অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হাঁহ-কুকুৰাৰ দানা প্ৰস্তুতৰ নিয়মাৱলী

হাঁহ-কুকুৰাৰ দানা প্ৰস্তুতৰ নিয়মাৱলী

হাঁহ-কুকুৰাৰ পালনত উপযুক্ত পৰিমানৰ গুণবিশিষ্ট দানা যোগান বৰ দৰকাৰী৷ অৱশ্যে হাঁহ পালনত, হাঁহে দিনতো মুকলি অৱস্থাত থাকি যথেষ্টখিনি খাদ্যৰ যোগান পায়৷ কিন্তু কুকুৰা পালনত উচ্চহাৰত কণী উৎপাদন পাবলৈ হ’লে বা ব্ৰইলাৰ পালনৰ পৰা লাভৱান হবলৈ গুণবিশিষ্ট দানা যোগান অতি দৰকাৰ৷ দ্বিতীয়তে কণী উৎপাদনৰ ৭০-৮০ শতাংশ ব্যয় দানা যোগানতে ধৰিব পাৰি৷ আজি কালি সকলো বয়সৰ কুকুৰাৰ বাবে উপযুক্ত দানা প্ৰস্তুত কৰা আৰু যোগান ধৰা হয়৷ হাঁহ-কুকুৰাৰ দানা প্ৰস্তুত কৰোতে বিভিন্ন পুষ্টিবোৰ তলত দিয়া ধৰণে স্থিৰ কৰা হয়:

উপাদান সমূহ

পোৱালী কুকুৰা

ডেকেৰুৱা কুকুৰা

কণী পৰা কুকুৰা

ব্ৰইলাৰ কুকুৰা

(%)

(০-৮ সপ্তাহ)

(৯-২০ সপ্তাহ)

(২০-৭২ সপ্তাহ)

(০-৮ সপ্তাহ)

১)

মাংসসাৰ (প্ৰটিন)

২০-২১

১৫-১৭

১৮-১৯

২২-১৩

২)

শক্তিদায়ক(কি:কেলৰি/কি:গ্ৰা: দানা)

২৭০০

২৬০০

২৮০০

২৯০০-৩১০০

৩)

আঁহু জাতীয়

গতিকে হাঁহ-কুকুৰাৰ দানা প্ৰস্তুত কৰোতে বিভিন্ন সামগ্ৰীবোৰ ভালদৰে চোৱাচিতা কৰি, খাদ্যগুণ, দাম, গঠন আদি চাইহে লাগতিয়াল অনুপাতত ব্যৱহাৰ কৰি গুণবিশিষ্ট দানা প্ৰস্তুত কৰা দৰকাৰ ৷ অৱশ্যে কুকুৰাৰ দানা প্ৰস্তুত প্ৰণালী আজিকালি কিছু জটিল ৷ ইয়াত বিভিন্ন যন্ত্ৰৰ ব্যৱহাৰৰ উপৰিও বহুবিধ পুষ্টিকে ধৰি বিভিন্ন ধৰণৰ উপাদান ব্যৱহাৰ কৰা দেখা যায় ৷ আনহাতে স্থানভেদে সকলোবোৰ খাদ্য সামগ্ৰীও সকলো ঠাইতে পোৱা নাযায় ৷ গতিকে কুকুৰা পালকে বজাৰত পোৱা গুনবিশিষ্ট দানা ব্যৱহাৰ কৰিয়েই শ্ৰেয় বুলি গণ্য কৰা হয় ৷ অৱশ্যে সকলোবোৰ সুবিধা হ’লে ঘৰতে গুণবিশিষ্ট দানা প্ৰস্তুত কৰা কোনো অসুবিধা নহয় ৷

তলত বিভিন্ন সামগ্ৰী ব্যৱহাৰৰ একোখন তালিকা দিয়া হৈছে ৷ বজাৰত যি যি উপাদান পোৱা যায় তাৰ পৰাই কুকুৰা পালকে দানা প্ৰস্তুত কৰিব পাৰিব৷

খাদ্য সামগ্ৰী (%)

পোৱালী কুকুৰা

ডেকেৰুৱা কুকুৰা

কণী পৰা কুকুৰা

ব্ৰইলাৰ কুকুৰা

ভজা মাকৈ

৪৫-৫০

২৫-৩০

৪০-৪৫

৫০-৫৫

তুঁহ গুৰি

৫-৬

২০-৩০

১০-২০

------

বাদামৰ খলিহৈ

১০-১৫

৫-১০

১০-১৫

১০-২০

তিলৰ খলিহৈ

১০-১৫

৫-১০

১৫-২০

১০-১৫

সৰিয়হৰ খলিহৈ

০-৫

৫-৬

৫-৭

------

শুকান মাছৰ গুৰি

৭-১০

৫-৬

৭-৮

১০-১২

ভিটামিন

-------

-------

--------

-------

পিউপামিল

৩-৫

০-১

০-৩

৩-৫

খুদ চাউল

১০-১৫

১৫-২০

১৫-২০

১৫-২০

ব'নামিল

০.৫-১.০

০.৫-১.০

১.০-১.৫

০.৭৫-১.০

খনিজ

২-৩

২-৩

২-৩

২-৩

নিমখ

০-৫

০-৫

০-৫

০-৫

শামুকৰ খোলা

--------

--------

১.৫-২.০

----------

অতিৰিক্ত ভিটামিন, বিভিন্ন ঔষধ, খনিজ আদি নিৰ্দ্দিষ্ট জোখত দিয়াৰ নিৰ্দ্দেশনা আছে

দানা প্ৰস্তুত কৰাৰ সাধাৰণ নিয়মাৱলী

১)কোন শ্ৰেণীৰ কুকুৰাৰ বাবে দানা প্ৰস্তুত কৰিব সেইটো স্থিৰ কৰি ল’ব ৷ সামগ্ৰীবোৰ যাতে গুণবিশিষ্ট হয় তালৈ চকু ৰাখিব ৷ পুৰণা, ভেঁকুৰ আদি হোৱা দানা সামগ্ৰী কেতিয়াও ব্যৱহাৰ নকৰিব৷

২)খলিহৈ মাকৈ আদি লাগতিয়াল জোখৰ ভাঙি সৰু কৰি লওক৷ পোৱালী কুকুৰাৰ বাবে খলিহৈ বা মাকৈ বোৰ ভাঙি লৈ চাউল চলা চালনিৰে চালি ল’ব৷ অৱশ্যে দানা প্ৰস্তুত কৰা যন্ত্ৰৰ দ্বাৰা এইবোৰ নিৰ্দ্দিষ্ট জোখতে তৈয়াৰ কৰি লোৱা হয় ৷

৩)সকলোবোৰ দানা সামগ্ৰী জোখমতে লওক৷

৪)দানা সামগ্ৰীবোৰ পৰিস্কাৰ মজিয়াত তৰপে তৰপে ঢালি লওক ৷ কম পৰিমাণৰ দানা সামগ্ৰীবোৰ যেনে: খাদ্যপ্ৰাণ, ঔষধ, লৱণ আদিবোৰ অন্য সামগ্ৰীৰ লগত মিহলাই দানাৰ ওপৰত ছটিয়াব দিব ৷

৫)সকলোবোৰ দানা সামগ্ৰী যোগ কৰাৰ পাছত এখন বেলচাৰে দানাবোৰ এফালৰ পৰা লুটিয়াই পুনৰ আগৰ ঠাইলৈ লুটিয়াই ভালদৰে মিহলাই লওক ৷ এইদৰে দুই-তিনিবাৰ ভালদৰে প্ৰস্তুত কৰিব পাৰিব ৷ বহল ভিত্তিত কৰিবলৈ হ’লে দানা প্ৰস্তুত কৰা যন্ত্ৰৰ দ্বাৰা এইবোৰ কাম কৰা হয়৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 6/19/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate