অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আমেৰিকালৈ বাওধান ৰপ্তানি অসমৰ যুৱকৰ

আমেৰিকালৈ বাওধান ৰপ্তানি অসমৰ যুৱকৰ

কঠোৰ শ্ৰম আৰু সাধনাৰ ফল সদায় মিঠা। প্ৰায় দুটা দশকৰ আগতে উচ্চ শিক্ষিত যুৱকজনে আন দহজন শিক্ষিত নিবনুৱাৰ দৰে এটা চাকৰিৰ আশাত অফিচৰ দুৱাৰে দুৱাৰে দৌৰি ফুৰিছিল।চৰকাৰী ৰঙা ফিটাৰ মেৰপাকত চাকৰিৰ নামত বুজন পৰিমাণৰ টকা শৰাধ কৰি জুৰুলা হৈ পৰিছিল যুৱকজন। এটা সময়ত দুৰ্নীতি-ভ্ৰষ্টাচাৰত নিমজ্জিত চৰকাৰী ব্যৱস্থাৰ প্ৰতি ক্ষুব্ধ আৰু বিতশ্ৰদ্ধ হৈ চাকৰিৰ মোহ ত্যাগ কৰি দৃঢ় সংকল্প লৈছিল কৃঅষি ক্ষেত্ৰৰ জৰিয়তে জীৱন সংগ্ৰামত নিজকে প্ৰতিষ্ঠাকৰাৰ। আত্মবিশ্বাস আৰু দৃঢ় মনোবলকে মূলধন হিচাপে লৈ এদিন খেতি পথাৰৰ বোকাত ভৰি দিয়া যুৱকজনেই কঠোৰ নিৰৱচ্ছিন্ন শ্ৰম আৰু সাধনাৰ জৰিয়তে আজি লক্ষিমপুৰ জিলাৰ লগতে সমগ্ৰ অসমৰ ভিতৰতেই এজন সফল উদ্যমী কৃষক হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। বিদেশৰ বজাৰতো নিজৰ সুনাম জিলিকাবলৈ সক্ষম হোৱা পুৱাৰ পৰা গধূলিলৈক খেতিপথাৰত ব্যস্ত হৈ থকা প্ৰচাৰবিমুখ যুৱকজন এতিয়া হৈ পৰিছে উঠি অহা প্ৰজন্মৰ বাবে সুগভীৰ প্ৰেৰণা অৰু আদৰ্শস্বৰূপ। যুৱকজনৰ নাম সৰ্বেশ্বৰ চাংমাই। ঘৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰঙতি গাঁৱত। এইগৰাকী যুৱকৰ প্ৰচেষ্টাতে ১৯৯৭ চনত অঞ্চলটোৰ কেইবাজনো শিক্ষিত নিবনুৱা যুৱকক লগত লৈ ‘ৰঙতি সমন্বিত স্বনিয়োজন কৃষি সমিতি’ নামৰ এটা গোট গঠন কৰি সেই বৰ্ষৰে পৰা ৰঙতি চৰকাৰী কৃষি ফাৰ্মৰ এশ বিঘা মাটি লীজত লৈ ধান খেতিৰ লগতে ধানৰ ধানৰ বীজ উৎপাদনৰ আঁচনি আৰম্ভ কৰে। ২০০৮ চনলৈকে ধানৰ লাভজনক খেতিৰ লগতে নিজকে নিয়োজিত কৰা উদ্যমী যুৱক সৰ্বেশ্বৰ চাংমায়ে এই সময়ছোৱাতে হায়দৰাবাদ, কলকাতা আদি দেশৰ কেইবাঠাইতো বিভিন্ন জৈৱিক খেতিৰ প্ৰশিক্ষণ লয়। ইয়াৰ পিচতেই উদ্যমী যুৱকজনে বৃহত্তৰ অঞ্চলটোৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তত শিক্ষিত যুৱকসকলক কৃষিক্ষেত্ৰৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ উদ্দেস্যে বিভিন্ন দিহা-পৰামৰ্শৰে উদগনি যোগাই আহিছে। এই কৃষি জাগৰণৰ সমান্তৰালকৈ ২০১১ চনত গঠন কৰে ‘অবিভক্ত লখিমপুৰ জিলা বীজ উৎপাদন আৰু বজাৰ নিলাম’ নামৰ এক বেচৰকাৰী সংস্থাৰ। উল্লেখ্য যে এই সংস্থাৰ অধীনত এতিয়ালৈকে ৰঙতি, ঘগৰা, ২ নং ৰঙতি, বছাপুখুৰী, যোৰহটীয়া, ৩ নং শিমলুগুৰি, বালিটিকা, ফতেহপুৰ, ৩ নং নিমুৰি সহ দহটা কৃষি গোটত পাঁচ শতাধিক্ যুৱক কৃষি কৰ্মত জড়িত হৈ আছে। তদুপৰি এই সংস্থাৰ অধীনত ধেমাজি জিলাতো কৃষি গোট সংগঠিত হৈছে। উঠি অহা শিক্ষিত প্ৰজন্মৰ বহু যুৱকক স্বনিয়োজনৰ পথ দেখুওৱা এই সংস্থাই অসম চৰকাৰৰ কৃষি বিভাগক উন্নতমানৰ ধানৰ বীজৰো যোগান ধৰি আহিছে। বিগত চাৰি বছৰে এই কৃষি সংস্থাটোৱে অসম ৰাজ্যিক বীজ প্ৰামাণীকৰণ এজেন্সিৰ জৰিয়তে আৰু কৃষি বিভাগৰ জৰিয়তে গুণগত মান পৰীক্ষা কৰি অসম চৰকাৰৰ কৃষি বিভাগ আৰু বিভিন্ন বীজ যোগান নিগমক ২৮৫০ কুইণ্টল বড়ো ধানৰ বীজ আৰু ৩ হেজাৰ কুইণ্টল শালি ধানৰ বীজ(ৰঞ্জিত, মচুৰী আৰু এম টি ভি-৭০২৯) যোগান ধৰি ১ কোটি ১১ লাখ ৩০ হেজাৰ টকা উপাৰ্জন কৰিছে। উদ্যমী যুৱক সৰ্বেশ্বৰ চাংমাইৰ নেতৃত্বতেই উক্ত সংস্থাটোৱে ২০১৩ চনৰ ফেব্ৰুৱাৰী মাহত কৃষি সঞ্চালকৰ পৰা বীজৰ পাইকাৰী বিক্ৰীৰ অনুজ্ঞাপত্ৰ লাভ কৰিছে। ধান খেতিৰ সমান্তৰালকৈ বৈজ্ঞানিক পদ্ধতিৰে আদা, হালধি, সৰিয়হ, কবি, আলু, বিলাহী, পিয়াঁজ, আদি বিভিন্ন খেতি কৰি অহা উদ্যমী যুৱকজনৰ প্ৰচেষ্টাতে ‘ৰঙতি জনকল্যাণ আত্মসহায়ক গোট’ নামৰ এটা ২২ জনীয়া গোট গঠন কৰি ২২ বিঘা মাটিকালিৰে আগুৰা ৰঙতি পুখুৰীত ২০০২ চনৰ পৰা উন্নত পদ্ধতিৰে কৰি অহা মৎস্য পালনৰ পৰাও প্ৰতি বছৰে মাছ বিক্ৰী কৰি ২ লাখৰ পৰা ৩ লাখ টকা লৈকে উপাৰ্জন কৰি আহিছে। কৃষি সংস্থাটোৱে ২০১২ চনত ধেমাজি জিলাৰ উপায়ুক্তৰ উদ্যোগত আৰু ধেমাজি জিলা কৃষি বিষয়াৰ সহযোগত হাৰিয়ানাৰ ‘নেচাৰ বায় ফুডছ লিমিটেড’ নামৰ এক সংস্থাৰ জৰিয়তে জৈৱিক পদ্ধতিৰে উৎপাদিত উন্নতমানৰ ৩০৮ কুইণ্টল বাওধান আমেৰিকালৈ প্ৰেৰণ কৰি সেই দেশৰ উচ্চ প্ৰশ্ংসা আৰু স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে।

উৎসঃ অসমীয়া প্ৰতিদিন

শেহতীয়া উন্নীতকৰণ: : 3/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate