মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / স্বনিয়োজনত পশু পালনৰ ভূমিকা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বনিয়োজনত পশু পালনৰ ভূমিকা

স্বনিয়োজনত পশু পালনৰ ভূমিকা

পশুপালন অসমৰ জনজীৱনৰ এক অবিচ্ছেদ্য অংগ, অসমীয়া মানুহৰ সাংস্কৃতিক বৈশিষ্ট্য। অসমীয়া সংস্কৃতি মূলত: হাল আৰু শালৰ সংস্কৃতি। গোহালিত গৰু, পুখুৰীত মাছ, বাৰীত তামোল-পাণ … ইয়ে প্ৰকাশ কৰে অসমীয়া গ্ৰাম্য জীৱনৰ স্বৰূপ। এনেয়ে কোৱা হয়নে- যাৰ নাই গৰু সি সবাতোকৈ সৰু, গোৱে পোৱে সমান, গোপদে লক্ষ্মী ইত্যাদি। পশুপালন আৰু পশু চিকিৎসা বিজ্ঞানৰ পৰিসৰ আমি ভবাতকৈ বহুত বেছি ব্যাপক আৰু বিস্তৃত। পশু চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিৰ বাবেহে আজি বিশ্বত চিকিৎসা বিজ্ঞানৰ জয়যাত্ৰা সম্ভৱ হৈছে বুলি ক’লেও অত্যুক্তি কৰা নহয়। সমাজ বিজ্ঞানীসকলৰ মতে মানৱ জাতিৰ মাজত সৃষ্টি হোৱা বুনিয়াদী আৰু সৰ্বোৎকৃষ্ট সাংস্কৃতিক বিপ্লৱটোৱেই হ’ল কৃষি আৰু পশুপালন। কৃষিৰ উৎকৰ্ষৰ বাবেই সৃষ্টি হৈছিল ধাতব যুগৰ। ধাতব সা-সঁজুলিৰ ব্যৱহাৰে উৎপাদন বৃদ্ধি কৰিছিল। বৰ্দ্ধিত উৎপাদনে সূচনা কৰিছিল ব্যৱসায়-বাণিজ্যৰ। বাণিজ্যিক উৎকৰ্ষতাই সৃষ্টি কৰিছিল যান্ত্ৰিক যুগৰ আৰু যান্ত্ৰিকতাৰ উৎকৰ্ষতাই সৃষ্টি কৰিছে আণৱিক বা মহাজাগতিক যুগ। কৃষি আৰু পশুপালন একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি। পশুধন কৃষিৰ মেৰুদণ্ড স্বৰূপ। অসমৰ কৃষিভিত্তিক গ্ৰাম্য অৰ্থনীতিত পশুপালনে তাহানিৰে পৰা এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে। গ্ৰাম্য অৰ্থনীতিত পশুধন এক চলন্ত বিত্তীয় প্ৰতিষ্ঠান। শেহতীয়া লোকপিয়ল (২০১১, ১মাৰ্চ) মতে অসমৰ মুঠ জনসংখ্যা হ’ল ৩,১১,৬৯,৭২৭ জন। জনসংখ্যাৰ ভিত্তিত ভাৰত পৃথিৱীৰ দ্বিতীয় বৃহত্তম দেশ আৰু বৰ্তমানৰ হাৰত জনসংখ্যা বৃদ্ধি হৈ থাকিলে ২০৫০ চনত ১৬৫ কোটি জনসংখ্যাৰে চীনক চেৰ পেলাব। এই বৃহৎ সংখ্যক মানুহক খাদ্যৰ যোগান ধৰিবলৈ দেশখন শস্য উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী হোৱাৰ লগতে খাদ্যৰ গুণগত মান উন্নত কৰিবলৈ প্ৰাণীজ প্ৰ’টিনৰ উৎস যেনে- গাখীৰ, কণী, মাংস আৰু মাছৰ উৎপাদন বৃদ্ধি অপৰিহাৰ্য। আমি জানো সুষম আহাৰৰ অন্যতম উপাদান হ’ল প্ৰ’টিন। প্ৰ’টিনৰ অভাৱত শাৰীৰিক তথা মানসিক উভয় বৃদ্ধি বাধাগ্ৰস্ত হয়। ইংৰাজীৰ এই প্ৰ’টিন শব্দটো আহিছে গ্ৰীক ‘প্ৰটিয়াছ’ শব্দৰপৰা। যাৰ অৰ্থ হৈছে মুখ্য বা প্ৰথম স্থান অধিকাৰী। এই প্ৰ’টিনৰ বাবে আমি প্ৰাণী আৰু উদ্ভিদ উভয় জগতৰ ওপৰত নিৰ্ভৰশীল। বহুতো কাৰণত প্ৰাণীজ প্ৰ’টিন মানুহৰ শৰীৰৰ বাবে বেছি উপকাৰী বুলি প্ৰমাণিত হৈছে। প্ৰতিদিনে এজন মানুহৰ বাবে প্ৰয়োজনীয় প্ৰ’টিনৰ পৰিমাণ হ’ল প্ৰতি কিল’গ্ৰাম দেহৰ ওজনৰ বিপৰীতে এক গ্ৰাম। তাৰোপৰি জনসংখ্যাৰ বৃদ্ধিৰ লগে লগে জনমূৰি হাৰত কৃষি ভূমিৰ পৰিমাণ কমি অহাত কম মাটিত অধিক উৎপাদন আৰু বিকল্প পথৰ সন্ধান অপৰিহাৰ্য হৈ পৰিছে। খাদ্য আৰু পৰিপুষ্টিৰ অভাৱ আমাৰ ৰাজ্যখনৰ এটা প্ৰধান সমস্যা। উত্তৰ পূৰ্বাঞ্চলৰ মুঠ জনসংখ্যাৰ ১৯ শতাংশই ভূমিহীন। এওঁলোকৰ ৩০ শতাংশই পশুধন আৰু হাঁহ কুকুৰা পালন কৰি পৰিয়ালক পোহপাল দিয়ে। আনহাতে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় ৭০ শতাংশ মানুহ আমিষাহাৰী। সেয়ে উত্তৰ-পূৰ্বাঞ্চলত পশুধন আৰু পশুধনৰ পৰা উৎপাদিত সামগ্ৰীৰ এখন ভাল বজাৰ আছে। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ অনুমোদনমৰ্মে সুস্বাস্থ্যৰ বাবে এজন প্ৰাপ্তবয়স্ক লোকক দৈনিক ২৮০ গ্ৰাম গাখীৰ, আধাফাল কণী আৰু ১২৫ গ্ৰাম প্ৰাণীজ মাংসৰ প্ৰয়োজন। ইয়াৰ বিপৰীতে আমাৰ ৰাজ্যখনত উপলব্ধতা মাত্ৰ ক্ৰমে ৮৭ গ্ৰাম গাখীৰ, ৬.৮ গ্ৰাম মাংস আৰু বছৰেকত ৩৩টা কণী। প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ অধ্যক্ষতাত ২০০৬ চনত নৈনিতালত অনুষ্ঠিত হোৱা মুখ্যমন্ত্ৰীসকলৰ সন্মিলনত দাখিল কৰা প্ৰতিবেদন মতে অসমত গাখীৰ, কণী, মাংস আৰু মাছৰ উৎপাদন আৰু চাহিদা এনেধৰণৰ-

অসমত গাখীৰ, কণী আৰু মাছৰ বাৰ্ষিক উৎপাদন আৰু চাহিদা

উপাদান

উৎপাদন

চাহিদা

ঘাটি

গাখীৰ

১১০২ নিযুত লি:

২,০৭২ নিযুত লি:

৪৬.৮২ শতাংশ

কণী

৭২৩ নিযুতটা

২,১৬২ নিযুতটা

৬৬.৫৬ শতাংশ

মাংস

২৮.৬ হেজাৰ টন

১৫৮ হেজাৰ টন

৮১.৯০ শতাংশ

মাছ

১.৮৭ লাখ টন

২.৮৩ লাখ টন

৩৩.৯০ শতাংশ

উপৰোক্ত প্ৰতিবেদনে প্ৰকাশ কৰে যে অসমত পশুধন তথা হাঁহ-কুকুৰাৰপৰা উৎপাদিত সামগ্ৰীৰ উৎপাদন আৰু চাহিদাৰ মাজত বৃহৎ ব্যৱধান আছে। ৰাজ্যখনত তিনি কোটিতকৈয়ো অধিক নাগৰিকৰ অপুষ্টি দূৰ কৰিবলৈ এইখিনি উৎপাদন তেনেই নগণ্য। সেইবাবে গাখীৰ আৰু কণী পোনে পোনে আৰু মাংসৰ বাবে কুকুৰা, গাহৰি আৰু গৰু অন্য ৰাজ্যৰপৰা আহে। প্ৰাপ্ত তথ্য মতে এই ঘাটি পুৰাবলৈ উত্তৰ পূৰ্বাঞ্চললৈ বছৰি ১২০০ কোটি টকাৰ পশুজাত খাদ্য সামগ্ৰী আমদানি কৰিবলগীয়া হয়। সুখৰ বিষয় যে বিগত সময়ছোৱাত কৃষিখণ্ডত পৰিলক্ষিত হোৱা ঋণাত্মক উৎপাদনৰ যোৰা মাৰিবলৈ শেহতীয়াকৈ ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ আঁওতাত পশুধন খণ্ডক সামৰি লোৱা হৈছে। ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ ভিছন-২০২০ আঁচনিৰ অধীনত দুগ্ধ উৎপাদন ১৪২.৭ মিলিয়ন টন আৰু মাংস আৰু কণীৰ উৎপাদন ৭.১ মিলিয়ন টনলৈ বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰিছে। পশুপালন মানৱ সভ্যতাৰ প্ৰাচীনতম বৃত্তি। ই এক স্বতন্ত্ৰ, লাভজনক ব্যৱসায়। পশুপালনক বৃত্তি হিচাপে লৈ ইতিমধ্যে অনেক নিবনুৱা যুৱক-যুৱতী স্বাৱলম্বী হৈছে। অতি কম মূলধনেৰে পশুপালনক ব্যৱসায় হিচাপে গঢ়ি তুলিব পাৰি। বিশেষ পাৰদৰ্শিতাৰো প্ৰয়োজন নহয়। এহেজাৰ ব্ৰয়লাৰ কুকুৰা পালনেৰে এজন কৃষকে মাহেকত অনায়াসে দহ হেজাৰ টকা আয় কৰিব পাৰে। সেইদৰে চাৰি-পাঁচজনী দোভচীয়া উন্নত জাতৰ গৰু পুহি মাহে দহ-বাৰ টকাৰ আয় কৰা টান কাম নহয়। লগতে লাভ কৰে যথেষ্ট দামত বিক্ৰীযোগ্য চেউৰী পোৱালি। উন্নত মানৰ চেউৰীৰ চাহিদা অতি বেছি। সেয়ে অকল উন্নত মানৰ চেউৰী পোৱালি উৎপাদনৰ লক্ষ্যৰেও এজন নিবনুৱা যুৱক স্বাৱলম্বী হোৱাটো সম্ভৱ। আনহাতে একেবাৰতে একাধিক পোৱালি জন্ম দিয়া, কম সময়ৰ ভিতৰত দেহৰ ওজন বৃদ্ধি হৈ বিক্ৰীযোগ্য হোৱা গাহৰি এটাৰ পৰা ৭০% খাদ্যৰ উপযোগী মাংস লাভ কৰা, বেছি মূলধনৰ আৱশ্যক নোহোৱা আদি কাৰকবোৰৰ বাবে ব্যৱসায় হিচাপে গাহৰি পালন তুলনামূলকভাৱে বেছি লাভজনক। মূল্য সংযোজনে পশুজাত সামগ্ৰীৰ মূল্য কেবাগুণো বৃদ্ধি কৰে। উদাহৰণস্বৰূপে- এক লিটাৰ গাখীৰৰ দাম ৩৫-৪০ টকা হোৱাৰ বিপৰীতে এক কিলোগ্ৰাম দৈ ৮০-১০০ টকাত বিক্ৰী হয়। আনহাতে এক কিলোগ্ৰাম পনীৰৰ বিক্ৰীমূল্য ৩৫০ টকা। গো-পালন আৰু কেঁচা ঘাঁহ উৎপাদন কাৰ্য ওত:প্ৰোতভাৱে জড়িত। গৰু ম’হক কম খৰচত যোগান ধৰিব পৰা পুষ্টিকৰ খাদ্যৰ ভিতৰত কেঁচা ঘাঁহ অন্যতম। পশুৰ স্বাস্থ্যৰ বাবে অপৰিহাৰ্য প্ৰ’টিন, খনিজ পদাৰ্থ(কেলছিয়াম, ফছফৰাছ) আৰু খাদ্যপ্ৰাণ এ সেউজীয়া ঘাঁহৰ মূল্যৱান উপাদান। উন্নত জাতৰ প্ৰতি দহ কিলোগ্ৰাম কেঁচা ঘাঁহে ১ কিলোগ্ৰাম দানাৰ খৰচ হ্ৰাস কৰিব পাৰে। অসমত প্ৰায় ১ শতাংশ কৃষি উপযোগী ভূমিহে উন্নত জাতৰ ঘাঁহ খেতিৰে সামৰা হৈছে। কিন্তু পশুধনৰ সংখ্যা আৰু চাহিদা অনুসৰি এই পৰিমাণ দহ শতাংশ হোৱা উচিত। আনহাতে আমাৰ ৰাজ্যখন পশুখাদ্যৰ উপাদানৰ ক্ষেত্ৰতো স্বাৱলম্বী নহয়। সেয়ে উন্নত জাতৰ ঘাঁহ উৎপাদন আৰু যোগান নিশ্চিতভাৱে এক লাভজনক আয়ৰ উৎস। মাছৰ সৈতে পশুধন আৰু হাঁহ-কুকুৰা সমন্বিত পালন উত্তৰ-পূৰ্বাঞ্চলৰ আৰ্থ-সামাজিক গাঁথনিত আন এক লাভজনক কাম। জৈৱিক আৱৰ্জনাৰ ব্যৱহাৰে মাছৰ উৎপাদন বৃদ্ধি কৰি আয় বঢ়ায়। এই পদ্ধতিত প্ৰতি এশ টকা বিনিয়োগৰ বিনিময়ত ৭৫ টকা নে’ট লাভ সম্ভৱ। আমাৰ দেশখন জনসম্পদৰ ক্ষেত্ৰত অকল চহকী নহয়। পশুধন আৰু হাঁহ-কুকুৰাৰ সংখ্যাৰ ক্ষেত্ৰতো চহকী। বিশ্বৰ মুঠ গো সম্পদৰ ১৬ শতাংশ, ম’হৰ ৫৭ শতাংশ, ছাগলীৰ ১৭ শতাংশ আৰু ভেড়াৰ ৫ শতাংশ আমাৰ দেশত আছে। গৰু, ম’হৰ ক্ষেত্ৰত ভাৰতবৰ্ষ বিশ্বৰ প্ৰথম স্থানত, ছাগলীৰ ক্ষেত্ৰত দ্বিতীয়, ভেড়াৰ ক্ষেত্ৰত তৃতীয় আৰু কুকুৰাৰ ক্ষেত্ৰত সপ্তম স্থানত আছে। সদ্যসমাপ্ত(২০১০ চন)পশুধন পিয়লৰ তথ্যমতে বৰ্তমান অসমত গো ধনৰ সংখ্যা ১,০৩,৬৫,৫৮৩ টা, ছাগলী আৰু গাহৰিৰ সংখ্যা ক্ৰমে ৪৩,৭৬,১৫০ টা আৰু ২১,৩৩,৪৩১ টা। পশুধনৰ এই বিশাল পৰিসংখ্যা দেশ তথা ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ দৰিদ্ৰ লোকৰ অমূল্য সম্পদ। এই বৃহৎ সংখ্যক পশুধনৰ কৰ্মশক্তি তথা সাৰ, কীটনাশক, ঔষধ আৰু ইন্ধন হিচাপে গোবৰ আৰু গোমূত্ৰই আগবঢ়োৱা অৱদানৰ প্ৰকৃত মূল্যায়ন এতিয়াও হোৱা নাই। বৰ্তমান সময়ত চৰকাৰে নিবনুৱা যুৱক-যুৱতীসকলক কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে পশুধন পাম খোলাৰ বাবে কম সুদত ঋণ প্ৰদানৰ ব্যৱস্থা কৰিছে। ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক(নাবাৰ্ড)ৰ জৰিয়তে পশুধন তথা হাঁহ-কুকুৰা পাম স্থাপনৰ বাবে বৃহৎ পৰিমাণৰ ঋণ ৰাজসাহায্য সহ প্ৰদান কৰা হয়। অসমৰ বহুতো নিবনুৱা যুৱক-যুৱতীয়ে ইতিমধ্যে এনেবোৰ সুবিধা গ্ৰহণ কৰিছে। জিলা গ্ৰাম্য অভিকৰণসমূহেও পশুপাম খোলাৰ বাবে ৰাজাসাহায্য সহ ঋণ প্ৰদান কৰি আহিছে। তাৰোপৰি পশুপালন আৰু পশু চিকিৎসা বিভাগ, কৃষি বিজ্ঞান কেন্দ্ৰ আৰু ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰতিষ্ঠানে ওপৰোক্ত বিষয়সমূহত প্ৰশিক্ষণৰ জৰিয়তে দক্ষতা বৃদ্ধিৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ওপৰোক্ত আলোচনাৰপৰা এটা কথা স্পষ্ট হৈ পৰিছে যে অসমত পশুজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধি অপৰিহাৰ্য। উৎপাদন বৃদ্ধিৰ বাবে পশুধনৰ সংখ্যা বৃদ্ধিৰ সলনি পশুধনৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰাটো অত্যন্ত জৰুৰী। ইয়াতেই নিহিত হৈ আছে বৈজ্ঞানিক ভিত্তিত পশুপালনৰ আৱশ্যকতা। সামগ্ৰিকভাৱে পশুপালন আৰু পশু চিকিৎসা সেৱা কেৱল পশু-পক্ষীৰ চিকিৎসাৰ অনুষ্ঠান নুবুলি প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কৰ্মসংস্থাপন সৃষ্টিকাৰী গ্ৰাম্য অৰ্থনীতিৰ খনিকৰ আখ্যা দিব পাৰি। যিয়ে মানৱ সম্পদৰ অপচয় ৰোধ কৰি সংস্থাপিত কৰিব পাৰে, যথেষ্ট সংখ্যক নিবনুৱা যুৱক-যুৱতীক স্বনিয়োজনৰ জৰিয়তে। নিবনুৱা সমস্যা সমাধানত বৈজ্ঞানিক পদ্ধতিত পশুপালন হ’ব পাৰে এক যুগান্তকাৰী পদক্ষেপ।

লিখক: ডা° ফাৰুক আখতাৰ, ম-ন-কা স্মৃতিগ্ৰন্থ

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top