মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / তৰমুজৰ খেতিৰে স্বাৱলম্বী ঢেকীয়াজুলিৰ নিতু ডেকা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

তৰমুজৰ খেতিৰে স্বাৱলম্বী ঢেকীয়াজুলিৰ নিতু ডেকা

তৰমুজৰ খেতিৰে স্বাৱলম্বী ঢেকীয়াজুলিৰ নিতু ডেকা

যিটো সময়ত একাংশ শিক্ষিত যুৱকে চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাই ফুৰিছে, সেই মসয়তে ঢেকিয়াজুলিৰ বৰছলাৰ এজন শিক্ষিত যুৱকে কৃষিকৰ্মৰ জৰিয়তে আত্মসংস্থাপন হোৱাটোৱে আশাৰ বতৰা কঢ়িয়াই আনিছে। ঢেকীয়াজুলি মহকুমাৰ অন্তৰ্গত বৰছলাৰ বৰঝাৰ গাঁৱৰ স্নাতক ডিগ্ৰীধাৰী নিতু ডেকাই উন্নত জাতৰ তৰমুজৰ বিজ্ঞানসন্মতভাৱে খেতি কৰি আৰ্থিকভাৱে লাভৱান হৈছে। ২০ বিঘা মাটিত সৰস্বতী আৰু শিৱাজী নামৰ উন্নত বীজৰ তৰমুজ খেতি কৰি এককালীনভাৱে চাৰি লাখৰো অধিক টকা উপাৰ্জন কৰিছে। সাধাৰণতে তৰমুজ খেতি নদীৰ পাৰৰ বালি মাটিত বছৰত এবাৰহে কৰা হয় যদিও শিক্ষিত যুৱক নিতু ডেকাই বাৰিষাৰ কালত উন্নত জাতৰ তৰমুজ খেতি কৰি নিজে লাভান্বিত হোৱাৰ লগতে আন দহজন নিবনুৱা যুৱকক আদৰ্শ দেখুৱাইছে। আদৰ্শ কৃষক নিতু ডেকাই জনোৱা মতে তেওঁ ২০ বিঘা মাটিত তৰমুজ খেতি কৰি ৩ ৰ পৰা ৪ টনলৈ উত্পাদন কৰিছে। প্ৰতিজোপা তৰমুজ গছৰ পৰা ১ টাৰ পৰা ৩ টালৈ তৰমুজ উত্পাদন হয়। প্ৰতিটো তৰমুজৰ ওজন ১ ৰ পৰা ৩.৫ কেজি পৰ্যন্ত হয়। প্ৰতিকেজি তৰমুজৰ মূল্য পাইকাৰী দৰত ১০/১২ টকাকৈ ৩/৪ টন তৰমুজৰ বিপৰীতে এককালীনভাৱে ৪ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। নিতু ডেকাই প্ৰতিবিঘা মাটিত তৰমুজ খেতি কৰোঁতে সাৰ-বীজসহ ১২/১৫ হাজাৰ টকা খৰচ হয় যদিও তাৰ তুলনাত লাভ বেছি হয়। মন কৰিবলগীয়া যে তৰমুজ খেতি কৰা এই মাটিতেই শালি খেতিও কৰা হয়। তৰমুজ খেতিৰ শেষত সেই মাটিতেই উন্নত পদ্ধতিৰে শালি খেতি কৰি নিতু ডেকাই অধিক লাভ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। শিক্ষিত উদ্যমী কৃষক নিতু ডেকাৰ আক্ষেপ চৰকাৰী কৃষি বিভাগৰ পৰা তেওঁ কোনো সাহায্য পোৱা নাই। শেহতীয়াকৈ এগৰাকী কৃষি বিষয়াই আৰ্থিক সাহায্যৰ প্ৰতিশ্ৰুতি দিছে নিতু ডেকাক। উল্লেখ্য যে যোৱা বৰ্ষত নিতু ডেকাই আদৰ্শ যুৱ কৃষকৰ বঁটা লাভ কৰিছিল।

লেখকঃ কল্পজ্যোতি নাথ, নিয়মীয়া বাৰ্তা।

3.05405405405
নিতু ডেকা Feb 03, 2017 09:56 PM

মোৰ মোবাইল নাম্বাৰ 84*****78

নিতু ডেকা Feb 03, 2017 09:55 PM

মোৰ মোবাইল নাম্বাৰ 84*****78

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top