মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / আলুখেতিত আলুৰ প্ৰকৃত বীজৰ (টি:পি:এচ) ব্যৱহাৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আলুখেতিত আলুৰ প্ৰকৃত বীজৰ (টি:পি:এচ) ব্যৱহাৰ

আলুখেতিত আলুৰ প্ৰকৃত বীজৰ (টি:পি:এচ) ব্যৱহাৰ

সাধাৰণতে আলুখেতি আলুগুটিৰ পৰা কৰা হয় ৷ এইধৰণে বছৰ বছৰ ধৰি আলুখেতি কৰিলে, নানা ধৰণৰ বেমাৰ আলুগুটিৰ ভিতৰত জমা হয় আৰু সেয়ে পিছলৈ আলুখেতিত উৎপাদন কম হৈ পৰে৷ অধিক উৎপাদনৰ বাবে বেমাৰ আজাৰ নোহোৱা বিশুদ্ধ আলুগুটিৰ প্ৰয়োজন কিন্তু আমাৰ দেশত বিশুদ্ধ আলুগুটিৰ উৎপাদন কম, সেয়ে দেশৰ প্ৰত্যেকখন ৰাজ্যলৈ ইয়াৰ বিতৰন কম হয় আৰু বিশুদ্ধ আলুৰ দামো যথেষ্ট বেছি৷

সেয়ে আলুৰ প্ৰকৃত বীজৰ পৰা খেতি কৰাৰ বাবে এক নতুন প্ৰযুক্তি উদ্ভাৱন কৰা হৈছে আৰু এই পদ্ধতিৰ সহায়ত উপৰোক্ত সমস্যা সমুহ দূৰ কৰিব পৰা যায়৷ যি বিলাক অঞ্চলত উন্নত গুণসম্পন্ন বীজৰ অভাৱ আৰু প্ৰচুৰ পৰিমানে আলুগুটিৰ অভাৱ হোৱা পৰিলক্ষিত হয়; তেনেবিলাক অঞ্চলত আলুৰ প্ৰকৃত বীজৰ পৰা কৰা উৎপাদন পদ্ধতিটো অতিশয় লাভজনক আৰু উৎপাদনশীল হোৱা দেখা যায়৷

প্ৰকৃত বীজৰ পৰা কৰা আলুৰ খেতি আজিকালি প্ৰায়বিলাক আলু উৎপাদনকাৰী অঞ্চলত কৰি সুবিধাজনক আৰু লাভজনক হোৱা দেখা গৈছে৷ এই পদ্ধতিৰে কৰা আলুৰ খেতিত তলৰ সুবিধাসমুহ পোৱা যায়৷

  1. আলুৰ প্ৰকৃত বীজ উৎপাদন পদ্ধতিৰে সকলোবিলাক আলু উৎপাদন কৰা অঞ্চলত গুটি আলু উৎপাদন কৰিব পাৰি ৷
  2. এই পদ্ধতিৰ সহায়ত উৎপাদন কৰা শস্যৰ বেমাৰ প্ৰতিৰোধ ক্ষমতা থাকে; যিহেতু বেছিবিলাক বেমাৰ প্ৰকৃত বীজ উৎপন্ন কৰাৰ সময়তে পৰিশোধিত কৰা যায় ৷
  3. এই পদ্ধতিৰে উৎপাদন কৰা আলুৰ প্ৰকৃত বীজ বিলাক বৰ সৰু হোৱাৰ বাবে সংৰক্ষণ আৰু যাতায়তৰ ক্ষেত্ৰত কোনো অসুবিধা হোৱা দেখা নাযায় ৷ আনহাতে, আলুৰ গুটিবিলাক ডাঙৰ হোৱাৰ বাবে সংৰক্ষণ আৰু সৰবৰাহ কৰাত যথেষ্ট খৰচ বহন কৰিব লগা হয় ৷
  4. আলুৰ প্ৰকৃত বীজৰ পৰা কৰা পদ্ধতিত অতি কম মূল্যৰ খৰচ বহন কৰিব লগা হয় ৷ ৩৭৫ বৰ্গ মিটাৰ মাটিত ৫০ গ্ৰাম আলুৰ প্ৰকৃত বীজ সিঁচি এক হেক্টৰ মাটিৰ বাবে প্ৰয়োজন হোৱা সৰু আলু গুটি (Tabelet) উৎপন্ন কৰিব পৰা যায় ৷ এই সৰু আলুগুটি বিলাক পিছৰ বছৰত এক হেক্টৰ মাটিত ৰুবৰ বাবে ব্যৱহাৰ কৰা হয় ৷

আনহাতেদি, প্ৰকৃত বীজৰ পৰা আলুৰ পুলি উৎপন্ন কৰি সেই পুলিবিলাক ৰুই আলুৰ খেতি কৰিব পৰা যায় ৷ এই ক্ষেত্ৰত প্ৰতি হেক্টৰ মাটিৰ বাবে ১৫০ গ্ৰাম প্ৰকৃত বীজ দৰকাৰ হয় ৷

প্ৰকৃত আলুৰ বীজ উৎপাদন কৰা প্ৰযুক্তিটোত দুটা প্ৰধান পদ্ধতি ব্যৱহ›ত হয় ৷ :-

I. বৰ্ণ-সংকৰ উৎপাদন

II. বৰ্ণ-সংকৰ বীজৰ ব্যৱসায়িক ভিত্তিত শস্য উৎপাদনত প্ৰয়োগ

দুটা উচ্চক্ষমতা সম্পন্ন বৰ্ণ সংকৰ প্ৰকৃত আলুৰ বীজ ব্যৱসায়িক ভাৱে ব্যৱহাৰৰ বাবে অনুমোদিত হৈছে ৷ এই বৰ্ণ-সংকৰ আলুৰ বীজ দুটা হ’ল – টি:পি:এচ-চি-৩ আৰু এইচ:পি:এচ:-১/১৩ ৷ ইয়াৰে টি:পি:এচ-চি-৩ বীজৰ পৰা উৎপন্ন আলুৰ সহায়ত খেতি কৰি অসম, বিহাৰ, গুজৰাট, হাৰিয়ানা, কৰ্ণাটক, মেঘালয় আৰু পশ্চিম উত্তৰ প্ৰদেশত যথেষ্ট উৎপাদন লাভ কৰা দেখা যায় ৷ আনহাতেদি, এইচ:পি:এচ:-১/১৩ ৰ প্ৰকৃত বীজ ব্যৱহাৰ কৰাৰ ফলত গুজৰাট আৰু মধ্যপ্ৰদেশৰ সাতপুৰা অঞ্চলত যথেষ্ট আলুৰ উৎপাদন পোৱা গৈছে ৷

প্ৰকৃত আলুৰ বীজৰ পৰা শস্য উৎপাদন

ব্যৱসায়িকভিত্তিত আলুৰ উৎপাদন বৃদ্ধি কৰিবৰ বাবে প্ৰকৃত আলুৰ বীজ ব্যৱহাৰ কৰিব পাৰি ৷ প্ৰকৃত আলুৰ বীজৰ পৰা দুই পদ্ধতিৰে আলুৰ খেতি কৰিব পৰা যায় ৷ সেই পদ্ধতি দুটা হ’ল :- 

(ক) পুলি ৰুই কৰা পদ্ধতি

(খ) সৰু আলুগুটিৰ পৰা কৰা পদ্ধতি

অসম, মধ্যপ্ৰদেশ, বিহাৰ, গুজৰাট, পশ্চিম বংগ তথা উত্তৰ প্ৰদেশৰ কম শীত পৰা অঞ্চল সমুহৰ বাবে প্ৰথম পদ্ধতি যথেষ্ট সফলদায়ক৷ অন্যহাতেদি, দ্বিতীয় পদ্ধতিৰে খেতি কৰি সকলোবিলাক আলু উৎপন্ন অঞ্চলত সুফল লাভ কৰা হৈছে ৷

প্ৰথম পদ্ধতিত প্ৰকৃত আলুৰ বীজ ব্যৱহাৰ কৰি ব্যৱসায়িকভিত্তিত আলুৰ খেতি কৰা হয় ৷ দ্বিতীয় পদ্ধতিৰে আলুখেতি কৰাত প্ৰথম পদ্ধতিৰ সহায়ত উৎপন্ন কৰা সৰু আলুবিলাক (Tubulets) ব্যৱহাৰ কৰা হয় ৷ এইদৰে, সৰু আলুবিলাক ব্যৱহাৰ কৰি দ্বিতীয় বছৰত যথেষ্ট উৎপাদন লাভ কৰিব পাৰি ৷

১.১ পুলি ৰুই কৰা আলুৰ খেতি

১.১.১ বীজ তলি প্ৰস্তুতি কৰণ

  1. এক হেক্টৰ মাটিত ৰুবৰ বাবে ৭৫ বৰ্গমিটাৰ মাটিত প্ৰায় ১৫০ গ্ৰাম প্ৰকৃত আলুৰ বীজৰ দৰকাৰ ৷
  2. প্ৰতিখন বীজ তলিৰ প্ৰস্হ এক মিটাৰ হোৱাটো দৰকাৰ ৷ সুবিধা অনুযায়ি ইয়াৰ দৈৰ্ঘ্যটো ঠিক কৰিব লাগে ৷ দুখন তলিৰ মাজৰ দূৰত্ব ৮০ ছে:মি: হোৱা দৰকাৰ ৷
  3. বীজ তলিৰ মাটিবিলাক ভালদৰে চাহ কৰি গুড়ি কৰি পেলাব লাগে ৷ প্ৰতিখন তলিৰ চাৰিওকাষে স্হানীয়ভাৱে পোৱা বাহঁ, ইটাৰেও বেৰা দি চাৰিচুকীয়া কৰি ৰখাটো দৰকাৰ ৷
  4. বীজ তলিত দিবৰ বাবে ১:১ অনুপাতত পৰিশোধিত মাটিৰ লগত শুকান গোবৰ দিব লাগে ৷ এই ক্ষেত্ৰত বিভিন্ন জৈব গেছৰ উপাদেয়, হাহঁ-কুকুৰাৰ মলো ব্যৱহাৰ কৰিব পাৰি ৷ এই মাটিখিনিৰ লগত প্ৰতিমিটাৰ হিচাপত ৪-৫ গ্ৰাম নাইট্ৰজেন, ৬-৮ গ্ৰাম ফছফৰাছ আৰু ১০ গ্ৰাম পটাছিয়াম ভালদৰে মিলাই বীজতলিত প্ৰয়োগ কৰিব লাগে ৷
  5. বীজ তলিৰ তলভাগত ওপৰোক্ত মিশ্ৰণটো ব্যৱহাৰ কৰিব লাগে ৷ বীজ তলিৰ ওপৰভাগত চালনীৰ সহায়ত চলা গোবৰ ব্যৱহাৰ কৰা হয় ৷ এই গোবৰখিনিৰে তলিখনত প্ৰায় ২-৩ ছে:মি: ৰ এক তৰপ দিব লাগে ৷ এইদৰে, বীজ তলিখন মাটিৰ পৰা প্ৰায় ১০ ছে:মি: ওপৰত তৈয়াৰ কৰা হয় ৷

১.১.২ পুলিৰ উৎপাদন

  1. সমতল অঞ্চলত যেতিয়া নুন্যতম দৈনিক উষ্ণতা ২০0 C হয়; সেই সময়তে প্ৰকৃত আলুৰ বীজ বীজতলিসমুহত সিঁচা হয় ৷
  2. বীজতলিত সিঁচাৰ আগতে প্ৰকৃত আলুৰ বীজ বিলাক আগতিয়াকৈ অংকুৰিত কৰি লোৱাৰ দৰকাৰ ৷ ইয়াৰ বাবে বীজবিলাক ২৪ ঘন্টাৰ বাবে পানীত তিয়াই ৰখা হয় আৰু গোবৰ ১:1 অনুপাতত মিহলাই লোৱা হয় ৷ মাটিত গুটি বিলাক সিঁচাৰ পিছত ৪-৫ দিনলৈকে পানীৰে তলিখন তিয়াই ৰাখিব লাগে যাতে গুটি বিলাক সোনকালে অংকুৰিত হয়৷ এই পদ্ধতিটো সদায়ে দৰকাৰ বা প্ৰজ্যোয্য নহয় ৷
  3. বীজ তলিত বীজ সিঁচাৰ আগদিনা জলসিঞ্চন কৰিব লাগে ৷ পাছদিনা কোৰেৰে মাটিডৰা সমান কৰি বীজ সিঁচাৰ বাবে আৰ্দ্ৰকৰি ৰখাটো দৰকাৰ৷
  4. প্ৰায় ২-৩ গ্ৰাম প্ৰকৃত আলুৰ বীজ এক বৰ্গমিটাৰৰ এখনতলিৰ বাবে দৰকাৰ হয়৷ বীজ বিলাক তলিডৰাত সমানে ছটিয়াই দিব লাগে নহ’লে প্ৰায় আধা ছে:মি: দ’ৰ শাৰী বনাই সিঁচিব লাগে৷ শাৰী সমুহৰ প্ৰস্হৰ ওলোটা দিশে হোৱা দৰকাৰ৷ বীজ সিঁচাৰ পিছত মাটিডৰা শুকান গোবৰেৰে প্ৰায় ১/২ ছে:মি: ৰ তৰপ কৰি ঢাকি পেলোৱাৰ দৰকাৰ৷
  5. বীজ তলিসমুহত জীপটো সজীৱ কৰি ৰাখিবৰ বাবে স্প্ৰেয়াৰ নাইবা কেনেৰে পানী দিয়া উচিত ৷ পানী দিয়াৰ সময়ত যাতে বীজ বিলাক উটি বা পানীয়ে খহাই নিব নোৱাৰে, তাৰ বাবে চকু দিব লাগে ৷
  6. প্ৰয়োজন অনুসাৰে বীজ তলিসমুহত দিনে ৩ বাৰকৈ নাইবা তাতকৈ বেছি পানী প্ৰয়োগ কৰিব লাগে ৷ এনে কৰিলে মাটিডৰাত জীপ সজীৱ হৈ থকাত সুবিধা হয় ৷ পিছলৈ পানী দিনে এবাৰকৈ দিব পাৰি ৷
  7. যি বিলাক অঞ্চলত দিনৰ তাপমাত্ৰা ৩০০ ছে: গ্ৰেডতকৈ অধিক হোৱা দেখা যায়, সেইবিলাক অঞ্চলত বীজ তসিমুহত ছাঁ দিয়াৰ প্ৰয়োজন হয় ৷ খেৰৰ চালি নাইবা হেচিয়ান কপোৰেৰে চালি তৈয়াৰ কৰি দিনৰ ১০ বজাৰ পৰা আবেলি ৫ বজালৈকে বীজ তলিসমুহত ছাঁ দিয়াৰ ব্যৱস্হা কৰাটো দৰকাৰ ৷ পিছবেলা অলপ সময়ৰ বাবে চালিবিলাক আঁতৰাই দিয়াৰ ব্যৱস্হা কৰিলে পুলি বিলাক সতেজ আৰু সবল হৈ উঠে ৷ এই প্ৰক্ৰিয়াটো বীজ সিঁচাৰ ১৫ দিন মানৰ পিছলৈকে কৰাটো অত্যন্ত আৱশ্যকীয় ৷
  8. বীজ বিলাক সম্পূৰ্ণৰূপে অংকুৰিত হৈ দুই পতীয়া অৱস্হা পালে, পুলি বিলাকত শতকৰা ০.১ পৰিমানৰ ইউৰীয়া প্ৰতি ২-৩ দিনৰ মুৰে মুৰে স্প্ৰে কৰিব লাগে ৷ পুলি বিলাকত ৪-৫ খিলা পাত নোহোৱালৈকে এই স্প্ৰে কৰাটো দৰকাৰ ৷ ১ গ্ৰাম ইউৰীয়া ১ লিটাৰ পানীত মিহলাই শতকৰা ০.১ পৰিমানৰ ইউৰীয়া স্প্ৰে তৈয়াৰ কৰা হয় ৷ সাধাৰণতে, বীজ তলিত বীজ সিঁচাৰ ২০-২৫ দিনৰ পিছতহে ইউৰীয়া স্প্ৰে কৰা হয় ৷ পুলিৰ বয়স ২৫-৩০ দিন হোৱাৰ লগে লগে মূল পথাৰত ৰোবৰ বাবে ব্যৱহাৰ কৰিব পাৰি ৷

১.১.৩ মুল পথাৰডৰাৰ প্ৰস্তুতি

  1. আলুৰ পুলি বিলাক ৰুবৰ বাবে ব্যৱহাৰ কৰিব লগা মূল পথাৰডৰা ভালদৰে হাল বাই চাহ কৰি লব লাগে ৷ জলসিঞ্চনৰ সুবিধা থকা ঠাইত এবাৰ জলসিঞ্চন কৰি লব পাৰিলে ভাল হয় ৷ সেই মাটিডৰাত প্ৰতি হেক্টৰত ২০ টনৰ হিচাপত শুকান গোবৰ দিব লাগে ৷
  2. মাটিডৰাৰ বাবে প্ৰয়োজন হোৱা নাইট্ৰোজেন, ফছফৰাছ আৰু পটাছৰ পৰিমানটো জানি ল’ব লাগে, ৩/৪ পৰিমানৰ নাইট্ৰোজেন আৰু সম্পূৰ্ণ পৰিমানৰ ফছফৰাছ আৰু পটাছ মাটি ডৰাত প্ৰয়োগ কৰি মিহলাই দিয়া দৰকাৰ ৷ বাকী থকা নাইট্ৰোজেন (১/৪) ভাগ আলুত মাটি চপাই দিয়াৰ সময়ত প্ৰয়োগ কৰিব লাগে ৷
  3. মাটি ডৰা সম্পূৰ্ণৰূপে সমান কৰাৰ পাছত প্ৰায় ২০ ছে:মি: উচ্চতাৰ ভেটি বিলাক পূবা-পশ্চিমাকৈ তৈয়াৰ কৰি লোৱা হয় ৷ প্ৰতিটো ভেটিৰ মাজৰ দূৰত্ব ৫০ ছে:মি: হোৱাটো দৰকাৰ ৷ পুলিটো ৰোৱাৰ সুবিধাৰ্থে মাটিডৰাত যিমান পাৰি দীঘলীয়াকৈ তলি বনোৱা হয় ৷ এই তলি সমুহ জলসিঞ্চন দিয়াৰ সময়ত একো একোখনকৈ সৰু তলি হিচাপে ভাগ কৰি ল’ব পাৰি ৷ প্ৰতিখন তলিৰ মাজত প্ৰায় ৪৫ ছে:মি: বহলৰ একোটাকৈ পানীদিবৰ বাবে নলা খান্দি লোৱা হয়৷

১.১.৪ মূল খেতি পথাৰত পুলি ৰোপণ

  1. সাধাৰণতে পানীৰ অভাৱত হোৱা সমস্যা সমূহ দূৰ কৰিবৰ বাবে পুলিবিলাক আবেলি সময়ত ৰোৱা হয় ৷
  2. পুলিবিলাক অতি সাৱধানতাৰে বীজ তলিৰ পৰা সৰু সৰু টোপোলা কৰি মূল পথাৰডৰালৈ নিয়া হয় ৷
  3. পুলি বিলাক ৰোৱাৰ আগতে মুল পথাৰডৰাৰ তলিসমুহ পানীৰে ভিজাই লোৱা হয় ৷ মাটিৰ ভেটি সমুহৰ মাত্ৰ আধাভাগ ভিজি যোৱাকৈ পানী দিব লাগে যাতে ভেটিটোৰ ওপৰৰ ৮-১০ ছে:মি: শুকান হৈ থাকে ৷
  4. পুলিবিলাক ভেটিটোৰ উত্তৰ দিশত ১০ ছে:মি: ব্যৱধানত খন্তি নাইবা খুৰ্পিৰ সহায়ত ৰোৱা হয়৷ পুলিবিলাকৰ শিপা বিলাকে যাতে ৰোৱাৰ পাছত জীপ পাই থাকে তাৰ বাবে চকু দিয়া উচিত৷ সাধাৰণতে এটাকৈ পুলি ৰোৱা হয় আৰু ওচৰা ওচৰিকৈ থকা দুডৰা মুল পথাৰত একেলগে পুলি ৰোব পাৰিলে ভাল৷
  5. পুলিবিলাক ৰোৱাৰ পাছত আৰু এবাৰ জলসিঞ্চন দিব লাগে৷ জলসিঞ্চন আৰু পুলি ৰোৱা এই দুটা প্ৰক্ৰিয়া সমসাময়িক আৰু শাৰী শাৰীকৈ কৰাটো দৰকাৰ৷
  6. পুলিবিলাক সম্পূৰ্ণৰূপে সংস্হাপন নোহোৱালৈকে প্ৰতি ৩ বা ৪ দিনৰ ব্যৱধানত জলসিঞ্চন দিব লাগে৷ শস্যৰ প্ৰয়োজনীয়তা, মাটিৰ প্ৰকৃতি আৰু পৰিবেশ চাই জলসিঞ্চনৰ মাত্ৰা বঢ়াই বা কমাই দিব লাগে৷
  7. পুলি ৰোৱাৰ প্ৰায় ৩০-৩৫ পাচত মাটি পুলিৰ গুৰিত চপাই দিব লাগে৷ এই সময়তে বাকী থকা ১/৪ পৰিমানৰ নাইট্ৰোজেন ভাগ মাটিত প্ৰয়োগ কৰিব লাগে৷ মাটি চপাওতে যাতে পুলিটো ভেটিটোৰ মাজভাগত পৰে তালৈ লক্ষ্য ৰখা দৰকাৰ৷ যিমান পাৰে আলুৰ গাঠিঁ বিলাক ঢাকি মাটি চপাই দিব লাগে যাতে ওপৰৰ ৫-৬ খিলা পাত ওলাই থাকে ৷
  8. সকলো বিলাক ৰোগ নিৰাময় বিধি কৰি যাব লাগে৷ এই সকলো বিলাক কাম আলুৰ খেতি কৰা অঞ্চলটোৰ ওপৰত নিৰ্ভৰ কৰে৷
  9. আলুৰ খেতি ডৰা যদি কেৱল খোৱাৰ বাবে কৰা যায়, তেনেহ’লে আলুৰ গছবিলাক সম্পূৰ্ণৰূপে পূৰঠ হ’বলৈ দিয়া হয়৷ অন্যহাতেদি, যদি পুলিৰ উৎপন্ন সৰু সৰু আলুবিলাক পিছৰ বছৰত গুটি দিবৰ বাবে ব্যৱহাৰ কৰা হয়, তেনেহ’লে গছজোপাৰ ওপৰৰ অংশ কাটি দিয়া হয় ৷ গছৰ ওপৰৰ অংশ কটাৰ ১০ দিনৰ আগত জলসিঞ্চন প্ৰয়োগ কৰিব নালাগে৷
  10. পুলিৰ পৰা উৎপন্ন ১০-৪০ গ্ৰাম ওজনৰ আলুবিলাক পিছৰ বছৰত বীজ হিচাপে ব্যৱহাৰ কৰিবলৈ বাছি ৰখা হয় ৷ ৪০ গ্ৰামতকৈ অধিক ওজনৰ আলুবিলাক খাবৰ বাবে ব্যৱহাৰ কৰা হয় ৷

১.২ সৰু আলুগুটিৰ পৰা শস্য উৎপাদন

বীজ তলিত সৰু আলুগুটি উৎপাদন কৰা পদ্ধতিটো সকলোবিলাক আলু উৎপাদন কৰা অঞ্চলতে সফলতা লাভ কৰিছে, যদিও মুল পথাৰত আলু উৎপাদন কৰাৰ পদ্ধতিটোতকৈ বেছি খৰছী ৷ যি বিলাক অঞ্চলত তাপামাত্ৰা মধ্যমীয়া, সেইবিলাক অঞ্চলত নিম্নোল্লিখিত পদ্ধতিৰে সৰু আলুগুটি উৎপন্ন কৰিব পৰা জায় ৷

যি বিলাক অঞ্চলত মুল পথাৰত সৰু আলুগুটি উৎপাদন কৰাৰ অভাৱ বা সমস্যা থাকে, সেইবিলাক অঞ্চলত বীজতলিত সৰু আলুগুটি উৎপাদন কৰাৰ পদ্ধতিটো ব্যৱহাৰ কৰিব পাৰি ৷

সাধাৰণতে বীজতলিত সৰু আলুগুটি উৎপাদন কৰাৰ দুটা পদ্ধতি আছে ৷ সুবিধানুসাৰে, ইয়াতে উল্লেখকৰা যি কোনো টো পদ্ধতি ব্যৱহাৰ কৰিব পাৰি৷

প্ৰথম পদ্ধতি

  1. এক হেক্টৰ মাটিত ৰোৱৰ বাবে প্ৰায় ৫০ গ্ৰাম প্ৰকৃত আলুৰ বীজ প্ৰায় ৩৭৫ বৰ্গমিটাৰ মাটিত সিঁচিব লাগে ৷
  2. বীজ তলি বনাবৰ বাবে ১ মিটাৰ বহলৰ তলি বনোৱা হয় ৷ তলিখনৰ দৈৰ্ঘ্য সুবিধানুসাৰে কৰি ল’ব লাগে ৷ দুখন তলিৰ মাজত ৮০ ছে:মি: ৰ দুৰত থকা দৰকাৰ ৷
  3. বীজ তলিখন মাটিৰ পৰা ২০-২৫ ছে:মি: ওখ কৰি দিয়া হয় ৷
  4. বীজ তলিত দিবৰ বাবে ১:১ অনুপাতত পৰিশোধিত মাটিৰ লগত শুকান গোবৰ নাইবা পচনসাৰ মিলাই লোৱা হয় ৷ (আলতিয়া) মাটিৰ ক্ষেত্ৰত শুকান গোবৰৰ মাত্ৰাটো বঢ়াই দিব লাগে ৷ সম্পূৰ্ণ পৰিমানৰ নাইট্ৰোজেন, ফছফৰাছ আৰু পটাছ পৰিশোধিত মাটি আৰু গোবৰৰ লগত মিহলাই বীজ তলিত প্ৰয়োগ কৰিব লাগে
  5. সমতল অঞ্চলত দিনৰ তাপমাত্ৰা ২০ ছে:গ্ৰেড হোৱাৰ লগে লগে প্ৰকৃত আলুৰ বীজ সিঁচিব লাগে ৷
  6. বীজ তলিত সিঁচাৰ আগতে প্ৰকৃত আলুৰ বীজ বিলাক ২৪ ঘন্টাৰ বাবে পানীত তিয়াই ছাঁত শুকুৱাৰ ব্যৱস্হা কৰিব লাগে ৷ প্ৰকৃত আলুৰ বীজ বিলাক সিঁচাৰ আগতে অংকুৰিত কৰিও ল’ব পাৰি ৷
  7. বীজ তলিত গুটি সিঁচাৰ এদিনৰ আগত জলসিঞ্চন দিব লাগে ৷
  8. বীজ তলিত ১০ ছে:মি:ৰ ব্যৱধানত শাৰী বিলাক বনাব লাগে ৷ প্ৰতি শাৰীত ১০ ছে:মি: ব্যৱধানত ২-৩ টা প্ৰকৃত আলুৰ বীজ ০.৫ ছে:মি: গভীৰতাত সিঁচি মাটিৰে ঢাকি ৰাখিব লাগে ৷
  9. বীজ সিঁচাৰ পিছত বীজ তলি বিলাকত পানী ছটিয়াই দিব লাগে, যাতে বীজ তলিখন পানীৰে সেমেকা হৈ থাকে ৷ পানী দিয়াৰ সময়ত যাতে বীজ তলিৰ পৰা বীজ কঢ়িয়াই নানে তাৰ প্ৰতি চকু দিব লাগে ৷
  10. যদি দিনৰ তাপমাত্ৰা ৩০০ ছে:গ্ৰেডতকৈ অধিক হয় তেনেহ’লে বীজ তলিবিলাকত ছাঁ দিয়াৰ ব্যৱস্হা কৰিব লাগে ৷ ছাঁ দিয়াৰ ব্যৱস্হা বীজ সিঁচাৰ ১৫ দিনৰ পাছলৈকে কৰাৰ দৰকাৰ ছাঁ দিবৰ বাবে গছৰ পাত নাইবা ধান খেৰৰ চাল ব্যৱহাৰ কৰিব পৰা যায় ৷ ছাঁ দিয়াৰ ফলত বীজ তলিত মাটিৰ তাপমাত্ৰা কম হোৱাৰ লগতে জলীয় বাষ্প সংৰক্ষিত কৰাই বীজ বিলাক অংকুৰণ হোৱাত সহায় কৰে ৷
  11. বীজ তলিবিলাকত বীজ সিঁচাৰ এসপ্তাহলৈকে দিনৰ ৩-৪ বাৰকৈ পানী দিব লাগে ৷ পিছলৈ দিনে এবাৰ বা দুবাৰকৈ পানী দিয়া উচিত যাতে বীজতলিৰ মাটিৰ জীপটো সজীৱ হৈ থাকে ৷
  12. বীজবিলাক ফাট মেলাৰ ১৫ দিনৰ পিছত প্ৰতি তিনি নাইবা চাৰি দিনৰ অন্তৰে অন্তৰে শতকৰা ০.১ হিচাপত ইউৰীয়া স্প্ৰে কৰিব লাগে ৷
  13. পুলিবিলাকৰ উচ্চতা ১৫ ছে:মি: হোৱাৰ লগে লগে পুলিৰ তলৰ তিনি বা চাৰিটা গাঠিঁ ঢাক খোৱাকৈ গোবৰ আৰু পৰিশোধিত মাটিৰ মিশ্ৰণটো পুলিৰ গুৰিত মাটি চপাই দিব লাগে ৷
  14. বন নিৰনি, জলসিঞ্চনৰ নিচিনা কামবোৰ সময়ানুসাৰে কৰি যাব লাগে ৷
  15. আলু গছৰ ওপৰৰ অংশ কটাৰ সময় হোৱাৰ আগতে জলসিঞ্চন দিয়াৰ ব্যৱস্হাটো বন্ধ কৰিব লাগে ৷
  16. পুলিৰ পৰা হোৱা আলুবিলাকৰ ওপৰৰ অংশ কটাৰ ১৫ দিনৰ পিছত খান্দি পেলোৱাৰ দৰকাৰ ৷
  17. আলু খন্দাৰ পিছত আলুবিলাক ৫ গ্ৰামতকৈ অধিক ৫-১০ গ্ৰাম, ১০-২০ গ্ৰাম আৰু ২০ গ্ৰামতকৈ অধিক ওজনৰ ভিত্তিত বাছি পেলাব লাগে ৷ এই আলুবিলাক শতকৰা ৩ পৰিমানৰ বৰিক এচিডত ৩০ মিনিট ডুবাই ৰাখি শুকুৱাব লাগে ৷ এনে কৰিলে আলুবিলাক পিছৰ বছৰ আলুৰ গুটি হিচাপে ব্যৱহাৰ কৰিবৰ বাবে সংৰক্ষণ কৰিব লাগে ৷
  18. ওপৰোক্ত ওজনৰ আলুবিলাক পথাৰত পিছৰবাৰ ৰুবৰ বাবে ব্যৱহাৰ কৰিব লাগে ৷

দ্বিতীয় পদ্ধতি

বীজতলি বনাই তাৰ লগত সংগত বাকী বিলাক কাম নিয়াৰিকৈ কৰিব লাগে ৷ বাকী সকলো বিলাক প্ৰক্ৰিয়া প্ৰথম পদ্ধতিৰ সৈতে প্ৰায় একেই ৷ এই পদ্ধতিত বীজ সিঁচাৰ সময়ত দুটা শাৰীৰ মাজৰ দূৰত্ব ৩০ ছে:মি: ৰাখিব লাগে, যাতে পিছলৈ মাটি ছপোৱাত সহায় হয় , যিটো সাধাৰণতে মুল পথাৰত কৰা হয় ৷

১.২.১ মূল পথাৰত শস্য উৎপাদন

  1. আগৰ বছৰৰ পুলিৰ পৰা উৎপন্ন সৰু আলুবিলাক বীজ হিচাপে ব্যৱহাৰ কৰা হয় ৷
  2. যান্ত্ৰিক পদ্ধতিৰে কৰা খেতিত দুটা শাৰীৰ মাজৰ ব্যৱধান ৬০ ছে:মি: হ’ব লাগে ৷ সেইদৰে মানুহে কৰা পদ্ধতিৰ খেতিত এই ব্যৱধান ৪৫ – ৫০ ছে:মি: হোৱা দৰকাৰ ৷ আলুৰ গঠন অনুসৰি প্ৰতিশাৰীত দুটা আলুৰ মাজৰ ব্যৱধান তলৰ তালিকা মতে ৰাখিব লাগে –

আলুৰ ওজন (গ্ৰা:)

মানুহে কৰা কৃষি পদ্ধতি

যান্ত্ৰিক কৃষি পদ্ধতি

দুটা শাৰীৰ মাজৰ ব্যৱধান (ছে:মি:)

দুটা আলুগুটিৰ মাজৰ ব্যৱধান (ছে:মি:)

প্ৰতি হেক্টৰত আনুমানিক বীজৰ পৰিমান (কু:/হে:)

দুটা শাৰীৰ মাজৰ ব্যৱধান (ছে:মি:)

দুটা আলুগুটিৰ মাজৰ ব্যৱধান (ছে:মি:)

প্ৰতি হেক্টৰত আনুমানিক বীজৰ পৰিমান (কু:/হে:)

২০-৪০

৪৫-৫০

২০

৩০-৩৩

৬০

২০

২৫

১০-২০

৪৫-৫০

১৫

২০-২২

৬০

১৫

১৭

৫-১০

৪৫-৫০

১০

১৫-১৭

৬০

১০

১৩

লিখক: ড০ ৰবীন গগৈ, অসম কৃষি বিশ্ববিদ্যালয়।
3.05970149254
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top