অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জোঙাল বলহু গড় মীন পাম

জোঙাল বলহু গড় মীন পাম

জোঙাল বলহু গড় মীন পাম ৰাজ্যৰ মীন বিভাগৰ অন্যতম পুৰণি, বৃহত্ আৰু সমৃদ্ধিশালী মীন পাম। ৰং-ৰূপ আৰু গুণৰ অপূৰ্ব সমাহাৰেৰে গুৱাহাটীৰপৰা ৯৮ কিঃমিঃ উজনিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত প্ৰায় ৪৪ হেক্টৰ ভূমিকালি বিশিষ্ট মীনপামখন ৰাজ্যৰ মীনখণ্ডৰ গৌৰৱ। ইয়াতেই ৰজা আৰিমত্তৰ পুত্ৰ জোঙাল বলহুৱে ১৪৭৮ চনত স্থাপন কৰিছিল অস্থায়ী ৰাজধানী আৰু সেনা ছাউনি। প্ৰায় দুই কিঃমিঃ দৈৰ্ঘৰ অঞ্চলটো সুৰক্ষিত কৰা হৈছিল তিনিটা সুউচ্চ গড়েৰে। এই গড়কেইটা নিৰ্মাণত সৃষ্টি হৈছিল তিনিটা সুঁতি সুদৃশ বৃহত্ পুখুৰী। ১৯৫৪ চনত এইখিনি আন্তঃগাঁথনিকে সজাই-পৰাই বিভাগে স্থাপন কৰিছিল জোঙাল বলহু গড় মীন পাম।

কথিত আছে যে ৰজা জোঙাল বলহুৰো মৃত্যু হৈছিল পামখনৰ সীমাৰে বৈ যোৱা কলং নদীত। নামনি অসমৰ ৰজা আৰিমত্তৰ ৰাজধানী আছিল বৈদ্যগড়। ৰাজ্য জয় কৰি সীমা বঢ়াইছিল বৰ্তমানৰ ৰহালৈ। সেয়েহে পুত্ৰ জোঙাল বলহুৱে শত্ৰুৰ আক্ৰমণ ৰুধিবলৈ বাহৰ পতাইছিল বৰ্তমানৰ মীন পামখনৰ অঞ্চলত। কালক্ৰমত কছাৰীসকলৰ লগত জোঙাল বলহু পৰাজিত হৈ পিছ হুহকিবলৈ বাধ্য হয়। এইদৰে পলাওতে যিডোখৰ ঠাইত তেওঁ কলঙৰ পানী খাবলৈ ৰৈছিল, সেইডোখৰ ঠাইৰ নামেই পৰৱৰ্তী সময়ত হয় ৰহা। তাৰপৰা কলঙত জাঁপ মাৰি পলাওতে যিডোখৰ ঠাইত পানীৰ ওপৰলৈ ওলাইছিল সেইডোখৰ ঠাইৰ নাম হ’ল ‘জাপি’ আৰু যিডোখৰ ঠাইত কাজলী বাঁহৰ শূলেৰে জোঙাল বলহুক হত্যা কৰা হৈছিল সেইডোখৰ ঠাইৰ নাম হ’ল কাজলীমুখ। জোঙাল বলহু গড় মীন পামখন প্ৰায় ২১ হেক্টৰ জলকালিৰে সমৃদ্ধ। এই জলকালিভাগ আৱৰি আছে ২০টা ভঁৰাল পুখুৰী, ৪টা ৰিয়াৰিং পুখুৰী আৰু ৬টা নাৰ্ছাৰী পুখুৰীয়ে। তদুপৰি গাভিনী মাছ প্ৰতিপালন পুখুৰী আৰু আন ভিন ভিন উদ্দেশ্যত নিৰ্মিত পুখুৰীও আছে। গুণগত মানৰ মীন পোৱা উত্পাদনৰ বাবে আছে এটা চীনদেশীয় আৰ্হিৰ অত্যাধুনিক মীন পোনা উত্পাদন কেন্দ্ৰ। ইয়াত ভাৰতীয় আৰু বিদেশী মূলৰ কাৰ্পজাতীয় মাছৰ পোনা উত্পাদন কৰা হয়। চিতল মাছৰ পোনা উত্পাদনৰ বাবে আছে এটা সুকীয়া মীন পোনা উত্পাদন কেন্দ্ৰ। পামখনৰ উত্পাদনো অতি আশাপ্ৰদ। ইয়াত সম্পূৰ্ণ বিজ্ঞানসন্মত দৃষ্টিভঙ্গীৰে মীন পালনৰ কাৰিকৰী ব্যৱস্থাপনা অনুযায়ী মীন পালন কৰা হয়। পোনা উত্পাদনৰ ক্ষেত্ৰতো অসম মীন পোনা আইন-২০০৫ ৰ সকলো বিধি বিধান আপোচহীনভাৱে মানি চলা হয়। গাভিনী মাছৰ ব্যৱস্থাপনাও সুকীয়া। গাভিনী মাছখিনিক বিশেষভাৱে পৰিচৰ্যা কৰি প্ৰজননৰ বাবে সাজু কৰা হয়। কোনো কাৰণতে অপৈণত মাছক হৰমন বেজী দি প্ৰজনন কৰোৱা স্ববংশীয় বা স্বগোত্ৰীয় প্ৰজনন, একাধিক প্ৰজাতিৰ একেলগে প্ৰজনন- এইবোৰ পোষকতা কৰা নহয়। সেয়েহে জোঙাল বলহু গড় মীন পামৰ পোনাৰ পৰিচিতি ৰাজ্যৰ পৰিধিতে নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে সৰ্বজনবিদিত। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় সকলো অঞ্চলৰ ক্ৰেতাই এই পামখনৰ পোনা ক্ৰয় কৰিবলৈ হেতাওপৰা লগায়। যি এবাৰ ইয়াৰ পোনা নিছে সি পৰৱৰ্তী সময়ত দুনাই আহিবই লাগিব।

গুণগত মানৰ মীন পোনা মেলন আশানুৰূপ মত্স্য উত্পাদনৰ প্ৰাথমিক পূৰ্বচৰ্ত। পোনাৰ মানৰ ওপৰতেই সামগ্ৰিক উত্পাদন সফলতা নিৰ্ভৰ কৰে। আমাৰ ৰাজ্যখনত সংখ্যাগত দৃষ্টিৰে পোনাৰ অভাৱ নাই যদিও সঠিক সময়ত সঠিক জোখৰ গুণগত মানৰ পোনাৰ বাৰুকৈয়ে অভাৱ। এনে পৰিপ্ৰেক্ষিতত যথেষ্ট কষ্ট আৰু বিনিয়োগৰে কৰা মীন পালনৰপৰা বহুতেই আশানুৰূপ সফলতা লাভ নকৰে। সেয়েহে সঠিক সময়ত সঠিক জোখৰ গুণগত মানৰ পোনা নিৰ্ভৰযোগ্য স্থল তথা নিৰ্ভৰযোগ্য উত্সৰপৰা সংগ্ৰহ কৰিব লাগে। এইক্ষেত্ৰত কেবল বিভাগীয় অনুজ্ঞাপত্ৰ প্ৰাপ্ত পোনা উত্পাদন কেন্দ্ৰৰপৰাহে পোনা সংগ্ৰহ কৰা উচিত।

জোঙাল বলহু গড় মীন পামত পোনা স্পন(ভ্ৰূণ পোনা), ফ্ৰাই, আঙুলি জোখৰ পোনা, বছৰেকীয়া পোনা আদি বিভিন্ন পৰ্যায়ত বিক্ৰী কৰা হয়। ২০১৩-১৪ বৰ্ষত পামখনে বিক্ৰী কৰিছিল ভ্ৰূণ পোনা ১৩ কোটি, ফ্ৰাই পোনা ১০ লাখ, আঙুলি জোখৰ ৩ লাখ, চিতল পোনা ২০০০টা আৰু মাছ প্ৰায় ৫,২০০ কিলোগ্ৰাম। ৰাজহপ্ৰাপ্তি হৈছিল প্ৰায় ১৪ লাখ টকা। অৱধাৰিত অগ্ৰগতিৰ ধাৰা অক্ষুণ্ণ ৰাখি ২০১৪-১৫ বৰ্ষৰ ফেব্ৰুৱাৰী মাহ পৰ্যন্ত ৰাজহ আদায় হৈছে প্ৰায় ১৭ লাখ টকা। এইখিনি ১৭ কোটি স্পন, ১৬ লাখ ফ্ৰাই, ৪ লাখ আঙুলি জোখৰ পোনা, এহেজাৰটা চিতল পোনা আৰু ৪,১০০ কিঃগ্ৰাঃ মাছ বিক্ৰীৰপৰা আহুত। প্ৰসংগতে উল্লেখযোগ্য যে বিভাগীয় বিক্ৰীমূল্য আৰু সচৰাচৰ বজাৰ মূল্যৰ আকাশ-পাতাল প্ৰভেদ। বৰ্তমানৰ বজাৰ মূল্য ধৰিলে এই অংকটো দুগুণলৈ বৃদ্ধি পোৱাৰ থল আছে। ১৯৯০-৯১ চনত মাত্ৰ ২০২০ কিলোগ্ৰাম মাছ আৰু ২-৫ কোটি ভ্ৰূণ পোনা আৰু ৬৪,০০০ টা আঙুলি জোখৰ পোনা বিক্ৰীৰে ৮২,০০০টকা সংগ্ৰহ কৰা পামখনৰ ক্ৰমবৰ্দ্ধমান সফলতাৰ উত্তৰণ নিশ্চয়কৈ আশাপ্ৰদ।

পামখনলৈ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰপৰা পোনা ক্ৰয়ৰ উপৰি ব্যৱহাৰিক প্ৰশিক্ষণৰ বাবে অহৰহ আহে ন ন লোক। এই পামত মীনপালনৰ আদিপাঠ লোৱা বহুতেই আজি প্ৰতিষ্ঠিত মীনপালক। ৰাজ্যৰ মীনখণ্ডত ন ন ব্যক্তিক মীন পালনলৈ আকৰ্ষিত কৰি জীৱন-জীৱিকাৰ সন্ধান দিয়াত পামখনৰ অৱদান অনস্বীকাৰ্য।

জোঙাল বলহু গড় মীন পামৰ গৰিমা অটুট ৰখাৰ লগতে পামখনৰ সংবৰ্দ্ধন তথা পৰিবৰ্দ্ধনৰ বাবে অহৰহ প্ৰচেষ্টাত ব্ৰতী হৈছে মীনমন্ত্ৰী বসন্ত দাস। তেওঁৰ উদ্ভাৱনী চিন্তাৰ ফলত পামখনত সংযোজিত হৈছে ন ন পৰিক্ৰমা। বৰ্তমান পামখনত গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ণ পুঁজিৰ জৰিয়তে বিস্তৃত উন্নয়ণমূলক কাম চলি আছে। মন্ত্ৰীগৰাকীয়ে একাধিকবাৰ পৰিদৰ্শন কৰাৰ লগতে সততে বুজ লৈছে পামখনৰ বিভিন্ন দিশ আৰু উত্সাহিত কৰিছে বিভাগীয় বিষয়া-কৰ্মচাৰীক। পামখনত উদীয়মান সকলৰ লগতে জনসাধাৰণৰো মত্স্যকুলৰ লগত চিনাকী কৰি দিয়াৰ লগতে সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ সপক্ষে সজাগতা সৃষ্টিৰ উদ্দেশ্যে স্থাপন কৰা হৈছে আলংকৰিক মত্স্য বিনোদন কেন্দ্ৰ। আৰম্ভ হৈছে চাৰিসীমাত পকীবেৰ নিৰ্মাণৰ কাম। স্থানীয় বিধায়ক পীযুষ হাজৰিকায়ো পামখনৰ উন্নতিকল্পে সততে সহযোগিতা আগবঢ়াই আহিছে। চলিত বৰ্ষতো মীন পামখনে গুণগত মানৰ পোনা উত্পাদনৰ যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰিছে।

লেখকঃ ধ্ৰুৱজ্যোতি শৰ্মা

 

শেহতীয়া উন্নীতকৰণ: : 7/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate