অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আদা সংৰক্ষণ

আদা সংৰক্ষণ

১)সজীৱ ৰূপত আদা সংৰক্ষণৰ প্ৰয়োজনীয়তা :

এক মচলাজাতীয় খাদ্য শস্য ৰূপে আদা আমাৰ সকলোৰে মাজত জনপ্ৰিয় ৷ কেৱল মাত্ৰ খাদ্যক সুস্বাদু কৰি তোলা মচলা হিচাপেই নহয়, নানাবিধ ঔষধি গুণৰ বাবেও আদাই সমগ্ৰ পৃথিৱীতে গুৰুত্ব লাভ কৰি আহিছে ৷ অসমৰ জলবায়ু আৰু মাটিত এই  শস্যবিধ সহজতে উৎপাদন কৰিব পাৰি ৷ কম কষ্টতে উৎপাদন কৰিব পৰা এই শস্য, চপোৱাৰ পিছতে কৃষকে যথেষ্ট কম দৰত বিক্ৰি কৰি দিয়ে ৷ শস্য চপোৱাৰ বতৰত যিহেতু আদাৰ দাম অতি কম হৈ থাকে, সেয়ে এই সময়তেই উৎপাদিত সমূহ আদা বিক্ৰি কৰি কৃষক লাভাম্বিত হ’ব নোৱাৰে ৷ আনহাতে কৃষকৰ মাজত প্ৰচলিত ব্যৱস্থাৰে আদা শস্য চপোৱাৰ সময়ৰ পৰা বেছি দিনলৈ সংৰক্ষণ কৰিবলৈকো অসুবিধা হয় ৷ আমাৰ অঞ্চলৰ আদা খেতিয়কে বতৰৰ আদ্ৰতাৰ বাবে আদা সাধাৰণতে শুকুৱাই সংৰক্ষণ নকৰে ৷ তদুপৰি, চেনী বা নিমখৰ সহায়ত আদা সংৰক্ষণ কৰা পদ্ধতিৰ বিষয়ে কৃষক অজ্ঞাত ৷ এই পৰিপ্ৰেক্ষিতত, সজীৱ ৰূপত আদাৰ সংৰক্ষণেই কৃষকৰ বাবে সহজ বিবেচিতহৈ আহিছে আৰু সজীৱ আদাৰ চাহিদাই ভাৰতৰ বজাৰত আদাৰ অন্য ধৰণৰ ৰূপতকৈ বেছি ৷ আদাক বীজ হিচাবে সংৰক্ষণ কৰাটো কৃষকৰ সমস্যা নহয় ৷ কিন্তু পিছৰবাৰ শস্য চপোৱাৰ বতৰলৈ, উপভোক্তাৰ প্ৰয়োজনৰ বাবে আদা সংৰক্ষণ কৰাটো, সঁচাকৈয়ে কৃষকৰ বাবে চিন্তনীয় ৷ যদিহে কৃষক সকলে এই ক্ষেত্ৰত উপযুক্ত পদ্ধতিৰে আদা সংৰক্ষণ কৰিবলৈ সক্ষম হয়, তেন্তে কৃষকে ক্ৰমাগত ভাৱে আদা বজাৰলৈ বিক্ৰিৰ বাবে উলিয়াই দি, সময়ৰ লগে লগে বৰ্দ্ধিত দামৰ সুযোগ গ্ৰহণ কৰি লাভৰ পৰিমাণ বঢ়াব পাৰে ৷ তদুপৰি উপযুক্ত সংৰক্ষণ পদ্ধতিৰ দ্বাৰা শস্য চপোৱাৰ পিছত হোৱা আদাৰ ক্ষতিও কমাব পৰা যায় ৷ সেয়েহে, তলত আদা সজীৱ ৰূপত সংৰক্ষণৰ এটি সহজ আৰু মিতব্যয়ী পদ্ধতি বৰ্ণনা কৰা হৈছে ৷

২) প্ৰয়োজনীয় কেঁচা সামগ্ৰী

  • কৃষকৰ নিজা বাৰীৰ পৰাই কাঁটি আনিব পৰা কেইডালমান জাতি বাঁহ (১০০ কেজি আদাৰ বাবে প্ৰায় ৩০ ডাল বাঁহ)
  • কৃষকৰ শস্য পথাৰৰ ওচৰৰ নৈৰ পৰা আদা চপোৱাৰ বতৰতে সহজতে আহৰণ কৰিব পৰা বালি (১০০ কেজি আদাৰ বাবে ২০০-২৫০ কেজি বালি)
  • কিছু নাৰিকলৰ ৰছী (বান্ধিবলৈ) বা তাঁৰ
  • কেইখন মান খালী বস্তা (পলিথিন বা মৰাপাটৰ)
  • এখন দা আৰু এখন কৰট (বাঁহ কাটিবলৈ)
  • এখন বাঁহৰ চালনী (বালি চালিবলৈ)

৩) পদ্ধতিটোৰ বিষয়ে :

  • আপোনাৰ শস্য ভড়ালৰ ভিতৰৰ বা বাহিৰৰ খেৰৰ চালিৰ তলৰ একাংশ ঠাই আদা সংৰক্ষণৰ বাবে বাছি লওঁক ৷
  • সংৰক্ষণ কৰিবলগীয়া আদাৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি, গোটা জাতি বাঁহেৰে এখন চাং তৈয়াৰ কৰক ৷ চাংখনৰ প্ৰতি খলপৰ প্ৰস্হ এনেকুৱা হোৱা উচিত যাতে সংৰক্ষিত আদা নিয়মিত নিৰীক্ষণৰ বাবে সুবিধাজনক হয় ৷ বেৰৰ কাষত চাংখন স্থাপন কৰিলে প্ৰস্থ ৫০ চে:মি: হলেও সুবিধাজনক হব ৷ চাংখনৰ দুটা খলপৰ মাজৰ ব্যৱধান সেইদৰে অতি কমেও ২৫ চে:মি: হোৱা উচিত, যাতে আদা নিৰীক্ষণৰ বাবে সুবিধাজনক হয় ৷ চাঙৰ খলপৰ সংখ্যা বাঢ়ি গলে মাজৰ খুটাৰ সংখ্যাও বঢ়াই দিব লাগে, যাতে চাংখনে আদা আৰু বালিৰ ভৰ সহিব পাৰে ৷ চাংখনৰ খলপবোৰ বাঁহৰ গাধৈৰে তৈয়াৰ কৰা উচিত ৷ তলত গোটা বাঁহেৰে সঁজা তৈয়াৰ কৰি তাৰ ওপৰত জোখত গাঁঠিলোৱা গাধৈ বোৰ বান্ধি দিয়া উচিত ৷ গাধৈৰ ওপৰত খালী বস্তাৰে ঢাকি দিয়ক ৷ প্ৰতি বৰ্গমিটাৰ এলেকাৰ গাধৈৰ ওপৰত ৭.৫-১০ কেজি আদা সংৰক্ষণ  কৰিব পাৰে ৷



  • চাংখন তৈয়াৰ হোৱাৰ পিছত, আদা চপোৱাৰ সময়তে উপলব্ধ হোৱা নৈৰ বালি গোটাই ৰ’দত শুকুৱাই লওঁক ৷ এই বালিখিনি এখন বাঁহৰ চালনীৰে চালি লওঁক, যাতে ই চাফা হয় আৰু ইয়াত গুটি, শিলগুটি আদি মিহলিহৈ নেথাকে ৷ চালিলোৱা বালিৰে বস্তাৰ ওপৰত এটি এক ইঞ্চি ওখ বালিৰ সমান তৰপ কৰি লওক ৷ প্ৰতি বৰ্গমিটাৰ এলেকাৰ বাবে এক ইঞ্চি ওখ শুকান বালিৰ তৰপৰ বাবে ১০ কেজি বালিৰ প্ৰয়োজন হ’ব ৷
  • সংৰক্ষণ কৰিবলগীয়া আদাখিনি পানীত জুবুৰিয়াই চাফা কৰি ধুই লওঁক ৷ মনকৰিব লাগে যাতে সংৰক্ষণ কৰিবলগীয়া  আদাখিনি পুৰঠ আৰু নিৰোগী হয় ৷ আদাৰ আঙুলিবোৰ যিমান পাৰি নভঙাকৈ ৰাখিব লাগে ৷
  • আদবোৰ এডোখৰৰ ওচৰত এডোখৰকৈ বালিৰ তৰপটোৰ ওপৰত পথালিয়াকৈ থৈ যাওক ৷
  • আদাৰ তৰপটিৰ ওপৰত পুণৰ শুকান বালি চটিয়াই এটি এক ইঞ্চি ওখ বালিৰ তৰপ গঢ়ি আদাখিনি ঢাকি দিয়ক ৷
  • এতিয়া শুকান বালিৰ তৰপটিৰ ওপৰত এটি জিঞ্জিৰিৰে পানী চটিয়াই বালিখিনি সেমেকাই তোলক ৷ প্ৰতি বৰ্গমিটাৰ এলেকাৰ বাবে ৩-৪ লিটাৰ পানী ব্যৱহাৰ কৰক ৷
  • সময় আগবঢ়াৰ লগে লগে, বতৰৰ ওপৰত নিৰ্ভৰ কৰি যেতিয়া বালিখিনি পুনৰ ফিৰফিৰিয়া শুকান হৈ উঠিব, যেতিয়া পুনৰ একে পৰিমাণত বালিৰ ওপৰত পানী চটিয়াব ৷ সাৱধান হ’ব যাতে চতিওৱা পানীৰ পৰিমাণ অতিৰিক্ত নহয় ৷
  • আপুনি যদি সংৰক্ষণ জানুৱাৰী মাহৰ মাজভাগত (মাঘ) আৰম্ভ কৰে, তেন্তে এপ্ৰিলৰ মাজ ভাগলৈ (বহাগ) আপোনাৰ


বিশেষ একোৱেই চিন্তা নাথাকে ৷ বহাগ মাহৰ পৰা আদাৰ গঁজালি ওলাব ধৰে ৷ এই গজাঁলি সমূহ খুব বেছি এক ইঞ্চি ওখ হওঁতেই হাতেৰে ভাঙি পেলাব ৷ একে সময়তে পঁচা আদা চিনাক্ত কৰিলে, ইয়াক আঁতৰাই পেলাব ৷ গজালি ভঙাৰ পিছত এসপ্তাহলৈ পানী নচটিয়াব ৷

৪)কিমান দিনলৈ সংৰক্ষণ কৰিব :

  • উপৰোক্ত পদ্ধতিৰে আদাৰ সজীৱতা ৰক্ষা কৰি আৰু ইয়াৰ গোন্ধ বা জ্বলাৰ বিশেষ হানি নঘটাকৈ ছমাহলৈ সুন্দৰ ভাৱে সংৰক্ষণ কৰিব পৰা যায় ৷ এই ছমাহত ইয়াৰ ওজন কমিলেও (৪০-৫০%) এই ব্যৱধান বাহিৰৰ পৰা ধৰিব নোৱাৰি, যিহেতু আদাবোৰে সংৰক্ষণ কালত পানী শুহি লয় ৷ আদাত থকা শৰ্কৰা জাতীয় পদাৰ্থৰ পৰিমাণহে কমে কিন্তু আদাত থকা জ্বলা বা গোন্ধৰ বাবে প্ৰয়োজনীয় পদাৰ্থৰ পৰিমাণৰ হানি নঘটে ৷ প্ৰায়
  • (৪০-৫০%) ওজন কমিলেও, এই সময়চোৱাত আদাৰ দাম প্ৰায় ১০০-৩০০% বাঢ়ে, সেয়েহে কৃষক ক্ষতিগ্ৰস্ত হোৱাৰ কাৰণ নেথাকে ৷

  • ছমাহৰ পৰা নমাহৰ সময় খিনিত আদাখিনিৰ ওপৰত সঘনাই মনোযোগ দিয়া উচিত ৷ এই সময়খিনিতেই পচাঁৰোগৰ প্ৰাদুৰ্ভাৱ বাঢ়িবলৈ ধৰে ৷ সেয়েহে নমাহৰ অন্তত সৰ্বমুঠ ৯-২৫% ( আদাৰ জাত অনুযায়ী) আদা পচি নষ্ট হ’ব পাৰে ৷ কিন্তু এনেদৰে পচি নষ্ট হোৱা আদা ছমাহৰ অন্তত ১-৫% ৰ ভিতৰত ৷ সেয়েহে, আদাৰ অৱস্হা অনুযায়ী এই সময়খিনিত একাদিক্ৰমে, বজাৰলৈ আদা বেচিবলৈ উলিয়াই দিয়া উচিত ৷
৫)এই পদ্ধতিৰ সুবিধা সমূহ :

  • কৃষকে সাধাৰণতে মাটিত পুতিথৈ আদা সজীৱ ৰূপত সংৰক্ষণৰ চেষ্টা কৰে ৷ কিন্তু এই চেষ্টাত বহাগৰ পিছত হোৱা বাৰিষাত পচিঁ আৰু গজালি ওলাই বহু আদা নষ্ট হয় ৷ কিন্তু এতিয়া বৰ্ণণা কৰা পদ্ধতিত গজালি ভাঙি থাকিব পাৰি, আদাই শোষণ কৰা পানী নিয়ন্ত্ৰণ কৰিব পাৰি, সময়ে সময়ে আদাবোৰ অতি কম কষ্টত চোৱাচিতা কৰিব পাৰি আৰু সৰ্বোপৰি সজীৱ আদাৰ উপভোক্তাই বিচৰা গুণবোৰ অটুত ৰাখিব পাৰি ৷ এই পদ্ধতিত আদা  সংৰক্ষণৰ বাবে মানুহ বা অন্য প্ৰাণীৰ বাবে হানিকৰ কোনো ৰাসায়ণিক দ্ৰব্যৰো সহায় লোৱা নহয় ৷ ই এক নিৰাপদ সংৰক্ষণৰ ব্যৱস্থা ৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

3.0
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top