অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কলৰ খেতিয়ে ভাগ্য গঢ়িছে জখলাবন্ধাৰ পদুম বৰাৰ

কলৰ খেতিয়ে ভাগ্য গঢ়িছে জখলাবন্ধাৰ পদুম বৰাৰ

কলিয়াবৰ মহকুমাৰ জখলাবন্ধাৰ পৰা কিছু নিলগৰ বৰদলং নামৰ গাঁওখনত পদুম বৰা নামৰ দিন হাজিৰা কৰা এজন লোকে দেখুৱাইছে এক আদৰ্শৰ পথ। নিজ ঘৰৰ চৌহদতে এখন জাহাজী কলৰ বাগিচা স্থাপন কৰি অঞ্চলটোৰ দৰিদ্ৰ কৃষক ৰাইজৰ মাজত সমাদৃত হৈছে। যুৱ কৃষক পদুম বৰা। জখলাবন্ধা চহৰৰ পৰা উজনিৰ দিশে ৩৭ নং ৰাষ্ট্ৰীয় পথেৰে কিছু দূৰ অতিক্ৰম কৰাৰ পিছত বৰদলং নামৰ ঠাইখণ্ড পালেই পথৰ সোঁহাতে দেখা পোৱা যায় এখন বৃহৎ কলৰ বাগিচা। শাৰি শাৰীকৈ ৰোপণ কৰা কলগছসমূহৰ মনোমোহা দৃশ্যই উজনি নামনিৰ যাত্ৰী-দৰ্শনাৰ্থীসকলক বাৰুকৈয়ে আকৰ্ষণ কৰা পৰিলক্ষিত হয়। দিনহাজিৰা মানুহজনে কেনেকৈ এখন বৃহৎ কলৰ বাগিচা স্থাপন কৰিবলৈ সাহস গোটালৈ তাৰো এক কাহিনী আছে। দিনহাজিৰা কৰা কষ্টসহিষ্ণু পদুম বৰাৰ পৰিয়ালটো পূৰ্বতে ইয়াৰ পোৰাভেটি সত্ৰৰ বাসিন্দা আছিল। সেয়া তেওঁৰ ককাকৰ দিনৰ কথা। পদুম বৰাৰ দেউতাকৰ দিনত তেওঁলোকে বানেশ্বৰ পাহাৰৰ নামনিত ব্ৰহ্মপুত্ৰৰ বালিচৰত বৃহৎ এলেকাত চাপৰি পাতি বিভিন্ন খেতি-বাতি কৰি জীৱন নিৰ্বাহ কৰিছিল। কিন্তু এদিন তেওঁলোকৰ লগতে চাপৰি পাতি খেতি-বাতি কৰি জীৱন নিৰ্বাহ কৰা পৰিয়ালসমূহলৈ কাল অন্ধকাৰ নামি আহিল। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে তেওঁলোকৰ বাসস্থান, খেতি-বাতি সকলো খহাই লৈ গ’ল। পিছত তেওঁলোকক চৰকাৰে এই স্থানতে মাটি ভাঙি ঘৰ সাজি থাকিবলৈ দিলে। তাৰ পিছৰ পৰা পদুমৰ পৰিয়ালটোৰ লগতে আন এটা পৰিয়ালে বৰদলঙত বসবাস কৰি আছে যদিও ভূমিহীন পৰিয়ালটোৰ ওচৰত দিন হাজিৰা কৰাৰ বাহিৰে আন একো উপায় নাছিল। কিন্তু হঠাৎ যোৱা বছৰ তেওঁলোকৰ জীৱনলৈ পৰিৱৰ্তন আহিল। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ এটা দলৰ সৈতে তেওঁৰ প্ৰথমে পৰিচয় হয় তাৰ পিছত তেওঁৰ ঘৰৰ চৌহদতে বিশ্ববিদ্যালয়ৰ অধীনৰ হৰ্টিকালচাৰ বিভাগৰ জৰিয়তে এখন কলৰ বাগিচা স্থাপন কৰাৰ পৰামৰ্শ দিয়াত তেওঁ উৎসাহী হৈ পৰে। মুঠ চাৰিশ জোপা কলপুলিৰ যোগান ধৰাৰ লগতে প্ৰয়োজনীয় সাৰ-ঔষধ আদি যোগানৰো প্ৰতিশ্ৰুতি দিয়ে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। সেয়া আছিল চলিত বৰ্ষৰ এপ্ৰিল মাহৰ কথা। কিন্ত আজি প্ৰায় ছমাহ অতিক্ৰম কৰাৰ পিছত চাৰিশ জোপা কল গছেৰে পৰিপূৰ্ণ বাগিচাখনত অঞ্চলটোত জাকতজিলিকা হৈ পৰা পৰিলক্ষিত হ’। যুৱ কৃষক পদুম বৰাই কোৱা মতে, প্ৰত্যেক দিনাই কল গছৰ গুৰিসমূহ চাফা কৰা হয়। বাগিচাখন সম্পূৰ্ণ চাফ-চিকুনকৈ ৰখাত সহযোগ কৰে বৰাৰ পত্নী পূৰ্ণিমা বৰাই। বৰ্তমান বৃহৎ বৃহৎ আকাৰৰ প্ৰায় আশী থোকা কল ওলোৱা বুলিও যুৱ কৃষক বৰাই জনাইছে। ইতিমধ্যে অসম কৃষি বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই বাগিচাখন মাজে সময়ে পৰিদৰ্শন কৰি উদ্যোগী কৃষক বৰাক পৰামৰ্শ দি আহিছে বুলি জনা গৈছে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কেৱল কলৰ বাগিচাখনৰ বাবে পুলি আৰু সাৰ-ঔষধ যোগান ধৰিছে যদিও বাগিচাখনৰ পৰা উৎপাদিত ফচলৰ মূল্যৰ গৰাকী হ’ব পদুম বৰা। নিজে সেয়ে কৃষক বৰাই কলৰ বাগিচাখন অতি যত্নৰে সজাই পৰাই তুলিছে। আমাৰ অসমীয়া সমাজত এটা ফঁকৰা যোজনা আছে-‘৩৬০ জোপা ৰুবা কল…. মাহেকে পষেকে চিকুনাবা তল…..পাতপচলা লাভত খাবা……লংকাৰ বণিজ হাততে পাবা…….’। এই ফঁকৰা যোজনাত উল্লেখ কৰাতকৈ ৪০ জোপা কল পদুম বৰাই বেছিকৈ ৰুলে। দিন হাজিৰা কৰি পেটে-ভাতে খাই দিন পাৰ কৰা পদুম বৰাই যেন সঁচাই লংকাৰ বণিজ হাততে পোৱাৰ লেখীয়া হ’ল।

লিখক: তৰুণ মুক্তিয়াৰ, জখলাবন্ধা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate