অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ফল-মূল শস্যৰ খেতিত মাটি পৰিচালনা ব্যৱস্থা

ফল-মূল শস্যৰ খেতিত মাটি পৰিচালনা ব্যৱস্থা

ফলমূল শস্যৰ শ্রীবৃদ্ধি আৰু উত্পাদন বঢ়াবৰ নিমিত্তে ফলমূল বাগানৰ মাটি পৰিচালনা ব্যৱস্থা একান্ত প্রয়োজন । নিয়মিতভাৱে মাটি পৰিচালনা ব্যৱস্থাই বাগানৰ মাটিখিনি উর্বৰা শক্তিৰ লগতে মাটি ,পানী সংৰক্ষণ ,মাটিৰ ভৌতিক আৰু ৰাসায়নিক গুণাগুণ উত্কর্ষ সাধনত সহায় কৰে ফলস্বৰুপে মাটিৰ উত্পাদিকা শক্তি বঢ়াই উত্পাদনত ইন্ধন যোগায় । মাটিত জৈৱসাৰ যোগানে পানী ধৰি ৰাখিব পৰা ক্ষমতা ,খহনীয়া ৰোধ ,বায়ু চলাচল লগতে গছক লগা আৱশ্যকীয় মৌলসমূহৰ যোগান ধৰে। জৈৱ সাৰৰ পৰা উদ্ভৱ হোৱা জৈৱিক এচিডে মাটিত থকা ধাতৱ পদার্থ যেনে পটাচিয়াম ,ফছফৰাছ আৰু সূক্ষ্ম মৌলক গছে সহজে গ্রহণ কৰিব পৰা অৱস্থালৈ আনে। পচনসাৰ হল জৈৱসাৰৰ অন্যতম উত্স । কিছুমান সেউজীয়া শস্য যেনে - ধেইনচা ,চানহেম্প ,ইউৰিদ আদিৰ খেতি কৰিও মাটিত জৈৱসাৰৰ অনুপাত বঢ়াব পাৰি । সেউজীয়া সাৰ গছৰ খেতিয়ে বনবাত নিয়ন্ত্রণ কৰাৰ লগতে বায়ুমণ্ডলৰ নাইট্র'জেন স্থিৰীকৰণ আৰু মাটিৰ ভৌতিক আৰু ৰাসায়নিক গুণাগুণৰ উন্নতি সাধন কৰে । সাধাৰণতে এনেবিলাকশস্যৰ খেতি বাৰিষা কালছোৱাতেই কৰা হয় ।

মাটি পৰিচালনাৰ বিভিন্ন ব্যৱস্থা সমূহ সাধাৰণতে ফলমূল শস্যৰ জাত ,বাঢ়ন প্রণালী ,মাটিৰ গঠন প্রণালী ,গছৰ শিপাবর্ধন প্রণালী আদিৰ ওপৰত নির্ভৰ কৰি মাটি পৰিচালনাৰ ব্যৱস্থাও তাৰতম্য হয় ।

মাটি পৰিচালনাৰ বিভিন্ন ব্যৱস্থাসমূহ হ'ল যেনে

  • মুক্ত খেতি প্রণালী
  • আবৃত্ত শস্য প্রণালী
  • অন্তর্বতী শস্য প্রণালী
  • ঢাকন প্রথা প্রণালী
  • সেউজীয়া সাৰ শস্যৰ খেতি প্রণালী

মুক্ত খেতি প্রণালীত সাধাৰণতে খৰালি নাইবা বর্ষাকালৰ আগছোৱাত মাটি চহাই বনবাত নিৰাই ফলমূলৰ বাগানখন পৰিষ্কাৰ কৰি ৰখা হয়। এনে ধৰণৰ প্রণালী ফলমূলৰ গছবিলাক সম্পূর্ণ ডাঙৰ হোৱাৰ পিছতহে অৱলম্বন কৰা হয । এনে মুক্ত প্রণালীৰ মুখ্য উদ্দেশ্য হ'ল মাটিডোখৰ বনবাত নিৰাই মুক্ত কৰি ৰখা, কিয়নো বনবাতে মাটিৰ পৰা গছক লগা বিভিন্ন মৌল আহৰণ কৰি ফলমূল গছৰ শ্রীবৃদ্ধি আৰু উত্পাদনত বাধা জন্মায়, কৃষি কার্যবিলাক সম্পাদন কৰোতে কম দকৈ মাটি চহোৱা হয় যাতে গছৰ শিপা বিনষ্ট হোৱাত কোনো প্রকাৰে বাধা নজন্মে তাৰ প্রতি সর্তকতা অৱলম্বন কৰা হয়।

আবৃত্ত শস্য খেতি প্রণালীত হ্রস্বকালীন বিভিন্ন শস্যৰ খেতি বাৰিষা কালছোৱাৰ আৰম্ভণিতে কৰা হয়। এনেবোৰ শস্যৰ খেতিয়ে মাটি,পানী সংৰক্ষণৰ লগতে বনবাত নিয়ন্ত্রণতো ইন্ধন যোগায়। পৰীক্ষামূলক ভাৱে জানিব পৰা গৈছে যে সুমথিৰা টেঙাৰ বাগানত বাৰছিম ,লুচার্ণ , মেথি আদিৰ শস্যৰ খেতি কৰিলে মাটিত নাইট্রোজেন আৰু জৈৱসাৰৰ পৰিমাণ বঢ়াব পাৰি।

অন্তর্বতী শস্যৰ খেতি প্রণালীত সাধাৰণতে ফলমূলৰ গছবিলাক বর্ষাকালৰ আগছোৱাত খালী পৰি থকা মাটিত বিভিন্ন জাতৰ কমদিনীয়া শস্যৰ খেতি কৰা হয় যাতে খালী মাটিখিনিত এনেবিলাক শস্যৰ পৰা একোটা অতিৰিক্ত উপার্জন লাভ কৰিব পৰা যায় । অন্তর্বত্তী শস্যবিলাক হৈছে বিভিন্ন জাতৰ শাক-পাচলি ,মাহজাতীয় শস্য যেনে -বুটমাহ ,মগুমাহ ,বাদাম আদি । মন কৰিব লাগে যাতে অন্তর্বত্তী শস্যবিলাকৰ উচ্চতা আৰু শিপাৰ দৈর্ঘ্য কম হয় আৰু মূল ফলমূল গছত লগা পানী মৌল আহৰণত কোনো প্রকাৰে বাধা নজন্মায়। শাক-পাচলিৰ বাদেও কম দিনতে লগা ফলমূল শস্য যেনে -অমিতা ,মাটিকঠাল , কল , নেমুটেঙা আদিৰ খেতিও অন্তভূর্ক্ত কৰিব পাৰি।

ঢাকনি প্রথা প্রণালীত ফলমূল বাগানৰ মাটিত বনবাত নিয়ন্ত্রণ ,মাটি পানী সংৰক্ষণ আদিত কৃত্রিম আবৰণ যেনে গছৰ শুকান পাত , কাঠৰ গুৰি , পলিথিন পেপাৰ আদি প্রয়োগ কৰা হয় । এনে ধৰণৰ আবৃত পদার্থ প্রয়োগৰ দ্বাৰা ফলমূল গছত লগা মৌল পানী লগতে মাটিৰ ভৌতিক আৰু ৰাসায়নিক গুণাগুণৰ আমূল পৰিৱর্তন ঘটি উত্পাদনত সহায় কৰে । উদাহৰণস্বৰুপে কাজুবাদামৰ খেতিত আবৃত পদার্থ গছৰ শুকান পাত ,আঙুৰৰ খেতিত এলকেথিন ফিল্ম প্রয়োগ কৰি ফলমূল গছৰ শ্রীবৃদ্ধি আৰু উত্পাদন বঢ়াত অৰিহনা যোগাব ।

সেউজীয়া সাৰৰ শস্য খেতি কৰিও( যেনে- ধেইনচা ,চানহেম্প আদি) বর্ষাকালছোৱাৰ আগে আগে শস্যবিলাকৰ ১-১ .৫ মাহ বয়স হলে হাল বাই মাটিৰ লগত মিহলাই মাটিৰ ভৌতিক আৰু ৰাসায়নিক গুণাগুণৰ উত্কর্ষ সাধি ফলমূল শস্যৰ উত্পাদন বঢ়াব পাৰি ।

শেহত ফলমূল শস্যৰ উত্পাদন বৃদ্ধিত উপযুক্ত জাত ,ৰোৱা অংশ ,উন্নত কৃষি প্রণালী .পোক-পৰুৱা, বেমাৰ নিয়ন্ত্রণৰ 
ব্যৱস্থাসমূহ অৱলম্বন কৰাৰ লগতে মাটি পৰিচালনাব্যৱস্থাও অব্যাহত ৰাখিলে ফলমূল শস্যৰ শ্রীবৃদ্ধি আৰু উত্পাদনত লাভ কৰাটো অৱশ্যম্ভাৱী ।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 5/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate