অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কিছুমান সহজলভ্য বনৌষধি

কিছুমান সহজলভ্য ঔষধি গুণযুক্ত বনৌষধি

কিছুমান ঔষধি দ্ৰব্য

আমাৰ চাৰিওকাষে থকা বিভিন্ন গছ-লতা, গুল্ম আৰু জড়ি-বুটিবোৰৰ ৰোগ নিৰাময় কৰিব পৰা ক্ষমতা আছে। বিভিন্ন ৰোগৰ ক্ষেত্ৰত এইবোৰ কেনেকৈ ব্যৱহাৰ কৰিব পাৰি আমি  আগৰ অধ্যায়বোৰত আলোচনা কৰি আহিছোঁ। ইয়াত কেইবিধমান অতি আৱশ্যকীয় বস্তুৰ বিষয়ে বিশেষভাৱে ক’বলৈ লোৱা হৈছে।

নেমুটেঙা

নেমুটেঙাত ভিটামিন চি আৰু চাইট্ৰিক এচিড থাকে। চাইট্ৰিক এচিডত পটাছিয়াম হিচাপে থাকে আৰু ইয়েই হ’ল এলকালাইন। পটাছিয়াম, হাইড্ৰ’জেন আৰু অক্সিজেন মিহলি হ’লে এলকালাইন তৈয়াৰ হয় আৰু পটাছিয়াম হাইড্ৰ’ক্সাইড তৈয়াৰ হয়। এই পদাৰ্থবিলাক হৃত্পিণ্ড আৰু হাঁওফাঁওৰ কামত লাগে। গতিকে নেমুটেঙাই হৃত্পিণ্ড আৰু হাঁওফাঁওৰ ৰোগত কাম কৰে।

পেটত এচিড হ’লে এলকালাইন নাথাকিলে পেটৰ গাৰ ছাল ফাটি যায়। গতিকে অন্য টেঙা খালে চাইট্ৰিক এচিডৰ বাবে এই অসুখ হয়। কিন্তু নেমুটেঙা খালে এলকালাইন থাকে বাবে ছাল নাফাটে। নেমুটেঙা খালে পেটৰ প্ৰায় সকলো ৰোগেই আৰোগ্য হয়।

নেমুটেঙাৰ ৰস চেনি বা লোণ মিহলাই খোৱাতকৈ একো নিদিয়াকৈ খালে আৰু বেছি ভাল কাম কৰে। অলপ গৰম পানীত নেমুটেঙাৰ ৰস দি লাহে লাহে মুখত ৰাখি অলপ অলপকৈ গিলি খালে বিশেষ উপকাৰ হয়।

নেমুটেঙাৰ ৰসে চৰ্দি, কাহ, টনচিল ফুলা, শ্বাস-প্ৰশ্বাসৰ ৰোগ, হাঁপানি, দাঁতৰ পাৰি ফুলা আদি ৰোগত বিশেষ উপকাৰ কৰে।

নেমুটেঙাৰ ৰসে শৰীৰৰ তেজৰ অদৰকাৰী পদাৰ্থবোৰ দূৰ কৰি দিয়ে আৰু ছালৰ ৰং বঢ়ায়। মুখৰ ছালৰ দাগ গুচাবলৈ নেমুটেঙাৰ ৰস ব্যৱহাৰ কৰিব পাৰি। নেমুটেঙাৰ ৰস অকলে বা গোলাপজল বা তিয়ঁহৰ ৰসৰ লগত মিহলাই দাগত সানিব লাগে। দাগ উঠি যায়।

নহৰু

নহৰু হেনো সৰ্বৰোগ নিৰাময়ৰ বাবে ঈশ্বৰৰ এক আশীৰ্বাদ। নহৰুৰ গুণ প্ৰাকৃতিক অৱস্থাত বা কেঁচাই অসাধাৰণ আৰু তুলনাহীন বুলি কোৱা হৈছে। ৰান্ধিলেও ইয়াৰ বহুত গুণ থাকে আৰু অন্য ভেষজ বস্তুৰে বেয়া প্ৰভাৱ নষ্ট কৰিব পাৰে। নহৰুৱে কিছুমান ৰোগৰ প্ৰতিষেধক হিচাপেও কাম কৰে।

নহৰুত কেলছিয়াম, ফছফৰাছ, আয়’ডিন, লৌহ আৰু খনিজ পদাৰ্থ, ভিটামিন, ক্ল’ৰিন আদি পৰ্যাপ্ত পৰিমাণে থাকে। নহৰুৰ এণ্টিবায়টিক গুণো আছে। কিন্তু এণ্টিবায়টিক ঔষধে যেনেকৈ শৰীৰৰ ৰোগ প্ৰতিৰোধক শক্তি নাশ কৰে নহৰুৱে নকৰে। কাহ, শ্বাসনলীৰ শোথ, ব্ৰংকাইটিছ, হাঁপানি আদি ৰোগৰ প্ৰভাৱ নহৰুৱে কমাই দিয়ে।

নহৰুৰ কেঁচা কোঁহ (এটাকৈ) প্ৰতিদিনে খালে হাঁওফাঁও আৰু হৃত্পিণ্ডৰ ৰোগৰ পৰা ৰক্ষা পাব পাৰি। উচ্চ ৰক্তচাপ নিম্নগামী হয়।

হজম সম্পৰ্কীয় অংগ-প্ৰত্যংগৰ সমস্ত ৰোগৰ পৰা নহৰু খালে ৰক্ষা পোৱা যায়। ক্ৰিমি থাকিলে বাহিৰ কৰি দিয়ে। পাকস্থলীক সবল কৰে। পাকস্থলী আৰু অন্ত্ৰৰ টনিকৰ দৰে কাম কৰে।

নহৰুত উচ্চস্তৰীয় এলকালাইন থাকে। জোৰাৰ ফুলা, টানি ধৰা অসুখৰ বাবে নহৰু অতি উত্কৃষ্ট ঔষধ। দাঁত আৰু দাঁতৰ পাৰিৰ ক্ষয়-ক্ষতিৰ পৰাও নহৰুৱে ৰক্ষা কৰে।

গোন্ধৰ বাবে কেঁচা নহৰু খাবলৈ ঘিণ কৰিব নালাগে। অসুবিধা পালে আধা কাপ পানীত নহৰুৰ কোঁহ সৰু সৰু কৈ কাটি তাতে লৈ গিলি থ’ব লাগে। ৰাতি দৈত ভিজাই থৈ পিছদিনাখন পানীৰে ধুই পেলালে নহৰুৰ গোন্ধ নাথাকে। দ্ৰব্য গুণো নষ্ট নহয়।

নহৰু দুই জাতৰ আছে। এক কোঁহৰ নহৰু আৰু বহু কোঁহৰ নহৰু। এক কোঁহৰ নহৰু বেছি উপকাৰী।

বিভিন্ন ৰোগত নহৰুৰ ব্যৱহাৰ

যৌনশক্তি বৃদ্ধিৰ বাবে

যৌনশক্তি দীৰ্ঘস্থায়ী কৰাৰ বাবে প্ৰতিদিনে ২ চামুচ আমলখিৰ লগত দুই কোঁহ নহৰু স্ত্ৰী আৰু পুৰুষ উভয়ে খালে যৌনক্ৰীড়া দীঘলীয়া হয়।

শুক্ৰ তৰল হ’লে

একাপ গৰম গাখীৰৰ লগত ২-৩ কোঁহ নহৰু সিদ্ধ কৰি খালে শুক্ৰ পাতল নহয়। হাড়ৰো বল বাঢ়িব।

শৰীৰ শুকাই গ’লে

একাপ গাখীৰৰ লগত ২-৩ কোঁহ নহৰু নিতৌ খালে শৰীৰৰ ওজন বাঢ়িব। ক্ষয় ৰোধ হ’ব।

মূৰ বিষালে

মূৰ বিষালে দুই এক টোপ নহৰুৰ ৰস নাকেৰে টানিলে মূৰৰ বিষ দূৰ হ’ব। নহৰু থেতেলাই কাণৰ লতিত প্ৰলেপ দিলেও মূৰৰ বিষ কমে। আদকপালি মূৰৰ বিষো যায়।

পেটত গেছ/বায়ু জমিলে

একাপ ঠাণ্ডা পানীত ৪-৫ কোঁহ নহৰুৰ ৰস মিহলাই নিতৌ ৰাতিপুৱা ৭ দিন খালে পেটত বায়ু জমা হোৱা, গেছ হোৱা দূৰ হ’ব।

ভৰিৰ তলুৱাত কড় ওলালে

এক কোঁহ নহৰু দুই ফাল (দীঘলে দীঘলে) কৰক আৰু ভৰিৰ কড়টোৰ ওপৰত ফলা ফালটো লগাই বান্ধি থওক (লিউকোপ্লাষ্টাৰেৰেও বান্ধিব পাৰে)। তিনি দিনত কড় নিৰাময় হ’ব।

মদ খাই পেট বিষালে

দুই কোঁহ নহৰু প্ৰতিদিনে খাবলৈ লওক। পেটৰ বিষ যাব। মদ খোৱাৰ ইচ্ছাও নোহোৱা হ’ব।

টিবি হ’লে

নিতৌ এক কোঁহ নহৰু বটি গৰম গাখীৰৰ লগত খালে টিবিত উপকাৰ হয়।

পুৰণি ঘা

৪-৫ কোঁহ নহৰু বটি ঘাত লগালে ৭ দিনত ঘা শুকাব।

পুৰণি জ্বৰ

জ্বৰ হৈ থাকে, জ্বৰ এৰে কিন্তু একেবাৰে বন্ধ নহয়। এনে অৱস্থাত ৫-৬ কোঁহ নহৰু বটি ঘিউত মিহলাই ৩-৪ দিন খাওক, জ্বৰ এৰিব।

ঠাণ্ডা লাগি চৰ্দি বা পানী লগা অসুখ

নহৰু আৰু তুলসী পাতৰ ৰস ৫ মিলিলিটাৰ (১ চামুচ), জালুকৰ গুড়ি ১ গ্ৰাম, আধালিটাৰ গাখীৰৰ লগত, পুৱা গধূলি খালে চৰ্দি এৰা দিব। ই অব্যৰ্থ ঔষধ।

হাঁপানিত

একপ্ৰকাৰ হাঁপানি (এমফাইচিচা) যাৰ বাবে ৰোগীয়ে নিশাহ এৰিবলৈ কষ্ট পায়। এনে ৰোগত ৫-৬ কোঁহ নহৰু খুন্দি, গাখীৰ গৰম কৰি, চেঁচা হ’লে, সেই গাখীৰৰ লগত খাওক। আৰাম পাব।

অকাল বাৰ্দ্ধক্য ৰোধৰ বাবে

প্ৰতিদিনে ৪ কোঁহ নহৰু ভাজি বা বটি ৰুটি, তৰকাৰী আদিৰ লগত খাওক, অকাল বাৰ্দ্ধক্য দূৰ হ’ব।

ধমনীৰ ৰক্ত চলাচল স্বাভাৱিক ৰখাৰ বাবে

বয়সিয়াল লোকৰ আৰ্টেৰি বা ধমনীৰ ৰক্ত চলাচলৰ পথত চৰ্বীৰ চামনি পৰিব ধৰে আৰু ৰক্তচাপ বাঢ়ে। একোঁহ নহৰু সদায় ভাতৰ লগত খালে আৰ্টেৰিক্লেৰ’ছিছ নহয়।

শিশু অপুষ্টিত ভুগিলে

খাওঁতে সকলো বস্তুকে খায় কিন্তু স্বাস্থ্য দুৰ্বল অপুষ্টিত ভোগে। তেনে অৱস্থাত আধা কোঁহ নহৰু ঘোলৰ লগত মিহলাই খুৱাওক। পুষ্টি সাধন হ’ব।

কুকুৰে কামুৰিলে

প্ৰতিদিনে ৪-৫ কোঁহ নহৰু গৰম গাখীৰৰ লগত খুৱালে কুকুৰে কামোৰা বিষ নাশ হ’ব।

গৰু-ম’হৰ ঘা-পোকত

৮-১০ কোঁহ নহৰু বটি ঘাত লগাই দিলে, পোক থাকিলে মৰি যাব। ঘা শুকাই যাব।

আমবাত বা ৰঙা চকা

নহৰুৰ কোঁহ থেতেলা কৰি তাত ঘঁহি দিয়ক। গৰমৰ কাৰণে গাত ওলোৱা ৰঙা ৰঙা চকা দাগ বা চকা চকা বন্ধা, উখহা, উদ্ভেদ বা আৰ্টিকেৰিয়া দূৰ হ’ব।

উচ্চ ৰক্তচাপ

উচ্চ ৰক্তচাপত নহৰু বৰ উপকাৰী। নহৰু ২-৪ কোঁহ, গাখীৰৰ লগত নিতৌ এবাৰ খালে উচ্চচাপ নিয়ন্ত্ৰিত হয়। চৰ্দি, গা, হাত, ভৰি জিম্ জিম্ কৰা আদি অসুখ দূৰ হয়। নহৰু, পদিনা, জিৰা, ধনিয়া, জালুক আৰু সৈন্ধৱ লোণ একেলগে বটি আহাৰ খাওতে চাটনি কৰি খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰিত হৈ থাকিব। চাটনি দিনত এবাৰ খালেও হয়।

মৃগী বা হিষ্টিৰিয়া

মৃগীৰোগী মূৰ্ছা গ‘লে বা হিষ্টিৰিয়াৰ ৰোগী মূৰ্ছা গ’লে, শৰীৰৰ কম্পন উঠিলে, নহৰু থেতেলা কৰি নাকৰ ওচৰত ধৰিব লাগে বা শুঙিবলৈ দিব লাগে। জ্ঞান আহি যায়।

পক্ষাঘাত

প্ৰথম দিনা ১ টা নহৰুৰ কোঁহ খাওক। তাৰ পাছত দিনে একোটাকৈ বঢ়াই গৈ খাই থাকক আৰু ৪০ দিনলৈ খাওক। ৪০ দিনৰ দিনা ৪০ কোঁহ নহৰু খাব লাগিব। তাৰ পাছত ৪১ দিনৰ পৰা একোঁহকৈ কমাই খাওক। অৰ্থাত্ ৪১ দিনৰ দিনা ৩৯ কোঁহ নহৰু খাব লাগিব। এই আশী দিনৰ পাছত আৰু পক্ষাঘাত ৰোগ নাথাকে।

বাত বিকাৰ

বাত ৰোগত নহৰু বৰ উপকাৰী। বাতৰ ৰোগত নহৰুৰ ৬ সপ্তাহৰ এক চিকিত্সা আছে। প্ৰথম সপ্তাহত প্ৰথম দিনৰ আগ দিনা ৫ কোঁহ নহৰু পানীত ৰাতি তিয়াই থওক। ৰাতিপুৱা নহৰুখিনি থেতেলাই পানীখিনিত মোহাৰি লৈ ছেকি লৈ, পানীখিনি ৰাতিপুৱা খাওক। তেনেকৈ ৭ দিন খাওক। দ্বিতীয় সপ্তাহত ৭ টা কৈ নহৰুৰ কোঁহ প্ৰতিদিনে এই একেই নিয়মেৰে খাওক। তেনেকৈ তৃতীয় সপ্তাহত ১০ কোঁহকৈ প্ৰতিদিনে আগৰ দৰেই খাওক। চতুৰ্থ সপ্তাহটো বাদ দিব। নহৰু এদিনো নাখাব। আকৌ পঞ্চম সপ্তাহত প্ৰতিদিনে ৫ কোঁহ, ষষ্ঠ সপ্তাহত ৭ কোঁহ আৰু সপ্তম সপ্তাহত প্ৰতিদিনে ১০ কোঁহকৈ নহৰু আগৰ দৰেই খাওক। ইয়াৰে মাজৰ সপ্তাহ বাদ দি ৬ সপ্তাহৰ চিকিত্সা সম্পূৰ্ণ হ’ব আৰু ২৫৮ কোঁহ নহৰু খোৱা যাব। নহৰু খোৱা দিনত প্ৰতিদিনে অন্য বস্তু খাওঁতে অলপ অলপ মাখন খাব। এই চিকিত্সাৰ ফলত যিকোনো ধৰণৰ বাতৰ বেমাৰ নিৰ্মূল হ’ব। এই চিকিত্সা বিশেষভাৱে ফলপ্ৰদ।

বাতৰ বিষত নিতৌ ১ কোঁহ নহৰু গৰম ভাতৰ লগত চোবাই খালে বা ১০০ মিলিলিটাৰ সৰিয়হৰ তেলত ২০ কোঁহ নহৰু ভাজি সেই তেল দিনে দুবাৰ বিষোৱা ঠাইত মালিছ কৰিলে বিষ কমে।

পিঁয়াজ

পিঁয়াজেও বিভিন্ন ৰোগৰ উপশম হোৱাত সহায় কৰে।

বিভিন্ন ৰোগত পিঁয়াজৰ ব্যৱহাৰ

বমি

বমি হ’লে ৫-৬ টোপ পিঁয়াজৰ ৰস ২ চামুচ পানীৰে ৩ বাৰ মান খুৱালে বমি বন্ধ হৈ যাব।

হিকটি

২ চামুচ পিঁয়াজৰ ৰস ৪ চামুচ পানীত মিহলাই অলপ সময় অপেক্ষা কৰি ৩-৪ বাৰ খুৱালে হিকটি বন্ধ হ’ব। অলপ সময় মানে কেইছেকেণ্ডমান ৰখি খাবলৈ দিব লাগে।

পানী লগা অসুখত

প্ৰথম অৱস্থাত যেতিয়া নাকেৰে পানী পৰিব খোজে তেতিয়া ২ চামুচ পিঁয়াজৰ ৰস খোৱাৰ পাছত পানীৰে খাব লাগে। চৰ্দি কমি যায়।

নাকেৰে তেজ যোৱাত

৫-৬ টোপ পিঁয়াজৰ ৰস নাকত দি টানিলে তেজ পৰা বন্ধ হ’ব।

বেছি গৰমত

‘লু’ৰ প্ৰভাৱৰ পৰা ৰক্ষা পাবলৈ প্ৰতিদিনে একোটাকৈ কেঁচা পিঁয়াজ খাব লাগে। গৰমত পানীৰ পিয়াহৰ প্ৰবলতাও দূৰ হয়। একোটা পিঁয়াজ (বাহিৰলৈ যাব লগা হ’লে) পকেটত ৰাখিলে লুৰ প্ৰভাৱ নপৰে।

প্ৰস্ৰাৱ ধৰি ৰাখিব নোৱৰা হ’লে

১ চামুচ পিঁয়াজৰ ৰস নিতৌ খোৱাৰ পাছত ৭ দিন খালে উপকাৰ হয়।

অৰ্শ ৰোগত

অৰ্শৰ বলিৰ পৰা তেজ পৰিলে, ১ চামুচ চেঁচা পানীৰ লগত ১ চামুচ পিঁয়াজৰ ৰস, দিনত দুবাৰকৈ পুৱা আৰু গধূলি ৭ দিন খালে অৰ্শৰ বলিৰ পৰা তেজ পৰা বন্ধ হ’ব।

শৌচ কচা হ’লে

ৰাতি শোৱাৰ আগত ২ চামুচ পিঁয়াজৰ ৰস ২ চামুচ পানীৰ লগত মিহলাই খাই থাকিলে ৰাতিপুৱা পায়খানা পৰিষ্কাৰ হ’ব।

কাণত পূজ হ’লে

পিঁয়াজ আৰু নহৰুৰ ৰস মিহলাই অলপ গৰম কৰি ২-১ টোপকৈ ৩-৪ দিন দিলে কাণৰ পৰা পূজ ওলোৱা বন্ধ হ’ব।

আদা

অথৰ্ববেদত আদাৰ উল্লেখ আছে। বৈদিক যুগত আদাক ভক্ষণকাৰী বোলা হৈছিল। আদাৰ ৰসত খাদ্যবস্তু সুপাচ্য হয়, সহজে জীণ যায়। সেই বাবেই মাংস, মাহৰ দাইল আদিত আদা মছলা হিচাপে ব্যৱহাৰ হয়। ইয়াৰ বোটানিকেল নাম হ’ল জিঞ্জিবাৰ অফিচেনল। ইয়াত লোণ, ভোলাটাইল অয়েল, পটাছিয়াম আৰু কিছু ৰাসায়নিক পদাৰ্থ থাকে।

বিভন্ন ৰোগত আদাৰ ব্যৱহাৰ

অক্ষুধা

খোৱাৰ আগত সৈন্ধৱ লোণৰ সৈতে ২-৩ চকলা আদা চোবাই খাওক। অৰুচি গুচিব। ভোক বাঢ়িব। গলত কফ বা আঁহ আঁহ যেন লাগি থাকি সিও দূৰ হ’ব।

হিকটি

১ কাপ ছাগলীৰ গাখীৰৰ লগত ১ চামুচ আদাৰ ৰস হিকটি আহিব খোজাৰ সময়ত খালে, লগে লগে হিকটি বন্ধ হৈ যাব।

পানী লগা জ্বৰ

ঠাণ্ডা লাগি পানী লগা অসুখ হৈ জ্বৰ হ’লে, কাহ হ’লে ১ চামুচ আদাৰ ৰস, ১ চামুচ তুলসী পাতৰ ৰস, ১ চামুচ শেৱালি ফুলৰ পাতৰ ৰস আৰু ১ চামুচ মৌ- চাৰিওবিধ মিহলাই শোৱাৰ আগত আৰু ৰাতিপুৱা দিনত দুবাৰকৈ ৩ দিন খালে চৰ্দি, জ্বৰ, কাহ সকলোৱে এৰা দিব।

আমবাত বা বাতপিত্তত

২ চামুচ আদাৰ ৰসৰ লগত ২৫ গ্ৰাম গুৰ মিহলাই ১ বাৰকৈ এমাহ খালে আমবাতে এৰা দিব।

কঠিন আমাশয়ত

অলপ আদা খুন্দি শুকাই গুড়ি কৰি লওক। এই আদা চূৰ্ণ অলপ গৰম পানীৰ লগত নিতৌ দুবাৰ যিমান দিনলৈ আমাশয় নাযায় খাওক। ৰাতিপুৱা এবাৰ আৰু ৰাতি শোৱাৰ আগত খাব। আমাশয় দূৰ হ’ব।

বসন্ত হ’লে

যদি বসন্তৰ গুটিবোৰ নোলায় আৰু শৰীৰৰ বিষ-বেদনা থাকে ২ চামুচ আদাৰ ৰস ২ চামুচ তুলসী পাতৰ ৰসৰ লগত খালে ৩ দিনতে বসন্তৰ গুটি ওলাব। সোনকালে আৰোগ্য হ’ব।

যনী

যনীৰ বহুবিধ গুণৰ বাবে ঔষধিৰ মৰ্যাদা দিয়া হৈছে। শাস্ত্ৰত কৈছে- “একাযয়ানী শতমন্নপাচিকা।“ যনীৰ হজম কৰা শক্তি অপৰিসীম। যনী হজমকাৰক, অৰুচিনাশক, ৰুচিবৰ্ধক, পেটৰ গোলমাল নাশক, বায়ু আৰু কফ বিনাশক, শুক্ৰৰ বিকৃতি আৰু কৃমি নিবাৰক আৰু মহিলাৰ যোনিৰ বিকাৰো দূৰ কৰিব পৰা ঔষধ।

বিভিন্ন ৰোগত যনীৰ ব্যৱহাৰ

পেটৰ বিষ-বেদনা

৫ গ্ৰাম যনী চূৰ্ণ (১ চামুচ) গুৰৰ লগত খাই পাছত অলপ পানী খালে পেটৰ বিষ, ব্যথা নোহোৱা হয়। যনী, বিট লোণ আৰু হিং একেলগে গুড়ি কৰি ৰাখি পেট বিষালে তাৰ ১ গ্ৰাম চূৰ্ণ মুখত লৈ অলপ গৰম পানী খালে বেদনা নোহোৱা হ’ব।

পেটত বায়ু, গেছ হ’লে

পেটত বায়ু জমি, গেছ হৈ পেট গুৰ গুৰকৈ থাকিলে, গধুৰ গধুৰ লাগিলে, ফুলা ফুলা লাগিলে, মুখেৰে উগাৰ আহিলে ৩ গ্ৰাম যনী আৰু ২ গ্ৰাম খোৱা চৌদা মুখত দি ২-৪ ঢোক কুহুমীয়া গৰম পানী খালে উপকাৰ হয়। দুপৰীয়া আৰু ৰাতি খোৱাৰ দহ মিনিটমান পাছত এই যনী-চৌদা পানী খাব লাগে। গেছ আদিৰ সকলো বিকাৰ নাশ হৈ যাব।

৪ গ্ৰাম যনী চূৰ্ণ আৰু ১ গ্ৰাম বিট লোণ গৰম পানীত মিহলাই খালেও গেছৰ কষ্ট দূৰ হ’ব।

কোষ্ঠকাঠিন্য

যনী পানীত সিজাই ক্কাথ কৰি নিতৌ কিছুদিন খালে শৌচ কচা দূৰ হয়।

কৃমি

৪ টা মান মাটি মাহৰ ওজন পৰিমাণৰ যনী চূৰ্ণ দৈৰ ঘোলৰ সৈতে ল’ৰা-ছোৱালীক খুৱালে কেঁচু পেলু মৰি যায়।

চৰ্দি-কাহ

ঠাণ্ডা লাগি চৰ্দি কাহ হ’লে পাণৰ লগত যনী চোবাই খালে চৰ্দি-কাহ যায়।

জ্বৰ

এটা মাটিৰ পাত্ৰত একাপ পানী লৈ তাত ১৫ গ্ৰাম যনী তিয়াই ৰাতি থৈ দিয়ক আৰু ৰাতিপুৱা পানীখিনি ছেকি লৈ ৰোগীক খাবলৈ দিয়ক। নিতৌ এইভাৱে ১ সপ্তাহ খুৱালে জ্বৰ এৰিব। গাৰ পোৰণি আদি থাকিলেও নাশ হ’ব।

হাঁপানি

যনী গুড়িৰে পুলটিচ বনাই বুকুত সেক দিলে আৰাম পাব।

গলৰ বিষ

যনী গুড়ি কৰি গৰম পানীত মিহলাই গাৰ্গল কৰিলে লগে লগে উপকাৰ পাব।

কঁকালৰ বিষ

১০০ গ্ৰাম যনী চূৰ্ণ আৰু ১০০ গ্ৰাম গুৰ একেলগে মিহলাই ৰাখি ইয়াৰ পৰা ৫-৭ গ্ৰাম ৰাতিপুৱা আৰু গধূলি দিনে দুবাৰকৈ খালে কঁকালৰ বিষ দূৰ হ’ব।

প্ৰসূতিৰ হজম শক্তি বৃদ্ধিৰ বাবে

যনী চূৰ্ণ, ৩ গ্ৰাম বা আধা চামুচকৈ খোৱাৰ পাছত খালে ক্ষুধা বৃদ্ধি হ’ব। পাচক প্ৰণালী সবল হৈ উঠিব।

স্তনৰ গাখীৰ বৃদ্ধিৰ বাবে

প্ৰসূতিৰ সন্তান ভূমিষ্ঠ হোৱাৰ পাছত মাতৃৰ স্তনত গাখীৰ নাথাকিলে বা কম হ’লে যনী নিতৌ ৩ গ্ৰাম মান কৈ খোৱাৰ পাছত খালে স্তনৰ গাখীৰ বৃদ্ধি হ’ব। হজম শক্তিও বাঢ়িব।

বগা স্ৰাৱ

৫০ মিলিলিটাৰ চূণৰ পানীত (শুকান চূণ হ’লে ৰাতি পানী থৈ ৰাতিপুৱা সেই ফটফটীয়া পানীত) ৪ গ্ৰাম যনী আকৌ পাছৰ ৰাতি তিয়াই থৈ (চূণৰ ভুৰুকাত পানী থাকিলে সেই পানীও ব্যৱহাৰ কৰিব পাৰে। কিন্তু চূণ গোলা পানী নহয় নিজৰা পানী) ৰাতিপুৱা যনীবোৰ সেই পানীত ভালকৈ মোহাৰি লৈ সেই পানী নিতৌ এবাৰকৈ, কেইদিনমান খালে বগা স্ৰাৱ বন্ধ হ’ব।

ঋতুস্ৰাৱৰ গোলমাল

ঋতুস্ৰাৱৰ গোলমাল বা অনিয়মিত হ’লে যনী সিজাই আৰক বাহিৰ কৰি (১০ গ্ৰাম যনীৰ ক্কাথ কৰি) পুৰণি গুৰৰ লগত মিহলাই সেই পানী দিনে ৰাতিপুৱা আৰু গধূলি, দুবাৰকৈ খালে গৰ্ভাশয় পৰিষ্কাৰ হৈ যাব। মাহেকীয়া নিয়মিত হ’ব।

চকুত বগা দাগ বা স্পট

যনী চূৰ্ণ কৰি পানীৰে চকুত কাজলৰ দৰে ৰাতিপুৱা আৰু গধূলি দিনে দুবাৰকৈ এসপ্তাহ লগালে চকুৰ বগা দাগ দূৰ হ’ব।

ল’ৰা-ছোৱালীৰ পনীয়া শৌচ

মাকৰ গাখীৰৰ লগত ২-৪ ৰতি যনী চূৰ্ণ দিনত ২-৩ বাৰ খাবলৈ দিয়ক, অসুখ দূৰ হ’ব। শিশু সুষ্ঠ হৈ উঠিব। (৪ ৰতি = আধা গ্ৰাম)

গুৱা-মৰি

অতি প্ৰাচীন কালৰ পৰাই গুৱা-মৰি আমাৰ সমাজত মুখ শুদ্ধি দ্ৰব্য আৰু ৰন্ধাৰ মছলা সামগ্ৰী হিচাপে অতি আৱশ্যকীয় বস্তুৰ ৰূপত ব্যৱহাৰ হৈ আহিছে। শুকান গুৱা-মৰিয়ে শ্লেষ্মাশ্ৰিত অংগ আৰু পাচক প্ৰণালীৰ ওপৰত গভীৰ প্ৰভাৱ বিস্তাৰ কৰে। গুৱা-মৰি খোৱাৰ মাত্ৰা হৈছে ৫-৬ গ্ৰাম বা ৫-৬ চামুচ।

বিভিন্ন ৰোগত গুৱা-মৰিৰ ব্যৱহাৰ

গ্ৰহণী ৰোগ

আহাৰ খোৱাৰ পাছত কমকৈ ভজা গুৱা-মৰি নিয়মিতভাৱে খাব লাগে।

বেছি শাঁও পৰিলে

গুৱা-মৰিৰ পাচন তৈয়াৰ কৰি (সিজাই আৰক উলিয়াই) খাওক। অথবা শুকান আদা আৰু গুৱা-মৰিৰ চূৰ্ণ কৰি লৈ ঘিউত ভাজি ১ চামুচকৈ এই চূৰ্ণ ৰাতিপুৱা আৰু ৰাতি শোৱাৰ আগতে পানীৰ লগত খাওক, অত্যধিক শাঁও পৰা বন্ধা হ’ব।

পেটৰ বিষ-বেদনা

ভজা গুৱা-মৰি চোবাই খাওক, প্ৰায় লগে লগেই ভাল পাব।

কোষ্ঠকাঠিন্য

ৰাতি শোৱাৰ আগতে অলপ গৰম পানীৰ লগত গুৱা-মৰি চূৰ্ণ ১ চামুচমান খাওক। শৌচ খোলোচা হ’ব।

পিত্তজ্বৰ

গুৱা-মৰিৰ পাচন তৈয়াৰ কৰি খাওক। আৰাম পাব।

গল খিচখিচ কৰা

ৰাতিপুৱা আৰু গধূলি গুৱা-মৰি চোবাই খালে গলৰ খিচখিচনি দূৰ হ’ব। মাত বহিলেও স্বাভাৱিক হয়।

হাত-ভৰি জ্বলা-পোৰা কৰা

সমান মাত্ৰাত গুৱা-মৰি আৰু ধনিয়া গুড়ি কৰি লওক। চূৰ্ণ কৰি লৈ তাৰে ৫-৬ গ্ৰাম আহাৰ খোৱাৰ পাছত মুখত লৈ খালে হাত-ভৰিৰ জ্বলা-পোৰা কৰা কমিব।

হজমত

গুৱা-মৰি ভাজি সৈন্ধৱ লোণ আৰু নেমুটেঙাৰ ৰস মিহলাই আহাৰ খোৱাৰ পাছত মুখশুদ্ধি হিচাপে ব্যৱহাৰ কৰিলে খোৱাবস্তু হজম হয়।

তেজৰ দোষত

গুৱা-মৰিৰ ৰক্ত শোধন কৰাৰ ক্ষমতা আছে। ই চৰ্মৰোগো নাশ কৰে। প্ৰতিদিনে ৰাতিপুৱা আৰু ৰাতি ১০ গ্ৰাম গুৱা-মৰি (মিঠাই চেনি নোহোৱাকৈ) চোবাই খালে অলপ দিনৰ ভিতৰতে তেজ পৰিষ্কাৰ হৈ যাব।

গুৱা-মৰিৰ চৰবত

৫০০ গ্ৰাম গুৱা-মৰি চাফ কৰি লৈ খুন্দি গুড়ি কৰি লওক। তাৰ পিছত আধা লিটাৰ পানীত ভিজাই থৈ এই পানীখিনিকে গুৱা-মৰি সহ উতলাওক। কে’বাবাৰো উতলিলে ৩০০ গ্ৰাম চেনি দিয়ক আৰু আকৌ উতলাওক আৰু অলপ ঘন হ’লে নমাই থৈ চৰবত হিচাপে খাওক। যিকোনো সৰু-বৰ অসুখৰ পাছত এই চৰবত খাওক। গাত বল পাব। যিসকল মহিলা অলপ গৰম ধাতুৰ বা গৰম প্ৰকৃতিৰ তেওঁলোকে এই গুৱা-মৰি চৰবত খোৱা উচিত। গুৱা-মৰিৰ চৰবত খালে কোলাত কেঁচুৱা থকা মাতৃৰ স্তনৰ গাখীৰো বেছি হয়।

জিৰা

জিৰা আমাৰ নিত্য ব্যৱহাৰ্য মছলাৰ এবিধ। ৰুচিকৰ আৰু খাবলৈও ভাল লগা মছলা। ই ঠাণ্ডা বস্তু। জিৰাক গৰমৰ শত্ৰু বুলি কোৱা হয়। শৰীৰৰ যদি গৰম বাঢ়ি যায় তেনেহলে জিৰা খালে শৰীৰৰ উষ্ণতা প্ৰশমিত হ’ব।

বিভিন্ন ৰোগত জিৰাৰ ব্যৱহাৰ

বুকুৰ জ্বলন

জিৰা আৰু ধনিয়া সমান মাত্ৰাত চূৰ্ণ কৰি লৈ চেনিৰ লগত ১-২ চামুচ খালে অম্লপিত্তৰ কাৰণে হোৱা বুকুৰ জ্বলন নিবাৰণ হয়।

পেট ফুলা

জিৰা আৰু সৈন্ধৱ লোণ সমান মাত্ৰাত লৈ নেমুটেঙাৰ ৰসত ৭ দিন মজিবলৈ দি তাৰ পাছত আকৌ শুকাব লাগে। শুকালে, খুন্দি চূৰ্ণ কৰিব লাগে। এই চূৰ্ণ, ৰাতিপুৱা আৰু আবেলি এক চামুচকৈ খালে পেট ফুলা অসুখ দূৰ হয়।

গ্ৰহণী ৰোগ

জিৰা ভাজি সৈন্ধৱ লোণৰ লগত মিহলাই চূৰ্ণ কৰি ল’ব লাগে। ইয়াৰ ১-২ চামুচ দৈৰ ঘোলৰ (আধা গিলাচ) সৈতে গুলি আহাৰ খোৱাৰ পাছত খালে গ্ৰহণী, পনীয়া শৌচ, অৰ্শ আদি ৰোগৰ পৰা উপশম হয়।

পেটৰ শূল

জিৰা, হিং আৰু সৈন্ধৱ লোণ একেলগে চূৰ্ণ কৰি (প্ৰত্যেকৰে অলপ অলপ) মৌ বা ঘিউৰ লগত খালে শূল উপশম হয়।

মেলেৰিয়া জ্বৰ

এক চামুচ জিৰা চূৰ্ণ ১০ মিলিলিটাৰ কেৰেলাৰ ৰসৰ (তিতাকেৰেলা) লগত খালে মেলেৰিয়া জ্বৰ নিবাৰণ হয়। দিনে ৩ বাৰকৈ কেইদিনমান খাব লাগে।

জ্বৰ

৫০ গ্ৰাম জিৰা খুন্দি গুড়ি কৰি গুৰৰ লগত মিহলাই ১০ গ্ৰাম পৰিমাণৰ একোটাকৈ বড়ি কৰিব লাগে। একোটাকৈ বড়ি দিনে ৩ বাৰকৈ খালে জ্বৰ এৰে। পুৰণি জ্বৰ হ’লে ২১ দিনমান খাব লাগে।

বগা স্ৰাৱ

মহিলাৰ বগা স্ৰাৱ হ’লে ৩ গ্ৰাম জিৰা চূৰ্ণ চাউল ধোৱা পানী আধা গিলাচৰ সৈতে মিহলাই, তাত অলপ চেনি দি খালে বগা স্ৰাৱ হোৱা গুচে। মহিলাৰ প্ৰদৰ ৰোগত জিৰাই ভাল কাম কৰে।

আচিনাই (আজিনাই)

জিৰা বটি থপথপিয়া কৰি লৈ আচিনাইত লগাই দিলে স্ৰাৱ থকা আচিনাইৰ পৰা তেজ-পূজ পৰা বন্ধ হয় আৰু নপকা আচিনাই বহি যায়।

কুকুৰীকণা

জিৰা চূৰ্ণ এক চামুচমানকৈ কেইদিনমান একোবাৰ খালে, গধূলি হ’লে নেদেখা হোৱা ৰোগ দূৰ হয়।

ধনিয়া

আমাৰ অতি আৱশ্যকীয় মছলা খাদ্য। প্ৰায়বোৰ মাংসৰ আঞ্জাতে (ব্যঞ্জনত) অপৰিহাৰ্য। ইয়াৰ ঔষধি গুণো যথেষ্ট আছে।

বিভিন্ন ৰোগত ধনিয়াৰ ব্যৱহাৰ

পেটৰ ব্যথা বা বিষ-বেদনা

পেট বিষালে ধনিয়াৰ চূৰ্ণ মিছিৰিৰ সৈতে পানীত গুলি খালে আৰাম পোৱা যায়।

শৌচ কচা

কেঁচা ধনিয়া, জালুক, বিট লোণ আৰু জিৰা গুড়ি কৰি সামান্য পানী দি চাটনিৰ দৰে তৈয়াৰ কৰি খালে কোষ্ঠকাঠিন্য বা শৌচ কচা দূৰ হয়।

শৰীৰৰ কোনো ঠাইত ফুলিলে বা জ্বালা কৰিলে

শৰীৰৰ কোনো ঠাই ফুলিলে বা জ্বালা-পোৰা কৰিলে ধনিয়া বটি তাত লগালে সুফল পোৱা যায়।

মুখৰ দুৰ্গন্ধ

মুখৰ গোন্ধ ধনিয়া চোবালে দূৰ হয়। পিঁয়াজ বা নহৰু খাই গোন্ধালে ধনিয়া চোবাব লাগে। গোন্ধ যায়।

মুখৰ বা জিভাৰ ঘা

কেঁচা ধনিয়াৰ ৰস মুখৰ বা জিভাৰ ঘাত লগালে অথবা শুকান ধনিয়া পানীত সিজাই সেই পানীৰে মুখ কুলি কৰিলে মুখৰ বা জিভাৰ ঘা ভাল হয়।

জ্বৰ

যদি ঠাণ্ডা লাগি কঁপি কঁপি জ্বৰ উঠে শুকান ধনিয়া আৰু শুকান আদা সমমাত্ৰাত লৈ খুন্দি তাৰ পৰা ৫-৮ গ্ৰামকৈ দিনে ৪ বাৰ খালে জ্বৰ, মেলেৰিয়া জ্বৰ নিবাৰণ হয়।

বাৰে বাৰে পিয়াহ লাগি থকা

ভাল খাব পৰা পানীত ধনিয়া ধুই চাফ কৰি তিয়াই থৈ সেই ধনিয়া সেই পানীত ভালকৈ মোহাৰি ছেকি লৈ তাতে মৌ বা চেনি দি খালে বাৰে বাৰে পিয়াহ লাগি থকা বন্ধ হ’ব।

নাকৰ অসুখ

ধনিয়াৰ ৰস নাকেৰে টানিলে বা ধনিয়াৰ পাত বটি মূৰত প্ৰলেপ দিলে নাকৰ অসুখ বা নাকেৰে তেজ পৰা অসুখ আৰোগ্য হয়।

প্ৰস্ৰাৱৰ অসুখ

প্ৰস্ৰাৱত জ্বলা-পোৰা কৰিলে শুকান ধনিয়া আৰু আমলখি সমপৰিমাণত লৈ ৰাতি পানীত তিয়াই থৈ ৰাতিপুৱা মিহি কৰি বটি চৰবতৰ নিচিনাকৈ বনাই, দিনত এবাৰকৈ ১ সপ্তাহমান খালে প্ৰস্ৰাৱত জ্বলা-পোৰা কৰা বন্ধ হয়।

চকুৰ অসুখ

কেঁচা ধনিয়াৰ ৰস উলিয়াই, ছেকি লৈ সেই ৰস ঘিউৰ লগত মিহলাই ২ টোপকৈ চকুত দিলে চকুৰ সকলো কষ্ট দূৰ হ’ব। চকুৰ আচিনাই, চকুৰ ফেচকুৰি আদি হ’লেও আৰোগ্য হ’ব।

অৰ্শ

কেঁচা ধনিয়া বটি অলপ গৰম কৰি অৰ্শত প্ৰলেপ দিলে অৰ্শৰ বলি নৰম হ’ব আৰু যন্ত্ৰণা কমিব।

অনিদ্ৰা

কেঁচা ধনিয়া বটি তাত অলপ মিছিৰি আৰু পানী মিহলাই চৰবতৰ দৰে খালে (দিনত ৩ বাৰ) অনিদ্ৰা দূৰ হ’ব।

লু (উষ্ণ প্ৰবাহ)

ধনিয়া অলপ সময় পানীত ভিজাই সেই পানীতে ধনিয়া ভালকৈ মোহাৰি পাছত ছেকি লৈ সেই পানীত সামান্য চেনি মিহলাই ৰ’দত কষ্ট পোৱা মানুহক খুৱাই দিয়ক। ‘লু’ৰ দ্বাৰা প্ৰভাৱিত হোৱা মানুহ সুস্থ হৈ পৰিব।

সৰু ল’ৰা-ছোৱালীৰ কাহ

কেঁচা ধনিয়াৰ ৰস আৰু চেনি, ভাতৰ মাৰৰ লগত খুৱালে ল’ৰা-ছোৱালীয়ে কাহ আৰু শ্বাস ৰোগৰ পৰা আৰাম পায়।

জালুক

জালুকত ঔষধি গুণ বহুত আছে। জালুক ঔষধ হিচাপে ব্যৱহাৰ কৰিলে মানুহৰ শ্লেষ্মা, কাহ, কফ, বাত, হজম শক্তি কম, গেছ, পেটৰ বিভিন্ন অসুখ, ছালৰ ৰোগ, ফোঁহা আদি নিৰাময় হয়।

বিভিন্ন ৰোগত জালুকৰ ব্যৱহাৰ

চৰ্মৰোগ

জালুক বটি ছালৰ ৰোগৰ আক্ৰান্ত ঠাইত প্ৰলেপ দিলে ৰোগ আৰোগ্য হয়। ফোঁহা হ’লে দিনে দুবাৰ দিব লাগে।

পানী লগা অসুখ বা চৰ্দি

যদি নাকেৰে পানী পৰে জালুকৰ গুড়ি মিহলাই গৰম গাখীৰ খাওক। আৰাম পাব। যদি বাৰে বাৰে চৰ্দি লাগি থাকে, নেৰেহে নেৰে তেনেহ’লে এটা জালুক খাই আৰম্ভ কৰি প্ৰতিদিনে একোটা জালুক বঢ়াই ১৫ দিনলৈ খাওক। ১৫ দিনৰ দিনা ১৫ টা জালুক খাব লগা হ’ব। তাৰ পাছত ১৬ দিনৰ পৰা প্ৰতিদিনে একোটাকৈ কমাই ৩০ দিনলৈ খাওক। ৩০ দিনৰ দিনা ১ টা জালুক খাব লাগিব। সদায় ঠাণ্ডা লাগি থকা, চৰ্দি হৈ থকা ভাব নিৰ্মূল হ’ব।

যদি চৰ্দি হৈছে আৰু জ্বৰো আছে বা সাধাৰণ জ্বৰ আছে তেনেহ’লে ৫-৬ টা জালুক, ৭-৮ টা তুলসীৰ পাত, লং ২-৩ টা আৰু ১ ইঞ্চিমান আদা, ১ টা এলাচি একেলগে খুন্দি খাব পৰা ভাল পানী লৈ উতলাওক। তাৰ পাছত তাতে গাখীৰ অলপ দি চাহৰ দৰে খাওক। দিনে ৩ বাৰ খাওক। গাৰ ঘাম ওলাই শৰীৰ পাতল বোধ কৰিব, জ্বৰ এৰিব।

অজীৰ্ণ

নেমুটেঙা এটা কাটি দুফাল কৰক। তাৰে এফালত জালুকৰ গুড়ি আৰু বিট লোণ অলপ অলপ দি টেঙা টুকুৰা অলপ গৰম কৰি চুহি চুহি খাওক। অজীৰ্ণ, বদহজম দূৰ হ’ব। পেট পাতল পাতল লাগিব।

পাচক ক্ৰিয়া বঢ়াবলৈ জালুক আৰু সৈন্ধৱ লোণ গুড়ি কৰি আদাৰ সৰু সৰু টুকুৰা কৰি অলপ ভজাৰ দৰে কৰি লৈ গুড়িবোৰ মিহলাই খাওক। পাচক শক্তি বাঢ়ি স্বাভাৱিক হ’ব।

পাচক শক্তি বঢ়াবলৈ জিৰা, সৈন্ধৱ লোণ, পিপলি, জালুক, শুকান আদা সকলোকে সমান সমান মাত্ৰাত লৈ চূৰ্ণ তৈয়াৰ কৰক (খুন্দি চালি লওক) আৰু আহাৰ খোৱাৰ পাছত ১ চামুচ চূৰ্ণ খাই অলপ পানী খাওক। খাদ্যবস্তু হজম হৈ যাব।

পেট বিষালে

আদা আৰু নেমুৰ ৰসৰ লগত এটা বা দুটা মাটিমাহৰ সমান জালুকৰ গুড়ি লৈ খাওক। পেটৰ বিষ কমি যাব।

পেটত গেছ হৈ থাকে

একাপ পানীত আধা নেমুটেঙাৰ ৰস, আধা চামুচ জালুকৰ গুড়ি আৰু আধা চামুচ বিট লোণ মিহলাই একেৰাহে কেইদিনমান খালে পেটত গেছ হোৱা সমস্যা দূৰ হ’ব।

আমাশয় বা শাঁও পৰা ৰোগ

জালুকৰ গুড়ি মৌৰ লগত সানি চেলেকি চেলেকি খাওক। আমাশয় দূৰ হ’ব। বহুত দিনৰ পুৰণি আমাশয়ো ভাল হ’ব। তেতিয়া দিনে ৩ বাৰকৈ খাব।

মাত বহি যায়

জালুকৰ গুড়ি, ঘিউ আৰু মিছিৰিৰ লগত চেলেকি চেলেকি খালে মাত ওলাই আহি পৰিষ্কাৰ হৈ যাব। ৮-১০ টা জালুক পানীত সিজাই সেই পানীৰে গাৰ্গল কৰিলে উপকাৰ হ’ব।

কাহ

আধা চামুচ জালুকৰ গুড়ি আৰু আধা চামুচ মৌ একেলগে মিহলাই ২-৩ বাৰ (দিনত) চেলেকি চেলেকি খাওক। কাহ প্ৰশমিত হ’ব।

নাকৰ অসুখ

দুটা জালুক আৰু পুৰণি গুৰ মিহলাই চোবাই চোবাই খালে নাকৰ অসুখ দূৰ হ’ব। নাকেৰে তেজ পৰিলে বন্ধ হৈ যাব।

দাঁতৰ পাৰি ফুলা

জালুক পানীত সিজাই সেই পানীৰে মুখ কুলি কৰক। দাঁতৰ পাৰি ফুলা দূৰ হ’ব। দাঁতৰ পাৰিও সবল হৈ উঠিব।

মেলেৰিয়া

জালুকৰ গুড়ি আৰু তুলসীৰ ৰস মিহলাই খালে উপকাৰ হয়।

কুকুৰীকণা বা গধূলি নেদেখা হোৱা

দুটা জালুক গুড়ি কৰি মৌৰ লগত মাৰি লৈ চকুত কাজলৰ দৰে লগালে কুকুৰীকণা ৰোগ ভাল হয়।

প্ৰসৱৰ পাছত প্ৰসূতিৰ শীঘ্ৰে সুস্থতা লাভৰ বাবে

প্ৰসৱৰ পাছত প্ৰসূতিক ভাত ঘিউ আৰু জালুকৰ গুড়ি মিহলাই এমাহ খুৱাওক। প্ৰসূতি সোনকালে সুস্থ হৈ উঠিব।

চকুৰ দৃষ্টি বৃদ্ধিৰ বাবে

আধা চামুচ ঘিউ, আধা চামুচ জালুকৰ গুড়ি আৰু আধা চামুচ মিছিৰি মিহলাই চেলেকি চেলেকি খাওক। ইয়াতে চকুৰ দৃষ্টিশক্তি বাঢ়িব। চকুৰ জেউতি কমিলে আৰোগ্য লাভ হ’ব।

স্মৰণ শক্তি বঢ়াবলৈ

৩-৪ গ্ৰাম ব্ৰাহ্মীশাক সিদ্ধ কৰি লওক। এই পানীত জালুকৰ গুড়ি আৰু চেনি মিহলাই খাওক। উপকাৰ পাব, স্মৰণ শক্তি বাঢ়িব।

মূৰ ঘূৰণি

জালুকৰ গুড়ি, চেনি আৰু ঘিউ মিহলাই খালে মূৰ ঘূৰুৱা অসুখ ভাল হয়। কোনো কথা বাৰে বাৰে পাহৰি যোৱা আদি অৱস্থাও দূৰ হয়।

জ্বৰ

৩-৬ টা মান জালুকৰ গুড়ি আধা লিটাৰ পানীত উতলাই পানী যেতিয়া ৮ ভাগৰ ১ ভাগমান থাকিব তেতিয়া ২০ গ্ৰাম চেনি মিহলাই খাওক। সাধাৰণ জ্বৰ এৰিব।

কলেৰা

এটা মাটিমাহৰ সমান জালুক, এটা মাহৰমান হিং আৰু দুটা মাহৰমান কৰ্পূৰ মিহলাওক। প্ৰথমতে কৰ্পূৰ আৰু হিং মিহলাই তাৰ পাছত জালুক মিহলাব। ইয়াৰ পৰা ১৬ টা বড়ি তৈয়াৰ কৰক। আধা ঘণ্টা অন্তৰে অন্তৰে একোটাকৈ বড়ি খুৱালে বমি আদি বন্ধ হৈ গৈ ৪-৫ ঘণ্টাত কলেৰা প্ৰশমিত হ’ব।

হালধি

আমাৰ সকলোৰে ৰান্ধনি ঘৰত ব্যৱহৃত হালধি এবিধ মছলা দ্ৰব্য বুলি সৰ্বজন বিদিত বস্তু। হালধি নিদিয়াকৈ কোনো আঞ্জাই নহয়। কিন্তু ইয়াৰ ঔষধি গুণ সেইভাৱে সকলোৰে জ্ঞাত নহয় আৰু ঔষধি গুণৰ সত্ ব্যৱহাৰ কম হয়। ইয়াৰ ঔষধি ব্যৱহাৰ কিমান পুৰণি তাৰ এটা মাত্ৰ ঈংগিতেই যথেষ্ট যে দেৱাদিদেৱ মহাদেৱ সদাশিৱে পাৰ্বতীৰ সৈতে লগ লাগি ঔষধৰ বাবে সাত প্ৰকাৰ হালধিৰ খেতি কৰিছিল। হালধিৰ দ্বাৰা বাত, পিত্ত, কফ দমন হয়। ই তেজ পৰিষ্কাৰ কৰে, গাৰ ৰং উজ্জল কৰি তোলে। ইয়াক কম বা বেছিকৈ খোৱাৰ বাবে কোনো ধৰণৰ ক্ষতি নহয়।

বিভিন্ন ৰোগত হালধিৰ ব্যৱহাৰ

খুন্দা খোৱা, আঘাত লগা, মোচোকা খোৱা

মোচোকা খোৱা, খুন্দা লগা আদি আঘাত পালে বিষ-বেদনা হ’লে হালধি, ফিটকিৰি গুড়ি কৰি তেলত সানি পেষ্টৰ দৰে কৰি লওক আৰু অলপ গৰম কৰি আঘাত পোৱা ঠাইত লগাই দিয়ক বা বান্ধি দিয়ক আৰু অলপ গৰম সেক দিয়ক। সোনকালে বিষ-বেদনা দূৰ হ’ব।

১ চামুচ হালধি, ১ চামুচ চূণ, ১ চামুচ লোণ মিহলাই ২৫০ মিলিলিটাৰ পানীত উতলাওক। যেতিয়া ময়দাৰ আঠাৰ দৰে হ’ব, অলপ চেঁচা হ’লে, গৰমে গৰমে আঘাত পোৱা ঠাইত লগাওক। ফুলা কমিব, বিষ-বেদনা উপশম হ’ব। এইভাৱে তিনিদিন একোবাৰকৈ লগাব লাগে।

লিভাৰৰ দুৰ্বলতাত

২ চামুচ কেঁচা হালধিৰ ৰসৰ লগত ১ চামুচ মৌ মিহলাই এমাহ খালে লিভাৰ সবল হৈ উঠিব। লিভাৰৰ দোষ দূৰ হ’ব।

কমলা বা জণ্ডিচ ৰোগত

১০০ মিলিলিটাৰ গৰুৰ গাখীৰৰ দৈৰ ঘোলৰ লগত ৫ গ্ৰাম হালধি মিহলাই ৰাতিপুৱা আৰু গধূলি, দিনে দুবাৰকৈ ১ সপ্তাহ খাবলৈ দিয়ক, কমলা ৰোগ দূৰ হ’ব। ১ সপ্তাহৰ ভিতৰত আৰোগ্য হ’ব।

কৃমি হ’লে

কেঁচা হালধিৰ ৰসৰ লগত অলপ লোণ মিহলাই ৰাতিপুৱা খালী পেটত ১ সপ্তাহ খালে কৃমি নাশ হ’ব।

ঘা

হালধিৰ লগত সামান্য ফিটকিৰি মিহলাই লগালে ঘা শুকাই আহে। কোনো আঘাত লাগি তেজ ওলালেও এই ঔষধ লগালে তেজ বন্ধ হ’ব। ঘা সোনকালে শুকাব।

কাহ

হালধিৰ টুকুৰা এটা বা গাঁঠি এটা অলপ গৰম কৰি শোৱাৰ সময়ত মুখত ৰাখিলে কাহ, চৰ্দি, ঠাণ্ডা লগা, শ্লেষ্মা বৃদ্ধি হোৱা আদি দূৰ হ’ব। কষ্টদায়ক কাহ থাকিলেও উপকাৰ হয়।

মাত ভঙা অসুখ

এগিলাচ গৰম পানীত ৪ চামুচ হালধিৰ গুড়ি আৰু ২ চামুচ চেনি মিহলাই চৰবতৰ দৰে বনাই খালে ভঙা মাত ভাল হয়।

আলজিভাৰ অসুখ (বৃদ্ধি)

চেঁচা পানীৰে হালধি বটি, অলপ মাখন মিহলাই, দিনে ২ বাৰ ৩ দিনৰ পিছে পিছে গলৰ তল ভাগত, কান্ধত (দুয়োফালে), পিঠিৰ হাড়ত আৰু দুয়ো কাণৰ সন্মুখৰ ফালে ২-৩ দিন লগালে, আলজিভা বা গলঘণ্টি ৰোগ দূৰ হয়। সাধাৰণতে ল’ৰা-ছোৱালীৰে এই ৰোগ হয়।

অৰ্শত

হালধিৰ গাঁঠি বা টুকুৰা জুইত পুৰি গুড়ি কৰি গ্যৰপাঠৰ (এবিধ ঔষধি দ্ৰব্য) লগত মিহলাই ৰাতিপুৱা আৰু আবেলি খালে অৰ্শত উপকাৰ হয়। গ্যৰপাঠৰ লগত হালধি বটি অৰ্শৰ বলি বা ফুলা ঠাইত লগালেও বলি নৰম হয়, বিষ-যন্ত্ৰণা লাঘব হয়।

খোনা

হালধি শুকাই গুড়ি কৰি ঘিউত ভাজি দিনত দুবাৰ ভাত (আহাৰ) খাওঁতে খালে উপকাৰ হয়। ১৫ দিন খালে খোনা দোষ দূৰ হ’ব।

বসন্ত

বসন্ত ৰোগ চাৰিওফালে হ’লে, তেঁতেলিৰ পাত আৰু হালধি বটি চেঁচা পানীত গুলি খালে বসন্ত নহয়।

চকুৰ ৰোগ

হালধিৰ গাঁঠি বা টুকুৰা এটা, অৰহৰ দাইলৰ সৈতে সিজাই ছাঁত শুকাব লাগে। তাৰ পাছত অলপ পানীত গুলি ঢিলা কৰি লৈ সূৰ্য অস্ত যোৱাৰ আগত দিনে দুবাৰ লগালে, চকু ৰঙা পৰা বা চকুত বগা স্পট (দাগ) পৰিলে আৰোগ্য হ’ব।

মধুমেহ

হালধি বটি, ঘিউত গৰম কৰি, লগত অলপ চেনি দি, কিছুদিন খালে মধুমেহত উপকাৰ হয়।

ভৰিৰ গোদ বা হাতীভৰিয়া ৰোগ

গৰুৰ মূতত হালধি বটি তাতে গুৰ মিহলাই কিছুদিন সদায় খালে হাতীভৰিয়া ৰোগ আৰোগ্য হয়।

বিছা, বিষাক্ত পোক-পৰুৱাৰ কামোৰত

বটা হালধি আকৌ জুইত পুৰি বিছা আদিয়ে কামোৰা ঠাইত ধোঁৱা লগালে বিষ কমে। হালধি বটি যি ঠাইত ডাকিছে বা কামুৰিছে তাত লগালেও আৰাম পোৱা যায়।

দেহৰ উজ্জলতা বঢ়াবলৈ

হালধি বটি তেলত মিহলাই গাত ঘঁহিলে গা শুভ্ৰ হৈ উঠে, গাৰ উজ্জলতা বাঢ়ে।

মুখৰ ৰং উজ্জল কৰিবলৈ

কেঁচা হালধি, মচুৰ দাইল বটি গাখীৰ মিহলাই মুখত সানিলে মুখমণ্ডল উজ্জল হৈ উঠে।

আমবাত বা এলাৰ্জি

মহানিমৰ পাতৰ লগত কেঁচা হালধি আৰু শুকান আমলখি একেলগে বটি তাৰ ৰস প্ৰতিদিনে ৰাতিপুৱা ১ চামুচকৈ এমাহ খালে আমবাত বা এলাৰ্জি নিৰাময় হয়।

এলাচি

এলাচি এবিধ সুগন্ধি মছলা। বহু ৰোগ নিৰাময়ৰ বাবে ইয়াক ঔষধি দ্ৰব্য হিচাপেও ব্যৱহাৰ কৰিব পাৰি। ৰক্ত বিকাৰ, খজুৱতি, বিষ, মূত্ৰাশয়ৰ ৰোগ, বমি, মুখৰ ৰোগ, শ্বাসৰোগ, কফ, পিত্ত, কাহ আদি বহু ৰোগত এলাচিয়ে ভাল কাম দিয়ে।

বিভিন্ন ৰোগত এলাচিৰ ব্যৱহাৰ

মুখৰ দুৰ্গন্ধ

গাখীৰ বা অন্য বস্তুৰ লগত এলাচি খালে মুখৰ দুৰ্গন্ধ দূৰ হয়। মুখত এলাচি ৰাখি চুহি থাকিবও পাৰি।

মুখৰ বা জিভাৰ ঘা

ভিটামিনৰ অভাৱ হ’লেই মুখত ঘা হয়। এলাচি চূৰ্ণ মৌৰ লগত মিহলাই ঘাত লগাই জিভাখন বাহিৰ কৰি লালটি ওলাবলৈ দিয়ক। ২-৩ বাৰ এইদৰে জিভাখন বাহিৰ কৰি লালটি ওলাবলৈ দিয়ক। ২-৩ বাৰ এই ধৰণে লালটি ওলাই গলেই ঘা আৰোগ্য হ’ব।

প্ৰস্ৰাৱ বন্ধ

এলাচি আৰু শুঁঠ (শুকান আদা) সমান মাত্ৰাত লৈ বেদানাৰ ৰস বা দৈৰ পানীত মিহলাই অলপ সৈন্ধৱ লোণ দি খালে, প্ৰস্ৰাৱ হব, প্ৰস্ৰাৱ খোলোচা হ’ব।

হজম বঢ়াবলৈ

খোৱাৰ পাছত এলাচি চোবালে হজম শক্তি বাঢ়ে।

স্বপ্নদোষ

এলাচি, ইচবগুল সমমাত্ৰাত খুন্দি আমলখিৰ ৰসত মিহলাই একোটা মাহৰ মান ডাঙৰ বড়ি কৰি লওক। প্ৰতিদিনে ৰাতিপুৱা আৰু আবেলি একোটাকৈ এই বড়ি খালে স্বপ্নদোষ নাশ হয়।

হৃদৰোগত

এলাচি, পিপলিৰ শিপা আৰু পটলৰ পাত সম পৰিমাণত লৈ চূৰ্ণ কৰিব লাগে। ইয়াৰ ২-৩ গ্ৰাম চূৰ্ণ ঘিউৰ লগত ৰাতিপুৱা আৰু ৰাতি চেলেকি চেলেকি খালে কফজনিত হৃদৰোগ নিবাৰণ হয়।

দুৰ্বল পুৰুষত্বত

বেদানাৰ ৰসত ৩ গ্ৰাম এলাচিৰ গুড়ি মিহলাই খালে পুৰুষত্ব বৃদ্ধি পায়।

ধাতুস্ৰাৱ

এলাচি আৰু ভজা হিং চূৰ্ণ কৰি লৈ তাৰ পৰা ১ গ্ৰামমান চূৰ্ণ গাখীৰৰ লগত খালে প্ৰস্ৰাৱত বীৰ্য যোৱা বা এনেয়ে বীৰ্য যোৱা বন্ধ হ’ব।

চকুৰ জেউতি বঢ়াবৰ বাবে

এলাচিৰ গুড়ি আৰু চেনি সম মাত্ৰাত লৈ তাতে অলপ এৰাৰ তেল মিহলাই ৫ গ্ৰাম মাত্ৰাত প্ৰতিদিনে ৰাতিপুৱা খাওক। চকুৰ জেউতি বাঢ়িব। চকু শীতল হ’ব।

তিল

শীতৰ দিনত তিলৰ ব্যৱহাৰ বৰ লাভজনক হয়। মকৰক্ৰান্তিৰ সময়ত তিলৰ লাৰু, তিলৰ পিঠা খোৱাৰ নিয়ম আমাৰ সমাজত আগৰপৰা চলি আহিছে। এই তিলৰো ঔষধি গুণ যথেষ্ট আছে।

বিভিন্ন ৰোগত তিলৰ ব্যৱহাৰ

প্ৰসৱৰ সময়ত, সোনকালে হোৱাৰ বাবে

৪ চামুচ ক’লা তিল পানীত তিয়াই থওক। পিছদিনাখন সেইখিনি বটি ছেকি লৈ পানীখিনি প্ৰসৱাসন্ন মহিলাক খুৱাই দিয়ক। সোনকালে প্ৰসৱ হ’ব।

মুখ আৰু জিভাৰ ঘাত

মুখ বা জিভাৰ ঘাত অকণমান সৈন্ধৱ লোণ, তিল তেল লগাওক। লগে লগে সুফল পাব।

চকুৰ অসুখ

তিলৰ গছত পৰা নিয়ৰ চকুত দিয়ক। চকুৰ কুট কুট কৰা, চকু ৰঙা হোৱা আদি অসুখ দূৰ হ’ব।

বেছি প্ৰস্ৰাৱ হ’লে

তিল ভাজি গুৰৰ লাড়ু বনাই ৰাতিপুৱা আৰু আবেলি খাওক। প্ৰস্ৰাৱৰ সমস্যা দূৰ হ’ব।

ঘা

পানীত তিল ভিজাই বটি ঘাত লগালে ঘা শুকাই যায়।

ফোঁহা

তিল গুড়ি কৰি গৰুৰ মূতত মিহলাই অলপ গৰম কৰি ফোঁহাত পুলটিচ বান্ধিলে ফোঁহা পকি যায়। ফাটি পূজ ওলাই শুকাই যায়।

অৰ্শ

২ চামুচ ক’লা তিল চোবাই খাই চেঁচা পানী খালে অৰ্শ ৰোগত উপকাৰ হয়।

পেটৰ বিষ

আধা বা এচামুচ তিল চোবাই খাই এগিলাচ গৰম পানী খালে পেটৰ ব্যথা দূৰ হয়।

মুখৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে

তিল বটি মাখনৰ লগত মিহলাই মুখত সানিলে মুখমণ্ডলৰ সৌন্দৰ্য বৃদ্ধি হয়। মুখ বগা হয়, দাগ উঠি যায়।

শৌচত তেজ পৰিলে

১ চামুচ তিল সদায় চোবাই খাওক। দাঁত মজবুত হৈ থাকিব।

মিথি

ৰান্ধনী ঘৰৰ এবিধ প্ৰয়োজনীয় মছলা। ইয়াৰ ঔষধি গুণো যথেষ্ট আছে। মিথিৰ কেঁচা শাক সুস্বাদু আৰু বৰ উপকাৰী খাদ্য।

বিভিন্ন ৰোগত মিথিৰ ব্যৱহাৰ

টেঙা উগাৰ

খোৱাবস্তু ঠিকমতে হজম নহ’লে, অজীৰ্ণ হয় আৰু টেঙা উগাৰ আহে। ৫০ গ্ৰাম মিথি, সোয়া (লোণজাতীয় বস্তু) ৫০ গ্ৰাম একেলগে ভাজি, আধা ভঙা কৰক আৰু ইয়াৰ ৫ গ্ৰাম মুখত লৈ চুহি চুহি খালে টেঙা পানী অহা বন্ধ হ’ব। ইয়াৰ বাহিৰেও পেটৰ গেছ, মুখেৰে বৰকৈ লালটি ওলোৱা আদি অসুখ নাথাকে।

শৌচ কচা

মিথি গুড়ি কৰি তাৰ ৩ গ্ৰাম চূৰ্ণ (আধা চামুচ) ৰাতিপুৱা আৰু ৰাতি গুৰ বা পানীৰ লগত কিছুদিন খালে শৌচ কচা হোৱা অসুখ বন্ধ হ’ব।

মহিলাৰ অধিক মাহেকীয়া স্ৰাৱ, বগা স্ৰাৱ

মিথি চূৰ্ণ অলপ ঘিউ আৰু গুৰৰ লগত ৰাতিপুৱা আৰু আবেলি চুহি চুহি খালে আৰু মিথিৰ গুৰিৰে পুলটিচ বনাই যোনিৰ ওপৰত (মুখত) বান্ধিলে উপকাৰ হয়।

প্ৰসৱৰ পাছত সূতিকা ৰোগ

আধা কিলো মিথি গুড়ি কৰক। তাৰ দুগুণ ঘিউ আৰু ১২ গুণ গাখীৰ মিহলাই গৰম কৰক, উতলাওক। যেতিয়া মৌৰ দৰে বস্তুখিনি ঘন হৈ যাব তেতিয়া মিথিৰ জোখৰ তিনি গুণ চেনি মিহলাওক। ইয়াৰে প্ৰতিদিনে ৰাতিপুৱা ২৫-২৬ গ্ৰাম প্ৰসূতিক খাবলৈ দিয়ক। সকলো সূতিকা ৰোগ দূৰ হ’ব। শৰীৰৰ পুষ্টি সাধন হ’ব।

প্ৰসূতিৰ স্তনৰ গাখীৰ বৃদ্ধি

৩০ গ্ৰাম মিথিৰ গুড়িত ২০০ মিলিলিটাৰ গাখীৰ ঢালি গোটেই ৰাতি ভিজাই ৰাখক। ৰাতিপুৱা ৫০ গ্ৰাম ঘিউ এটা পাত্ৰত গৰম কৰক। ঘিউ ভালকৈ গৰম হ’লে সেই মিথি আৰু গাখীৰ ঘিউত মিহলাই দিয়ক আৰু চামুচেৰে লৰাই দিয়ক। ইয়াত ২০ গ্ৰাম গুৰ মিহলাওক। প্ৰসূতিক এই মিশ্ৰণ দিনে একোবাৰকৈ ২১ দিন খাবলৈ দিলে প্ৰসূতিৰ স্তনত প্ৰচুৰ গাখীৰ হ’ব।

ঘা

মিথি বা মিথিৰ পাত বটি ঘাত লগালে ঘাৰ ফুলা কমি যায়, যন্ত্ৰণা নাথাকে।

আমাশয়

শৌচত শাঁও পৰিলে মিথিৰ গুড়ি ৫ গ্ৰাম ঘোলৰ লগত ৰাতিপুৱা আৰু আবেলি খালে বগা শাঁও পৰা বন্ধ হয়। দৈৰ লগত মিহলাই খালে শাঁও তেজ পৰা বন্ধ হয়। মিথি শাকৰ লগত ক’লা আঙুৰ মিহলাই খালে আমাশয় ৰোগত প্ৰভূত উপকাৰ হয়।

বহুমূত্ৰ ৰোগ

কেঁচা মিথি পাতৰ ৰস ১০০ মিলিলিটাৰ, খয়েৰ ২ গ্ৰাম আৰু চেনি ৫ গ্ৰাম মিহলাই খালে বহুমূত্ৰ নিবাৰণ হয়।

মধুমেহ বা ডায়েবেটিছ

প্ৰতিদিনে ৰাতি মিথি ১৫-২০ গ্ৰাম পানীত ভিজাই থওক। ৰাতিপুৱা মিথিখিনি সেই পানীত ভালকৈ মোহাৰি পানীখিনি কাপোৰেৰে ছেকি (ঘন প্লাষ্টিকৰ ছেকনিৰেও ছেকিব পাৰি) লৈ এমাহ এই ধৰণে খালে প্ৰস্ৰাৱত চেনি যোৱা কম হৈ যায়। মিথি মধুমেহ ৰোগত উত্তম ঔষধ।

গাৰ বিষ, টানি ধৰা অসুখ

মিথি গুড়ি কৰি লওক আৰু ঘিউত ভাজক। আনফালে ঘিউ আৰু গুৰ মিহলাই থপথপিয়া কৰি লৈ তাতে এই মিথি ভজাখিনি মিহলাওক। এতিয়া অলপ জুইত গৰম কৰি বুটৰ সমান ডাঙৰ বড়ি তৈয়াৰ কৰক। প্ৰতিদিনে ৰাতিপুৱা এই বড়ি এটাকৈ খালে গাৰ বিষ, টানি টানি ধৰা আদি অসুখ দূৰ হ’ব।

শুঁঠ (আদাৰ শুঁঠি)

আদা শুকাই গ’লে তাক শুঁঠ বোলে। কেঁচা আদাৰ দৰে শুঁঠ মছলা হিচাপে কম ব্যৱহাৰ হয়। কেঁচা আদা সকলো সময়তে আজিকালি প্ৰায়ে পোৱা যায়। কিন্তু শুঁঠ আমাৰ হজম প্ৰক্ৰিয়াৰ পেশীবোৰৰ অতি আৱশ্যক। পেটৰ বিভিন্ন অসুখ, বমি, শূল, বায়ুৰোগ (পেট ফুলা আদি), হৃদপিণ্ডৰ ৰোগ, হাঁপানি আদি ৰোগত শুঁঠে খুব ভাল কাম কৰে।

বিভিন্ন ৰোগত শুঁঠৰ ব্যৱহাৰ

পানীয়া শৌচ

শুঁঠ, জিৰা, সৈন্ধৱ লোণ গুড়ি কৰি ঘোলত (দৈ ঘোঁটা পানী) মিহলাই খালে পাতল শৌচ স্বাভাৱিক হয়। ভাত (আহাৰ) খোৱাৰ পাছত খালে খাদ্য ভালকৈ হজম হয়।

বমি

শুঁঠ বা বেলৰ শুঁঠি, খুন্দি পানীত সিজাই পাচন কৰি সেই পানী খালে বমি বন্ধ হয়। কলেৰাৰ বমিও বন্ধ হ’ব। পনীয়া শৌচ হ’লেও উপকাৰ হয়।

বদহজম আৰু টেঙা পানীৰ উগাৰ

৫০০ মিলিলিটাৰ উতলা পানীত ২৫ গ্ৰাম শুঁঠ চূৰ্ণ ২০-২৫ মিনিট ঢাকনি মাৰি উতলিবলৈ দিয়ক। চেঁচা হ’লে ছেকি লৈ ২৫-৪০ মিলিলিটাৰ সেই পানী দিনে ৩ বাৰকৈ খালে, বদহজম, টেঙাপানীৰ উগাৰ অহা আদি অসুখ দূৰ হ’ব।

অজীৰ্ণ

শুঁঠ আৰু যখাৰ সমান সমান মাত্ৰাত লৈ চূৰ্ণ কৰি অলপ ঘিউৰ সৈতে চেলেকি চেলেকি খাই অলপ (এগিলাচ) গৰম পানী খালে অজীৰ্ণ দূৰ হ’ব। ভোক লাগিব।

আমাশয় বা শাঁও পৰা অসুখ

শুঠ পানীত উতলাই আৰক উলিয়াই (আধাকাপমান) প্ৰতিদিনে ৰাতিপুৱা খালে বা শুঁঠ চূৰ্ণ ২ চামুচ মুখত লৈ খালে আমাশয় নিৰাময় হয়। শুঁঠৰ ক্কাথবাৰি (আৰক) খালে তাত অলপ এৰাৰ তেল দিলে আৰু ভাল হয়।

লাগি থকা চৰ্দি

প্ৰায়ে চৰ্দি লাগি থাকিলে অলপ পানীত ৫ গ্ৰাম শঁঠ চূৰ্ণ উতলাওক। অলপ গৰম থাকোঁতেই এই পানী দিনে ৩ বাৰকৈ খাওক। একে পানীকে, পাছৰ বাৰত, অলপ গৰম কৰি খাব পাৰি। চৰ্দি চৰ্দি ভাব দূৰ হ’ব। বুকুত ঠাণ্ডা লাগি অসুখ কৰিলে সিও আৰোগ্য হ’ব।

কাহ, হাঁপানি

শুঁঠ, সৰু জাতৰ শিলিখা, নাগৰমুথা সমান পৰিমাণত লৈ চূৰ্ণ কৰক আৰু গুৰ মিহলাই একোটা বুটৰ সমান ডাঙৰ বড়ি তৈয়াৰ কৰি লওক। ইয়াৰে এটা বড়ি দিনত ৩ বাৰকৈ মুখত লৈ চুহি চুহি খাওক। কাহ, হাঁপানি দূৰ হ’ব।

হঠাৎ ঠাণ্ডা লাগি চৰ্দি লাগিলে

শুঁঠচূৰ্ণ ১০ গ্ৰাম, গুৰ ১০ গ্ৰাম আৰু ঘিউ ১ চামুচ মিহলাই তাত অলপ পানী দি গৰম কৰক আৰু পায়সৰ দৰে কৰি লওক। প্ৰতিদিনে এই পায়স চেলেকি চেলেকি খালে ঠাণ্ডা লাগি হোৱা চৰ্দি এৰা দিব। নাকেৰে পানী ওলোৱা, ঠাণ্ডা ঠাণ্ডা লগা আঁতৰিব।

ৰক্তক্ষৰণ

৫ গ্ৰাম শুঁঠচূৰ্ণ গৰুৰ গাখীৰ বা ছাগলীৰ গাখীৰৰ লগত খালে তেজ যোৱা অসুখত উপকাৰ হয়। প্ৰস্ৰাৱত তেজ গলেও বন্ধ হ’ব। ব্যথা বা বেদনা থাকিলে উপশম হ’ব।

ধাতু স্ৰাৱ

শুঁঠ আৰু হালধিৰ আৰক তৈয়াৰ কৰি (পানীত সিজাই পানী ঘন হলে আৰক হয়) তাত গুৰ মিহলাই এমাহ একেৰাহে খালে এনেয়ে বীৰ্য যোৱা, বীৰ্য পনীয়া হোৱা বা প্ৰস্ৰাৱত বীৰ্য যোৱা বন্ধ হ’ব।

মূৰৰ বিষ

গাখীৰ বা পানীত শুঁঠ উতলাই নাকেৰে সেই পানী টানিলে বা কপালত মালিছ কৰিলে মূৰৰ বিষ যাব, আদকপালি মূৰৰ বিষ হ’লেও কমিব।

কঁকালৰ বিষ

শুঁঠ আৰু এৰা গছৰ শিপা সিজাই আৰক বাহিৰ কৰি, তাত গুড়ি কৰি লোৱা হিং আৰু বিট লোণ মিহলাই খালে কঁকালৰ বিষ কমিব। বায়ু আৰু গেছৰ বাবে হোৱা কঁকালৰ বিষ যাব।

জ্বৰ

শুঁঠৰ গুড়ি দৈ বা ঘোলৰ সৈতে মিহলাই ২১ দিন খালে পুৰণি জ্বৰ এৰিব।

গৰ্ভৱতীৰ মেলেৰিয়া

৩ গ্ৰাম শুঁঠ ছাগলীৰৰ গাখীৰৰ সৈতে দিনে ৩ বাৰকৈ (শুঁঠ বটি ল’ব) খালে গৰ্ভৱতীৰ মেলেৰিয়া জ্বৰ এৰিব।

বিছাৰ বিষ

শুঁঠ বটি পানীত মিহলাই নাকেৰে টানিলে বিছাৰ বিষ নামি যায় বুলি বহুতে কয়।

শুঁঠৰ পায়স

শুঁঠৰ পায়সক সৌভাগ্য শুঁঠ সিদ্ধ বুলিও ক’ব পাৰি। ই শৰীৰৰ ধাতু বল, সৌন্দৰ্য আৰু আয়ুস বঢ়ায় (মহিলাসকলৰ বাবে অতি বলদায়ক খোৱা বস্তু)। ই মহিলাৰ বন্ধ্যাত্বও দূৰ কৰে।

বনোৱাৰ পদ্ধতি

১০০ গ্ৰাম শুঁঠ, ৪০০ গ্ৰাম ঘিউ, ২ লিটাৰ গৰুৰ গাখীৰ আৰু ১ কিলো চেনি সকলোটি একেলগে মিহলাই গৰম কৰক (উতলাওক)। আনফালে শুঁঠ, জালুক, পিপলি, দালচেনি, এলাচি, তেজপাত প্ৰতিবিধৰে ২০ গ্ৰামকৈ লৈ খুন্দি গুড়ি কৰক আৰু আগৰ সেই গাখীৰৰ বস্তুৰে সৈতে মিহলাওক আৰু অলপ উতলাই নমাই থওক। এয়াই শুঁঠৰ পায়স তৈয়াৰ হৈ গল। ১০-৩০ গ্ৰাম প্ৰতিদিনে কেইদিনমান খাওক। মহিলাক খাবলৈ দিয়ক। শৰীৰলৈ বিশেষ পৰিৱৰ্তন আহিব, ওপৰত উল্লেখ কৰা ফলবোৰ পাব।

মৌ

মৌ গোটেই বিশ্বতে বৰ আদৰেৰে ব্যৱহাৰ হয়। শৰীৰৰ বাবে উপকাৰী বস্তু হিচাপেই ইয়াৰ গুৰুত্ব বেছি। মৌ বুলিলে, মিঠা লগা বস্তুৰ ভিতৰত ইয়াতকৈ বেছি মিঠা লগা আৰু একো নাই বুলিয়ে সকলোৱে বুজি পায়। তাতোকৈ ডাঙৰ কথা হ’ল ই যেন প্ৰকৃতিৰ দ্বাৰা, উপযুক্ত উপাদানেৰে, সমুচিতভাৱে তৈয়াৰ কৰা বস্তু আৰু মানুহৰ শৰীৰৰ বাবে অতি উপকাৰী, এই ধৰণৰ এটা ভাব সকলোৰে মনলৈ আহে আৰু সেইভাৱেই বৰ আদৰেৰে মানুহে ইয়াক ব্যৱহাৰ কৰে। আনকি দেৱ-দেৱীৰ পূজা-পাৰ্বণতো ইয়াক লগায়। আয়ুৰ্বেদিক শাস্ত্ৰত মৌৰ বিশেষ ঔষধি শক্তিৰ উল্লেখ আছে। কিছুমান আয়ুৰ্বেদিক ঔষধক মৌৱে আৰু প্ৰভাৱশালী আৰু কাৰ্যকৰী কৰি তোলে।

বিভিন্ন ৰোগত মৌৰ ব্যৱহাৰ

কোষ্ঠকাঠিন্য

এগিলাচ অলপ গৰম পানীত ১ চামুচ নেমুটেঙাৰ ৰস, ১ চামুচ আদাৰ ৰস আৰু ২ চামুচ মৌ মিহলাই খালে অজীৰ্ণ ৰোগ দূৰ হয়, কোষ্ঠকাঠিন্য বা শৌচ কচা দূৰ হয়।

মুখৰ ঘা

মুখ বা জিভাৰ ঘাত মৌ পানীত মিহলাই কুলি কৰিলে মুখৰ ঘা ভাল হয়। সুৱগা বা ফিটকিৰি জুইত আখৈ ফুটাই মৌৰ লগত মিহলাই মুখৰ ঘা বা জিভাৰ ঘাত লগালে, লালটি ওলাবলৈ ধৰে। ২-৩ বাৰ এইধৰণে দিলে, লালটি ওলাই যায় আৰু মুখৰ ঘা বা জিভাৰ ঘা শুকাই যায়।

তেজৰ দোষত

ছাগলীৰ গাখীৰত ৮ ভাগৰ ১ ভাগ মৌ মিহলাই খালে তেজ পৰিষ্কাৰ হয়। এই ঔষধ খোৱা সময়ত জলকীয়া আৰু লোণ খোৱা নিষেধ।

পানী লগা, ঠাণ্ডা লগা অসুখ

পানী লাগিলে, নাকেৰে পানী ওলাব খুজিলে মৌ, মিছিৰি আৰু জেতুকাৰ পাতৰ ৰস একেলেঠাৰিয়ে ৮-১০ দিন, দিনত এবাৰকৈ খালে ঠাণ্ডা লাগি হোৱা চৰ্দি, অসুখ কমে।

কাহ

আদা, পাণ, তুলসীৰ ৰস মিহলাই দিনে ৩ বাৰকৈ চেলেকি চেলেকি খালে কাহ দূৰ হয়।

উচ্চ ৰক্তচাপ

২ চামুচ মৌ আৰু ১ চামুচ নেমুটেঙাৰ ৰস মিহলাই সদায় ৰাতি এবাৰ আৰু ৰাতিপুৱা এবাৰ খালে ৰক্তচাপ হ্ৰাস পায়।

হৃত্পিণ্ডৰ দুৰ্বলতা

নিতৌ ২৫ মিলিলিটাৰ (৫ চামুচ) মৌ, ১০০ মিলিলিটাৰ বিলাহীৰ ৰসত মিহলাই খালে হৃত্পিণ্ডৰ দুৰ্বলতা আঁতৰে। হৃত্পিণ্ডৰ শক্তি বৃদ্ধি হয়।

দাঁতৰ বিষ

যদি দাঁতৰ হঠাত্ বিষ আৰম্ভ হয় তেনেহ’লে অলপ তুলাত মৌ লগাই বিষোৱা ঠাইত প্ৰলেপ দিয়ক। দাঁতৰ বিষ কমি যাব।

অনিয়মিত মাহেকীয়া স্ৰাৱ

সৰু চামুচৰ ১ চামুচ তুলসী পাতৰ ৰস, সমান পৰিমাণৰ মৌ আৰু এটা জালুক গুড়ি কৰি তাৰ লগত মিহলাই দিনে ২ বাৰকৈ ২ মাহমান খাওক। মাহেকীয়া ঋতুস্ৰাৱ নিয়মীয়া হ’ব।

চৰ্মৰোগ

দৈনিক ২০ মিলিলিটাৰ মৌ, চেঁচা পানীত লৈ দিনে এবাৰ ৪-৫ মাহ খালে খজুৱতি, ছালৰ দাহ, সৰু সৰু উদ্ভেদ আদি সকলো নিৰাময় হয়।

অনিদ্ৰা

ৰাতি শোৱাৰ আগত পানীৰ লগত ১-২ চামুচ মৌ খালে ভাল টোপনি হয়।

কাণৰ পোক

কাণৰ ভিতৰত পোক-পৰুৱা সোমাই গ’লে মৌ আৰু তেল মিহলাই তাৰ কেইটোপমান কাণত দিয়ক। পোক ওলাই আহিব। কাণৰ বিষ, পূজ আদি থাকিলেও উপকাৰ হয়।

বগা স্ৰাৱ

মৌৰ লগত তুলসী পাতৰ ৰস মিহলাই প্ৰতিদিনে একোবাৰ, কেইদিনমান ব্যৱহাৰ কৰিলে উপকাৰ পাব।

চকুৰ জেউতি বৃদ্ধিত

প্ৰতিদিনে, কিছুদিন চকুত মৌ দিলে চকুৰ জেউতি বাঢ়ে। শুদ্ধ মৌ কাজলৰ নিচিনাকৈ লগাবও পাৰে।

জুইয়ে পুৰিলে

জেতুকাৰ পাত বটি মৌ মিহলাই লগাই দিয়ক। পোৰাৰ জ্বলা-যন্ত্ৰণা কমিব।

শক্তিবৰ্দ্ধক হিচাপে

১ কাপ গাখীৰত ১ চামুচ মৌ মিহলাই প্ৰতিদিনে ৰাতিপুৱা খাওক। গা সবল হৈ আহিব।

শৰীৰৰ মেদ বৃদ্ধিত

অলপ গৰম পানীত মৌ লৈ খালে মেদ কমি যায়। লগত ২-৪ টোপ নেমুটেঙাৰ ৰস দিলে আৰু ভাল কাম দিয়ে। কিন্তু এই মৌ গাখীৰৰ লগত খালে গা বাঢ়ি আহে। ওজন বাঢ়ে।

টনচিল

পানীত মৌ মিহলাই কুলি কৰিলে উপকাৰ হয়। দিনে ৩-৪ বাৰ কৰিব লাগে।

হিং

হিং এবিধ মছলা দ্ৰব্য। সাধাৰণতে খাদ্যবস্তু ভালকৈ সিদ্ধ হ’বলৈ কিছুমান দাইল আৰু তৰকাৰী ৰান্ধোঁতে ব্যৱহাৰ কৰা হয়। ইয়াৰ ঔষধি গুণ যথেষ্ট আছে। ই বায়ু, কফ দোষনাশক।

বিভিন্ন ৰোগত হিঙৰ ব্যৱহাৰ

শৌচ কচা

হিং, শুঁঠ, মূলহাটি ২ গ্ৰামকৈ লৈ চূৰ্ণ কৰি দুটা বড়ি কৰি লওক। আহাৰ খোৱাৰ পাছত দিনত এটি আৰু ৰাতি এটি বড়ি চুহি চুহি খাওক। কোষ্ঠকাঠিন্যৰ পৰা ৰক্ষা পৰিব।

কফৰ বিকাৰ

হিং মদৰ সৈতে মিহলাওক আৰু শুকাই লওক। এই হিং ২ ৰতি মাখনৰ লগত খাওক। কাহ, শ্বাস কষ্ট আৰু দূষিত কফৰ বিকাৰ নাশ হৈ যাব। এই ক্ষেত্ৰত ই এটি ভীষণ উপকাৰী ঔষধ।

কাণৰ বিষ, ব্যথা

কাণৰ বিষ, কাণ কট্ কট্ কৰে আদি অসুখ হ’লে ২ চামুচ সৰিয়হৰ তেলত ১ গ্ৰাম হিং, ২ কোঁহ নহৰু আৰু সামান্য সৈন্ধৱ লোণ মিহলাই তেলখিনি ছেকি লওক। কাণৰ অসুখ হ’লে দৈনিক ৰাতি শোৱাৰ সময়ত এই তেল ২ টোপকৈ কাণত দিয়ক। কাণৰ ব্যথা, কাণৰ ছিঁ ছিঁ শব্দ হোৱা, কট্ কট্ কৰা সকলো দূৰ হ’ব। ৰাতিপুৱা তুলাৰে কাণ মচি পৰিষ্কাৰ কৰিব।

পনীয়া শৌচ

খোৱাবস্তু ভালকৈ হজম নহ’লে পায়খানা পাতল হয়। হিং ১০ গ্ৰাম আৰু কৰ্পূৰ ১০ গ্ৰাম আৰু ৪ গ্ৰাম আফিম একেলগে মিহলাওক। তাৰ পাছত তাত আদাৰ ৰস মিহলাওক আৰু ৫-৬ ঘণ্টা ধৰি এইবোৰ ঘুটি ঘুটি মিশ্ৰণ কৰক। তাৰ পাছত ১ ৰতি পৰিমাণৰ বড়ি তৈয়াৰ কৰক। ১-২ টা বড়ি দিনে ৩ বাৰ খালে শৌচ ঠিক (স্বাভাৱিক) হৈ যাব।

দাঁতৰ বিষ

পানীত হিং সিজাই সেই পানীৰে কুলি কৰিলে দাঁতৰ বিষ দূৰ হ’ব। দাঁতৰ অসুখত হিং বৰ উপকাৰী বস্তু।

পেটৰ গেছ

পেটত গেছ হ’লে, ফুলি ঢোলৰ দৰে হ’লে, বিষ কৰিলে নাভিৰ চাৰিওফালে হিং বটি লৈ প্ৰলেপ দিয়ক। অলপ পাছতেই আৰাম পাব।

কণ্ঠমালা

গলত (বা অন্য ঠাইতো গুটি গুটি মালাৰ দৰে উদ্ভেদ ওলালে হিং আৰু আফিম সমান মাত্ৰাত লৈ তিলৰ তেলত বা মমৰ তেলত সানি বটি লওক আৰু এই মলম কণ্ঠমালাত প্ৰলেপ দিয়ক। কণ্ঠমালা ফাটি যাব। আৰাম পাব।

মৃগী

সৈন্ধৱ লোণ, ঘিউ আৰু হিং ১০ গ্ৰামকৈ লৈ ১২০ মিলিলিটাৰ গো-মূত্ৰৰ সৈতে মিলাওক, তাৰ পাছত গৰম কৰক। যেতিয়া কেৱল ঘিউখিনিহে থাকে নমাই থৈ খাব পৰা হ’লে মৃগী ৰোগীক খাবলৈ দিয়ক। ৰোগীয়ে উপকাৰ পাব।

কলেৰা

হিং, কৰ্পূৰ আৰু আমৰ গুটিৰ শাহখিনি সমান পৰিমাণত লৈ পদিনাৰ পাতৰ ৰসেৰে বটি লওক আৰু একোটা মটৰ মাহৰ দৰে ডাঙৰ ডাঙৰ বড়ি বনাই লওক। প্ৰতি ৪ ঘণ্টাৰ অন্তৰে অন্তৰে একোটা বড়ি খাবলৈ দিয়ক। কলেৰাৰ পৰা আৰোগ্য হ’ব।

প্ৰসূতিৰ মূৰৰ বিষ

ঘিউ লগ লগাই গৰম কৰা হিং ২ ৰতি পৰিমাণৰ আকৌ ঘিউৰ লগত খালে প্ৰসূতিৰ মূৰৰ বিষ দূৰ হ’ব।

কৰ্পূৰ

কৰ্পূৰ গছৰ আঠাই কৰ্পূৰ। ই তিতা, সুগন্ধি, শীতল, তৃষ্ণানাশক, অৰুচিনাশক দ্ৰব্য। চকুৰ বাবেও বৰ উপকাৰী। পানীত কৰ্পূৰ মিহলাই খিড়িকীৰ আয়না ধুলে আয়না জিলিকি উঠে।

বিভিন্ন ৰোগত কৰ্পূৰৰ ব্যৱহাৰ

হৃত্পিণ্ডৰ দুৰ্বলতা

বুকু ধৰফৰ কৰে, সামান্য কৰ্পূৰ খাওক। নাড়ীৰ গতি সুস্থিৰ হ’ব (বাঢ়িব), বুকু ধৰফৰ কৰাও বন্ধ হ’ব।

চৰ্মৰোগ

১০ গ্ৰাম কৰ্পূৰ, ১০ গ্ৰাম বগা খয়েৰ, ৫ গ্ৰাম সেন্দূৰ তিনিওবিধ একেলগে লৈ ১০০ গ্ৰাম ঘিউৰ লগত এটা আয়নাৰ বাটিত লৈ হাতেৰে ভালকৈ সানক। ইয়াৰ পাছত ১২১ বাৰ পানীৰে মলমটো ধুই লওক। এই মলম ছালৰ যিকোনো ৰোগত, ঘা, গুটি গুটি উদ্ভেদ, খজুৱতি, পচা ঘা, নালী ঘা আদিত লগাওক। উপকাৰ পাব।

খজুৱতি

চামেলিৰ (এবিধ সুগন্ধি ফুল) তেলত কৰ্পূৰ মিহলাই তাত কেইটোপমান নেমুটেঙাৰ ৰস দি শৰীৰৰ খজুওৱা ঠাইত ঘঁহি দিয়ক। প্ৰায় লগে লগেই খদুৱতি দূৰ হ’ব।

বসন্তৰ গুটি

বসন্তৰ গুটি শুকাই যোৱাৰ পাছত (বসন্ত তেজাল হৈ থাকোঁতে নহয়) নাৰিকলৰ তেলত কৰ্পূৰ মিহলাই বসন্তৰ গুটিৰ ঠাইত সানিলে (ঘঁহি দিলে) বসন্তৰ জ্বলা-পোৰা শাঁত পৰিব, খজুৱতি দূৰ হ’ব।

বিছাই কামুৰিলে, ডাকিলে

ভিনেগাৰ আৰু কৰ্পূৰ মিহলাই বিছাই ডকা ঠাইত লগালে বিছাৰ বিষ নষ্ট হয়। কামুৰিলেও বিষ নোহোৱা হ’ব।

দাঁতৰ বিষ

দাঁতৰ গাঁতত বা ফাকত কৰ্পূৰ ৰাখিলে দাঁতৰ বিষ কমে।

নাক বন্ধ হোৱা

নাক বন্ধ হ’লে কৰ্পূৰ টোপোলা কৰি নাকেৰে শুঙিলে নাক খুলি যায়।

শ্বাস ৰোগ, হাঁপানি

২ ৰতি কৰ্পূৰ, ২ ৰতি হিং গুড়ি কৰি বড়ি বনাই ৰাখি হাঁপানিৰ ৰোগীৰ উশাহ লোৱাত কষ্ট হ’লে ২ ঘণ্টা অন্তৰে অন্তৰে একোটাকৈ বড়ি খাবলৈ দিয়ক। হাঁপানিৰ টান প্ৰশমিত হ’ব (২ ৰতি = ১ গ্ৰামৰ ৪ ভাগৰ এভাগ)।

মহ আৰু মাখিৰ উপদ্ৰৱত

কৰ্পূৰ পুৰি গোন্ধ উলিয়ালে মহ, মাখি যায়।

উৰহৰ উপদ্ৰৱত

তুলি, গাৰু আদিৰ ভিতৰত কৰ্পূৰ ৰাখিলে বিছনাত উৰহ নহয়।

মূৰ ঘূৰালে

জৰ্দা পাণ আদি খাই মূৰ ঘূৰালে এনে অৱস্থাত কৰ্পূৰৰ টুকুৰা এটা খাই দিলে মূৰ ঘূৰণি গুচে।

গাঁঠি বাতত

কৰ্পূৰ আৰু আফিং বগা সৰিয়হৰ তেলত মিহলাই মালিছ কৰিলে গাঁঠিৰ বিষ কমে।

বগা সৰিয়হ বা ৰাই সৰিয়হ

বগা সৰিয়হ তেল থকা গুটি শস্য যদিও ইয়াৰ ঔষধি গুণ বহুত আছে। ই গৰম আৰু অগ্নি উদ্দীপক বস্তু। কুষ্ঠ, কৃমি, খজুৱতি আদি বিনাশ কৰাৰ ক্ষমতা ইয়াৰ মাজত আছে। ইয়াৰ এটি ৰঙা জাতো আছে।

বিভিন্ন ৰোগত ৰাই সৰিয়হৰ ব্যৱহাৰ

পেটৰ বিষ-বেদনা

এটা বা দুটা মাহৰ মান ৰাই সৰিয়হৰ চূৰ্ণত সামান্য চেনি মিহলাই খাওক আৰু পাছত একাপ গৰম পানী খাওক। পেটৰ ব্যথা দূৰ হ’ব।

বমি

বগা সৰিয়হ মিহি কৰি বটি পেটৰ ওপৰত প্ৰলেপ দিয়ক। বমি প্ৰায় লগে লগেই বন্ধ হৈ যাব।

পানী লগা অসুখ

বগা সৰিয়হ খুন্দি শুঙিলে চৰ্দি এৰা দিয়ে। পানী লাগি যদি ভৰি চেঁচা হয়, বগা সৰিয়হ বটি ভৰিত প্ৰলেপ দিলে সুফল পোৱা যায়।

কফ্, শ্লেষ্মা

৪ ৰতি বগা সৰিয়হ, ২ ৰতি সৈন্ধৱ লোণ আৰু দুটা মাহৰমান চেনি লগ লগাই ৰাতিপুৱা আৰু আবেলি খালে, কফ পাতল হৈ কাহত ওলাই আহে (৪ ৰতি = আধা গ্ৰাম)।

দাঁতৰ ৰোগ

বগা সৰিয়হৰ তেলত অলপ লোণ লৈ দাঁত ঘহিলে দাঁতৰ ৰোগ দূৰ হয়। দাঁতৰ পাৰি সবল হয়।

বাত বিষ

বগা সৰিয়হ বটি যত বাতৰ বিষ হৈছে তাত পুলটিচ বান্ধি দিয়ক বা বগা সৰিয়হৰ প্লাষ্টাৰ বান্ধি দিয়ক, উপকাৰ পাব।

শ্বেতকুষ্ঠ বা ধৱল

বগা সৰিয়হ খুন্দি তাৰ ৮ গুণ গৰুৰ ঘিউত মিহলাই প্ৰলেপ দিলে ধৱল ভাল হয়। খুজতীয়া, পকতীয়া আদি ৰোগো ভাল হয়।

মৃগীমৃগী বা মূৰ্চ্ছা ৰোগত বগা সৰিয়হ বটি নাকেৰে টানিলে, বা নাকৰ ওচৰত ধৰিলে উপকাৰ হয়।

লং

লং এবিধ সুগন্ধি মছলা। কিন্তু ইয়াৰ ঔষধি গুণ যথেষ্ট আছে। কফ, পিত্ত, বায়ু ৰোগ, শূল ৰোগ, কাহ, হিকটি আদি অসুখত বিশেষভাৱে ফল প্ৰদৰ্শন কৰে।

বিভিন্ন ৰোগত লঙৰ ব্যৱহাৰ

অজীৰ্ণ ৰোগ

লং আৰু শিলিখা পানীত উতলাই পাচন তৈয়াৰ কৰক। সামান্য সৈন্ধৱ লোণ ইয়াৰ লগত মিহলাই খাবলৈ দিয়ক, অজীৰ্ণ ৰোগ দূৰ হ’ব।

পেটৰ শূল বেদনা

লং গুড়ি কৰি পানীত উতলাওক। পানী যিমান দিছিল তাৰ এক অষ্টমাংশ ভাগ থাকিলে ছেকি লৈ সেই পানী অলপ গৰম থাকোঁতেই ৰোগীক খাবলৈ দিয়ক। উদৰ শূল, পেটৰ বিষ-ব্যথা দূৰ হ’ব।

কাহ গল সুৰসুৰাই কাহ আদি থাকিলে

এটা বা দুটা লং মুখত লৈ চোবাই থাকক। কাহ দূৰ হ’ব। ৰাতি শোৱাৰ সময়ত এটা লং মুখত লৈ থাকক, কাহে আমনি নকৰে।

মুখৰ দুৰ্গন্ধ নাশৰ বাবে

১-২ টা লং মুখত লৈ চুহি থাকিলে মুখৰ দুৰ্গন্ধ লগে লগে নাশ হ’ব।

দাঁতৰ বিষ

লং তেল দাঁতত লগালে, দাঁতৰ বিষ কমে।

মূৰৰ বিষ

লং বটি অলপ গৰম কৰি কপালত প্ৰলেপ দিলে মূৰৰ বিষ দূৰ হয়।

গাৰ মাংস ফুলিলে

লং বটি ফুলা ঠাইত লগালে ফুলা কমি যায়।

গৰ্ভৱতীৰ বমি

লং বটি মিছিৰিৰ লগত চেলেকি চেলেকি খালে গৰ্ভৱতীৰ বমি তথা সকলোৰে বমি বা বমি বমি ভাব দূৰ হয়।

বাৰে বাৰে পিয়াহ লাগি থকাঃ লং বটি অলপ গৰম পানীত লৈ খালে বাৰে বাৰে পিয়াঁহ লাগি থকা বন্ধ হয়।

হৃত্পিণ্ডৰ অসুখ

লং বটি অলপ পানীত লৈ অলপ মিছিৰি মিহলাই খালে হৃত্পিণ্ডৰ অসুখত আৰাম পায়।

জোৰাৰ বিষ

লঙৰ তেল জোৰা বা গাঁঠিত মালিছ কৰিলে বিষ কমে।

সৰু ল’ৰা-ছোৱালীৰ কৃমিৰ অসুখঃ লং গুড়ি কৰি মৌৰ লগত মিহলাই খালে কৃমিৰ প্ৰভাৱ দূৰ হয়।

ফিটকিৰি

ঘৰুৱা ঔষধৰ বাবে ফিটকিৰিৰ যথেষ্ট ব্যৱহাৰ হয়। ফিটকিৰি দিয়া পানীৰে মুখ কুলি কৰিলে মুখৰ ঘা, জিভাৰ ঘা, দাঁতৰ অসুখ দূৰ হয়।

বিভিন্ন ৰোগত ফিটকিৰিৰ ব্যৱহাৰ

চৰ্মৰোগ

চৰ্মৰোগত ফিটকিৰি বৰ উপকাৰী। ছালৰ যত ৰোগ হৈছে সেই ঠাইখিনি ফিটকিৰিৰে সঘনে ধুই থাকিলে ৰোগ দূৰ হয়।

জণ্ডিচ ৰোগ

জণ্ডিচ ৰোগত ফিটকিৰি বৰ উপকাৰী। ১০ গ্ৰাম ফিটকিৰি চূৰ্ণ কৰি ২১ টি পুৰিয়া কৰক। দিনে তিনি বাৰকৈ এটা এটা পুৰিয়া গৰুৰ গাখীৰৰ মাখনৰ লগত খাওক। জণ্ডিচ নিৰাময় হ’ব।

ঘা

ঘা যদি নুশুকায়, তেনেহ’লে ফিটকিৰি ভাজি গুড়ি কৰি লওক। এক চামুচৰ তিনি চতুৰ্থাংশ গৰুৰ ঘিউত তিনি চতুৰ্থাংশ চামুচ ফিটকিৰি চূৰ্ণ মিহলাই ঘাত লগাওক। অলপ দিনৰ ভিতৰতে ঘা শুকাই যাব।

মুখৰ ঘা

ফিটকিৰি তাৱাত দি আখৈ ফুটাই লওক। ইয়াৰ লগত সমমাত্ৰাত লা মিহলাওক আৰু মুখৰ বা জিভাৰ ঘাত ঘঁহি দিয়ক। লাল ওলাব। কেইবাৰমান এইভাৱে দিয়াৰ পাছত মুখৰ ঘা গুচিব।

তুলসী

ধাৰ্মিক দিশত তুলসীৰ আদৰ অতি বেছি কাৰণ তুলসী ভগৱান বিষ্ণুৰ প্ৰিয় বস্তু। বিষ্ণু বা নাৰায়ণৰ পূজাত তুলসীৰ অতি আৱশ্যক। আনহাতে শুদ্ধিকৰণ প্ৰক্ৰিয়াত জলশুদ্ধি কৰোঁতে তুলসীৰ পাত ব্যৱহাৰ হয়। তেনেকৈ তুলসীৰ ঔষধি গুণো যথেষ্ট আছে। ঔষধ হিচাপে তুলসীৰ পাতৰ ৰস ৫-১০ মিলিলিটাৰ ব্যৱহাৰ হয়। তুলসীৰ গুটি ১ গ্ৰাম পৰিমাণৰ ঔষধত ব্যৱহাৰ হয় আৰু পাত ৫-২৫ টা খাব লাগে।

তুলসীৰ পাত ঔষধ হিচাপে খোৱাত, তেনেকৈ কোনো ধৰা-বন্ধা নিয়ম নাই, যেনেকৈ তেনেকৈ, যেতিয়াই তেতিয়াই খালে উপকাৰ হয়। তুলসীৰ পাত চোবাই খাওক। কোনো ৰোগৰ উপকাৰত কাম কৰিব। বিশেষকৈ হাৰ্টৰ অসুখত উপকাৰ হয়।

কাতি মাহত তুলসীয়ে তীব্ৰ শক্তি লাভ কৰে আৱহাৱাৰ বাবে। যদি প্ৰতিদিনে ৪-৫ টা তুলসীৰ পাত ৰাতিপুৱা খালীপেটত, কাতি মাহত খোৱা হয়, গোটেই বছৰটোতে কোনো ৰোগ নহয়। তুলসী পাতে নিৰোগী কৰি ৰাখে। এইবোৰ কথা জনা অতি আৱশ্যক (অৱশ্যে জানি থ’লেই নহয়, কামতো লগাব লাগে)। সেইবাবেই কিতাপখনৰ নাম ‘আপোনাৰ স্বাস্থ্য সুখ আপোনাৰ হাতত’ দিয়া হৈছে। বিভিন্ন সৰু সৰু খৰচ-পাতি নোহোৱা কথা ইয়াত সন্নিবিষ্ট কৰা হৈছে যিবোৰৰ তাত্পৰ্য স্বাস্থ্যৰ দিশৰ পৰা অতি মূল্যৱান। এইবোৰ কামত লগালে স্বাস্থ্য-সুখ আনন্দৰে জীৱন উপভোগ কৰিব পাৰিব।

তুলসীৰ পাতে মানুহৰ মনলৈ এক আধ্যাত্মিক ভাব জগাই দিয়ে। তুলসী গছৰ ওচৰত থিয় হ’লে বা বহিলে মনলৈ এক পৱিত্ৰ ভাব আহে।

তুলসীৰ পাত খোৱাবস্তুৰ ওপৰত ৰাখিলে খাদ্যবস্তুত কোনো দূষিত অৱহাৱাৰ প্ৰভাৱ নপৰে। সেইবাবেই সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণৰ সময়ত, আগৰ কোনো খোৱাবস্তু ৰাখিব লগা হলে, তুলসীৰ পাত দি থোৱাৰ নিয়ম আছে।

তুলসী আধ্যাত্মিক শক্তিৰ প্ৰতীক। তুলসীৰ তলত চাকি জ্বলালে, তুলসী গছক প্ৰদক্ষিণ কৰিলে মানসিক শান্তি লাভ হয়।

তুলসীৰ গোন্ধ লৈ থাকিলে ৰক্তবিকাৰ ৰোগ নহয়। দুই-এটা পাত মোহাৰি শুঙিব লাগে।

গা ধোৱা পানীত আগতে তুলসীৰ পাত পেলাই থৈ সেই পানীৰে গা ধুলে চৰ্মৰোগ নহয়।

খোৱা পানীত তুলসীৰ পাত পেলাই থ’লে, সেই পানী খালে পেটৰ ৰোগ নহয়।

তুলসীৰ মালা গলত পিন্ধিলে শৰীৰ আৰু মন সুস্থ থাকে।

তুলসীয়ে কাম শক্তি নিয়ন্ত্ৰিত কৰি ৰাখে। আৱশ্যক হ’লে বঢ়াবও পাৰে, কমাবও পাৰে আৰু নিয়মিত কৰি ৰাখিব পাৰে।

তুলসীৰ পাত সদায় চোবালে দাঁত মজবুত হৈ থাকে।

তুলসীৰ পাতৰ ৰস গাত সানিলে হাড় মজবুত হয়, শৰীৰ নিৰোগী হয় আৰু দেহৰ উজ্জ্বলতা বাঢ়ে। এইটো কোৱা হয় যে তুলসীৰ বাগান বা কে’বাজোপা তুলসী থাকে তাৰপৰা ৬০০ ফুট বা ১৮৩ মিটাৰ দূৰত্বলৈ (বাধা নাথাকিলে, খোলা ঠাই হ’লে) বায়ুমণ্ডল বিশুদ্ধ হৈ থাকে, দূষিত বীজাণুক ধ্বংস কৰি ৰাখে। তুলসী প্ৰধানকৈ দুবিধ, বগা তুলসী আৰু ক’লা তুলসী। ক’লা তুলসীৰ ঔষধি গুণ অলপ বেছি। কিন্তু দুয়োবিধেই ব্যৱহাৰ হয়।

বিভিন্ন ৰোগত তুলসীৰ ব্যৱহাৰ

পেটৰ বিষ-বেদনা

সৈন্ধৱ লোণ আৰু তুলসীৰ পাত ১০-১৫ টা পানীত সিজাই আৰক উলিয়াব লাগে আৰু এই পাচন খুৱালে পেটৰ বিষ কমে।

বমি

তুলসী পাতৰ ৰস, পদিনাৰ ৰস আৰু গুৱা-মৰিৰ আৰক উলিয়াই (পানীত সিজাই) তুলসী পাতৰ ৰস আৰু পদিনাৰ ৰসৰ লগত লগ লগাই খালে প্ৰায় লগে লগেই বমি বমি বন্ধ হয়।

কৃমি

তুলসীৰ পাত ৫-১০ টা অলপ গুৰৰ লগত খালে কৃমি নাশ হয়।

শিশুৰ যকৃতৰ দুৰ্বলতাত

তুলসী পাতৰ ৰসত গ্যৰপাঠৰ (এবিধ ঔষধি গছ) ৰস মিহলাই খুৱালে প্ৰভূত উপকাৰ হয়।

চৰ্মৰোগত

খুজতীয়া, পকতীয়া ৰোগত তুলসী পাতৰ লগত সম পৰিমাণত নেমুটেঙাৰ ৰস লৈ আক্ৰান্ত ঠাইত লগালে সম্পূৰ্ণ আৰোগ্য হ’ব। দিনে ২-৩ বাৰ লগাওক।

চৰ্দি কাহত

তুলসীৰ পাতৰ ৰস, আদাৰ ৰস আৰু পাণৰ ৰস সমান মাত্ৰাত লৈ অলপ জালুকৰ গুড়ি মিহলি কৰি মৌৰ সৈতে দিনে ৩ বাৰকৈ খালে ২-৩ দিনতে আৰোগ্য হ’ব। যদি কাহ থাকে এই মিশ্ৰণত অলপ বিট লোণ দিব।

কেঁচুৱাৰ চৰ্দি-কাহ হ’লে বগা বা ক’লা তুলসীৰ পাতৰ ৰস ৪-৫ টোপ মৌ মিহলাই খুৱাই দিয়ক। দিনত দুবাৰ খুৱাব। উপকাৰ পাব।

তেজগ্ৰহণী ৰোগত

২৪ টা তুলসীৰ পাত আৰু ২৪ গ্ৰাম আদা একেলগে বটি ২৪ টা বড়ি তৈয়াৰ কৰি লওক। এই বড়ি ৰাতিপুৱা আৰু গধূলি পানীৰ লগত এটাকৈ খাওক। পুৰণি তেজগ্ৰহণী ৰোগো নিৰাময় হ’ব।

নাকৰ ৰোগত

বগা তুলসী অকলেই বা বাহকাৰ পাতৰ লগত সমান মাত্ৰাত লৈ থেতেলাই কাপোৰেৰে মেৰাই লৈ নাকেৰে টানিলে নাকৰ অসুখ ভাল হয়।

কাণৰ বিষত

তুলসীৰ পাতৰ ৰস কাণত কেইটোপমান পেলাই দিলে কাণৰ বিষ দূৰ হয়।

কাণেৰে কম শুনিলে

তুলসীৰ ৰস অলপ গৰম কৰি কাণত টোপ টোপকৈ কেইটোপালমান দিলে শ্ৰৱণ শক্তি বাঢ়ে।

শৌচ কচাত

শৌচ পৰিষ্কাৰ নহ’লে গলতো তাৰ প্ৰতিক্ৰিয়াই দেখা দিয়ে। কাহ হয়, মূৰ গধুৰ হয়। তেনেহ’লে ২৫ গ্ৰাম তুলসীৰ পাতৰ লগত ৫০ গ্ৰাম ফিটকিৰি গুড়ি কৰি একোটা মটৰৰ সমান ডাঙৰ বড়ি কৰি লওক। বড়িবিলাক ছাঁত শুকাওক আৰু প্ৰতিদিনে ৰাতিপুৱা আৰু গধূলি এটাকৈ বড়ি পানীৰ লগত খাবলৈ দিয়ক। কোষ্ঠকাঠিন্য দূৰ হ’ব।

দাঁতৰ বিষত

দাঁতত যদি খুব যন্ত্ৰণা হয়, তুলসী পাতৰ লগত জালুক বটি তাৰপৰা অলপ লৈ দাঁতৰ যন্ত্ৰণাৰ ঠাইত লগাই দি চেপি ধৰিলে, দাঁতৰ যন্ত্ৰণা কমি যাব।

দাঁতৰ ক্ষয় ৰোগত (পোক)

তুলসী পাতৰ ৰসৰ লগত কৰ্পূৰ মিহলাই তুলাত লগাই দাঁতৰ অসুখৰ ঠাইত লগাই দিলে দাঁতৰ ক্ষয় ৰোগ গুচে।

জণ্ডিচত

শৰীৰত তেজ কমি গ’লে এই ৰোগ হয়। ১০০ মিলিলিটাৰ মূলাৰ ৰসৰ লগত ২৫ মিলিলিটাৰ তুলসী পাতৰ ৰস আৰু ২৫ গ্ৰাম গুৰ মিহলাই দৈনিক ৰাতিপুৱা, দুপৰীয়া আৰু গধূলি এমাহ খালে ৰক্তশূন্যতা দূৰ হয়। আকৌ ৫ গ্ৰাম তুলসীৰ পাত, ৫ গ্ৰাম পুনৰ্নবা শাকৰ শিপা ৫ মিলিলিটাৰ পানীৰে বটি খালে জণ্ডিচৰ হালধীয়া হোৱা দূৰ হয়।

মুখৰ দুৰ্গন্ধ নাশত

যাৰ মুখ গোন্ধায় তেওঁ আহাৰ খোৱাৰ পাছত ২-৪ টা তুলসীৰ পাত চোবাই খাব, মুখৰ দুৰ্গন্ধ দূৰ হ’ব।

কুষ্ঠ বেমাৰত

তুলসীৰ শিপা আৰু শুঁঠচূৰ্ণ গৰম পানীৰে খাব। তুলসী পাতৰ ৰস মৌৰ লগত চেলেকি চেলেকি খাব বা তুলসী পাতৰ ৰস গৰুৰ মূতৰ লগত ৰাতিপুৱা আৰু গধূলি দুবাৰ খাব। গলিত কুষ্ঠৰোগো নিৰাময় হ’ব।

গৰ্ভ ৰক্ষাৰ বাবে

যদি গৰ্ভাশয়ৰ কোনো বিকাৰৰ বাবে গৰ্ভপাত হয় তেনেহ’লে ৩০ গ্ৰাম তুলসীৰ গুটি বটি লৈ এইবাৰ, মাহেকীয়া ঋতুস্ৰাৱ হোৱাৰ ৭ দিন পাছৰ পৰাই ৰাতিপুৱা, দুপৰীয়া আৰু ৰাতি খাওক। গৰ্ভৰ ৰক্ষা হ’ব।

প্ৰসৱৰ কষ্ট এৰাবলৈ

তুলসী পাতৰ ৰস প্ৰসৱৰ আগ মুহুৰ্তত খুৱালে প্ৰসৱৰ আগ মুহূৰ্ত্তত খুৱালে প্ৰসৱৰ কষ্ট, বেদনা নিবাৰণ হয় আৰু সহজে প্ৰসৱ হয়। তুলসীৰ গুটি পানীত সিজাই মোহাৰি (২-৩ ঘণ্টা ভিজাই থব লাগে) ছেকি লৈ মিছিৰিৰে খুৱালেও প্ৰসৱৰ যন্ত্ৰণা লাঘৱ হয়।

স্তন-দুগ্ধ বঢ়াবলৈ

প্ৰসূতি মাতৃৰ কেঁচুৱাক খুৱাবলৈ, কেতিয়াবা বুকুৰ গাখীৰ কম হয়। কেতিয়াবা আকৌ আৰম্ভণিতে গাখীৰ থাকে, পাছত শুকাই যায়। তেনেক্ষেত্ৰত তুলসী পাতৰ ৰস, অশ্বগন্ধাৰ ৰস আৰু মাকৈৰ পাতৰ ৰস ১৫ মিলিলিটাৰ (৫+৫+৫) লগত ২ চামুচ মৌ মিহলাই দিনে এবাৰকৈ ১ সপ্তাহ খুৱালে স্তনৰ গাখীৰ বাঢ়িব।

জন্ম নিয়ন্ত্ৰণত

মাহেকীয়া স্ৰাৱ শেষ হ’লে তুলসীৰ পাত ২৫ টা সিজাই সেই পানী খালে গৰ্ভসঞ্চাৰ নিবাৰিত হয়।

তপা মূৰ হোৱাত

তেজৰ অভাৱতে এই ৰোগ হয়। তুলসীৰ পাত আৰু পিপলিৰ কলি একেলগে বটি মূৰৰ টপা হোৱা ঠাইত ঘঁহিলে উপকাৰ হয়।

বিদ্যুতৰ চক লাগিলে

ইলেক্ট্ৰিক কাৰেণ্ট গাত লাগি যদি কোনো লোক অজ্ঞান হৈ যায়, তেনেহ’লে তেওঁৰ মূৰত আৰু ৰাজহাড়ত তুলসী পাতৰ ৰস সানক। মালিছ কৰক। জ্ঞান আহিব। হাত আৰু ভৰিৰ তলুৱাতো তুলসী পাতৰ ৰস মালিছ কৰিব লাগে।

মূৰৰ চূলি সৰিলে

২০-২৫ টা তুলসী পাতৰ লগত ১৫ গ্ৰাম আমলখিৰ গুড়ি মিহলাই পানীত তিয়াই থওক। ১৫-২০ মিনিট পাছত সেই পানীৰে মূৰ ধুই পেলাওক। মূৰ শুকালে নাৰিকলৰ তেল মালিছ কৰক। চুলি গজিব, ক’লা হ’ব, চুলিৰ গুৰি সবল হ’ব আৰু নসৰে।

ৰক্তক্ষৰণত

যদি কোনো কাৰণত শৰীৰৰ পৰা তেজ ওলাই থাকে, বন্ধ নহয় তেনেহ’লে ১০ গ্ৰাম তুলসীৰ শিপা গুড়ি কৰি পাণৰ লগত খাওক, ৰক্তস্ৰাৱ বন্ধ হ’ব।

বীৰ্যস্ৰাৱত

শুক্ৰতাৰল্যৰ বাবে শুক্ৰবীৰ্য বিনা কাৰণেই ওলাই আহে। প্ৰস্ৰাৱত যায়। মনলৈ ৰতি চেতনা জাগিলে বীৰ্য নিপাত হয়। এই বীৰ্য পুষ্টিৰ বাবে ১৫ গ্ৰাম তুলসীৰ গুটি, নাটাকৰঞ্জৰ গুটিৰ সাহ ১৫ গ্ৰাম আৰু ১৫ গ্ৰাম পিপলি একেলগে বটি বড়ি তৈয়াৰ কৰি লওক। বড়ি ১৫ টা কৰিব আৰু ৰাতিপুৱা এটা আৰু ৰাতি শোৱাৰ আগত এটা খাই অলপ গৰম গাখীৰ খাব। বীৰ্য পুষ্ট হৈ ঘন হৈ উঠিব।

বীৰ্য ক্ষীণ হ’লে

বীৰ্য পাতল হৈ বীৰ্য ক্ষীণ বা কম হৈ যায় আৰু ইয়েই নপুংশকতাৰ পূৰ্ব জাননী। এনে অৱস্থাত ১০০ গ্ৰাম তুলসীৰ গুটি আৰু সম পৰিমাণৰ মিছিৰি লগ লগাই বটি তাৰ পৰা ৫ গ্ৰামকৈ লৈ গৰুৰ গাখীৰত মিহলাই খাওক। ১ মাহ খাওক, বীৰ্য গাঢ় হ’ব।

শীঘ্ৰ বীৰ্যপতন

বীৰ্যৰ নানা দুৰ্বলতাৰ বাবে ৰতি মিলনৰ সময়ত পুৰুষৰ বীৰ্যপাত খুব সোনকালেই হয় আৰু স্ত্ৰী অতৃপ্ত হৈ ৰৈ যায়। ই এটা বৰ অশান্ত পৰিৱেশ। ইয়াৰ কুফল সুদূৰপ্ৰসাৰী হ’ব পাৰে। এই অৱস্থা হ’লে তুলসী গছৰ শিপাৰ টুকুৰা পাণৰ লগত চোবাই থাকিলে বা খালে শীঘ্ৰপতন বন্ধ হয়।

স্বপ্নদোষ

তুলসীৰ শিপা বটি খালে (দিনে এবাৰকৈ এসপ্তাহ) স্বপ্নদোষ বন্ধ হয়।

ধ্বজভংগ

আধা ইঞ্চি পৰিমাণ তুলসীৰ শিপা ৰাতি শোৱাৰ আগত পাণৰ লগত খালে ধ্বজভংগত সাময়িক উপকাৰ হয়।

তথ্য সংগ্ৰহ: ব্ৰজনাথ শৰ্মা।

3.19444444444
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top