অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ধানখেতিৰ কীট-পতংগ নিয়ন্ত্ৰণ

 

অসমৰ প্ৰধান খাদ্য-শস্য ধান খেতিক আক্ৰমণ কৰা অনিষ্টকাৰী কীট-পতংগসমূহ আৰু ইহঁতৰ প্ৰতিকাৰৰ বিষয়ে তলত আলোচনা কৰা হ’ল-

মজাখোৱা পোকঃ

এই পোকৰ পলুৱে এসপ্তাহমান বাহিৰ কোমল পাতৰ ভিতৰৰ ফালৰ অংশ খাই ধান গছৰ ভিতৰলৈ সোমাই ভিতৰি ভিতৰি খাই তললৈ গৈ থাকে। ফলত আক্ৰান্ত গছৰ গজালি শুকাই যায় আৰু টানি দিলে সহজে উঠি আহে। গছবোৰ খেৰ বৰণৰ হৈ গুকাই যায়।

ধানৰ শোহনী পোকঃ

এই পোকৰ পূৰ্ণাংগ আৰু পোৱালি উভয়ে ধানৰ কুমলীয়া পাতৰ, বিশেষকৈ কঠীয়াতলীত ৰস শুহি খায়। পাত হালধীয়া পৰে আৰু ধানৰ গেঁৰ ধৰা সময়ত আক্ৰমণ কৰিলে ধানবিলাক পতলুৱা হোৱা দেখা যায়। পোকবিধ ক’লা বৰণৰ হয়।

ধানৰ চৰহাঃ

এই ক’লা ৰঙৰ চৰহা বা চেলেকা পোকে পাতৰ সেউজীয়া অংশ খায়। পলুবোৰ পাতৰ সেউজীয়া অংশ খায়। পলুবোৰে পাতৰ সিৰাৰ মাজত সোমাই সেউজীয়া অংশ খাই পাতত বগা আঁচ পেলায়। এই আঁচ ফালি চালে ইয়াৰ বগা চেপেটা পলু পোৱা যায়। বেছিকৈ বগা আৰু পিছলৈ খেৰ বৰণৰ হোৱা দেখা যায়।

টুপলীকটা পোকঃ

এই পোকেও চৰহা পোকৰ দৰে সেউজীয়া অংশ খায়। কিন্তু ই দীঘলীয়াকৈ খাই পাতবিলাক জখলাৰ দৰে কৰি পেলায়। এইক্ষেত্ৰত পাতবোৰ মাজতে কাঁচিৰে কটাৰ দৰেও দেখি।

পাত মেৰিওৱা পোকঃ

ইয়াৰ আক্ৰমণো টুপলীকটা পোকৰ দৰেই হয় আৰু বগা পৰা দেখা যায়। এই ক্ষেত্ৰত আগকটাৰ লক্ষণ দেখা নাযায়, কিন্তু পাতবিলাক মেৰ খাই যায়। মেৰ খোৱা পাতৰ মাজত পাতল সেউজীয়া বৰণৰ পলু দেখা যায়। ফলস্বৰূপে পাতবিলাক শুকাই যায় আৰু গছবিলাক বাঢ়িব নোৱাৰে।

ধানৰ শুঁৰ পোকঃ

সাধাৰণতে বানপানীৰ পাছত শুঁৰ পোকৰ পলুবিলাক ৰাতিৰ ভাগত ধানৰ কুমলীয়া পাতবোৰ এফালৰ পৰা খাই পেলায় আৰু কম সময়ৰ ভিতৰতে ইডৰাৰ পৰা সিডৰা গৰুৱে খোৱাৰ দৰে কৰি পেলায়।

গান্ধী পোকঃ

এই পোকে সাধাৰণতে ধানৰ গাখীৰতী অৱস্থাত আক্ৰমণ কৰি ধানৰ গাখীৰ গুহি খায়। যি ঠাইত বিন্ধে সেই ঠাই ক’লা পৰি যায় আৰু থোকবোৰ পতলুৱা হৈ পৰে। ইহঁতৰ গাৰ পৰা ওলোৱা উগ্ৰ গোন্ধটোৰ বাবেই ইহঁতক সহজে ধৰিব পাৰি।

প্ৰতিকাৰৰ ব্যৱস্থাসমূহঃ

  • মজাখোৱা পোকৰ প্ৰতিকাৰ হিচাপে ধান চপোৱাৰ পাছত নৰাবোৰ গুৰিতে কাটি, মাটিডৰা হাল বাই ৰ’দত শুকালে মজা খোৱা পোকৰ আক্ৰমণ পাছত খেতিত কম হয়।
  • ইয়াৰ উপৰি মজাখোৱা, চৰহা, পিঁয়াজী, টুপলীকটা আদি পোকৰ আক্ৰমণ হ্ৰাস কৰিবলৈ কঠীয়াতলীত কঠীয়া তোলাৰ ৫-৭ দিন আগতে প্ৰতি বৰ্গমিটাৰ কঠীয়াতলীত ৩ গ্ৰাম হিচাপত কাৰ্বফুৰান ৩ জি বা ১ গ্ৰাম ফৰেট ১০ জি ঔষধ প্ৰয়োগ কৰিব লাগে।
  • ধান ৰোৱাৰ আগেয়ে কঠীয়াৰ আগটো কাটি পুতি পেলালে মজাখোৱা, চৰহা, টুপলিকটা, পাত মেৰিওৱা আদি কঠীয়াতলীৰ পৰা মূল পথাৰলৈ কম বিস্তাৰিত হয়।
  • মজাখোৱা, চৰহা, শোহনী পোক, পিঁয়াজী পোক, টুপলীকটা, পাত মেৰিওৱা আদিৰ প্ৰতিকাৰৰ বাবে ক্লৰ’পাইৰিফছ ২০ ই চি ঔষধৰ ১ মিলিলিটাৰ বা মন’ক্ৰট’ফছ ৩৬ ই চি বা কুইনালফছ ২৫ ই চি ঔষধৰ ২ মিলিলিটাৰ প্ৰতি লিটাৰ পানীৰ হিচাপত মিহলাই স্প্ৰে’ কৰিব লাগে।
  • গান্ধী পোক, শুঁৰ পোকৰ প্ৰতিকাৰৰ বাবে মালাথিয়ান পাউদাৰ ৫ শতাংশ ছটিয়াব লাগে বা মালথিয়ান ৫০ ই চি ঔষধৰ ১ মিলিলিটাৰ প্ৰতি লিটাৰ পানীৰ হিচাপত মিহলাই প্ৰয়োগ কৰিব লাগে।
  • ট্ৰাইক’কাৰ্ড (ট্ৰ্হিক’গ্ৰামা জেপনিকাম) ব্যৱহাৰ কৰি ধানৰ মজাখোৱা, পাত মেৰিওৱা পোকৰ পৰা প্ৰতিকাৰ পাব পাৰি। এইক্ষেত্ৰত প্ৰতিবিঘা মাটিৰ বাবে ট্ৰাইক’গ্ৰামা ১০,০০০ কৈ সপ্তাহৰ মূৰে মূৰে ৩-৪ বাৰ প্ৰয়োগ কৰিব লাগে।
  • জৈৱিকভাৱে চৰহা পোক নিয়ন্ত্ৰণৰ বাবে বিউভেৰীয়া বেছিয়ানা নামৰ ভেঁকুৰবিধ তিনি কিলোগ্ৰাম প্ৰতি ৪০০-৭০০ লিটাৰ পানীত মিহলাই প্ৰতি হেক্টৰ মাটিত স্প্ৰে’ কৰিব লাগে।

লিখকঃ ভাৰত চন্দ্ৰ নাথ, অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 7/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate