অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ধানৰ বীজ সংৰক্ষণেৰে অভিলেখ

ধানৰ বীজ সংৰক্ষণেৰে অভিলেখ

খনামুখৰ উদ্যমী কৃষক দ্বীপেন বৰুৱা

এইখন অসমত কৃষিকৰ্ম কৰিবলৈ কৃষিভূমিৰ অভাৱ নাই। পুৰুষানুক্ৰমে চলি অহা কৃষিকৰ্মসমূহত সামান্য শ্ৰম আৰু নতুনত্ব প্ৰদান কৰিলেই নৱ প্ৰজন্মই স্বাৱলম্বী হ’ব পাৰে। যোৰহাট জিলাৰ শিমলুগুৰি মৌজাৰ ভগামুখ গাওঁ পঞ্চায়তৰ অন্তৰ্গত খনামুখ চাৰিংগীয়া গাঁৱৰ উদ্যমী যুৱক দ্বীপেন বৰুৱা। পৰিয়ালটোত পুৰুষানুক্ৰমে চলাই অহা কৃষিকৰ্মসমূহতে এইজন যুৱকে ১৫ বছৰৰ পূৰ্বে জড়িত হৈ পৰে। প্ৰায় ২০ বিঘা কৃষিভূমিত সাধাৰণ অৱস্থাত থলুৱা জাতৰ মাচুৰী, ৰঞ্জিত ইত্যাদি ধানৰ খেতি কৰাৰ অন্তত বিজ্ঞানসন্মতভাৱে খেতি কৰিবলৈ আগবাঢ়ি আহে। কৃষিকৰ্মৰ প্ৰতি থকা অদম্য হেঁপাহৰ বাবে উদ্যমী যুৱক দ্বীপেনে নিজ গৃহতে থলুৱা জাতৰ হেৰাই যোৱা ধানৰ বীজ সংৰক্ষণ কৰাত মনোনিৱেশ কৰা আৰু লগতে নিজ গৃহতে থলুৱা জাতৰ হেৰাই যোৱা ধানৰ বীজ সংৰক্ষণ কৰাত মনোনিৱেশ কৰা আৰু লগতে নিজে তেনে ধানৰ বীজ সিঁচি অলপ অলপকৈ কৃষি কৰ্ম কৰিবলৈ ধৰে। স্নাতক ডিগ্ৰীধাৰী দ্বীপেনে তিতাবৰ ধান গৱেষণা কেন্দ্ৰপৰা বিভিন্ন সময়ত পৰামৰ্শ গ্ৰহণ কৰি অধিক উৎপাদনক্ষম যেনে- বাহাদুৰ, মণিৰাম, পিয়লি, লুইত, গিটেছ, জলকুঁৱৰী, প্ৰফুল্ল, স্বৰ্ণচাৱন আদি জাতৰ বীজ সিঁচি কৃষিকৰ্ম কৰিবলৈ ধৰে। ২০১১ চনত দ্বীপেনে আন্ত:ৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰ ‘মনিলা’ আৰু তিতাবৰ ধান গৱেষণা কেন্দ্ৰৰ সহযোগত ধানখেতিৰ প্ৰদৰ্শনীমূলক এক বৃহৎ কৃষিভূমিত খেতি কৰে। প্ৰায় ২০ টা জাতৰ বীজ সিঁচি উন্নত ফল লাভ কৰা দ্বীপেনে সেই সময়তে প্ৰশংসা লাভ কৰাৰ লগতে খনামুখৰ ভিতৰুৱা অঞ্চলটোলৈ আশাৰ বতৰা কঢ়িয়াই আনে। আনহাতে যুৱকজনে ৰাজ্যখনৰ বিভিন্ন জিলাৰপৰা বিশেষকৈ গুৱাহাটী, নগাঁও, মাজুলী, তিতাবৰ, ডিব্ৰুগড়ৰ পৰা ধানৰ বিভিন্ন জাত সংগ্ৰহ কৰি সংৰক্ষণৰ ব্যৱস্থা কৰে। ২০১৪ চনলৈ উদ্যমী যুৱ হেতিয়ক দ্বীপেনে ৭৭ বিধ আৰু বৰ্তমান ১৫ বিধ জাতৰ বীজ উদ্ধাৰ কৰি মুঠ ৯২ জাতৰ বীজ সংৰক্ষণ কৰে। এই বীজবিলাকৰ নামকৰণ কৰি নিজ গৃহতে কোনো অনিষ্ট নোহোৱাকৈ নৱপ্ৰজন্মৰ উপকাৰত অহাকৈ সুন্দৰকৈ সজাই ৰাখিছে। ইফালে গুৱাহাটী, নগাঁৱৰ লগতে যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰামৰ্শ গ্ৰহণ কৰি দ্বীপেনে প্ৰতিবছৰে কৃষিকৰ্ম কৰি আহিছে। বিজ্ঞানসন্মত পদ্ধতিৰে কৃষিক্ষেত্ৰত দেখুওৱা চমকপ্ৰদ সফলতা আৰু নৱ-প্ৰজন্মক কৃষিকৰ্মৰ প্ৰতি উৎসাহিত কৰি তোলাৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাৰ বাবে ২০১৩ চনত দ্বীপেনে অসমৰ ভিতৰত দ্বিতীয় শ্ৰেষ্ঠ কৃষকৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। আনহাতে, তেওঁ ২০১৪ চনত ইণ্ডিয়ান কাউন্সিল অৱ এগ্ৰিকালচাৰ ৰিচাৰ্ছ জগজীৱন ৰাম অভিনৱ কিষাণ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। লগতে তেওঁ যোৰহাট জিলাৰ শ্ৰেষ্ঠ কৃষকৰ সন্মানো বুটলিবলৈ সক্ষম হয়। বৰ্তমান দ্বীপেনে বাওধানৰ ভিতৰত পকোৱা, ৰঙা, অমনা, নেঘেৰী, জলশ্ৰী, জলকুঁৱৰী, কেঁচা; বৰা ধানৰ ভিতৰত ৰঙা, থুপি, আঘোণী, পাখী, জিকাফুলীয়া, বকুল; জহা- ক’লা, বগা, কণ, কেতেকী, মাণিকী-মাধুৰী; চকুৱা- মালভোগ, বৰচকুৱা; শালি- বেতগুটি, কলা, গেজেপ, শিয়াল, বৰশালিৰ উপৰি উন্নতমানৰ ধান, যেনে- ৰঞ্জিত, মাচুৰী, টি টি বি ৪০৪, গিতেছ, চাৱনি, জাহিংগীয়াৰ লগতে অন্যান্য জাতৰ বীজ সংৰক্ষণ কৰি অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। আনহাতে প্ৰগতিশীল কৃষক দ্বীপেন বৰুৱাই নিজ বাৰীখন চিৰসেউজীয়া কৰি শাৰী শাৰী তামোল গছকে ধৰি বিভিন্ন প্ৰকাৰৰ ফল-মূলৰ গছ ৰোপণ কৰিছে। শালি আৰু ৰবি খেতিৰ বাহিৰেও আদৰ্শ কৃষকজনে নিজা বাৰীতে সেউজগৃহ স্থাপন কৰি নাৰ্ছাৰীত দুষ্প্ৰাপ্য গছ পুলি, ঔষধিযুক্ত গছ, সুগন্ধিযুক্ত ফুল-ফলকে ধৰি বিভিন্ন প্ৰকাৰৰ গছপুলি বিক্ৰী কৰি আহিছে। দ্বীপেনৰ এনে সফলতাৰ বাবে কৃষিবিভাগে তেওঁক এখন ট্ৰেক্টৰ বিনামূলীয়াকৈ দিয়াৰ লগতে বিভিন্ন ঠাই ভ্ৰমণ কৰাৰো সুযোগ প্ৰদান কৰিছে। এইজন উদ্যমী কৃষকৰ আদৰ্শ খনামুখ অঞ্চলটোৰ বাবেই নহয়, যোৰহাট জিলা আৰু অসমৰ কৃষকৰ বাবে অনুকৰণীয় হৈ ৰ’ব।

লিখক: সমীৰণ দুৱৰা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate