অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জুলাই মাহৰ কৃষি দিহা

জুলাই মাহৰ কৃষি দিহা

  • প্ৰতিবিঘা শালি খেতিৰ বাবে ১.৩৩ টন পচন সাৰ বা শুকান গোবৰৰ লগতে মধ্যমীয়া চাপৰ জাতৰ ক্ষেত্ৰত ১৮ কিলোগ্ৰাম ইউৰিয়া, ১৭ কিলোগ্ৰাম একক চুপাৰ ফচফেট আৰু ৯ কিলোগ্ৰাম মিউৰিয়েট অৱ পটাচ সাৰৰ প্ৰয়োজন। তেনেদৰে ওখ জাতৰ ক্ষেত্ৰত ৬ কিলোগ্ৰাম ইউৰিয়া, ৮ কিলোগ্ৰাম একক চুপাৰ ফচফেট আৰু ২ কিলোগ্ৰাম মিউৰিয়েট অৱ পটাচ সাৰৰ অনুমোদন জনোৱ হৈছে। মাটিডৰাত শেষৰ বাৰ হাল বোৱাৰ সময়ত মুঠ অনুমোদিত ইউৰিয়া সাৰৰ আধা ভাগ আৰু সমুদায় একক চুপাৰ ফচফেট আৰু পটাচ সাৰ খিনি মাটিত প্ৰয়োগ কৰক।
  • পানী ওলাই যাব নোৱাৰাকৈ পথাৰ খনৰ আলিবোৰ প্ৰয়োজন অনুসৰি নতুনকৈ দিয়ক অথবা মেৰামতি কৰক। মৰি যোৱা কঠীয়াবোৰৰ ঠাইত নতুনকৈ কঠীয়া ৰোৱক।
  • পানীৰ অভাৱত যদিহে কঠীয়া ৰোৱাৰ সমস্যা হয়, তেন্তে উপযুক্ত বয়সত কঠীয়া বোৰ কঠীয়া তলীৰ পৰা তুলি আনি বোকা মাটিত প্ৰতিটো গোছাত ১৫ ডাল মানকৈ কঠীয়া ঘন ঘনকৈ ৰুই থওক। এনে কঠীয়া ২-৩ সপ্তাহ পাছলৈকে মূল পথাৰত ৰুব পৰা যায়। এনে কঠীয়াৰ সহন ক্ষমতা আৰু ইয়াৰ পৰা পোৱা উৎপাদন দুয়োটাই অধিক হয়।
  • শালি ধানৰ খেতি ডৰা মজাখোৱা পোক, পিঁয়াজী পোক, সোহনী পোক আদিৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ কঠীয়াৰ শিপা অংশ ০.০২ শতাংশ ক্লোৰোপাইৰিফ’চ আৰু ১ শতাংশ ইউৰিয়া মিশ্ৰণত ৩ ঘণ্টা ডুবাই শোধন কৰি ল’বলৈ নাপাহৰিব। চৰহা পোকৰ আক্ৰমণক যথা সম্ভৱ বাধা দিবলৈ কঠীয়া ৰোৱাৰ আগেয়ে কঠীয়াৰ আগবোৰ কাটি দিয়ক।
  • আহুধানৰ গাখীৰতী অৱস্থাত গান্ধী পোকে কৰা আক্ৰমণক বাধা দিবলৈ ৫ শতাংশ মালাথিয়ন গুড়ি ঔষধ প্ৰতি বিঘাত ৩ কিলোগ্ৰামকৈ চটিয়াই দিয়াৰ ব্যৱস্থা কৰক।
  • কুঁহিয়াৰৰ গুৰিত মাটি চপাই দিয়ক। ইয়াৰ ফলত গছবোৰে মাটিত ভালদৰে খোপনি লোৱাৰ লগতে কুঁহিয়াৰ তলীৰ অতিৰিক্ত পানী ভাগ ওলাই যোৱাৰ সুবিধা হ’ব।
  • প্লাচি বোৰাৰ, ইনটাৰন’ড বোৰাৰ, মজাখোৱা পোক আদিয়ে আক্ৰমণ কৰিলে কুঁহিয়াৰৰ আগবোৰ শুকাই যায়। এনে আক্ৰান্ত গছবোৰ উভালি পুৰি পেলাওক। এই পোক সমূহৰ আক্ৰমণৰ পৰা খেতিডৰা ৰক্ষা কৰিবলৈ ট্ৰায়েয’ফচ নামৰ দৰৱ ৫ মিলি লিটাৰ ৫ লিটাৰ পানীত মিহলাই স্প্ৰে’ কৰক।
  • জুলাই মাহৰ পৰা আগষ্ট মাহ পৰ্যন্ত তিল খেতিৰ বীজ সিঁচা সময়। তিলৰ মাধৱী, গৌৰী, বিনায়ক, এচ টি- ১৬৮৩ আদি অনুমোদিত জাতৰ বীজ সিঁচক।
  • শাওণীয়া মাটি মাহৰ বীজ (এচ বি- ১২১) জুলাইৰ মাজ ভাগৰ পৰা আগষ্ট মাহৰ মাজ ভাগলৈ সিঁচিব পাৰি। বিঘাই প্ৰতি ২.৭ কিলোগ্ৰামৰ পৰা ৩.০ কিলোগ্ৰামকৈ বীজ সিঁচক।
  • নাৰিকলৰ নতুনকৈ ৰোৱা পুলিবোৰৰ গুৰিত পানী জমা হ’বলৈ নিদিব। ডাঙৰ গছবোৰৰ মুকুট অংশ পৰিষ্কাৰ কৰি ৰাখক।

উৎস: কৃষি দাপোণ

শেহতীয়া উন্নীতকৰণ: : 7/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate