মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কীট-পতংগ আৰু ৰোগৰ আক্ৰমণ / আদা খেতিৰ কীট-পতঙ্গ আৰু বেমাৰৰ সমন্বিত নিয়ন্ত্রণ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আদা খেতিৰ কীট-পতঙ্গ আৰু বেমাৰৰ সমন্বিত নিয়ন্ত্রণ

আদা খেতিৰ কীট-পতঙ্গ আৰু বেমাৰৰ সমন্বিত নিয়ন্ত্রণ

অসমৰ উত্পাদিত মছলা জাতীয় শস্যৰ ভিতৰত আদা এবিধ উত্কৃষ্ট সুগন্ধিযুক্ত মছলা। আমাৰ দৈনন্দিন জীৱনত ই নিত্য প্রয়োজনীয় গুৰুত্বপূৰ্ণ মছলা শস্য হিচাপে ব্যৱহাৰ হৈ আহিছে। আদা মছলা হিচাপে ব্যৱহাৰ কৰাৰ উপৰিও মাহ - প্রসাদত অৰ্পিত দ্রব্য হিচাপে ব্যৱহাৰ কৰা হয়। আদাৰ পৰা বৰ্তমান নানা ধৰণৰ মুখৰোচক উপাদেয় প্রস্তুত কৰা হৈছে। আয়ুবেদিক ঔষধ প্রস্তুত কৰণতো প্রাচীনতম কালৰে পৰা আদাৰ ব্যৱহাৰ কৰি অহা হৈছে। আদা এবিধ উত্তম হজম শক্তিৰো বৃদ্ধিকাৰক । আদা উত্পাদনত ভাৰতবৰ্ষৰ স্থান পৃথিৱীৰ ভিতৰতে প্রথম। ভাৰতীয় আদা বা কোচিন আদা পৃথিৱীৰ ভিতৰত অতি উত্কৃষ্ট আৰু ভাৰতবৰ্ষৰ কেৰেলা ৰাজ্যতেই এই আদা ৭০ শতাংশ উত্পাদন হয়। অসমৰ জলবায়ু আৰু মাটি আদা খেতিৰ বাবে অতি উত্তম। অসমত ১৭৮৭০ হেক্টৰ মাটিত আদা খেতি কৰা হয় আৰু তাৰ পৰা ১১৪,৪০৮ টন আদা উত্পাদন হয়। অসমৰ কাছাৰ জিলাই আদা উত্পাদনত প্রথম স্থান অধিকাৰ কৰি আছে। বৰ্ত্তমান অসমত আদাৰ চাহিদা আৰু মূল্য বহুত বাঢ়ি গৈছে তথাপি আদা উত্পাদনত অসমে সিমান সাফল্য লাভ কৰিব পৰা নাই। ইয়াৰ প্রথম আৰু প্রধান কাৰক হৈছে বেমাৰ - আজাৰ আৰু পোক - পৰুৱাৰ উপদ্রৱ। গতিকে ব্যৱসায়িক ভিত্তিত এই খেতি কৰি আৰ্থিকভাবে লাভৱান হ'বলৈ হ'লে আদা খেতিৰ অনিষ্টকাৰী পোক-পৰুৱা আৰু বেমাৰ আজাৰক নিয়ন্ত্রণ কৰাত গুৰুত্ব দিব লাগিব । তলত আদা খেতিৰ প্রধান পোক-পৰুৱা আৰু বেমাৰ আজাৰ সমূহৰ সমন্বিত নিয়ন্ত্রণ ব্যৱস্থাৰ ওপৰত আলোকপাত কৰা হ'ল।

আদা খেতিৰ অনিষ্টকাৰী পোক পতঙ্গসমূহ

) মজ্জাখোৱা পোক :

এইবিধ পোকৰ পলুৱে আদা গছ ফুটা কৰি মাজৰ মজ্জা অংশ খাই লাহে লাহে আগ অংশৰ মাজ অংশক আক্রমণ কৰে। ফলত আদাৰ পাতবিলাক হালধীয়া হৈ পৰে আৰু ঠাৰিবোৰ মৰি যায়। আক্রান্ত গছৰ ফুটা অংশইদি পোকৰ বিষ্ঠা অংশ ওলাই অহা আৰু মাজৰ ঠাৰিবিলাক বগা পৰাই হৈছে এই পোকৰ আক্রমণৰ প্রধান লক্ষণ। এই পোকৰ আক্রমণ জুন মাহৰ পৰা অক্টোবৰ মাহলৈকে হ'ব পাৰে।

নিয়ন্ত্রণ ব্যৱস্থা

  • আক্রান্ত গছৰ ঠাৰিবিলাক অৰ্থাত্ যিবিলাক গছৰ ফুটা অংশইদি অৱশিষ্ট বিষ্ঠা অংশ ওলাই থাকে তেনে গছৰ ওপৰৰ অংশ ১৫ দিনৰ অন্তৰে অন্তৰে কাটি দিব লাগে।
  • মনক্রটফচ ১ মিঃ লিটাৰ প্রতি লিটাৰ পানী হিচাবে জুলাই মাহৰ পৰা অক্টোবৰ মাহলৈকে মাহে মাহে স্প্রে কৰিব লাগে।
  • মালাথিয়ন ৫ মিঃ লিটাৰ ৫ লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে।
  • জৈৱিক ঔষধ ডিপেল ৫০০ মি: লিটাৰ হাৰত প্রতি হেক্টৰত স্প্রে কৰিলেও সুফল পোৱা যায়।

) হাতী পোক

এইবিধ অনিষ্টকাৰী পোকৰ পলুবিলাক দেখাত মটিয়া বৰণৰ আৰু ইংৰাজী 'C' আখৰটোৰ দৰে হয়। ইহঁতে আদাৰ শিপা আৰু নতুনকৈ ওলোৱা আদাৰ কাণ্ডত আক্রমণ কৰে। আক্রান্ত গছৰ পাতবিলাক হালধীয়া হয় আৰু বেছিকৈ আক্রান্ত হ'লে গা - গছবিলাক মাটিৰ সংলগ্ন অংশত হালি পৰে। পূৰ্ণাঙ্গ পোকবিলাক এপ্রিল - মে মাহত বেছিকৈ ওলায়।

নিয়ন্ত্রণ ব্যৱস্থা

  • বেছিকৈ আক্রান্ত হোৱা অঞ্চলত ৰোৱাৰ আগতে ফুৰাডন প্রতি হেক্টৰত ৩০ কেজি হিচাপে মাটিত প্রয়োগ কৰিব লাগে।
  • লাইট ট্রেপৰ সহায়ত পূৰ্ণাঙ্গ পোকবিলাক ধৰি নিধন কৰিব পাৰি ।
  • জৈৱিক ঔষধ মেটাৰজিয়াম এনিচপিলি নামৰ উপকাৰী ভেকুঁৰবিধ গৰুৰ গোবৰৰ লগত মিহলাই মাটিত প্রয়োগ কৰিব লাগে।
  • বেছিকৈ আক্রান্ত হ'লে ক্লৰ'পাইৰিফচ ১ মিঃলিটাৰ ১লিটাৰ পানীত মিহলাই মাটিত প্রয়োগ কৰিব লাগে।

) পাত মেৰুৱা পোক

এইবিধ পখিলা জাতীয় পোকৰ পলুবিলাকৰ মুখৰ পৰা নিৰ্গত হোৱা পদাৰ্থৰ দ্বাৰা পাতবোৰ মেৰুৱাই তাৰ ভিতৰত থাকি পাতৰ সেউজীয়া অংশ চুৰুকি খাই পাতখন বগা পাতল কৰি পেলায়। পূৰ্ণাঙ্গ পলুবিলাকে পাতবোৰ কাটি ভাজ কৰি ভিতৰত থাকি যায়।

নিয়ন্ত্রণ ব্যৱস্থা

  • মনক্রটফচ (০.০৪%) নতুবা কাৰবাৰিল ১ মিঃ লিটাৰ প্রতি লিটাৰ পানী হিচাপে স্প্রে কৰিব লাগে ।

) আদাৰ গাত লাগি থকা ছাল পোক

আদাৰ সংৰক্ষণৰ সময়ত এই পোকবিধে আক্রমণ কৰি মুকুল আৰু কাণ্ডৰ ৰস শুহি খায় । ফলত আলুবিলাক কোচ খাই শুকাই যোৱাৰ দৰে হয় আৰু অংকুৰণ নহয় ।

নিয়ন্ত্রণ ব্যৱস্থা

  • আদা ভঁৰালত থোৱাৰ আগতে আক্রান্ত আদাবোৰ পেলাই দিব লাগে ।
  • কাঠৰ গুৰি দি আদা সংৰক্ষণ কৰিব লাগে ।
  • বেছিকৈ আক্রান্ত আদাবোৰ কুইনালফচ ১ মিঃ লিটাৰ ১ লিটাৰ পানীত মিহলাই পোৱা দ্রৱণত ডুবাই অল্প ছাঁত শুকুৱাই সংৰক্ষণ কৰিব লাগে ।
  • ৰুবলৈ লোৱা আদাবোৰ মনক্রটফচ বা কুইনলফচ ঔষধ চাহ চামোচেৰে এচামোচ ১০ লিটাৰ পানীত মিহলাই প্রায় ১৫ মিনিট সময় ডুবাই ৰাখি ৰুব লাগে নতুবা সংৰক্ষন কৰিব লাগে ।

আদা খেতিৰ বেমাৰসমূহ

) আদা পচা বেমাৰ

এইবিধ মাৰাত্মক বেমাৰৰ ফলত আদাৰ উত্পাদন প্রায় ৭০ শতাংশ কমি যায় । বেমাৰৰ প্রাৰ্দুভাৱ জুলাই মাহত দেখা যায় । তলৰ পাতবিলাক প্রথমে হালধীয়া পৰে আৰু লাহে লাহে ওপৰলৈ প্রসাৰিত হয় । আক্রান্ত আদাৰ পৰা ওলোৱা শিপাবোৰ পচি গৈ বেয়া গোন্ধ ওলায়। কেতিয়াবা গা - গছজোপা টানি দিলে সহজে উভালি আহে । গা - গছ আৰু কাণ্ডৰ পচা অংশ কোমল হৈ পৰা এই বেমাৰৰ প্রধান লক্ষণ। পচা অংশত পাছলৈ অনুজীৱই আৰু আদাৰ মাখি পোকে আক্রমণ কৰে। বৰষুণৰ দিনত এই বেমাৰ অতি সহজে এখন নিৰোগী পথাৰলৈ প্রসাৰিত হয়।

নিয়ন্ত্রণ ব্যৱস্থা

  • খেতিডৰাত থকা অতিৰিক্ত পানীভাগ ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগে ।
  • আক্রান্ত গছবিলাক উভালি পেলাব লাগে ।
  • ৰোপণ সামগ্রীখিনি বেভিষ্টিন ২ গ্রাম ১ লিটাৰ পানীত মিহলাই পোৱা দ্রৱণত ডুবাই শোধন কৰি অলপ সময় (প্রায় ১০ মিনিট) ৰাখি পুনৰ তাৰ পৰা উলিয়াই ট্রাইক'ডাৰমা নামৰ জৈৱিক ভেঁকুৰবিধৰ ৮ - ১০ গ্রাম ১ লিটাৰ পানীত মিহলাই পোৱা দ্রৱণত (৩০ মিনিট সময় ) ডুবাই ৰাখি ৰোগমুক্ত কৰি লব লাগে ।
  • বেমাৰে আক্রান্ত কৰা গছত ডাইথেন এম ৪৫ দৰৱৰ ৩ গ্রাম ১ লিটাৰ পানীত মিহলাই গছৰ গুৰি অংশ তিতি যোৱাকৈ ঢালিব লাগে । নতুবা এক শতাংশ শক্তিৰ " বৰডো' মিশ্রণ " মাটি ডোখৰত মাজে সময়ে ছটিয়ালে সুফল পোৱা যায় ।
  • জৈৱিক ঔষধ বায়ফৰ পি এফ প্রয়োগ কৰিও এই বেমাৰ নিয়ন্ত্রণ কৰিব পাৰি ।
  • বেমাৰ বেছিকৈ আক্রান্ত কৰা পথাৰত দ্বিতীয়বাৰ আদাখেতি কৰিব নালাগে ।

২)মৰহি যোৱা বেমাৰ

এইবিধ বেমাৰৰ প্রাৰ্দুভাৱ জুন - জুলাই মাহত বেছিকৈ হোৱা দেখা যায় । আক্রান্ত গছৰ পাতবোৰ প্রথমে তলফালে ঘূৰখাই যায় । আক্রান্ত গছৰ পাতবোৰ প্রথমে হালধীয়া পৰি পাছলৈ হালি পৰে । আক্রান্ত গা - গছ বা কাণ্ড যদিহে কাটি আনি এটা কাচৰ গিলাচত এগিলাচ পানীত ডুবাই দিয়া হয় তেতিয়া কটা অংশৰ পৰা গাখীৰৰ দৰে বগা সুতাৰ সূত বৈ অহা দেখা যাব । এইবিধ বেমাৰত গা - গছ জোপা টানি আনিলে সহজে উভালি নাহে । গা - গছৰ তলৰ অংশ ক'লা পৰি পাছলৈ সেই অংশ কোমল হৈ যায় আৰু অতি সোনকালে গোটেই গছজোপা মৰি যায় ।

প্রতিকাৰ ব্যৱস্থা

  • খেতিডৰাত থকা অতিৰিক্ত পানীভাগ ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগিব ।
  • ৰোপণ সামগ্রীখিনি সদায় ৰোগমুক্ত অঞ্চলৰ পৰা সংগ্রহ কৰিব লাগিব ।
  • বীজখিনি বেভিষ্টিন ২ গ্রাম এক লিটাৰ পানীত মিহলাই প্রতি কেজি বীজ শোধন কৰি পুনৰ ট্রাইক'ডাৰমা ঔষধত ৮ - ১০ গ্রাম প্রতি লিটাৰ পানীত মিহলাই প্রতি কেজি বীজ হিচাপে শোধন কৰিব লাগিব ।

পাতজ্বলা বা পাতত দাগ পৰা বেমাৰ

এইবিধ বেমাৰত প্রথমে কুমলীয়া পাতত মাকু সদৃশ কিছুমান দাগ পৰে। দাগবোৰৰ মাজ অংশ বগা হয় আৰু চাৰিওকাষ গাঢ় মুগা বৰণৰ হয়। পাছলৈ লাহে লাহে দাগবোৰ লগ লাগি বাঢ়ি যায় । বেছিকৈ আক্রান্ত হ'লে গোটেই পাতবোৰ শুকাই যায়।

প্রতিকাৰ ব্যৱস্থা

  • ইন্দ্র'ফিল এম ৪৫, ৩ গ্রাম প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিলে সুফল পোৱা যায়।
  • আক্রান্ত গছবোৰ ঊভালি , বেভিষ্টিন ২ গ্রাম আৰু ৰিড'মিল এম জেদ ২.৫ গ্রাম ভালদৰে মিহলাই মাটিত প্রয়োগ কৰিব লাগে জোপা।
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।
3.0
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top