মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / অমৰ আপুৰুগীয়া কৃষি-জৈৱ বৈচিত্র্যতা সজাগতা আৰু সংৰক্ষণ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অমৰ আপুৰুগীয়া কৃষি-জৈৱ বৈচিত্র্যতা সজাগতা আৰু সংৰক্ষণ

অমৰ আপুৰুগীয়া কৃষি-জৈৱ বৈচিত্র্যতা সজাগতা আৰু সংৰক্ষণ

“শুৱনি আমাৰ গাওঁখন অতি,

শুৱনি গছেৰে ভৰা;
ডাল ভৰি ভৰি ফল ফুল লাগে,
কত পাওঁ তল সৰা।
শুৱনি আমাৰ ধাননি পথাৰ
ধানেৰে উপচি পৰে;
শুৱনি নদীৰ পানী ভৰা ঘাট,
মুদৈয়ে বেপাৰ কৰে।…
[আমাৰ গাঁও-আনন্দ চন্দ্ৰ আগৰৱালা]

[কবিৰ কল্পনাৰ শস্য-শ্যমলা পথাৰ; সুগন্ধি জহা, আমপাখি, তৰাৱলী আদি ধানেৰে ভৰি থকা গাঁৱৰ মেটমৰা ভঁৰালবোৰ, বুৰঞ্জীৰ পাতত লিপিবদ্ধ মোমাই তামুলীৰ তামোল-পান, ফল-ফুলেৰে ভৰি থকা পৰিকল্পিত বাৰীখন বিচাৰি পামনে বাৰু আমি আজিৰ অসমৰ গাঁওবোৰত! তেনে অলেখ কল্পনা, বহুতো পৰিকল্পনা আৰু কিছু কর্ম আঁচনিৰে অসমৰ কৃষকৰ পথাৰত, ঘৰৰ আপোন বাৰীখনত থলুৱা শস্য, ফল-ফুল, বনৌষধিবোৰৰ সংৰক্ষণ কৰিব নোৱাৰিমনে?—লেখকদ্বয় ]


কৃষি জৈৱ-বৈচিত্র্যতা বুলিলে কি বুজিম?

জৈৱ-বৈচিত্র্যতা বুলিলে আমি প্রাণৰ বৈচিত্র্যতা বা ভিন্নতাকে বুজো। বিভিন্ন প্রজাতিৰ প্রাণী, গছ-গছনী, অণুজীৱ প্রকৃতিত দেখা পোৱা যায়। আকৌ একোটা প্রজাতিৰ মাজতো থাকে বিভিন্ন উপ-প্রজাতি বা জাত। মানুহ এটা প্রজাতি, কিন্তু পৃথিৱীৰ সকলো মানুহ একে নহয়। আন জীৱ-জন্তুৰ ক্ষেত্রতো তেনে বিভিন্ন জাত দেখা যায়। একেদৰে উদ্ভিদৰ মাজতো বিভিন্ন প্রজাতি দেখা যায় আৰু প্রতিটো প্রজাতিৰ অগণন প্রকাৰ আছে।
বনৰীয়া উদ্ভিদৰ দৰে আমি খেতি কৰা প্রতিবিধ শস্য তথা ফল-ফুলৰ বিভিন্ন জাত দেখা যায়। খেতি কৰা মাটি, বতৰ, অঞ্চল আদিৰ ভিন্নতাৰ বাবে অজস্র জাত বিদ্যমান। এয়াই কৃষি জৈৱ-বৈচিত্র্যতা। অসমত অকল ধানৰেই আছে বহু হাজাৰ প্রকাৰ বা জাত।

অসমৰ কৃষি জৈৱ-বৈচিত্র্যতাৰ সংৰক্ষণঃ কিয় আৰু কেনেকৈ?

বিগত কিছু বছৰৰপৰা জৈৱ-বৈচিত্র্যতা শব্দটোৰ সৈতে কিছু চিনাকি হ’ব পা্ৰিছো যদিও ইয়াৰ ওপৰত স্পষ্ট ধাৰণা আৰু জ্ঞানৰ এতিয়াও অভাৱ। অসমৰ জৈৱ-বৈচিত্র্যতাক ধবংসৰ গৰাহৰপৰা ৰক্ষা কৰি ৰাজ্যখনত প্রাণৰ ভাণ্ডাৰ বিকশিত কৰিবলৈ হ’লে সাধাৰণ ৰাইজৰ মাজত জৈৱ-বৈচিত্র্যতাৰ সম্পর্কে স্বচ্চ ধাৰণা এটা গঢ়ি উঠিব লাগিব। সজাগতা আৰু সচেতনতা ইয়াৰ মূল আধাৰ। অসমৰ দৰে ৰাজ্য এখনৰ কৃষিজীৱি ৰাইজৰ জীৱন নির্বাহৰ মূলভেটি হিচাপে পৰিগনিত হৈ আহিছে অপর্যাপ্ত থলুৱা ধান, মাহ, ফল-মূল আৰু শাক-পাচলিৰ অমূল্য বৈচিত্র্যতা। এনে বৈচিত্র্যতাৰ বিলুপ্তি মানেই সমাজখনেই নিশকতীয়া হোৱা। ক্রমবিৱর্তৰ ফলত ৰাজ্যখনৰ পৰিৱেশৰ সৈতে খাপ খাই উঠা থলুৱা জাতবোৰৰ আছে ৰোগ-কীট আদিৰ আক্রমণ প্রতিৰোধ কৰাৰ ক্ষমতা, ভিন্ন স্বাদ, ঔষধি গুণ ইত্যাদি। অসমৰ খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ ৰীতি-নীতি, সামাজিক-সাংস্কৃতিক পৰম্পৰাই পৰোক্ষভাবে অৰিহনা যোগাই আহিছে থলুৱা কৃষি জৈৱ-বৈচিত্র্যতা সংৰক্ষণ প্রক্রিয়াত। কিন্তু জনসংখ্যা বৃদ্ধি, বানপানী, গৰাখহনীয়া আদিৰ বাবে ক্রমান্বয়ে কমি অহা খেতিৰ মাটি, সৰু হৈ অহা বাৰীবোৰ, সলনি হ’ব ধৰা খাদ্য ৰুচিৰ লগতে সচেতনতাৰ অভাৱৰ বাবে বহুতো থলুৱা শস্যৰ জাত বিলুপ্ত হোৱাৰ উপক্রম হৈছে। আধুনিক অধিক উৎপাদনক্ষম জাতবোৰৰ উদ্ভাৱনৰ মূল আধাৰ হ’ল থলুৱা শস্যবোৰত থকা ভাল গুণবোৰ। এনেবোৰ কাৰণত আমি সকলোৱে আমাৰ চিনাকি-অচিনাকি থলুৱা শস্যৰ জাতবোৰ সংৰক্ষণত গুৰুত্ব প্রদান কৰাটো অতি প্রয়োজন।

লুৱা ধানৰ সংৰক্ষণ

খ্রীষ্টপূর্ব প্রায় তিনি হাজাৰ বছৰৰ আগতেই অসমত ধানখেতিৰ আৰম্ভ কৰা হৈছিল। বনৰীয়া ধানৰ হাজাৰ বছৰৰ স্বাভাৱিক ক্রমবিৱর্তন আৰু সংমিশ্রণৰ লগতে কৃষকৰ পৰম্পৰাগত জাত নির্বাচন প্রক্রিয়াই ধানৰ জৈৱ-বৈচিত্র্যতাৰ ভঁৰাল চহকী কৰিছিল। জহাৰ দৰে সুগন্ধি মিহি চাউল, ৰোগ-কীটৰ আক্রমণ প্রতিৰোধ কৰিবপৰা কিম্বা খৰাং অথবা দুই-তিনি মিটাৰ পর্যন্ত বাঢ়নী পানীৰ লগত যুঁজ দিবলৈ সক্ষম হোৱা অসমৰ থলুৱা জাতবোৰ উন্নত জাত উদ্ভাৱনৰ বাবে অতি প্রয়োজনীয় সমল। বান আক্রান্ত অঞ্চলত কৰিবপৰা ‘জাহিংগা’, ‘শলপোনা’ৰ দৰে জাত কৃষকৰ পথাৰতে সংৰক্ষণ কৰাটো কিমান প্রয়োজন তাক সকলোৱে উপলব্ধি কৰা উচিত। এনেবোৰ জাতৰ প্রসাৰৰ বাবে চৰকাৰে খেতিয়ক সকলক সেইবোৰ জাতৰ বীজ উৎপাদনত জড়িত কৰি ক্রয় কৰিবলৈ আঁচনি ললে এনেবোৰ জাত কৃষকৰ পথাৰতে সংৰক্ষিত হৈ থাকিব। ইয়াৰোপৰি জহাৰ দৰে সুগন্ধি চাউল ৰপ্তানিৰ বাবে বর্তমানে কৰি থকা ‘জৈৱিক জহা’ৰ খেতি অধিক জিলালৈ সম্প্রসাৰিত কৰা উচিত। প্রত্যেকজন কৃষকে অঞ্চলভেদে কমকৈ হলেও বিভিন্ন জাতৰ খেতি কৰি থাকিলে সামগ্রিকভাবে ৰাজ্যখনত বহু হাজাৰ জাত সংৰক্ষিত হৈ থাকিব। ইতিমধ্যে অসম কৃষি বিশ্ববিদ্যালয়ৰ তিতাবৰ, কৰিমগঞ্জ আৰু উত্তৰ লক্ষীমপুৰত থকা গৱেষণা কেন্দ্রকেইটাৰ উপৰিও কটকৰ কেন্দ্রীয় ধান গৱেষণা প্রতিষ্ঠান আৰু ফিলিপিন্সৰ আন্তঃৰাষ্ট্রীয় ধান গৱেষণা প্রতিষ্ঠানত “অসম ধান সংগ্রহ” (Assam Rice Collection চমুকৈ ARC) নামেৰে বহু হাজাৰ থলুৱা ধানৰ জাত সংৰক্ষণ হৈ আছে।

থলুৱা ফল-ফুল আৰু শাক-পাচলি

অসম আৰু আন আন দেশৰ উপক্রান্তীয় বৃষ্টি প্রচুৰ অৰণ্যবিলাকে (যাক বর্ষাৰণ্য বুলি কোৱা হয় ) পৃথিৱীৰ পৰিৱেশক প্রভাৱিত কৰাৰ উপৰিও অনেক ধৰণৰ বনৰীয়া ফল, বনৰীয়া প্রাণী, ঔষধ আদিৰ যোগান ধৰে। অতীজতে মানুহে অৰণ্যত থকা এনেবোৰ বনৰীয়া ফল সংগ্রহ কৰি ঘৰত ৰোপন কৰিছিল। অসম এনে থলুৱা ফলমূল, শাক-পাচলিৰ বিবিধাৰ দিশত অতি চহকী। আমি অসমৰ থলুৱা ফল বুলি কব পৰা লেতেকু, পনিয়ল, কুজি ঠেকেৰা, ৰূপহী ঠেকেৰা ঠেৰেজু মিৰিকা টেঙা, বঁহ ইত্যাদিৰ খাদ্য আৰু ঔষধি গুণ অতি বেছি। লেতেকু, পনিয়ল, শিলিখা আদিত আইৰণ অনেক বেছি। ভিটামিন ‘চি’ৰ পৰিমাণ বেছি থাকিলে আইৰণ শোষণত সুবিধা হয়। শিলিখা আদিত এই বিধ খাদ্যপ্রাণ অধিক থাকে বাবে এনেবোৰ ফল বৰ লাগতীয়াল। কোনো বিশেষ যত্ন নোলোৱাকৈ এনেবোৰ ফলৰপৰা অনেক পোষক দ্রব্য, এমিন’ এছিড, আৰু ভিটামিন ‘চি’ পাব পাৰি। অসমৰ খাদ্য বিশেষজ্ঞ সকলে এনেবোৰ ফলৰপৰা চাহিদা থকা উচ্চমানদণ্ডৰ আচাৰ, জেলি, মদ আদিৰ প্রস্তুত প্রণালীৰ ওপৰত চিন্তা-চচ্চা কৰিলে এনেবোৰ ফলৰ খেতি কৰিবলৈ কৃষক নিশ্চয় আগবাঢ়ি আহিব। উপার্জন ভাল হলে যিকোনো খেতি কৰিবলৈ কৃষকসকল আগ্রহী। তামোল-পান, নাৰিকল, কলখেতিৰ বাবে আমি চিন্তা কৰিবলগা নহয়। কাৰণ এনেবোৰ ফলৰ এখন ভাল বজাৰ আছে, যাৰ বাবে এইবোৰ যথাযথ ভাবে সংৰক্ষণ হৈ আছে। সেয়ে থলুৱা ফলৰ সংৰক্ষণৰ বাবে ভাল বজাৰ গঢ়ি তোলাৰ বাবে যত্নপৰ হোৱা উচিত। সময়ত এনে বজাৰবোৰ সংৰক্ষণৰ মূল আধাৰ হৈ পৰিব। উদাৰণ হিচাপে পশ্চিমৰ বহুবোৰ দেশৰ মানুহে আহাৰৰ লগত খোৱা উৎকৃষ্ট মদবিধ লেতেকুৰপৰা প্রস্তুত কৰা হয়। আনহাতে পানীয়বিধ যোগান ধৰে আলজেৰিয়াই। তাৰবাবে আলজেৰিয়াত ফলবিধ বহলভিত্তিত খেতি কৰিবলৈ কৃষকসকল আগবাঢ়ি আহিছে। আমাৰ দেশতো নুনিৰ পৰা সুমিষ্ট ৰস প্রস্তুত কৰা দেখা গৈছে, যিবিধ ঔষধি গুণ সম্পন্ন। সেইদৰে অসমত অযতনে হোৱা লতাবেলৰ ৰসৰ ভাল বজাৰ এখন দেশৰ ভিতৰতে আছে। ইতিমধ্যে অসমৰ জহা চাউল ইউৰোপৰ দেশলৈ ৰপ্তানি হোৱা বিষয়টো আমাৰ কৃষকৰ বাবে প্রেৰণাৰ উৎস হ’ব পাৰে।

অসমৰ পৰম্পৰাগত ঔষধি ব্যৱস্থা আৰু বনৌষধিৰ সংৰক্ষণ

অতি প্রচীন কালৰেপৰা মানুহে ৰোগ ব্যধি নিৰাময়ৰ বাবে গছ বিৰিখৰ ওপৰত নির্ভৰ আহিছে। বিশ্বৰ প্রায় প্রতিটো জাতি সম্প্রদায়ৰ উদ্ভিদ কেন্দ্রিক শত-সহস্র বছৰ পুৰণি পৰম্পৰাগত ঔষধি ব্যৱস্থা আছে। এসময়ত বিজ্ঞানৰ লগত কোনো সর্ম্পক নাই বুলি ভবা এই লোক-বনৌষধি পৰম্পৰাক বর্তমান উদ্ভিদ বিজ্ঞানৰ এক বিশেষ শাখা হিচাপে গ্রহণ কৰা হৈছে। অসমীয়া ঔষধি ব্যৱস্থা, তাই ঔষধি ব্যৱস্থা, মিচিং ঔষধি ব্যৱস্থা আদি অতি প্রাচীন কালৰেপৰা প্রচলিত হৈ আহিছে। এই ঔষধি ব্যৱস্থাত প্রধান সমল হ’ল শাক-পাত, বন-বিৰিখ। আজিও এইবোৰ সমলৰ প্রয়োজনীয়তা অটুট আছে। অসমখন এনে ঔষধি গছ-লতাৰ ভঁৰাল স্বৰূপ। এনেবোৰ বনৌষধিৰ প্রণালীবদ্ধ খেতিৰ বর্তমান প্রয়োজন হৈ পৰিছে। অন্যথা স্বস্থানত সংৰক্ষণ কৰি ৰখাতো কঠিন হৈ পৰিব।

কৃষি জৈৱ-বৈচিত্র্যতা সংৰক্ষণৰ এক পৰীক্ষামূলক কর্ম- আঁচনি

কিছু বছৰৰ আগেয়ে লক্ষীমপুৰ জিলাৰ বগীনদীৰ গাগলডুবিৰ সোণোৱাল কছাৰী জনগোষ্ঠী, খগা মাগুৰমাৰীৰ মিচিং জনগোষ্ঠী আৰু ছিয়াজুলি হিন্দু মাজগাঁৱৰ অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীয়ে বসবাস কৰা তিনিটা ভিন্ন কৃষি পাৰিস্থিতিক আৰু সামাজিক পৰিৱেশত কৃষি জৈৱ-বৈচিত্র্যতা সংৰক্ষণৰ এক চমু পৰীক্ষামূলক কর্ম- আঁচনি ৰূপায়ন কৰা হৈছিল। এই তিনিওটা অঞ্চলত তেত্রিশ গৰাকী কৃষকৰ পথাৰত বিভিন্ন থলুৱা আৰু আধুনিক ধানৰ জাত তেওঁলোকৰ মাজত আদান-প্রদানৰ জৰিয়তে বিতৰণ কৰি কৃষকসকলে কেনেবোৰ জাতক অগ্রাধিকাৰ দিয়ে আৰু কোনোবোৰ বৈশিষ্ট বিচাৰে তাক নিৰূপন কৰিবৰ বাবে তেওঁলোকক প্রশিক্ষণ দি নিজা জ্ঞানেৰে নির্বাচন কৰিবলৈ দিয়া হৈছিল। এনে প্রক্রিয়া কৃষকৰ উপযোগী জাত নির্বাচন কৰাত সহায়ক হয়। সেইদৰে অসমৰ থলুৱা ধান-মাহ, ফলমূল, বনৌষধিৰ গুৰুত্ব সর্ম্পকে ছাত্র-ছাত্রীক সজাগ কৰাৰ উদ্দেশ্যে “আমাৰ ঘৰৰ আপোন বাৰীখন” শীর্ষক জিলা ভিত্তিত এলানি প্রতিযোগিতা আযোজন হৈছিল য’ত তিনি শতাধিক প্রতিযোগীয়ে চিত্রাংকন আৰু ৰচনা প্রতিযোগিতাত ভাগ লয়। এই কর্ম-আঁচনিৰ অংশ হিচাপে “কৃষি জৈৱ-বৈচিত্র্যতা সংৰক্ষণত মহিলাৰ ভূমিকা” শীর্ষক এক কর্মশলা তথা মত বিনিময় অনুষ্ঠানৰ আযোজন কৰা হয়। এনেবোৰ কার্যসূচীত সর্বসাধাৰণৰ উৎসাহ দেখি জিলাখনৰ থলুৱা কৃষি সম্পদৰাজি নথীভূক্ত কৰাৰ উদ্দেশ্যৰে এখনি “বৈচিত্র্য মেলা” আয়োজন কৰা হয়। এনেবোৰ কর্ম আঁচনিৰ সুফল হিচাপে জিলাখনৰ তিনিগৰাকী কৃষক ৰাষ্ট্রীয়ভাবে পুৰস্কৃত হয়। আমাৰ বাবে সুখবৰ যে বর্তমান লুইতৰ এইটো পাৰৰ বাও ধান বিশ্ব বজাৰলৈ যাবলৈ ওলাইছে।

লিখক: ডঃ প্রবাল শইকীয়া আৰু ডঃ ৰূপম বৰগোহাঁই

3.06944444444
Anonymous Aug 04, 2016 02:41 PM

আপোনাৰ লিখনিটো পঢ়ি ভাল লাগিল।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top