অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মথংগাৰ পাৰত শিক্ষিত যুৱকৰ কৃষি বিপ্লৱ

মথংগাৰ পাৰত শিক্ষিত যুৱকৰ কৃষি বিপ্লৱ

বছৰ বছৰ ধৰি ছন পৰি থকা অসমৰ পলসুৱা মাটিত নিবনুৱাই সপোন ৰচিব পাৰে। সম্প্ৰতি বিভিন্ন সময়ত এই কথাৰ সত্যতা প্ৰতিপন্ন হৈছে। এটি চৰকাৰী চাকৰিৰ আশাত ঘূৰি-ফুৰি জীৱনৰ মূল্যৱান সময়খিনি অপব্যয় কৰি অন্ধকাৰ ভৱিষ্যত্ আঁকোৱালি ল’ব বিচৰা যুৱক-যুৱতী সকলৰ বাবে আশাৰ বতৰা কঢ়িয়াইছে বি টি এ ডি-ৰ অন্তৰ্গত বাক্সা জিলাৰ উত্তৰ গোলবেৰা, দেউলকুছি আৰু ৰঙিয়াৰ একাংশ উচ্চ শিক্ষিত যুৱকে। দহজন শিক্ষিত যুৱকে বাক্সা জিলাত মথংগা কৃষি উত্পাদক কোম্পানী লিমিটেড নামৰ এটি বেচৰকাৰী সংস্থা গঠন কৰি কোম্পানী আইন ১৯৫৬ আৰু ২০১৩ ৰ অধীনত পঞ্জীয়নভুক্ত কৰিছিল। তাৰপিছত এই গোটটোৱে প্ৰথম পদক্ষেপ হিচাপে ২০১৪-১৫ বৰ্ষত সৰিয়হ খেতি আৰু গাহৰি পালনেৰে এক আশাৰ ৰেঙনি সঞ্চাৰ কৰাৰ সমান্তৰালভাৱে মত্স্য পালনৰ এক বৃহত্ আঁচনি প্ৰস্তুত কৰি উলিয়ায়। সংস্থাটোৱে এইবেলি বাক্সা জিলাৰ  নিজ ডেফেলীৰ অন্তৰ্গত উত্তৰ গোলবেৰা অঞ্চলৰ প্ৰায় ৫০ বিঘা ছন পৰা মাটি দুখীয়া কৃষকৰ পৰা লীজত লৈ সৰিয়হৰ খেতি কৰে। সম্প্ৰতি নদন-বদন হৈ উঠা এই সৰিয়হৰ উত্পাদন প্ৰথম বৰ্ষত বীজ হিচাপে ৰাখি দ্বিতীয় বৰ্ষত বহল ভিত্তিত খেতি কৰি বিক্ৰীৰ বাবে সাজু কৰাৰ ব্যৱস্থা কৰিছে। কোম্পানীটোৰ অন্যতম সদস্য অনিল বড়োৱে জানিবলৈ দিয়ে যে ভৱিষ্যতে এই সৰিয়হৰ পৰা জৈৱিক তেলৰ উদ্ভাৱন কৰি তেওঁলোকে ৰাজহুৱা স্থানত বিভিন্ন বিপণী খুলি পোনপটীয়াকৈ ৰাইজৰ হাতত তুলি দিয়াৰ আঁচনি প্ৰস্তুত কৰিছে। এই কোম্পানীটোৰ প্ৰথমবৰ্ষৰ আন এক সাফল্য হৈছে বিজ্ঞানসন্মতভাৱে গাহৰি পালনৰ সফল আৰম্ভণি। নিবনুৱা উদ্যোগী যুৱকসকলে জেপৰ ধন ভাঙি্ জিলাখনৰ দেউলকুছিত স্থায়ী বিজ্ঞানসন্মত ঘৰ নিৰ্মাণ কৰি পৰীক্ষামূলকভাৱে ৮টা গাহৰি পোহপাল দি সম্প্ৰতি স্বাস্থ্যৱান কৰি তুলিছে। তেওঁলোকে এটা গাহৰি প্ৰজনন কেন্দ্ৰ গঢ়ি তুলি বছৰত ১০০জনী গাহৰি প্ৰজননৰ লক্ষ্যও আগত ৰাখিছে। ভৱিষ্যতে গাহৰি পালনৰ বৃহত্ প্ৰকল্প গঢ়ি তোলাৰ লক্ষ্য ৰখা কোম্পানীটোৱে স্থানীয় নিবনুৱা প্ৰতিপালক সকলক উচ্চ প্ৰশিক্ষণৰ ব্যৱস্থা কৰি ঠিকাভিত্তিক কৃষিকৰ্মত অন্তৰ্ভুক্ত কৰিবলৈ বুলিও জানিব দিছে।

সংস্থাটোৱে মত্স্য পালনৰ এক বৃহত্ আঁচনিও প্ৰস্তুত কৰিছে। ইতিমধ্যে তেওঁলোকে জিলাখনৰ গোৰেশ্বৰ আৰু তামুলপুৰ মহকুমাৰ অন্তৰ্গত বিভন্ন স্থানত বিজ্ঞানসন্মতভাৱে মত্স্য পালনৰ অৰ্থে ২৮টা পুখুৰী নিৰ্বাচন কৰিছে। আনহাতে তামুলপুৰৰ মথংগা নদীৰ পাৰত ১২ বিঘা মাটিত জৈৱিক খেতিৰ বাবে আৰ্হি প্ৰকল্প প্ৰস্তুত কৰিছে। এই স্থানত তেওঁলোকে আলু, কবি ,মূলা, বিলাহী, বিভিন্ন শাক আদি ৰবি শস্যৰ খেতি কৰাৰ পৰিকল্পনা কৰিছে।

জানিব পৰা মতে, মথংগা কৃষি উত্পাদক কোম্পানীটোৰ জৰিয়তে উদ্যোক্তাসকলে প্ৰথম পৰ্যায়ত ন্যূনতম স্থানীয় সাধাৰণ কৃষক তথা যুৱক-যুৱতীক অংশীদাৰ কৰিব। কোম্পানীৰ অংশীদাৰসকলক উচ্চ প্ৰশিক্ষণৰ জৰিয়তে বিজ্ঞানসন্মত কৃষিকাৰ্য্যত নিয়োজিত কৰিব। ১০ জন সদস্যবিশিষ্ট কোম্পানীটোৰ পাঁচ জনীয়া সঞ্চালক পৰিষদত আছে অনিল বড়ো, প্ৰমোদ বড়ো, ধ্ৰুৱ চৌধুৰী, অধিৰথ লাহিৰী আৰু কামিনীকান্ত বসুমতাৰী। তৰুণ বড়ো, পৱিত্ৰ নাৰ্জাৰী, বৰলাংখুংগুৰ বড়ো আৰু খৰ্গেশ্বৰ দৈমাৰী সদস্য হিচাপে আছে। এই শিক্ষিত যুৱক কেইজনে বিভিন্ন কৃষিকৰ্মত অভিজ্ঞতা থকা কৃষকক প্ৰশিক্ষণ দি ঠিকাভিত্তিক কৃষিকৰ্মত অন্তৰ্ভুক্ত কৰিব। সম্প্ৰতি সৰিয়হ আৰু গাহৰি পালনৰ মাজেৰে সম্ভাৱনা কঢ়িয়াই অনা এই উদ্যোগী শিক্ষিত যুৱক কেইজনে অদূৰ ভৱিষ্যতে পাঁচ সহস্ৰাধিক নিবনুৱা যুৱক-যুৱতী তথা সাধাৰণ কৃষকক উপাৰ্জনৰ পথ দেখুৱাবলৈ সক্ষম হ’ব বুলি আশা ব্যক্ত কৰিছে। তেওঁলোকৰ মতে, যিসকল কৃষকৰ কৃষিভূমি কম আৰু যাৰ বাবে তেওঁলোকে চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হয়, তেনে কৃষকসকল এই কোম্পানীৰ দ্বাৰা লাভৱান হ’ব। তাত্পৰ্য্যপূৰ্ণ কথা যে নৱগঠিত এই সংস্থাটোৱে এই পৰ্য্যন্ত কোনো চৰকাৰী সুবিধা লাভ কৰা নাই যদিও অদূৰ ভৱিষ্যতে এনে সুবিধাৰ বাবে আবেদন কৰিব। সেয়া যিয়েই নহওক, যিটো সময়ত ৰাজ্যৰ একাংশ যুৱক-যুৱতীয়ে কৰ্মহীনতাত ভুগি সন্ত্ৰাসবাদত নিয়োজিত হৈ পৰিছে, সেই একে সময়তে ৰাজ্যখনৰ একাংশ যুৱকৰ কৃষিকৰ্মৰ প্ৰতি থকা এই আগ্ৰহে ৰাজ্যবাসীৰ বাবে আশাৰ সঞ্চাৰ কৰিছে।

লেখকঃ মনজিৎ তালুকদাৰ

শেহতীয়া উন্নীতকৰণ: : 4/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate