৈছে আৰু বেলেগ বেলেগ কৰাৰ কথা ব্যাখ্যা কৰা হৈছে প্রশ্ন

জি এছ টি পৰিশোধ প্রক্রিয়াৰ প্ৰধান বিশেষত্ববোৰ কি কি ?

উত্তৰ ৪ জি এছ টি আইনৰ অধীনত পৰিশোধ প্রক্রিয়াবিলাকৰ বিশেষত্ব তলত দিয়াৰ দৰে হ’ব ?

  • সকলো ধৰণৰ পৰিশোধত জি এছ টি এন উমৈহতীয়া প’ৰ্টেলৰ পৰা বৈদ্যুতিনভাৱে সৃষ্টি কৰা চালান ব্যৱহৃত হ’ব আৰু হাতেৰে প্ৰস্তুত কৰ চালানৰ ব্যৱহাৰ নহ’ব।
  • জটিলতামুক্ত, যিকোনো  সময়ত, যিকোনো  ঠাইত কৰ পৰিশোধ কৰিব পৰা ব্যৱস্থা;
  • ৩ অনলাইনত পৰিশোধ কৰাৰ সুচলতা;
  • ৩ ইলেক্ট্রনিক ফৰ্মেটত যুক্তিসংগত কৰ সংগ্ৰহ তথ্য;
  • চৰকাৰী একাউণ্টলৈ কৰ ৰাজহৰ দ্রুত প্ৰেৰণ;
  • কাগজবিহীন লেনদেন;
  • খৰতকীয়া হিচাপ-নিকাচ আৰু অৱগতি,
  • সকলো ৰচিদ বা প্রাপ্তিৰ ইলেক্ট্রনিক ব্যৱস্থাপনা;
  • বেংকৰ বাবে সৰলীকৃত পদ্ধতি;
  • © ডিজিটেল চালানৰ সংৰক্ষণ

পৰিশোধ কেনেকৈ কৰিব পাৰি ?

উত্তৰ : নিম্নোল্লিখিত পদ্ধতিৰে পৰিশোধ কৰিব পাৰি

(১) উমৈহতীয়া প’ৰ্টেলত ব্যৱস্থা কৰা কৰদাতাৰ ক্রেডিট লেজাৰ (credit ledger)ৰডেবিট (debit)ৰ জৰিয়তে কেৱল কৰ পৰিশোধ কৰিব পাৰিব। ক্রেডিট লেজাৰত ডেবিটৰ দ্বাৰা সুত, অর্থদণ্ড আৰু মাচুল আদায় দিব নোৱাৰে। ইনপুটৰ ওপৰত পৰিশোধ কৰা কৰা (input tax credit)ৰ ক্রেডিট ল’বলৈ আৰু সেয়া আউটপুট (output) কৰ পৰিশোধৰ বাবে ব্যৱহাৰ কৰিবলৈ কৰদাতাক অনুমতি দিয়া হ’ব, চি জি এছ টিৰ বাবদ input tax credit এছ জি এছ টিৰ পৰিশোধত ব্যৱহৃত নহ’ব আৰু তাৰ ওলোটাটোও প্রযোজ্য। আই জি এছ টিৰ নিৰিখ আই জি এছ টি, চি জি এছ টি আৰু এছ জি এছ টিৰ পৰিশোধৰ বাবে সেই শৃংখলাত অনুমতি প্রদান কৰা হ’ব।

(২) কৰদাতাৰ কেছ লেজাৰত ডেবিটৰ জৰিয়তে কৰা নগদ পৰিশোধ উমৈহতীয়া প'ৰ্টেলত চােৱাচিত কৰা হ’ব। জি এছ টিৰ জমা গ্রহণ কৰিবলৈ কর্তৃত্বপ্রাপ্ত বেংকৰ শাখাসমূহত 'কাউণ্টাৰ পেমেণ্টৰ জৰিয়তে; ৰিয়েল টাইম গ্ৰছ ছেটেলমেণ্ট (আৰ টিজি এছ/ নেচনেল ইলেক্ট্রনিক ফাণ্ড ট্রোন্সফাৰ (এনইএফটি);ই-পেমেণ্ট (ইণ্টাৰনেট বেংকিং, ক্রেডিট কার্ড, ডেবিট কার্ড) আদি বিভিন্ন পদ্ধতিৰে কেছ লেজাৰত ধন জমা ৰাখিব পাৰিব।

যোগনীয়াৰে কেতিয়া কৰ পৰিশোধ কৰিব লাগে ?

উত্তৰঃ সাধাৰণ কৰদাতাসকলে মাহিলি ভিত্তিত পৰৱতী মাহৰ ২০ তাৰিখৰ ভিতৰত

কৰ পৰিশোধ কৰিব লাগে। নগদ (cash) পৰিশোধ প্রথমে কেছ লেজাৰত জমা কৰা হ’ব আৰু মাহিলি মুনাফা হিচাপত পৰিশোধ কৰোতে কৰদাতাই লেজাৰ কৰ্তন (debit) কৰিব আৰু তেওঁৰ মুনাফা (return)ত প্ৰাসংগিক ডেবিট এন্ট্রী নম্বৰ প্রতিফলন কৰিব। পূর্বতে উল্লেখ কৰাৰ দৰে, ক্রেডিট লেজাৰৰ পৰাও পৰিশোধ কর্তন কৰিব পাৰি। মার্চ মাহৰ কৰৰ পৰিশোধৰ বাবে ২০ এপ্ৰিলৰ ভিতৰত ধনাদায় কৰিব লাগিব।  সংযোগী কৰদাতাই (composition taxpayers) চাৰিমহীয়া ভিত্তিত কৰ দিব লাগিব। পৰিশোধৰ সময় হ’ব ০০০০ ঘণ্টাৰ পৰা ২০০০ ঘণ্টা।

কৰ পৰিশোধ কৰাৰ সময়সীমা বঢ়াব পাৰিনে বা মাহিলি কিস্তিত পৰিশোধ কৰিব পাৰিনে ?

উত্তৰ : নোৱাৰি, স্ব-নিৰূপিত (self assessed) দায়বদ্ধতাৰ ক্ষেত্ৰত এইটো অনুমতি দিয়া নহয়। অন্য ক্ষেত্ৰসমূহত, উপযুক্ত কর্তৃপক্ষক সময়সীমা বঢ়াবলৈ বা কিস্তি হিচাপত পৰিশোধৰ অনুমতি দিবলৈ ক্ষমতা দিয়া হৈছে। (চি জি এছ টি/এছ জি এছ টি আইনৰ অনুচ্ছেদ ৮০)

যদি কৰযোগ্য লোকজনে হিচাপৰ বিৱৰণ (return) ফাইল কৰে। কিন্তু কৰৰ ধন আদায় নিদিয়ে তেতিয়া কি হ’ব ?

উত্তৰ : এনে ক্ষেত্ৰত হিচাপৰ বিৱৰণক এটা বৈধ বিৱৰণ হিচাপে গণ্য কৰা নহয়। অনুচ্ছেদ ২(১১৭)ত কোৱা হৈছে যে অনুচ্ছেদ ৩৯ৰ উপ-অনুচ্ছেদ (১)ৰ অধীনত দাখিল কৰা হিচাপৰ বিৱৰণ এটা বৈধ বিৱৰণ হিচাপে গণ্য কৰা হ’ব। যদিহে স্বনিৰূপিত সম্পূৰ্ণৰূপে পৰিশোধ কৰা হয়। কেৱল বৈধ হিচাপৰ বিৱৰণহে গ্রহণ কৰোতাৰ বাবে ইনপুট টেক্স ক্রেডিট’ৰ অনুমোদনৰ ক্ষেত্ৰত ব্যৱহৃত হ’ব। আন কথাত ক’বলৈ গ’লে যোগনীয়াৰে স্ব-নিৰূপিত কৰাৰ সকলোখিনি পৰিশোধ নকৰালৈকে আৰু তেওঁৰ হিচাপৰ বিৱৰণ দাখিল নকৰালৈকে আৰু গ্রহণ কৰোতাই তেওঁৰ হিচাপৰ বিৱৰণ দাখিল নকৰালৈকে, গ্রহণ কৰোতাৰ ইনপুট টেক্স ক্রেডিট’ (আই টি চি) নিশ্চিত

নহ’ব।

কৰৰ দেন জমা কৰাৰ তাৰিখ হিচাপে চৰকাৰী একাউণ্টত চেক জমা কৰাৰ তাৰিখ বা ধনাদায়ৰ তাৰিখ বা ধন “ক্রেডিট’ (credit) কৰাৰ তাৰিখ— কোনটো বিবেচিত হ’ব ?

উত্তৰ : চৰকাৰী একাউণ্টত ধন জমা (credit) কৰাৰ তাৰিখ ।

ই-লেজাৰ্ছ কি ?

উত্তৰঃ ইলেক্ট্রনিক লেজাৰ্ছবাই- লেজাৰ্ছহৈছে প্ৰতিজন পঞ্জীভুক্ত কৰদাতাৰ ক্ষেত্ৰত নগদ ধনৰ আৰু ইনপুট টেক্স ক্রেডিট’ৰ বিৱৰণ। অতিৰিক্তভাৱে প্ৰতিজন কৰদাতাৰে একোটা ইলেট্ৰনিক কৰ দায়বদ্ধতা পঞ্জীয়ন (electronic tax liability register) থাকিব। এবাৰ এজন কৰদাতা উমৈহতীয়া প’ৰ্টেলত (জি এছ টি এন) পঞ্জীভুক্ত হ’লে, দুটা ই-লেজাৰ্ছ (নগদ আৰু ইনপুট টেক্স ক্রেডিট) আৰু এটা সময়তে তেওঁৰ  (dash board) প্ৰ্তিফলিত হব।

একোটা কৰ দায়বদ্ধতা পঞ্জীয়ন কি ?

উত্তৰ : কৰ দায়বদ্ধত পঞ্জীয়ন (Tax Liability Register)ত নির্দিষ্ট মাহৰ বাবে এজন কৰদাতাৰ মুঠ কৰ দায়বদ্ধতা (মুঠ কৰণৰ পিছত) প্রতিফলিত হ’ব।

একোটা কেছ লেজাৰ কি ?

উত্তৰ : কৰদাতাজনৰ হৈ নগদ কৰা সকলো জমা আৰু টি ডি এছ /টি চি এছ কেছ লেজাৰে প্রতিফলন কৰিব। প্রকৃত সময়ৰ ভিত্তিত তথ্য প্রতিফলিত হ’ব। জি এছ টিৰ হৈ যিকোনো ধনাদায় কৰিবৰ বাবে এই লেজাৰ ব্যৱহাৰ কৰিব পাৰি।

একোটি আই টি চি লেজাৰ কি ?

উত্তৰঃ মাহিলী হিচাপৰ বিৱৰণত স্ব-নিৰুপিত হিচাপে ইনপুট টেক্স ক্রেডিট আই টি চি লেজাৰত প্রতিফলিত হ’ব। এই লেজাৰৰ নিৰিখ (credit) কেৱল কৰা (Tax Only) পৰিশোধৰ বাবে ব্যৱহাৰ কৰিব পাৰিব আৰু অন্য নিৰিখ যেনে সুত, অর্থদণ্ড

মাচুল ইত্যাদিৰ ক্ষেত্ৰত নোৱাৰিব

জি এছ টি এন আৰু কর্তৃত্বপ্রাপ্ত বেংকৰ মাজত সম্পর্ক কি ?

উত্তৰ : বেংকৰ কৰ বেংকিং ছলিউচন (চি বি এছ) আৰু জি এছ টি এনৰ মাজত প্রকৃত সময়ৰ দুটা পথৰ সম্পর্ক (linkage) থাকিব। ধন দায় লাভ কৰা আৰু পৰীক্ষা কৰাৰ বাবে ইলেক্ট্রনিক ষ্ট্ৰিঙৰ জৰিয়তে বেংকলৈ স্বয়ংক্রিয়ভাৱে চি পি আই এন যায় আৰু বেংকে ধনাদায় লাভ কৰা বুলি  নিশ্চিত কৰি উমৈহতীয়া প’ৰ্টেললৈ স্বয়ংক্রিয়ভাৱে এটা চালান চিনাক্তকৰন নম্বৰ  (chalan identification numberCIN),প্ৰেৰণ কৰে। বেংক কেছিয়াৰ বা টেলাৰ বা কৰদাতাজনকে ধৰি কোনেও এই প্রক্রিয়াত হাতেৰে লিখা নথি ব্যৱহাৰ নকৰে।

একোজন কৰদাতাই একাধিক বৈঠকত চালান সৃষ্টি কৰিব পাৰেনে ?

উত্তৰ : হয়, একোজন কৰদাতাই চালান প্ৰপত্ৰ আংশিকভাৱে পূৰণ কৰিব পাৰে আৰু পৰৱতী পর্যায়ত সম্পূর্ণ কৰিবৰ বাবে চালানখন সাময়িকভাৱে 'ছেইভ' (save) কৰি ৰাখিব পাৰে। এখন "ছেইভড” চালান চূড়ান্ত কৰাৰ আগত সম্পাদিত (edited) কৰিব পাৰে। চালান চূড়ান্ত কৰাৰ পিছত, তেওঁ চালান সৃষ্টি (generate) কৰিব আৰু কৰ পৰিশোধৰ বাবে ব্যৱহাৰ কৰিব।সমৰ্পনকাৰী বা ৰেহাই দিওতাইঁ (remitter) তেওঁৰ নথি হিচাপে চালানখন ছপা কৰিব পাৰিব।

অনলাইনত সৃষ্টি কৰা এখন চালান সংশোধন কৰিব পাৰিনে ?

উত্তৰ : নোৱাৰি। চালান সৃষ্টি কৰিবৰ বাবে জি এছ টি এন প'ৰ্টেলত ‘লগিং কৰাৰ পিছত কৰদাতা বা তেওঁৰ দ্বাৰা কর্তৃত্বপ্রাপ্ত লোকে পৰিশোধৰ নথিপত্রৰ ব্যৱস্থা কৰিব লাগিব। ভৱিষ্যতৰ উন্নীতকৰনৰ বাবে তেওঁ মাজভাগতে চালানখন ছেইভ কৰিব পাৰে। অৱশ্যে এবাৰ চালানখন চূড়ান্ত কৰা হ’লে আৰু চি পি আই এন সৃষ্টি হ’লে,কৰদাতাই কোনো সলনি কৰিব নোৱাৰে।

চালানৰ ম্যাদ আছেনে ?

উত্তৰঃ হয়, সৃষ্টি হোৱাৰ পিছত এখন চালান পোন্ধৰ দিনৰ বাবে প্রযোজ্য হ’ব আৰু তাৰ পিছত ইয়াক ব্যৱস্থাটােৰ (system) পৰা নোহোৱা কৰি দিয়া হ’ব। অৱশ্যে, কৰদাতাই নিজৰ সুবিধা মতে আন এখন চালান সৃষ্টি কৰিব পাৰে।

চি পি আই এন কি ?

উত্তৰ : চি পি আই এনৰ সম্পূৰ্ণ ৰূপ হৈছে— Common Portal |identification Number (CPIN), যিটো চালান সৃষ্টিৰ সময়ত দিয়া হয়। ই হৈছে চালানখন চিনাক্ত কৰিবৰ বাবে ১৪টা অংকৰ একক নম্বৰ। ওপৰত কোৱা হৈছে যে চি পি আই এন ১৫ দিনৰ এক সময়সীমাৰ বাবে থাকে।

চি আই এন কি আৰু ইয়াৰ প্ৰাসংগিকতা কি ?

উত্তৰ:চি আই এনৰ সম্পূৰ্ন হৈছে (CIN)৷ ই হৈছে ১৭টা অংকৰ সংখ্যা, ইয়াৰে ১৪টা অংক CPIN আৰু বাকী তিনিটা অংক বেং ক'ড। কর্তৃত্বপ্রাপ্ত বেংক/ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া (RBI)ই পৰিশোধ প্রকৃতপক্ষে লাভ কৰিলে আৰু তেওঁলোকৰ সৈতে সম্পূক্ত সংশ্লিষ্ট চৰকাৰৰ একাউণ্টত সেয়া জমা কৰিলে উক্ত বেংকে চি আই এন সৃষ্টি কৰে। পৰিশোধ উপলব্ধ হােৱা আৰু যথোচিত চৰকাৰৰ একাউণ্টত জমা কৰা বুলিই এক উল্লেখ। কর্তৃত্বপ্রাপ্ত বেংকে কৰদাতাক লগতে জি এছ টি এনক CIN দিয়ে।

কৰদাতাৰ আগৰ মাহবিলাকৰো দেনা বাকী থাকিলে কৰ পৰিশোধৰ প্ৰণালী কি হ’ব ?

উত্তৰঃ চলিত উপাৰ্জনৰ সময়ছোৱাৰ বাহিৰত কৰদাতাৰ কৰ পৰিশোধ বাকী থাকিলে অনুচ্ছেদ ৪৯(৮)ত এটা শৃংখলা দিয়া হৈছে। এনে পৰিস্থিতিত অনুসৰণ কৰিবলগীয়া পৰিশোধৰ শৃংখলাটো হৈছেঃ প্রথমে পূৰ্বৰ সময়ছোৱাৰ বাবে স্ব-নিৰূপিত কৰ আৰু সুত, তাৰ পিছত চলিত সময়ছােৱাৰ বাবে স্ব-নিৰূপিত কৰ আৰু সুত; আৰু তাৰ পিছত অনুচ্ছেদ ৭৩ বা ৭৪ৰ অধীনত যিকোনো নিশ্চিত চাহিদা (demand)সহ

পৰিশোধ কৰিবলগীয়া আন যিকোনো ধনৰাশি। এই ধাৰাবাহিকতা বাধ্যতামূলক অনুসৰণ কৰিব লাগিব।

ওপৰত উল্লেখ কৰা অন্য দেনা’ (other dues) মানে কি ?

উত্তৰ : ‘অন্য দেনা’ মানে হৈছে আইনখনৰ বা ইয়াৰ অধীনস্থ নিয়মাৱলীৰ অধীনত পৰিশোধ কৰিবলগীয়া সুত, জৰিমনা, মাচুল বা অন্য কোনো পৰিমাণৰ ধনৰাশি।

E-FPB কি?

উত্তৰ: E-FPB ৰ সম্পূৰ্ন ৰুপ হৈছে ( Electronic Focal Point Branch | এইবিলাক হৈছে কর্তৃত্বপ্রাপ্ত বেংকৰ শাখা, যাক জি এছাটিৰ পৰিশোধ সংগ্ৰহ কৰিবলৈ কর্তৃত্ব দিয়া হৈছে। দেশৰ ভিতৰত এনেধৰণৰ লেনদেনৰ বাবে প্ৰতিটো কর্তৃত্বপ্রাপ্ত বেংকে ইয়াৰ ই এফ পি বি হিচাপে কেৱল এটা শাখাকহে মনোনীত কৰিব। সকলো চৰকাৰৰ বাবে প্রতিজন প্রধান মুৰব্বীৰ অধীনত ই-এফ পি বিয়ে একাউণ্ট খুলিব লাগিব। মুঠ ৩৮টা একাউণ্ট (চি জি এছ টি, আই জি এছ টিৰ বাবে এটাকৈ আৰু প্ৰতিখন ৰাজ্য/ কেন্দ্রীয় শাসিত অঞ্চলৰ চৰকাৰৰ বাবে এছ জি এছ টিৰ এটাকৈ) খুলিব লাগিব। জি এছ টিৰ বাবত এনেধৰণৰ ই-এফ পি বিয়ে লাভ কৰা যিকোনো ধনৰাশি এনে ই-এফ বি দায়বদ্ধ হৈ থকা যথোচিত একাউণ্টত জমা কৰিব লাগিব।NEFT/RTGS লেনদেনৰ বাবে RBI য়ে E-FPB হিচাপে কাম কৰিব।

TDS কি?

উত্তৰ: TDS ৰ সম্পূৰ্ন ৰুপ হৈছে Tax Deducted at Sources অৰ্থাৎ উৎসতে  কর্তন কৰা কৰ। অনুচ্ছেদ ৫১ অনুসৰি, এই ব্যৱস্থ হৈছে যোগনীয়াৰক ২.৫ লাখ টকাৰ অধিক ঠিকাভিত্তিক পৰিশোধ কৰা চৰকাৰী আৰু চৰকাৰৰ অধীনস্থ আৰু অন্য জননীকৃত প্রতিষ্ঠান। এনে ধৰণৰ পৰিশোধ কৰোতে সংশ্লিষ্ট চৰকাৰ/কর্তৃপক্ষই মুঠ পৰিশোধযোগ্য ধনৰাশিৰ পৰা ১ শতাংশ কর্তন কৰিব আৰু ইয়াক যথোচিত জি এছ টি একাউণ্টত জমা কৰিব।

ৰিটাৰ্ণ ফাইল কৰাৰ সময়ত যোগনীয়াৰে কেনেকৈ এই টি ডি এছ হিচাপ কৰিব?

উত্তৰঃ টিডি এছ হিচাপে দেখুওৱা যিকোনো ধনৰাশি সংশ্লিষ্ট যোগনীয়াৰৰ ইলেক্ট্রনিক কেছ লেজাৰত প্রতিফলিত হ’ব। তেওঁ এই ধনৰাশি তেওঁৰ দিবলগীয়া কৰ, সুতৰ মাচুল আৰু আন আন যিকোনো নিৰিখ আদায় কৰোতে ব্যৱহাৰ কৰিব পাৰিব।

টি ডি এছ কর্তন কৰোতাই এনে টি ডি এছৰ সঠিক হিচাপ কেনেদৰে দিব ?

উত্তৰ ৪ নিম্নোল্লিখিত পদ্ধতিৰে টি ডি এছ কর্তন কৰোতাই সঠিক হিচাপ দিব :

১/চি জি এছ টি/এছ জি এছ টি আইনৰ অনুচ্ছেদ ২৪ৰ অধীনত এনেধৰণৰ কর্তন কৰোতা বাধ্যতামূলকভাৱে পঞ্জীভুক্ত হ’ব লাগিব।

২/টিডি এছ সংগৃহীত হোৱা মাহৰ পিছৰ মাহৰ ১০ তাৰিখৰ ভিতৰত তেওঁলোকে এনে টি ডি এছ জমা কৰিব লাগিব আৰু জি এছ টি আৰ-৭ত নথিভুক্ত কৰিব লাগিব।

৩/টি ডি এছ হিচাপে জমা কৰা ধন যোগনীয়াৰৰ ইলেক্ট্রনিক কেছ লেজাৰত প্রতিফলিত হ’ব।

৪/ টিডি এছ কর্তন কৰাৰ ৫ দিনৰ ভিতৰত তেওঁলোকে যাৰ পৰা কর্তন কৰা হৈছে। তেওঁক প্রমাণ পত্ৰ দিব লাগিব আৰু চৰকাৰী একাউণ্টত জমা কৰিব লাগিব অন্যথা এনে কৰাত ব্যর্থ হ’লে কর্তন কৰোতাই প্রতিদিনে ১০০ টকাৰ মাচুল সর্বাধিক ৫০০০/= টকা পর্যন্ত ভৰিব লাগিব।

উৎসতে সংগ্ৰহ কৰা কৰ (টি চি এছ) কি ?

উত্তৰ ৪ চি জি এছ টি/এছ জি এছ টি আইনৰ অনুচ্ছেদ ৫২ৰ অধীনত কেৱল ইকমার্চ অপাৰেটৰসকলৰ ক্ষেত্ৰতহে এই ব্যৱস্থা প্রযোজ্য। প্ৰতিজন ই-কমার্চ অপাৰেটৰে যোগনীয়াৰক প্রকৃত পৰিশোধ কৰাৰ সময়ত তেওঁৰ পৰা যোগনীয়াৰক দিবলগীয়াধনৰাশিৰ এটা শতাংশ ৰাখি থব লাগিব যি পৰিমাণ ‘কৰযোগ্য যোগানৰ মুঠ মূল্যৰ  এক শতাংশৰ অধিক হ’ব নালাগিব।এনেদৰে ৰাখি থোৱা ধন পৰৱতী মাহৰ ১০ তাৰিখৰ ভিতৰত সঠিক জি এছ টি একাউণ্টত এনে ই-কমার্চ অপাৰেটৰে জমা কৰিব লাগিব। টিচি এছ হিচাপে জমা কৰা ধনৰাশি যোগনীয়াৰৰ ইলেক্ট্রনিক কেছ লেজাৰত প্রতিফলিত হ’ব।

কৰযোগ্য যোগানৰ মুঠ মুল্য  (net value of taxable supplies) মানে কি ?

উত্তৰঃ ‘কৰযোগ্য যোগানৰ মুঠ মূল্য মানে হৈছে অনুচ্ছেদ ৯(৫)ৰ অধীনত জাননীকৃত অন্য সেৱাসমূহৰ বাহিৰে সামগ্ৰী অথবা সেৱাৰ কৰযোগ্য যোগানৰ সৰ্বমুঠ মূল্য, যি যোগান উল্লিখিত মাহত যোগনীয় পৰা অপাৰেটৰে হ্রাস কৰা তথা বা কৰযোগ্য পঞ্জীভুক্ত লোকে কৰা যোগান।

ৰিক ওভতাই দিয়া কৰযোগ্য যোগানৰ সৰ্বমুঠ মূল্যৰ

জি এছ টি পৰিশোধৰ বাবে জি এছ টি এন প’ৰ্টেলত ক্রেডিট কার্ডৰ আগতীয়া পঞ্জীয়ন আৱশ্যকীয়নে ?

উত্তৰঃ হয়, কৰদাতাজনে জি এছ টি এনত পৰিচালিত উমৈহতীয়া প’ৰ্টেলত তেওঁৰ ক্রেডিট কার্ডৰ আগতীয়া পঞ্জীয়ন কৰাব লাগিব, য’ৰ পৰা কৰ পৰিশোধ কৰা হ’ব। জি এছ টি এনে ক্রেডিট ক সৈতে এটা প্রণালীত (system) ৰাখিব পাৰে। ক্রেডিট কার্ড ব্যৱহাৰ কৰি কৰা পৰিশোধ সেয়ে ব্যৱসায় কৰাৰ অভিপ্রায় কার্যকৰী কৰিবৰ বাবে কোনো ধৰণৰ আর্থিক সীমা নোহোৱাকৈ অনুমোদিত   হ’ব পাৰে।

উৎস : চেন্ট্ৰেল ব’ৰ্ড অৱ এক্সাইজ এণ্ড কাষ্টমছ

শেহতীয়া উন্নীতকৰণ: : 1/24/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate